ভূপেন মহন্ত সম্পাদিত ‘প্ৰান্তিক’ (১৯৬১,১৯৬২) -ৰ মেটমৰা সম্ভাৰ আৰু সুধাকণ্ঠৰ এটা গীতৰ অন্যতম ৰূপ
টিকেন্দ্ৰজিৎ গগৈ ০১. ধৰা হওক এনে ধৰণৰ এটা প্ৰশ্নৰ অৱতাৰণা হৈছে— পাৰ্বতি প্ৰসাদ বৰুৱাৰ ‘কণ্ঠহীন : উদং পিয়লা’ আৰু নিৰ্মলপ্ৰভা বৰদলৈৰ ‘কাৰ্টুন’ নামৰ কবিতা, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ‘আকাশী গঙ্গা’ আৰু লক্ষহীৰা দাসৰ গীত ‘সুধাৰ সাগৰ সাবটি বুকুত…’; কুমাৰ কিশোৰৰ ‘অবাঞ্ছিত’, বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য্যৰ…