Anyayug Contributor চুনা কুমাৰ পাঠৰী

প’ডকাষ্টত ফাগুন

চুনা কুমাৰ পাঠৰী   কনটেণ্ট ক্ৰিয়েটৰ ঋতুৰ নৱতম বৰ্ণাঢ্য আয়োজন— ষ্টুডিঅ’ত অতিথি ফাগুন৷ ছিৰিয়াছনেছ্, একদম নাৰ্ভাছ ফিল৷ চুচুকচামাক চাৱনি৷   আনএডিটেড, মনপ’ৰ্টেলত এক্সক্লুচিভ ভিজুৱেল— পলাশ চিনেমেটো’গ্ৰাফী, শিমলু স্মাৰ্ট ভিডিঅ’গ্ৰাফী৷ ব্ৰেকগ্ৰাউণ্ড মিউজিকত মৃদু সমীৰ, ফিউজনত ব্যস্ত৷   ৰে’ডি… লাইট-কেমেৰা-একশ্বন, ৱেলকাম টু…

অলপ মেটাফৰিকেল

 চুনা কুমাৰ পাঠৰী   ১.   ফ্লাইঅ’ভাৰ ভাবনাৰ ছলেনয়ড মগজুত যাদৃচ্ছিক পাকঘূৰণি আৰু কিছু জীয়া যন্ত্ৰণাময় শব্দ। বিৰামহীন, ন’ন ষ্টপ ছটফটনি আৰু কেঁচা টোপনি। ন’ন মেটাবলিজম উগাৰ। তাৰ মাজতে ষ্টাৰ্টিং সমস্ত এটা কবিতাৰ কাহিনী। আৰু চিন্তাৰ ভৌগোলিক পৰিধিত পাৰিশ্ৰমিক সম্পাদনা।…

চিত্ৰকৰ চৰাই

              চুনা কুমাৰ পাঠৰী   উমনিত বহা চৰাইৰ ডেউকাত কোনোবাই জুই লগাই দিছে। হৃৎপিণ্ড অটব্য অৰণ্যখন সন্তৰ্পণে জ্বলিছে।   হৃদস্পন্দন, ক্ৰম’জমবিচ্ছিন্ন পদপথৰ আশ্ৰয়হীন থাৰ্ম’প্লাষ্টিক শিশু ডেই নিয়া তীক্ষ্ণ জুই। আইচিউৰ ফ্ৰিজিং চহৰখন নিদ্ৰাহীন। অৰাজনৈতিক আধাপোৰা মঙহৰ গোন্ধ।…

জীৱন দ্বিঘাত সমীকৰণ

চুনা কুমাৰ পাঠৰী   কেতিয়াবা সহজ বুলি ভবা সৰলৰেখা এডালো খেলিমেলি সপোনৰ বাট ইমান সৰলৰৈখিক নহয়    কোনো ভালপোৱাতে পূৰ্ণতা নাই জীৱনৰ জটিল ভগ্নাংশৰ সঠিক সমাধানো নাই    ভালপোৱানো কি ! সম্পৰ্কবোৰ ক্ষুদ্ৰতৰ ভগ্নাংশৰ একোটা নিঃকিন অংশহে মাথোঁ, সকলো শূন্য আৰু দশমিকৰ…

পেইন এণ্ড ফেণ্টাছি‍ ফাগুন

চুনা কুমাৰ পাঠৰী   নৈৰ ঢৌৱে সপোন ভঙা ট্ৰেজিক খেলখন চাই চাই শিলগুটি এটা পানীলৈ দলিয়াই দিছোঁ নিমিষতে পানীত নিশ্চিহ্ন শিলগুটি, স্মৃতি বুৰবুৰণি কোৱাঁ— দুখতকৈও গধুৰ নে শিল ?   বুকুত অহৰহ কঢ়িয়াই ফুৰা এই শূন্যতাৰ নামেই ভালপোৱা!   প্ৰিয় সন্ধিয়া গোসাঁইঘৰত…