Anyayug Contributor গীতাঞ্জলি বৰকটকী

বহাগ

গীতাঞ্জলি বৰকটকী  চ’তৰে শেষতে বহাগে পালেহি গছে বনে সলালে পাত। ঢোলটি বাজিলে পেঁপাটি বাজিলে তত নাইকিয়া গাত॥ আয়ে সূতা কাটিছে বায়ে সূতা কাটিছে নেওথনী যঁতৰটি খৰকৈয়ে ঘূৰাইছে ভনীটিয়ে তাঁতৰ পাতত বহি থৈছে গৰকাতে ভৰি ৰঙা ফুলৰ গামোচা ব’বই যে লাগিব…

পাহৰণি-সোঁৱৰণিৰ বৰ্ণমালা

গীতাঞ্জলি বৰকটকী কেঁচা খৰিৰ গোন্ধ উজাই অহা ৰাতি দুচকুত দোৰোণফুলীয়া হাঁহি পঢ়া টেবুলৰ পৰা জুহাললৈ তাঁতবাতি কঠিন অংকত উজুটি খাই পৰে টোপনি জুহালৰ কাষত ককা-আইতাৰ  সাধুকথাত আছিল বহু অজানা কাহিনী ফুল হৈ যোৱা ছোৱালীজনী চৰাই হৈ দেউতাকৰ হাতত পৰি তামোল…

ছিষ্টেম

গীতাঞ্জলি বৰকটকী পৃথিৱীখন এটা ছিষ্টেমতে ঘূৰি আছে ছিষ্টেমৰ  কক্ষপথত তৰপে তৰপে মামৰৰ চামনি   ধনেই ধৰ্মৰ মূল, নহ’লেই যায় জাতি-কুল… ছিষ্টেমত লিখা আছে পৰ্বতৰ গুহাৰ পৰা মহাকাশত বিচৰণ তথাপি ছিষ্টেমৰ  কক্ষপথত বহুতো কৃষ্ণগহ্বৰ পুতিব নোৱাৰি ভাৰ্ছুৱেল পৃথিৱীৰ দুৱাৰ খোল খায় দাতা অনত অন্যথাই…

সেউজীয়া ধৰণী

গীতাঞ্জলি বৰকটকী    হেৰা অকণি , গছ পুলি ৰোওঁ আহাঁ গছ অবিহনে জানা সেউজী নহয় ধৰা ৷      সেউজ ধৰণী দেখিবলৈ শুৱনি ফুলে-ফলে গছে-বনে কিযে লাৱণী।   গছেহে আমাৰ প্ৰাণ কথাটো জানি থ’বা গছৰ অবিহনে কিদৰে উশাহ ল’বা  …