Anyayug Contributor খনিন্দ্র ভূষণ মহন্ত

সোণালী চৰাই

খনিন্দ্র ভূষণ মহন্ত   চেপা যন্ত্রণাৰ ৰু-ৰুৱনি এটাক চকুলোৰে ধাৰণ কৰি শিকলি পিন্ধি শুই আছে সোণালী চৰাই ধূমায়িত চহৰখন অস্থিৰ কৰি দেৱালত সৌৱা কঁপি থকা ঋতুৰ পয়োভৰ   মোৰ মেলেকা মাতত মৌ বিচাৰি বিধ্বস্ত বুৰঞ্জীক সিপাৰলৈ ঠেলি সোণালী চৰায়ে চকু…

চোৰ

 খনিন্দ্র ভূষণ মহন্ত   চিকিমিকাই থকা ছুৰিখনৰ দৰে ধাৰাল দুচকুত শেষ নিশাৰ এন্ধাৰৰ ৰং এমুঠি ছটিয়াই নৈঃশব্দ্যৰ ধ্রুপদী তালত খোজ দি গুচি যায় এটি বাট   এনে কি আহুদি লগা মন্ত্রৰ আৱাহন লালায়িত হৈ পৰে বাসনাৰ সমস্ত আকুলতা আৰু প্রসাৰিত…

কুসুমিত কলাজ

খনিন্দ্র ভূষণ মহন্ত (১)ছোঁ হৈ দুলি আছিলোঁ পথাৰত বতাহৰ বেগেৰে কোনে আহি ক‘লেঃজীৱনৰ গণিতে সৰল অঙ্কৰ উপপাদ্য নামানে বনৰীয়া ফুলবোৰ শুই থকা শিশুৰ একোখন মুখ  (২)বুকুৰ বলুকাত এপাহ বকুল  ছায়া-ছবিৰ তুলিকাত উঠি আহিছেএখনি জীর্ণপ্রায় এজাৰফুলীয়া হাত স্মৃতিকাতৰতা কবিৰ পুৰণি অসুখ (৩)ক্রন্দনৰতা আকাশ আজি নিঃসংগ শিলচেঁচা শূন্যতা এখিনি…