Anyayug Contributor কে সচ্চিদানন্দন

বৰষুণ, তুমি

মূল: কে সচ্চিদানন্দন অনুবাদ উৎপল দত্ত   সেয়া বৰষুণ আছিল নে তুমি?   তাত সুগন্ধ আছিল তীব্ৰ বৰষুণে ধুই নিয়া পৃথিৱীৰ, ধঁপাতৰ, আমৰ ঠাৰিৰ চেকচেকীয়া ৰসৰ, ওলিয়েন্দাৰ ফুলৰ, নাৰীৰ নিভৃত ওঁঠৰ।   তাত ৰং আছিল, উৰণীয়া, শালিকাৰ, গুলপীয়া দেৱদাৰুৰ, কাজলৰ, বনজুইৰ,…