Anyayug Contributor উৰ্মি জুলী শইকীয়া

তুমি মোৰ চহৰখনৰ নিচিনা

  উৰ্মি জুলী শ‌ইকীয়া  তুমি,  মোৰ চহৰখনৰ নিচিনা  ভগা-ছিগা অমীমাংসিত বিতৰ্কৰে ভৰা এটা যন্ত্ৰণা শেষ নহয় আৰু এটা যন্ত্ৰণা লগ হয় যানজঁটৰ দৰে ক্ষোভ, অভিযোগবোৰে খুন্দা মাৰি গুচি যায়  টানি থাকে  চহৰখনৰ অৰ্থহীন ৰাস্তাবোৰৰ দৰে এবাৰ ইফালে  এবাৰ সিফালে বিৰক্তিয়ে…

পানী

 উৰ্মি জুলী শইকীয়া     আজিকালি মই দুখৰ কথাবোৰ পানীকেই কওঁ কোনোবা ওচৰত থাকিও নাথাকে শুনিবলৈ কোনো নাথাকিলেও মোৰ ক’বলগীয়া থাকে সেইবোৰ মই পানীকেই কওঁ   কোনোৱে পাহাৰৰ দৰে বিষাদ লুকুৱাই থয় পানীত কোনোৱে চৰাইৰ দৰে কৰুণ সুৰ  শৈশৱো লুকাই…

চুলি

  উৰ্মি জুলী শইকীয়া পাহৰণি নহয়  এটা দুখ  সৰি পৰা চুলিৰ দুখবোৰক সৰিবলৈ নিদিয়ে হৃদয়ে  চুলিখিনিৰে কিবা কৰাটো  মোৰ অজুহাতহে আচলতে সেইখিনিতো আয়ুস থাকে জৰুৰী বুলি ভাবোঁ সাঁচি থওঁ বাকচত বছৰ আহে বছৰ যায় ভৰোঁ ভৰোঁ কিচকিচিয়া কলা চুলিৰ বাকচটো…

মানুহে যি মন যায় তাকেই কৈছে

উৰ্মি জুলী শইকীয়া যন্ত্ৰণাই যে আজি গান গায় মোৰ ভিতৰত এই শৰীৰটো মোৰ বুলি কোনে জানিছে…   কোনে আনে মোক খালী কৰি  ফাগুনৰ দুৱাৰডলিলৈ বতাহে মোক যেনেকৈ পাৰে তেনেকৈ  খুঁচিছে…   ভ্ৰাম্যভাষ : ৭৫৭৭৮২২৯২৯ পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

মোৰ বেগ

উৰ্মি জুলী শ‍ইকীয়া মইতো বেগটোৰ ভিতৰত সুমুৱাই থৈছোঁ মোক তুমি যে দেখিছা হাঁহিটো, ওহোঁ ! সেয়া মোৰ নহয়   মই মোৰ হাঁহিটো ভৰাই থৈছোঁ মোৰ বেগত এই যে কথা পাতিছোঁ তোমাৰ লগত সেইগৰাকী ম‌ই নহয়। মইতো আছোঁ বেগৰ ভিতৰত খুচুৰা…