Anyayug Contributor উৎপল বৰকটকী

গণতন্ত্ৰ, স্বৈৰতন্ত্ৰ নে নৈৰাজ্যবাদ

 উৎপল বৰকটকী   অনেক যুক্তিৰ থকাৰ পাছতো ইয়াত যুক্তিৰ স্থান নাছিল গাঁও নে চহৰ দেশে দেশে ধোঁৱা  অব্যৱস্থা   ধুঁৱলি-কুঁৱলী মানুহৰ চকুবোৰত হেৰাইছে গাঁও চহৰ দেশ   সম্ভৱতঃ মানুহবোৰে নতুন কিবা যুক্তি উলিয়াইছে য’ত যুক্তিৰ স্থান নাই য’ত নিয়ম নাই য’ত দেখা পোৱা নাযায় অনুশাসনৰ সমান্তৰাল ৰেখা   সম্ভৱতঃ শক্তিয়েই যুক্তি হৈছে শক্তিয়েই নিয়ম শক্তিতে ব্যৱস্থা, অনুশাসন   ইয়াত কোনো তৰ্কৰ স্থান নাছিল শাক-পাচলি কটাৰ দৰে কটা গৈছে মানুহ আৰু অস্থিৰতাই গিলি আছে মানুহবোৰৰ বিবেক   ক্ৰমশঃ অযুক্তিবোৰ প্ৰাত্যহিক হৈ পৰিছে আৰু মানুহবোৰে মানি লৈ ইয়াক স্বাভাৱিক বুলি   সূৰ্যোদয়ে পোহৰ কৰা পৃথিৱীৰ মুখত এতিয়া দৈন্য  যুক্তিৰ নিয়ম আৰু অনুশাসনৰ  কি কওঁ ইয়াক — গণতন্ত্ৰ, স্বৈৰতন্ত্ৰ নে নৈৰাজ্যবাদ  *** ( মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অযুক্তিকৰ, অনৈতিক দমন আৰু আধিপত্যবাদৰ ৰক্ষণশীল চিন্তৰ মানৱীয় যুক্তিৰ পৰিপন্থী অসমানতাৰ বিৰুদ্ধে )  …

ইউক্ৰেইনৰ এজন মৃত নাগৰিক যোদ্ধাৰ পকেটত উদ্ধাৰ হোৱা এটা টোকা

  উৎপল বৰকটকী   জ্বলি থকা প্ৰতিকুৰা জুইৰ শেষ  ছাই নহয় জ্বলি জ্বলি শেষ নহয় সকলো জুই সকলো জুইৰ অন্ত নাথাকে   পোহৰৰ বাবেও জুই লাগে  সুখত জ্বলে জুই শোকত জ্বলে জুই   এটা মিছাইল আহি টোপনিত লালকাল হৈ থকা মোৰ ল’ছালিহালক ৰাতিপুৱাৰ সূৰ্যটো চাবলৈ সুযোগ নিদিলে   মিছাইলৰ জুই ফিৰিঙতি আহি মোৰ বুকুৰ জুইকুৰা জ্বলাই দিলে   তেতিয়াৰে পৰা মোৰ বুকুত জুই জ্বলি আছে একুৰা অন্ত হ’ব নোখোজা জুই ছাই হ’ব নোখোজা জুই    *** ঠিকনা :  গাঁও– ৰঙামুৰী, ডাক: পাভৈ– ৭৮৪১৭৪  জিলা: বিশ্বনাথ (অসম) ফোন: 81330-10063 ইমেইল: borkatakiutpal@gmail.com

ধূলি poem-utpal-barkotoky-february-2026

উৎপল বৰকটকী   মৃত্যুৰ সমীপত ৰৈ বুজিলোঁ জীৱন — এটি ধূলিতকৈও নগণ্য    মানিব খুজিলেও মনে নামানে   দেহটোক জীয়ন দি ৰাখিছোঁ ৷    ম’বাইল – ৮১৩৩০-১০০৬৩, ইমেইল: borkatakiutpal@gmail.com

সূৰ্যকণ্ঠ জুবিন গাৰ্গ : ব্যক্তিত্ব, প্ৰতিভা আৰু অসমীয়া সমাজ জীৱনত তেওঁৰ প্ৰাসংগিকতা

 উৎপল বৰকটকী  জুবিন গাৰ্গ যোৱা শতিকাৰ শেষ দশক আৰু পৰৱৰ্তী অসমীয়া সমাজ জীৱনৰ এক এৰাব নোৱৰা নাম৷ ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ হোৱা অসম আন্দোলনৰ পৰিপেক্ষিত্বত এই সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ত হোৱা হিংসা আৰু সামৰিক ক্ৰুৰতাত জৰ্জৰ অসমীয়া জাতিটোক…

ডুখৰীয়া

 উৎপল বৰকটকী   নীল সমুদ্ৰত কিহৰ ছায়া ? কিহৰ ছায়াই ক’লা কৰে সমুদ্ৰৰ নীলা পানী……. এই পৃথিৱী মোৰ অতি আপোন ৷ দেখিছোঁ— এই পৃথিৱীত অনেক মানুহ ৷ যাত্ৰাপথত অনেক মানুহ, অনেক চিনাকি মুখ; শিকিছোঁ— অনেক কথা, অনেক ব্যথা, স্বপ্নবিলাসী মানুহ…

শেষ প্ৰহৰৰ কিয়দংশ

উৎপল বৰকটকী দীঘলীয়া বাট ৷ মৰা সাপৰ দৰে পৰি আছে ৷ গছৰ পাতবোৰ, বাটৰ ধূলিবোৰ, বতাহৰ দুৰু দুৰু স্পন্দন; সকলো এতিয়া আলৰ ৷ আকাশৰ নীল বিশালতাক ডাৱৰে শুহি খায় ৷ আকাশত এতিয়া সেই নীলা নাই ৷ সেউজীয়া পাহাৰখন যেন এটা…