Category মুক্ত মঞ্চ

নগৰীয় সমস্যা নিয়ন্ত্ৰণ আৰু এক সংশোধিত পৌৰ প্ৰশাসন

 পঙ্কজ প্ৰতিম বৰদলৈ কৰ’না মহামাৰীৰ ব্যাপক প্ৰভাৱে সমাজৰ সৰ্বস্তৰৰ লোককে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আক্ৰান্ত কৰিছে। মহামাৰীৰ এই ব্যাপকতালৈ চাই ইয়াৰ নিয়ন্ত্ৰণক লৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহক লৈও বহু প্ৰশ্ন উত্থাপন হৈছে। বিশেষজ্ঞসকলে গুৰুত্ব দিয়া এটা উল্লেখযোগ্য দিশ হৈছে এনে ধৰণৰ মহামাৰীৰ…

অসম আৰু বিদ্যালয়-শিক্ষা : কিছু ব্যক্তিগত অনুভৱ

 পঙ্কজ প্ৰতিম বৰদলৈ সমগ্ৰ বিশ্বৰ ভিতৰতে ফিনলেণ্ডৰ শিক্ষাব্যৱস্থাক এক প্ৰকাৰে সমীহৰ চকুৰে চোৱা হয়৷ ফিনলেণ্ডত শিক্ষাব্যৱস্থাই উৎকৃষ্টতাতকৈও সমতাৰ ওপৰত গুৰুত্ব দিয়ে৷ তাত এক সামগ্ৰিক পাঠদানৰ কাৰ্যসূচী ৰূপায়ণ কৰি শিক্ষণ পৰিৱেশ গঢ় দিয়া হয়৷ আন বহু কাৰণৰ ভিতৰত ফিনলেণ্ডক সৰ্বশ্ৰেষ্ঠ আখ্যা…

শংকৰদেৱৰ ৰাজনৈতিক বিচক্ষণতা আৰু ইয়াৰ সুদূৰপ্ৰ্সাৰী প্ৰভাৱ

  পংকজ প্ৰতিম বৰদলৈ   অসমীয়া জাতি বহুধাবিভক্ত হৈ সমাজ আৰু জাতীয় জীৱনৰ শৃংখলাৰ বিভাজনৰ সম্মুখীন  হোৱা এছোৱা সংকটময় সময়তে, অসমীয়া সমাজ জীৱনৰ মহীৰূহস্বৰূপ মহাপুৰুষ শংকৰদেৱৰ জন্ম আৰু তেখেতৰ সক্ৰিয় কৰ্মজীৱন পাৰ হৈছিল। অসমৰ সমাজ, সাংস্কৃতিক আৰু সামূহিক পৰিচয়লৈ এক অভূতপূৰ্ব পৰিৱৰ্তন অনা এজন সমাজ…

দিছলেক্সিয়া

পম্পি বৰা বৈশ্য “তাৰে জমিন পৰ” চিনেমা খনৰ সেই ঈশান নামৰ সৰু ল’ৰাজনক মনত আছে চাগে নিশ্চয়। সেই যে ঈশানে ভালকৈ পঢ়িব লিখিব নোৱাৰিছিল। বি/ ডি, পি / কিউ খেলিমেলি কৰিছিল, নম্বৰবোৰ ভালদৰে বুজি নাপাইছিল। শেষত শিক্ষক ৰামশংকৰ ৰূপী আমিৰ…

‘মিলেনিয়েল প্ৰজন্ম’- সম্ভাৱনা আৰু সংশয়

 পঙ্কজ প্ৰতিম বৰদলৈ   পশ্চিমীয়া দেশবোৰত ‘প্ৰজন্ম অধ্যয়ন’ বিশেষ গুৰুত্ব সহকাৰে কৰা হয়। ইয়াৰ দ্বাৰা সমাজ বাণিজ্য, তথা ৰাষ্ট্ৰ নিৰ্মাণত মানৱ সম্পদৰ ব্যৱহাৰ তথা দক্ষতা, মনস্তত্ত্ব আদিৰ ব্যাপক পৰ্যালোচনা কৰা হয়। যদিও আমাৰ দেশত এনে ধৰণৰ অধ্যয়নৰ পৰিৱেশ চালুকীয়া, তৎসত্ত্বেও বৰ্তমান…

টকিঅ’ৰ আৱৰ্জনা আৰু আৱৰ্জনামুক্ত ভাৰতৰ স্বপ্ন

জ্যোতিষ্মান দাস           আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনা আধুনিক মানৱ সভ্যতাৰ এক প্ৰধান প্ৰত্যাহ্বান৷ কিন্তু এই প্ৰত্যাহ্বানক হেলাৰঙে অতিক্ৰম কৰি বিশ্বৰ আগশাৰীৰ বহু দেশে আৱৰ্জনাক শক্তিৰ বিকল্প-উৎস আৰু প্ৰয়োজনীয় সম্পদলৈ ৰূপান্তৰিত কৰাত সফলতা অৰ্জন কৰিছে৷ কিন্তু ভাৰতবৰ্ষৰ দৰে জনবহুল দেশত এতিয়াও…

সাম্প্ৰতিক সময়ত জ্যোতিদৰ্শনৰ প্ৰাসংগিকতা

পঙ্কজ প্ৰতিম বৰদলৈ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰতিষ্ঠা কৰা অসমীয়া জাতিৰ বৰভেটিক তেখেতৰ পৰৱৰ্তী সময়ত প্ৰাণোজ্জ্বল কৰি এক স্বকীয় আৰু আত্মবিশ্বাসী জাতিসত্ত্বা হিচাপে গঢ় দিয়াত যিসকল লোকৰ অৱদান আছে, তাৰ ভিতৰত জ্যোতিপ্ৰসাদ আগৰৱালা অন্যতম৷ সামাজিক আৰু সাংস্কৃতিক চেতনাৰে উদ্বুদ্ধ জ্যোতিপ্ৰসাদে জাতি আৰু…

ডিচেম্বৰ মাহ আৰু সোণালী শৈশৱৰ মিঠা সোঁৱৰণিবোৰ

 মাধৱ দাস   স্কুলত থাকোঁতে এই ডিচেম্বৰ মাহটোৰ আমেজেই সুকীয়া আছিল। বছেৰেকীয়া পৰীক্ষা। তাতে আকৌ আগবেলা পৰীক্ষা থাকিলে ঠাণ্ডাত কিমান যে কষ্ট কৰি উঠিব লগা হৈছিল কাপোৰৰ মাজৰ পৰা! পৰীক্ষা শেষ হোৱাৰ পাছত এটা ডাঙৰ বোজা আঁতৰা যেন লাগিছিল। তাৰ…

উৰুকা

 পম্পি বৰা বৈশ্য বিহু, অসমীয়াৰ প্ৰাণৰ উৎসৱ। অসমৰ তিনিওটা বিহুয়েই কৃষিভিত্তিক। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা বিহুটি হৈছে “মাঘ বিহু”৷ আঘোণ, পুহ মাহত অসমীয়া কৃষকে বছৰৰ শস্য চপাই ভঁৰাল ভৰায়। এই সময়ত খেতিৰ ফচলে ভঁৰাল উপচাই ৰাখে…

দেশৰ আৰ্থিক দুৰ্গতি

সঞ্জীত কুমাৰ বৰদলৈ আমাৰ দেশ তথা ৰাজ্যখনৰ আৰ্থিক অৱস্থাটোৰ উমান পাবলৈ অৰ্থনীতিৰ পৰিসংখ্যা চোৱাৰ প্ৰয়োজন নাই৷ চৌপাশৰ পৰিমণ্ডলটো চালেই সকলো স্পষ্ট হ’ব৷ মূল্যবৃদ্ধি অভাৱনীয় হাতৰ হৈছে, স্থবিৰ হৈ পৰিছে বজাৰ-ব্যৱসায় আৰু সংকুচিত হৈ আহিছে উপাৰ্জনৰ ক্ষেত্ৰসমূহ৷ উন্নয়নমূলক কাম-কাজ থমকি ৰৈছে৷…