Category সম্পাদকীয়

গামোচা, গামচা আৰু সমন্বয়

         সমন্বয় (Harmony) শব্দটোৱে জাতিগঠনৰ বেলিকা সংশ্লেষণো (Synthesis)  বুজায়, কিন্তু ই সংমিশ্ৰণ (Mixture) নুবুজায়৷ সংশ্লেষণ কোনোবাই জোৰ-জবৰদস্তি কৰা কাম নহয়; জাতিগঠনৰ ক্ষেত্ৰত ই পাৰস্পৰিক বুজা-পৰা, আদান-প্ৰদানৰ স্বতস্ফূৰ্ততাৰে সংঘটিত এক দীৰ্ঘম্যাদী প্ৰক্ৰিয়া যাক ইংৰাজীত Assimilation বোলা হয়৷ মাৰ্চ (২০২৩)…

অসমত অসমীয়া চিনেমাৰ বাবে এটা পৰিৱেশ

        বছৰটোৰ প্ৰথমটো মাহৰ শেষৰ ফালৰ কেইদিনমান অসমত চিনেমা সম্পৰ্কে যথেষ্ট বাদানুবাদ হোৱা দেখা গৈছে৷ মুম্বাইৰ হিন্দী চলচ্চিত্ৰ উদ্যোগৰ বিশেষ এখন চলচ্চিত্ৰক লৈ কিছু উদ্দেশ্যপ্ৰণোদিত বিতৰ্ক সৃষ্টি কৰি প্ৰচাৰ চলোৱাৰ পাছত তাৰ প্ৰদৰ্শনৰ বাবে আমাৰ ৰাজ্য চৰকাৰে সুব্যৱস্থা কৰাৰ…

নামঘৰ : এটা সম্ভাৱনা আৰু বাস্তৱ Editorial March 2023

         অসমীয়া জাতীয় জীৱনৰ পিতৃপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে  যি সময়ত একশৰণ নামধৰ্মক অৱলম্বন কৰি অসমীয়া জাতিসত্ত্বাৰ বৰভেঁটি বান্ধিব খুজিছিল সেই সময়ৰ অসমীয়া সমাজখন কেনে আছিল অনুমান কৰিব পাৰি৷ সেই সময়ৰ অসমীয়া সমাজখনত শিক্ষিত লোকৰ সংখ্যা আছিল আঙুলিৰ মূৰত লেখিব পৰা৷…

অসম সাহিত্য সভাৰ নিৰ্বাচনৰ প্ৰসঙ্গত

আগন্তুক দুটা বছৰৰ কাৰ্যকালৰ কাৰণে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়াৰ নিৰ্বাচন হৈ গ’ল৷ ফলাফলো ওলাল৷ ফলাফল ওলোৱাৰ পাছতেই, স্বাভাৱিক প্ৰৱণতাৰ উপৰিফল হিচাপেই ফলাফলক লৈ বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশো পালে৷ এনে প্ৰতিক্ৰিয়াসমূহৰ সাৰমৰ্মসমূহৰ ভিতৰত প্ৰধান হৈছে – ক) অৰুণাচল প্ৰদেশৰ অধিবাসী…

জাতীয় ঐতিহ্যৰ প্ৰসঙ্গত

         লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উদ্‌যাপনৰ যোগেদি যোৱা কিছু দিনত সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমীয়া জাতীয়তাবোধ চৰ্চিত হৈছিল অথবা চৰ্চা কৰাৰ ব্যৱস্থা কৰা হৈছিল৷ ই নিশ্চিতভাৱে এটা দৰকাৰী পদক্ষেপ৷ অসমৰ অসমীয়াই যদি ঘৰৰ বাহিৰত গৈ নিজৰ বিষয়ে প্ৰচাৰ নকৰে তেন্তে…

পৰিৱৰ্তনৰ স্বৰূপ : সংঘাত আৰু সংশয়

    এই বিশাল জগত প্ৰপঞ্চ পৰিৱৰ্তনশীল৷ এতেকে সকলো জাগতিক জীৱনো পৰিৱৰ্তনশীল৷ গতিশীলতাৰ কাৰণেই জগতখন জগত– গচ্চতি ইতি জগতঃ৷      সকলো জাগতিক অস্তিত্বৰে সম্মুখত অনেক সমস্যা অনবৰতে ক্ৰিয়াশীল হৈ থাকে৷ প্ৰকৃততে জীৱই নিজৰ সমস্যাবোৰৰ সমাধান কৰি গৈ থকাৰ মানেই বোধকৰোঁ জীয়াই…

সম্পাদকীয়

শৈক্ষিক কৰণীয়, জাতীয়তা আদিৰ প্ৰসঙ্গত ছাত্ৰসমাজক লৈ কিছু চিন্তা         দেশে স্বাধীনতা অৰ্জন কৰাৰ পাছৰ বছৰবোৰতো অসমৰ জাতীয় জীৱন অনেকটা বিষয়ক কেন্দ্ৰ কৰি অস্থিৰ আৰু অনিৰাপদ হৈ আছে৷ বিভিন্ন কাৰণত অসমীয়া জাতীয় সত্তাৰ ভৱিষ্যৎ অন্ধকাৰ হোৱাৰ আশঙ্কাত ভুগি দলে…

সম্পদৰ ব্যৱস্থাপনা আৰু অপচয়

  আপুনি আপোনাৰ কৰ্মক্ষেত্ৰৰ পকীঘৰটোৰ চুকবোৰত তামোলৰ পিক পেলায়নে? আপুনি আপোনাৰ কাষৰ উচ্চ শিক্ষানুষ্ঠানৰ কোঠাবোৰৰ চুকত, তাৰ প্ৰস্ৰাৱাগাৰৰ চুকবোৰত পাণ খোৱা পিক, তামোলৰ পিক পেলায়নে?  এনেকুৱা দুৰ্ভাগ্যজনক প্ৰশ্নবোৰৰ সৈতে মুখামুখি হওঁ আৰু অসহায় হৈ মাজে মাজে জবাবদিহি হওঁ ঃ কি কৰি…

জাতীয় জীৱন, জাতীয় সমস্যা আৰু জাতীয় কৰ্তব্য

অসমীয়া জাতীয় জীৱন, অসমীয়া জাতীয় সংস্কৃতি, অসমীয়া জাতীয় স্বাৰ্থ, অসমৰ জাতীয় সংগঠন… এনেকৈ বহুত জাতীয় অভিধাজড়িত প্ৰসঙ্গ অনবৰতে, প্ৰায় প্ৰতি দিনেই অসমীয়া সংবাদ মাধ্যম নাইবা সামাজিক ইলেক্‌ট্ৰনিক মাধ্যমত পোৱা যায়৷ সামাজিক ইলকেট্ৰনিক মাধ্যমত আজিকালি ‘জাতীয়’ শব্দটোৰ ব্যৱহাৰ সৰ্বাধিক ৷ লক্ষ্য…

বানপানীৰ দিনৰ ভাবৰ বুৰবুৰণি

বানপানীৰ দিনৰ ভাবৰ বুৰবুৰণি এইবাৰ শেষ বহাগতে বানপানীৰ বতৰ আৰম্ভ হ’ল আৰু জেঠ মাহত বানে অসমৰ বহুখিনি অঞ্চল প্লাৱিত কৰিলে (এতিয়াও ন ন ঠাইত বানপানী হৈয়ে আছে) ৷ অসমীয়াত এষাৰ কথা আছে, ‘শাওনৰ পানী ৰাওণে খায়, ভাদৰ পানীতহে ঘৰ তল…