অসমীয়া মানুহৰ ইতিহাস (১৮২৬-২০২৫)

 ভাস্কৰ জ্যোতি নাথ


(দ্বিতীয় খণ্ড)

        ১৮২৪-অৰ ৰেংগুনত ব্ৰিটিছ সেনা বাহিনী

 

“Until the lions have their own
historians, the history of the hunt will always glorify the hunter”                                                         – 
Chinua Achebe

 

য়াণ্ডাবু সন্ধি আৰু পৰৱৰ্তী কালৰ অসমৰ বিষয়ে
পৰ্যালোচনা কৰাৰ
পূৰ্বে পাঠকৰ
সহায়ক হোৱাকৈ এই আপাহতে অতি চমুকৈ ভুৰুকাত হাতী ভৰোৱাৰ দৰে প্ৰাকআহোম দিনৰ ভূমিপূত্ৰ
আৰু আহোম আগমনৰ দিনবোৰৰ বিষয়ে থোৰতে উল্লেখ কৰা সমীচিন হ’ব৷ অৱশ্যে প্ৰাক আহোম
যুগৰ অসমৰ বিষয়ে বিস্তৰ আলোচনাৰ প্ৰয়োজন আছে৷ প্ৰাক আহোম যুগৰ বিষয়ে অধ্যয়ন কৰিব
পৰাকৈ পৰ্যাপ্ত ঐতিহাসিক সমলৰো অভাৱ৷ এডৱাৰ্ড গেইটেও এই প্ৰসংগত উল্লেখ কৰিছে যে
পৌৰাণিক লিপি আৰু চীনা পৰিব্ৰাজকৰ ব
ৰ্ণনাত
এই বিষয়ে কিছু উল্লেখ আছে আৰু ইয়াৰ পূৰ্বে মহাভাৰত, পুৰা
, তান্ত্ৰিক ৰচনাৰাজিত উল্লেখ থাকিলেও ইয়াৰ পৰা নিৰ্দিষ্টকৈ একো জানিব পৰা নাযায়৷ গেইটৰ
ভাষাত এইবোৰ
dubious’ আৰু
fragmentary reference’
এই বিষয়ে গেইটে উল্লেখ কৰিছে -“
The stories culled from the latter sources cannot of course be
dignified with the name of history. They are, at the best, ancient traditions,
but even this cannot be asserted with certainty, and some of them may have been
interpolated by interested copyists in comparatively recent times. They do
however, contain a substratum of fact, and
in any case, they are fondly remembered by the people’. 

গেইটে যোগিনীতন্ত্ৰৰ
দৰে উৎসক সন্দেহজনক আখ্যা দিলেও ই বহু সময়তো বিতৰ্কৰ উন্মোচন কৰিব পাৰে৷ কিয়নো ড
° বাণীকান্ত কাকতিয়ে The Mother Goddess Kamakhya-ত উল্লেখ কৰিছে যে প্ৰাচীন কামৰূপৰ সীমাৰ বিশুদ্ধ বৰ্ণনা যোগিনীতন্ত্ৰতহে উপলব্ধ৷  The boundaries of ancient
Kamarupa have been clearly demarcated by the logini-Tantra

সেয়ে যোগিনীতন্ত্ৰক একেবাৰে অলাগতিয়াল উৎস বুলি দলিয়াই দিব
নোৱাৰি৷ যিদৰে ব্ৰাহ্মী লিপি পঢ়িব পৰা জেইমছ প্ৰিঞ্চেপৰ আগলৈকে কোনেও অশোকৰ
শিলালিপি পঢ়িব নোৱাৰি অবান্তৰ বাখ্যা আগ বঢ়াইছিল সেইদৰে নিগূঢ়ভাৱে তন্ত্ৰ আৰু
জ্যোতিষৰ জ্ঞান, সাধনা আৰু বিশ্লেষ
নকৰাকৈ পৌৰাণিক
উৎসস
মূহক একেবাৰে উলাই কৰাটো বিপদজনক৷ 

এইটো উল্লেখ কৰা সমীচিন হ’ব যে পৃথিৱীৰ
ভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ আত্মমগ্ন জাতি
জনজাতিবোৰৰ মাজত ইতিহাস লিখনৰ উদাহৰ বিৰল৷ অসম বা ভাৰতো
তাৰ ব্যতিক্ৰম নহয়৷ আক্ৰম
আৰু লুটপাত আদিৰ জৰিয়তে শাসনশোষণ, সাম্ৰাজ্য বিস্তাৰ
আৰু সা
ম্ৰাজ্যৰ সন্ধান কৰি ফুৰাসকলৰ মাজতহে ইতিহাস লিখনৰ পাৰম্পৰ্য অধিক সবল৷ নতুনকৈ কত কি কেনেকৈ তেওঁলোকে
দখল কৰিলে আৰু কিদৰে তেওঁলোকৰ শাসন
শোষ আৰু দুষ্কাৰ্যক বৈধতা দিব পাৰি অথবা স্বমহিমাৰ গুগানেৰে অন্য জাতিতকৈ
নিজক উচ্চ স্তৰৰ বুলি প্ৰতিপন্ন কৰিব পাৰি সেই চিন্তা আৰু উচ্চাকাংক্ষাৰ দুৰাশাত বন্দী জাতিবোৰহে অধিক ইতিহাস লিখনৰ প্ৰতি আগ্ৰহী হয়৷ ই এইছ কাৰে ক
বৰ দৰে এওঁলোকৰ বাবে ইতিহাস মাছৰ
প্ৰতি লালায়িতজনৰ মেজত ছটফটাই থকা এটা মাছ-
A fish on the slab
of fishmonger
৷ এওঁলোকে নিজে বিচৰা দৰে ইতিহাস ৰচনা কৰিব
পাৰে৷ এওঁলোকৰ দ্বাৰা ৰচিত ইতিহাসত এওঁলোক নায়ক হৈ উঠে আৰু দুৰ্ভগীয়া পৰাজিতসকল খলনায়ক
বা বৰ্বৰ বা দুৰ্বল হি
চাপে উপস্থাপিত হয়৷ প্ৰশ্ন উত্থাপিত হব পাৰে যে আহোমসকলৰ
১২২৬ চনত আগমন হোৱাৰ আগলৈকে অসমৰ লাখ লাখ
ভূমিপুত্ৰৰ কি কোনো ঐতিহ্য, সংস্কৃতি নাছিল নেকি?
কোচ, মেচ, চুতীয়া, কছাৰী, কৈৱৰ্ত, নাথ
, যোগী, কলিতা, সুতকূলীয়া, ৰাভা, হাজং, মৰা, বৰাহী, মিছিং, দেউৰীসকলৰ
কোনো মহৎ ঐতিহ্য বা পাৰম্পৰ্য, সাংস্কৃতিক পৰিচয় নাছিল নেকি? নিশ্চয়কৈ আছিল৷ আত্মমগন
নিজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত বিভক্ত  জনজাতিসকলৰ
ৰিপাব্লিকান আৰ্হিৰ জীৱন ধাৰা আছিলেই৷ বাথৌ ব্ৰাই বা শিৱপূজাৰ ঐতিহ্য কিমান যে পুৰ
ণি! বাণীকান্ত কাকতিয়ে
Mother Goddess Kamakhya-ত তাৰ বৰ্ণনা আগ বঢ়াইছে৷ এওঁলোকৰ বিষয়ে জানিবলৈ হ’লে শিলালিপি, পৌৰাণিক ধৰ্মীয় গ্ৰন্থৰাজি
যেনে যেনে কালিকাপুৰা
, যোগিনীতন্ত্ৰ, মহাভাৰত, ৰামায়, চৰ্যাপদ আদি আৰু
মৌখিক ইতিহাসৰ ওপৰতে নিৰ্ভৰ কৰিব লাগিব৷

যেতিয়া এটা জাতিয়ে আন এটাক আক্ৰম কৰে তেতিয়া তাৰ ভাষাসংস্কৃতি সকলোকে গ্ৰাস
কৰি নিজৰটো জাপি দিয়ে৷ ই এক স্বাভাৱিক পৰম্পৰা৷ কিন্তু অসম মুলুকত তাৰ এটাও সফল নহ
ল কিয়নো বহু পূৰ্বৰেপৰা সবল ৰূপত বিৰাজমান
অসমীয়া ভাষাটোক উচ্ছেদ কৰাটো সহজ নাছিল৷ কাজেই চীন
বাৰ্মামূলীয় টাই শ্বান ( আহোম)সকলেও
নিজৰ টাই ভাষা এৰি অসমীয়া গ্ৰহ
কৰিলে৷ নিজৰ ফুৰালুং ধৰ্ম এৰি সনাতন ধৰ্ম গ্ৰহ কৰিলে৷ অৰ্থাৎ আহোমৰ
আগম
পূৰ্বৰে পৰা অসমীয়া ভাষাসংস্কৃতি অতি সল আছিল৷ আহোমসকল অহাৰ পৰাহে যে অসমীয়া জাতিৰ সংস্কৃতি
ঐতিহ্য গঢ় লৈছে তেনে নহয়৷

জনজাতীয় সমাজৰ জীৱনধাৰা শাসন ব্যৱস্থা
আৰু ধৰ্মীয় পদ্ধতি কেনে আছিল? আহোমৰ আগমন
ৰ পাছত যিদৰে যুদ্ধবিগ্ৰহ মাৰি মৰকত ভূমিপুত্ৰৰ
মৃত্যু হ’ল নিশ্চয়কৈ তাৰ 
পূৰ্বে সেই গতিত ভূমিপুত্ৰৰ দুৰ্দশা হোৱা নাছিল৷ আহোমসকলৰ একাংশৰ
নিমন্ত্ৰ
তে সগোত্ৰীয় বাৰ্মাৰ টাই শ্বান মানৰ আক্ৰমত অসমৰ ভূমিপুত্ৰ জাতিজনজাতিৰ কিমান দুৰ্দশা
হৈছিল! মানৰ আক্ৰম
ত চাৰিভাগৰ তিনি ভাগ ভূমিপুত্ৰৰ মৃত্যুত জনসংখ্যা আছিলগৈ প্ৰায়
ন লাখ মানহে৷ মানৰ আক্ৰম
ত জনসংখ্যা হ্ৰাস পাই অসমৰ ঘৰবাৰী, পথাৰসমাৰ এৰাপৰলীয়া হৈ শূন্য হৈ পৰাত অব্যৱহৃত মাটিত পমুৱা পূৰ্ববংগীয় মুছলমানক আনি ৰাজহ বৃদ্ধিৰ লগতে খালী ঠাই
পুৰাই সংস্থাপনৰ কৰাৰ কথা চিন্তা কৰিবলৈ ইষ্ট ই
ণ্ডিয়া কোম্পানীকো বাধ্য
কৰিছিল৷ মানৰ আক্ৰমণত প্ৰাচীন
ভূমিপুত্ৰ বোৰে এই বিপুল ক্ষতিৰ সন্মূখীন কিয় হ’ল?
বাহিৰৰ পৰা আহি আমাৰ ইয়াত থিতাপি লোৱাসকলৰ খোৱা
কামোৰাৰ বাবেই নহয়নে? ইয়াৰ মূল্য
অনাহকতে ভূমিপুত্ৰসকলে ভৰিবলগীয়া হোৱা নাছিলনে? আহোম এটা জাতি হোৱাতকৈ ই আছিল এক শাসন
ব্যৱস্থা, এক ৰাজনৈতিক সংস্কৃতি৷ মৰা
, বৰাহী আৰু চুতীয়াসকলো আহোমৰ জনজাতীয় পাৰম্পৰ্যৰ
অন্তৰ্ভুক্ত হৈ পৰিল৷ সেয়ে ৰাজনৈতিক ক্ষমতা আৰু
ভূমিকা বিতৰ পদ্ধতিসৃষ্ট উপাধি চাই আজি সতকাই কোনোবা এজনক প্ৰকৃততে
টাই শ্বান আহোম হয়নে নহয় তাক ঠাৱৰ কৰিব নোৱাৰি৷

এডৱাৰ্ড গেইটে কৈছিল- “There is, however, this difference, that whereas now, the
caste system, to a great extent, preserves a distinct physical type, the
earlier philological changes were accompanied by racial fusion. We know that
this occurred after the Ahom invasion of Assam, when many Chutiya, Mor
än and Borahi
families were incorporated in the Ahom tribal system and, by lapse of time
genuine Ahoms.

লাচিত ডেকাৰ দৰে চুতীয়া যুৱকেও বৰফুকনৰ
বাব লৈছিল৷

আনকি গৌৰীনাথ সিংহৰ দিনত হাজাৰা সিং নামৰ বাঙালজন বৰফুকন হৈ থাকোঁতে তেওঁ এজনক দহ হাজাৰ টকাৰ বিনিময়ত বৰফুকনৰ বাব বিক্ৰী
কৰাৰ পাছত আকৌ আন এজনক ষাঠি হাজাৰ টকাত বিক্ৰী কৰিছিল৷

গেইটে উল্লেখ কৰিছে যে অসমৰে হওক বা দক্ষিণ
ভাৰতৰে হওক এই প্ৰাচীন অধিবাসীসকল আফ্ৰিকাৰ পৰা হাজাৰ হাজাৰ বছৰ পূৰ্বেই বিশ্বজুৰি
বিয়পি পৰা সময়ৰে৷ জংঘল
, পাহাৰ, পৰ্বতে ভৰি নথকা হলে উত্তৰ-পূবো মূল ভাৰতভূমিৰ দৰে আৰ্য সংস্কৃতিৰে
গঢ় ল
লেহেঁতেন আৰু পৌৰাণিক জনজাতীয় দোৱান আৰু সংস্কৃতিৰ ঠাই ললেহেতেন আৰ্যমূলীয় ভাষাসংস্কৃতিয়ে৷ সেয়ে বহু
পৰিমা
ণে অসম তথা উত্তৰ-পূবৰ জনজাতীয় পৰিচয় বহু দিনলৈ অটুট হৈ থাকিল৷

আহোমৰ আগমনত আটাইতকৈ ক্ষতি আৰু প্ৰত্যাহ্বানৰ
সম্মুখীন হোৱা জাতিটো হ’ল বড়ো
কছাৰীসকল৷ অসমৰ প্ৰায়বোৰ নদ-নদীৰ নাম বড়োমূলীয় শব্দ
di/ti আদিৰে (ডিব্ৰু,
দিখৌ, দিহিং,
দিহং, দিবঙ, দিছাং, দিফং আদি) আৰম্ভ হোৱাৰ বিপৰীতে
আহোমসকলে
নাম’ শব্দৰে নৈ আদিৰ নামকৰ (নামৰূপ, নামছাই আদি) কৰিলেও কছাৰীসকলৰ নামকৰৰ ঐতিহ্যক বিলুপ্ত কৰিব
নোৱাৰিলে!
কালক্ৰমত এই বড়ো কছাৰীসকলে খেদা খাই খাই বিভিন্ন ঠাইত সিঁৰতি হৈ পৰিল৷ আহোমৰ আগমনত
পৰিচয় আৰু অস্তিত্বৰ সংকটত সম্মুখীন হোৱাসকলৰ ভিতৰত অন্যতম হ’ল বড়ো কছাৰীসকল৷ তেতিয়াৰ
দিনত বৰ্তমান সঘনাই উচ্চাৰিত জাতি/ ৰাষ্ট্ৰৰ সুসংহত ধাৰ
ণা নাছিল৷ বিভিন্ন জনগোষ্ঠীৰ
মাজত তেনেকৈ সংহতিও নাছিল৷ গেইট আৰু ডেৱিদ স্কটে ক
বৰ দৰে তেতিয়াও সৰু সৰু গোটত বিভক্ত
জনজাতিসকলে একোজন মুৰব্বীৰ অধীনত শাসিত হৈ এক ৰিপাব্লিকান আৰ্হিত জীৱন
যাপন কৰিছিল৷ দেশ বিদেশলৈ হেংদাং যাঠি আদি লৈ আক্ৰম
কৰিবলৈ যোৱাত তেওঁলোকৰ আগ্ৰহ নাছিল
আৰু নিজৰ নিজৰ পাহাৰ বা
পৰ্বতটোত সুখেসন্তোষে খাই বৈ জী থকা জনজাতীয় ভূমিপুত্ৰসকলে মোগল বা আহোমৰ
দৰে ইতিহাস লেখাৰ দৰকাৰ নহৈছিল৷ মৌখিক ইতিহাস, শিলালাপি আৰু ধৰ্মগ্ৰন্থতে কিবা বিৱৰ
যদি আছিল সেয়াই পৰ্যাপ্ত
আছিল৷ এই জাতি
জনজাতিবোৰে আহোমৰ আগমনৰ লগে লগে প্ৰৱল হাহাকাৰৰ সম্মুখীন হ’ল৷

খামজাং পাৰ হৈ চুকাফাই তিনিশ ঘোঁৰা আৰু
নহাজাৰ মানুহৰ সৈতে নংয়াং হ্ৰদত প্ৰৱেশ কৰে৷ চুকাফাই নগাসকলক আক্ৰম
আৰু পশুৱৎ অত্যাচাৰৰ কথা উল্লেখ কৰিছে
এডৱাৰ্ড গেইটে৷ প্ৰায় ডেৰ কিলোমিটাৰ দৈ
ৰ্ঘ্যৰ আৰু ০.৮ কি মি বহল নংয়াং হ্ৰদটো লিডু
ৰোড (তাহানিৰ ষ্টিলৱেল ৰোড)-ৰ দক্ষি
পশ্চিমে প্ৰায় আঢ়ৈ কিলোমিটাৰ দূৰত্বত (পাংছু পাছৰ ওচৰত) অৱস্থিত৷
তাত টাংছাসকলে এতিয়াও বসবাস কৰি আছে৷ এই টাংছাসকলেই গেইটে কোৱা নগাসকলৰ উপসমষ্টি (
sub set)৷ দ্বিতীয় বিশ্বযুদ্ধৰ
সময়ত আমেৰিকান সৈন্যসকলে এই হ্ৰদক লেক অৱ ন
ৰিটাৰ্ন আখ্যা দিছিল৷ হিংস্ৰ জনজাতিৰে ভৰপূৰ এই ঠাইত হাম্প উৰা
জাহাজবোৰ দুৰ্ঘটনাত পতিত হ
লে বিচাৰি উলিওৱা টান আৰু বিপদজনক আছিল৷ এই হ্ৰদটোক লৈ বহুতো মুখৰোচক মিথ বিদ্যমান৷
পৰ্বতাৰোহী আৰু অভিযানকাৰী জয়দীপ চিৰকাৰে ২০০২ চনত এই হ্ৰদত উপস্থিত হৈছিলগৈ৷ দ্য টেলিগ্ৰাফ
কাকতত তেওঁ প্ৰ
ন্ধত উল্লেখ কৰা অনুসৰি এই মিথবোৰ একো একোট অতিৰঞ্জন৷ সেইবোৰৰ কোনো বাস্তৱ ভিত্তি নাই৷

আহোমে থলুৱা টাংছাসকলৰ ওপৰত যিদৰে বৰ্বৰ
অত্যা
চাৰ কৰিছিল তাৰ উদাহৰ পৃথিৱীৰ কোনো আক্ৰমকাৰীৰ মাজত পাবলৈ নাই৷ এই আক্ৰম ইমানেই ভয়াৱহ আৰু বৰ্বৰ
আছিল যে  টাংছাসকলক জীয়াই জীয়াই পোৰা হৈছিল,
বহুতক হাত-ভৰি কাটি সিজাই নিজকে খাবলৈ দিয়া হৈছিল৷ মোগল বা আফগানসকলেও ইমান ভয়াৱহ হিংস্ৰভাৱে
আক্ৰম
কৰা নাছিল৷ পৰৱৰ্তী পৰ্যায়ত আহোমৰ সগোত্ৰীয় ভাইৰজা মানহঁতেও এইদৰে বৰ্বৰভাৱে অসমত
আক্ৰম
চলাইছিল৷ বাৰ্মা য়ুনান মূলৰ টাই শ্বানসকলৰ হিংস্ৰতাৰ বিষয়ে গৱেষণাৰ থল আছে যদিও আজিলৈকে
কোনেও কৰা চকুত পৰা নাই৷ টাংছাসকলৰ ওপৰত কৰা এই পশুৱৎ অত্যা
চাৰত শংকিত হৈ অন্য নগা
জনজাতিসকলেও আহোমৰ শৰ
ণাপন্ন হবলৈ বাধ্য হয়! এই দিশৰ পৰা চুকাফা নাদিৰ শ্বাহ, গজনী বা
আবদালিতকৈও বৰ্বৰ আছিল!

তাৰ পাছতে এজন ৰাজ পাৰিষদৰ হাতত নগা এলেকাৰ
শাসন ভাৰ গটাই চুকাফা নামৰূপলৈ আহে আৰু পাছত টিপাম পায়হি৷ লাহে লাহে বড়ো কছাৰীসকলে নামাকৰ
কৰা দিহিং নৈ পাৰ হৈ
আহে৷ কছাৰীসকলৰ মনোজগতত তেতিয়া কি ভাবৰ উৎপত্তি হৈছিল সেয়া সহজেই অনুমেয়৷ ১২৪৬ চনত
শিমলুগুৰিত উপস্থিত হোৱা চুকাফাই নামদাং অঞ্চলত অধিবাসীসকলৰ ওপৰত নগাসকলক আক্ৰমণ কৰাৰ দৰে প্ৰচ
ণ্ডভাৱে আক্ৰমণ কৰিবলৈ পৰিকল্পনা কৰে কিন্তু জনসংখ্যা অধিক
দেখি সেই সিদ্ধান্ত নাকচ কৰে৷

চুকাফাই অসমৰ জনজাতিবোৰৰ সংখ্যা আৰু সামৰিক
শক্তি উপলব্ধি কৰি আক্ৰম
ৰ পৰিৱৰ্তে সন্ধিৰে মৈত্ৰী স্থাপন কৰিছিল৷ ইয়াত চুকাফা বা টাই
শ্বান আহোমৰ বিশালতা উদাৰতা একোৱেই নাছিল৷ ৰাজনৈতিক কৌশলহে আছিল৷ বৰ্বৰতা তেতিয়াও অক্ষুণ্ণ আছিলেই৷ ভূমিপুত্ৰৰ বেলি এনেকৈয়ে মাৰ যায়! এই ইতিহাস আজিকোপতি অনালোচিত, উপেক্ষিত৷

মৰা বৰাহীসকল যাৰ ভাষা একালত বড়ো আছিল
কালক্ৰমত টাই শ্বানসকলৰ ৰীতি
নীতি পালন কৰি হৈ পৰিল আহোম আৰু আহোম হৈ পৰিল এটা ৰাজনৈতিক সংস্কৃতি!
টাই শান আহোমক বিৱাহৰ বাবে লগা হ’ল পৰ্যাপ্ত থলুৱা মহিলা৷ কাজেই আহোম হৈ পৰিল এক বৰ্ণ-সংকৰ সংমিশ্ৰণ৷
সেয়ে গেইটে কবৰ দৰে genuine Ahom’ব পৰা জনজাতিটো হেৰাই গ’ল আৰু ই ক্ৰমশঃ অগ্ৰসৰ হ’ল এক সংস্কৃতিলৈ৷

অসম ইংৰাজৰ অধীন হোৱাৰ পূৰ্বেও আহোমসকলৰ
শাসন অব্যাহত থাকিলেও থলুৱা প্ৰাচীন ভূমিপুত্ৰ কৈৱৰ্ত, মৰা
বা কছাৰীসকলৰ সৈতে
সময়ে সময়ে সংঘাতৰ সৃষ্টি হৈছিল৷ মোৱামৰীয়াসকলৰ আক্ৰম
ত আহোম মহামন্ত্ৰী
বুঢ়াগো
হাঞিয়ে কোনো ৰকমে লাহদৈ গড় পৰ্যন্ত ৰাজ্য ৰক্ষাৰ বাবে যুজ দিছিল৷

ভীতিসন্ত্ৰস্ত স্বগদেৱ গৌৰীসিংহ
নগাঁৱৰ পৰা গুৱাহাটীলৈ পলাই যায়৷
ইফালে তাত জিৰণি লৈ থকা অৱস্থাতে
লুখুৰাস
ন পৰিয়ালৰ হয়ধনৰ নেতৃত্বত বহুতো কৈৱৰ্ত লোক একগোট হৈ ৰজাক আক্ৰম কৰে আৰু এজন বৈৰাগীক ৰজা পাতি আহোম ৰজাৰ ঘৰ-দুৱাৰত অগ্নি সংযোগ কৰি ক্ষতি সাধন কৰে৷ পাছত কেপ্টেইন ৱেলছৰ আগমনতহে ৰজা কোনোমতে ৰক্ষা পৰে৷

অসম আক্ৰমণ কৰা বাৰ্মাৰ কুনবাং বংশৰ উত্তৰ পুৰুষে পৰিধান কৰা পৰম্পৰাগত পোছাক৷ এই বাৰ্মিজসকলৰ ভিতৰত টাই শ্বান, মন, আৰাকানিছ আদি বহুতো গোট আছিল



মান অহাৰ খবৰ পাই চন্দ্ৰকান্ত সিংহ
আৰু পুৰন্দৰ সিংহ দুয়োৱে ব্ৰিটিছ শাসিত এলেকালৈ পলায়ন কৰে৷ যোগেশ্বৰ সিংহক
নামমাত্ৰ ৰজা পাতি মান
হঁতে শাসন কৰিবলৈ আৰম্ভ কৰে৷ মানৰ আক্ৰমনত নগাঁ জিলাৰ ডবকা, কপিলী
আদি এলেকা একেবাৰে জনশূন্য হৈ পৰিছিল৷ সৰহভাগেই প্ৰা
ৰক্ষা কৰিবলৈ সুৰমা
উপত্যকা বা ব্ৰিটিছ শাসিত গোৱালপাৰালৈ প্ৰত্যাৱৰ্তন কৰিছিল৷ উল্লেখ্য যে মান সেনাৰ
অন্যতম সেনাপতি মিঙিমাহাৰ লগতে নবাৰু ফুকন, শ্যাম ফুকন আৰু সজাতি ফুকনো অন্যতম৷
১৮২৫ চনত ব্ৰিটিছ কৰ্ণেল ৰিচাৰ্ডছন আৰু লেফটেনে
ণ্ট ব্ৰুকে ৰংপুৰৰ পৰা
মানক খেদিবলৈ সক্ষম হয় আৰু মান সেনাপতি নেবাৰু আৰু শ্যাম ফুকনৰ পৰা প্ৰতিশ্ৰুতি
আদায় কৰে যে তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধ সকলো শত্ৰুতা ত্যাগ কৰিব আৰু বাৰ্মালৈ উভতি
যাব৷

অতি বিশ্বাসঘাতক প্ৰতাৰক মিছলীয়া মানহঁতে সকলো প্ৰতিশ্ৰুতি
ভংগ কৰে আৰু বহু বছৰলৈকে যুদ্ধ অব্যাহত থাকে যাৰ ফলত প্ৰায় উদং হৈ পৰিছিল কোম্পানীৰ ৰাজভঁৰাল৷
বৰ্বৰ চিংফৌসকলৰ সহায় লৈ মানে আকৌ অসম আক্ৰম কৰিব খোজা পৰিকল্পনা বিফল কৰে
কেপ্টেইন নিউভিলে৷ তেনেদৰে কৰ্ণেল ইনছে কাছাৰৰ পৰা মানক খেদি দিয়ে আৰু কেপ্টেইন
পেম্বাৰটনে ম
ণিপুৰৰ পৰা মানক বহিষ্কাৰ কৰিবলৈ সক্ষম হয়৷ তাৰ পাছতে ব্ৰিটিছ আৰু মানৰ এই যুদ্ধখন ৰেংগুন পায়গৈ৷
তাৰ পাছৰে পৰা যুদ্ধৰ পৰিক্ৰমা অধিক পৰিৱৰ্তন হয়৷

মানৰ দিনত অসমত হাজাৰ বিজাৰ গাভৰু
আৰু বোৱাৰী ধৰ্ষিতা হৈছিল৷ নিৰাপত্তা আৰু পুৰ
ণি শত্ৰুতাৰ পোটক তুলিবলৈ এচাম দোৱনীয়া অসমীয়াই
গাঁৱৰ ধুনীয়া ছোৱালীজনী মানৰ হাতত তুলি দি নি
ষ্কণ্টক হৈছিল৷ মানৰ হাতত ধৰা পৰা
বহুতক জাকি দি হত্যা কৰাৰ লগতে বহুতক হাতৰ তলুৱাত ফুটাই বেতেৰে বান্ধি একেলগে লৈ
গৈছিল তাক কোৱা হৈছিল মানবন্ধা৷ বহুতো ছোৱালীক মানৰ পৰা বচাই ৰাখিবলৈ মুখত ক
লা চাই আদি সানি
আপচু কৰি দেখুওৱাৰ সমান্তৰালভাৱে ডাঙৰ কাঠৰ বাকচতো ভৰাই থোৱা হৈছিল৷
নকলেও হব যে পুৰুষবোৰে প্ৰধানতঃ হাবি-বননিতে আশ্ৰয় লৈছিল৷ ইতিহাসবিদ সূৰ্য্যকুমাৰ ভূঞাই কেইবাগৰাকীও মানৰ হাতত ধৰ্ষিতা মহিলাক লগ পাইছিল৷ মানৰ হাতত সতিত্ব
হেৰুৱাই গৰ্ভ ধাৰ
কৰাৰ পিছত জন্ম হোৱা হাজাৰ হাজাৰ মানৰ বিদেশী তেজেৰে গঢ়
লোৱা সেই সন্তানবোৰৰ মাক
হঁত অসমীয়া হলেও সেই সন্তানবোৰ হাড়ে-হিমজুৱে অসমীয়া হব পাৰিছিলনে সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন৷

 

য়াণ্ডাবু সন্ধি, বাৰ্মাৰ
অস্তমিত ভাগ্যৰবি আৰু অসমত ইংৰাজ শাসন-অনালোচিত কথাবোৰ :

আহোম শাসনৰ আৰম্ভণিৰ পৰাই চুকাফাই শ্বান বংশীয় ৰজাসকললৈ উপঢৌকন আদি প্ৰেৰ কৰি যোগাযোগ
ৰাখিছিল৷ মানসকলৰ লগত যে আহোমৰ পৰিচয় ঘপহকৰে হৈছিল তেনে নহয়৷ মান সকলৰ ভিতৰত শ্বান,
ৰেখাইন আদি বিভিন্ন শ্বান বংশীয়
সকল সগোত্ৰীয় লোকেই আছিল৷ ৰজা বদৌয়াপাৰ পৰিয়ালহে কেৱল কুনবাং
বংশৰ আছিল৷ তদুপৰি ভাইৰজা মানসকলৰ জেঠেৰীয়েক আছিল আহোমসকল- স্বৰ্গদেউ যোগেশ্বৰ
সিংহৰ জীয়েক হেমো আইদেউক মান ৰজালৈ বিয়া দিয়া হৈছিল৷

দৰাচলতে লক্ষ্মীনাথ সিংহৰ সময়ৰ পৰাই আহোমৰ পতনে চুড়ান্ত ৰূপ লৈছিল৷ এই কৃষ্ণ বৰ্ণৰ
লক্ষীকান্তৰ প্ৰতি স্বৰ্গদেউ ৰুদ্ৰসিংহৰ কোনো মৰম চেনেহ আগ্ৰহ একোকে নাছিল৷ তেওঁক
শৰ
দিবলৈ বংগৰ পৰা অহা শাক্ত পুৰোহিত
কৃষ্ণৰাম ন্যায়বাগীশ ভট্টা
চাৰ্যৰ সৈতে
তেওঁৰ পত্নীৰ অবৈধ সম্পৰ্কৰ ফলত জন্ম হৈছিল বুলি প্ৰতীতি হৈছিল৷
খিলঞ্জীয়া মৰাসকলৰ
মোৱামৰীয়া বিদ্ৰোহে আহোমৰ শাসনৰ ভেঁটি কঁপাই তোলে৷
গৌৰীনাথ সিংহৰ দিনত ই ধ্বংসৰ ফালে ধাৱমান হয়৷ গৌৰীনাথৰ দৰে শাসকৰ বৰ্বৰতা, ক্ৰূৰতা আৰু আদিমতা
প্ৰত্য
ক্ষ কৰিছিল ৱেলছে৷ বহুতো আহোম ৰজাৰ
ব্যক্তিগত স্বভাৱ, আচৰ
পশুৱৎ আৰু
হিংস্ৰ আছিল৷ আচলতে এক মধ্যযুগীয় ভয় আৰু দমনতহে ভূমিপুত্ৰবোৰে আহোমৰ শাসনত জীৱন
ব্যতীত কৰিবলৈ বাধ্য হৈছিল৷
এডৱাৰ্ড
গেইটে উল্লেখ কৰিছে-
Gaurinath
was the most incompetent, blood-thirsty, disreputable and cowardly of all the
Ahom kings. He was described by Captain Welsh as “a poor debilitated man,
incapable of transacting business, always either washing or praying, and when
seen, intoxicated with opium” His vindictive treatment of the Moamarias
and other enemies has already been mentioned. But the stimulus of hatred or
revenge was not needed to induce him to perpetrate the grossest barbarities; he
would frequently do so from the sheer love of inflicting sufferings on others,
and he never moved out without a body of executioners ready to carry out his
sanguinary orders. Many stories are told which reveal his cruel and brutal
nature, but a single instance will suffice.

One of his servants having inadvertently answered a question
intended for another, he instantly caused him to be seized, his eyeballs to be
extracted, and his ears and nose to be cut off. Gaurinath neglected entirely
the duties of his kingly office, which he left to this intriguing and corrupt
favourites. These were stigmatised by Captain Welsh as
«a set
of villains, all drawing different ways.” It was probably the vices and
excesses of the king and his parasites, quite as much as the physical and moral
deterioration of the people, that led to the ignominious overthrow of his
government by the Moamaria rebel.
 

মৰা, খামতি, চিংফৌ আনহাতে ডফলাৰ উৎপাতে আহোম ৰাজ্যলৈ বাৰম্বাৰ
সংকটৰ অশনি সংকেত বহন কৰিছিল৷
ইংৰাজৰ কৰতলীয়া
ৰজা হোৱাৰ যো-জাও য়া
ণ্ডাবুৰ পূৰ্বে নচলা নহয়৷ বদন বৰফুকনে মান অনা আছিল এটা উপলক্ষ্যহে৷
অসম কোম্পানীৰ অধীন হোৱাটো অৱধাৰিতই আছিল৷ ব্ৰিটিছৰ কৰতলীয়া হৈ থাকিলে এই বহিঃ আৰু
আভ্যন্তৰীণ খাম
খেয়ালিৰ পৰা ৰক্ষা পাব পাৰি নেকি তাৰ গুণা-গঁথা
ইতিমধ্যেই চলিছিল৷
এই বিষয়ে গেইটে উল্লেখ কৰিছে এইদৰে- In
order to prevent fresh internal dissensions the Bar Phukan proposed that the
country should follow the example of Koch Bihar, and become tributary to the
British Government. The Burha Goh
äin
discussed this proposal with the other nobles, but it was rejected, as it was
thought that it would be very unpopular with the people
’’১০

“দুয়োবাৰ আত্মকন্দলত পৰি এইদৰে
দুয়োবাৰ নিজৰ দেশৰ মানুহেই শত্ৰুক দেশলৈ নিমন্ত্ৰ
কৰে আনিলে’’১১

মানৰ পূৰ্বেও মোৱামৰীয়া বিদ্ৰোহৰ
সময়তো কেপ্টেইন ৱেলছ ১৭৯২ চনত
ছেপ্টেম্বৰ মাহত আহোম ৰজাক সুৰক্ষা প্ৰদানৰ বাবে গোৱালপাৰাত
হাজিৰ হয়হি৷ তেওঁৰ লগত আছিল 
প্ৰতিটো কোম্পানীত ষাঠিজনকৈ সৈন্যৰ মুঠ ছটা কোম্পানী৷
১৭৬৫ চনতে ব্ৰিটিছৰ অধীন হোৱা গোৱালপাৰাত উপস্থিত হৈ ৱেলছে মি: ৰছৰ পৰা আহোম
ৰাজ্যৰ দুৰ্দশাৰ বিষয়ে অৱগত হয়৷ তদুপৰি দৰঙৰ পলৰীয়া ৰজা বিষ্ণুনাৰায়
ণেও ৱেলছক এই বিষয়ে
অধিক তথ্য প্ৰদান কৰে৷ হিতেশ্বৰ বৰবৰুৱাই আহোমৰ দিনত এইদৰে উল্লেখ কৰিছে-
“য়াণ্ডাবু সন্ধিৰ পিছৰ পৰা হোজা অসমীয়া প্ৰজাই ইংৰাজৰ শাসনৰ সুশীতল ছায়াৰ তলত শান্তি লাভ
কৰিছে“৷ ১২

 *** 

 

আলোকচিত্ৰ : আহোমে বৰ্বৰভাৱে আক্ৰম কৰা পাংছু পাছৰ টাংছাসকল ৷ আলোকচিত্ৰ- নেহৰু সংগ্ৰহালয়, ইটানগৰ৷

টোকা :

১৷ Kakati, Dr Banikanta, Mother Godess Kamakhya, p. 14, Assam Publishing
Company,2024

2.Gait,  Edward, A History of Assam, p. 2

২৷ বেণুধৰ শৰ্মাৰ প্ৰবন্ধ, আৱাহন, ১৯৩৯]

৩ ৷ Ibid

৪৷ Ibid, p. 246

৫৷ Ibid

৬৷ Ibid

৭৷ তুংখুঙীয়া বুৰঞ্জী, পৃষ্ঠা ১৩

৮৷ Ibid, p. 215

৯৷ Gait, Edward, A History of Assam, P. 248

১০৷ Ibid, Page 258

১১৷ বৰবৰুৱা, হিতেশ্বৰ, আহোমৰ দিন,
পৃষ্ঠা১৪

১২৷ ibid, Page 14

ভ্ৰাম্যভাষ : ৭০০২৭৬১২২১