ৰ’দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী


(দ্বিতীয় অধ্যায়)

(১)  

কণ্ঠ নে কলম ?

কোনটোত অগ্ৰাধিকাৰ
দিওঁ ?

মনৰ ভিতৰত দ্বন্দ্ব
চলি থাকোঁতেই আকৌ গানৰ ক্ষেত্ৰখনত নতুন জাগৰণ আৰম্ভ হ’ল৷  আমাৰ গাঁওখন সাংস্কতিক ক্ষেত্ৰত তাহানিৰ পৰাই আগৰণুৱা
আছিল৷  গাঁৱৰ মাজতে বৰনামঘৰটো৷  বৰনামঘৰৰ গাতে লাগি আছে মুকলি মঞ্চ, মঞ্চৰ নাম ‘কুমৰ
ৰংগমঞ্চ’ (অনিৰুদ্ধৰ আন এটা নাম কুমৰ)৷  টিনপাট
লগোৱা, কেউফালে বেৰ দিয়া৷  একোণত নবজীৱন পুথিভঁৰালটো৷
 নাটক, বিচিত্ৰানুষ্ঠান আদি হ’লে তাৰ ভিতৰতে
কাপোৰ টানি মঞ্চখন সজাই লোৱা হয়৷  বৰনামঘৰত
প্ৰায়ে ভাওনা হয়৷  চৌধ-চুবুৰীৰ ৰাইজ হিলদল ভাঙি
ভাওনা চাবলৈ আহে৷  দ বেছেৰীয়াৰ ভাওনাৰ সুনাম
আছে৷  গায়ন-বায়ন, সূত্ৰধাৰ, ভাৱৰীয়া কোনো কম
নহয়৷  গাঁৱত ভাওনা হ’লেই বহু দিন আগৰে পৰা গাঁওখনত
উখল-মাখল লাগি যায়৷  ভাওনাৰ নাট মেলাৰ পৰা নাট
সামৰণিলৈ এইখিনি সময় পূৰাদমে আখৰা চলে৷  ভাওনা
প্ৰদৰ্শনৰ দিন চাপি অহাৰ লগে লগে ৰভা-পৰলাৰ কাম আৰম্ভ হয়৷ কিছুমান প্ৰদৰ্শন বৰ নামঘৰৰ ভিতৰতে হয়, কিছু আকৌ
বাহিৰৰ মুকলি ফিল্ডখনত ৰভা-পৰলা দি পতা হয়৷ আমি স্কুল ছুটীৰ পাছত ঘৰলৈ গৈ কিবা এমুঠি খাই সেই
নামঘৰৰ ফিল্ডলৈ যাওঁ৷ গায়ন-বায়নৰ খোল-তাল বাদন,
অংকীয়া গীত-মাত শুনি শুনি তবধ মানো, কিবা এটা ভাল লাগি যায়৷ ভাওনাৰ আখৰা চাই ভীমৰ ভাও, দুৰ্যোধনৰ ভাও, শকুনিৰ
ভাওবিলাক অনুকৰণ কৰি ঘৰত আহি ঘৰৰ মানুহক দেখুৱাই বিৰাট ফুৰ্তি কৰোঁ৷ তাৰ লগে লগে বিলাপ, পয়াৰ যেনেকৈ পাৰিছিলোঁ তেনেকৈয়ে
চিঞৰি চিঞৰি গাবলৈ চেষ্টা কৰিছিলোঁ৷

বুনিয়াদী স্কুলত
থাকোঁতেই মোলৈ এটা সুবৰ্ণ সুযোগ আগেয়ে নভৱাকৈয়ে আহিল৷ গাঁওখনৰ পূব-প্ৰান্তত থকা কলিতা সম্প্ৰদায়ৰ ৰাইজ
মিলি তেঁওবিলাকৰ নিজা নামঘৰ (কলিতা নামঘৰ)ত ‘ধ্ৰুৱ চৰিত’ ভাওনা প্ৰদৰ্শন কৰাৰ মনস্থ
কৰিলে৷  এই ‘ধ্ৰুৱ চৰিত’ নাটৰ মূল চৰিত্ৰ ‘ধ্ৰুৱ’ৰ চৰিত্ৰ ৰূপায়নৰ বাবে মোকেই নিৰ্বাচন কৰিলে৷ নাটখন আৰম্ভণিৰ পৰাই শেষলৈকে গীত-মাতেৰে পৰিপূৰ্ণ
আছিল৷  মোক নিৰ্বাচন কৰাৰ মূল কাৰণটোৱেই আছিল
বোলে সেইটো যে নাটখন সফলতাৰে পৰিৱেশন কৰিবলৈ হ’লে নাটিকাখনৰ গীত-মাত, বিলাপ, পয়াৰ আদি
সুমধুৰ কণ্ঠৰে পৰিৱেশিত হবই লাগিব৷ আৰু সেই
গীত-মাত গাবৰ কাৰণে ৰাইজে মোৰ কথাই ভাবিলে৷ আমাৰ ঘৰলৈ ৰাইজৰ প্ৰতিনিধি আহি প্ৰস্তাৱটো আগ বঢ়াওঁতে
প্ৰথমে দাদাহঁতে আপত্তি কৰিছিল৷ কিয়নো মই ভাওনাত
অভিনয় কৰিব পাৰিম বুলি দাদাহঁতে কল্পনাই কৰিব পৰা নাছিল৷  তদুপৰি সেই বছৰ স্কুলৰ বৃত্তি পৰীক্ষাৰ বাবে ছাৰহঁতে
মোক বাচি থৈছিল৷ গতিকে পঢ়া-শুনাত ব্যাঘাত জন্মিব
বুলিও দাদাহঁতে চিন্তা কৰিছিল৷  কিন্তু গাঁৱৰ
মানুহখনি আছিল এক প্ৰকাৰ আকোৰগোঁজ৷ নেৰা-নেপেৰাকৈ
ধৰিয়েই থাকিল প্ৰস্তাৱটো গ্ৰহণ কৰিবৰ বাবে৷ তেতিয়া দাদাহঁতে মোলৈকে ঠেলি দিলে দায়িত্বটো৷ ময়ো পোনচাটেই পাৰিম বুলি কৈ দিলোঁ৷  ৰাইজে বৰ ভাল পালে৷

প্ৰথমদিনা বৰ নামঘৰত
নাট মেলিব ৰাইজে৷  নাট মেলোঁতেও আনুষ্ঠানিকতা
ৰক্ষা কৰা হয়৷  নামঘৰৰ থাপনাৰ আগত মাহ-প্ৰসাদৰ
শৰাই এখন আগবঢ়াই আটায়ে আঁঠু লৈ সেৱা কৰে, যাতে নাটখন সুকলমে পৰিৱেশন কৰিব পৰা হয়৷  নাটখন মেলিবৰ দিনাই মোক নাটৰ পৰিচালকগৰাকীয়ে বুজাই
দিলে ‘ধ্ৰুৱ চৰিত’ নাটিকাৰ মূল ঘটনাটো৷  লগতে
এইটোও বুজাই দিলে যে নাটিকাখনি আৰম্ভণিৰ পৰা অন্তিম পৰ্যায়লৈ ভালেমান গীত-মাত আছে,
কিছুমান আকৌ খোল-তালৰ বোলৰ লগত তাল-লয়-ছন্দ মিলাই গাব লাগিব৷ এয়া মঞ্চত গোৱা গানৰ লেখীয়া নহয়৷ কথাবিলাকে বাৰুকৈয়ে চিন্তাত পেলালে৷ একো উৱাদিহ নোপোৱা হ’লোঁ৷ সেই অৱস্থাত ভাওনাৰ সৈতে জড়িত থকা এজন ডাঙৰ মানুহে
মোক এটা উপদেশ দিলে৷ তেওঁ ক
লে – বাপু,  তুমি এটা কাম কৰাঁ, তোমালোকৰ ঘৰৰ সমুখতে দুৰ্গাকাই (দুৰ্গাৰাম
নাথ) আছে নহয়, তুমি তেওঁৰ ওচৰলৈ যাবা৷
তেওঁ
বৰ অভিজ্ঞ মানুহ এই ক্ষেত্ৰত৷
তেওঁ তোমাক ঘৰতে
বহুৱাই নাটখনৰ তোমাৰ ভাগৰ গোটেইখিনি গীত-মাত ধুনীয়াকৈ শিকাই দিব পাৰিব৷’

মানুহজনৰ উপদেশ বৰ
ভাল পালোঁ৷ পাছদিনা স্কুলৰ পৰা আহি কাণে-নাকে
এমুঠি গুজি ৰাস্তাটোৰ সিটো পাৰে থকা দুৰ্গাকাইৰ ওচৰ পালোঁগৈ৷ ‘গোসাঁই পোৱালি আহিছে’ বুলি আথে-বেথে চোতালতে মূঢ়া
এটা আনি বহিবলৈ দিলে৷ তেওঁ তেতিয়া পীৰা এখনত
বহি হাতেৰে বাঁহৰ কাঠি-কামি চুঁচি আছিল৷  মই
গৈ কথাটো কোৱাৰ লগে লগে দুৰ্গাকায়ে বৰ ভাল পালে৷  তেওঁ মোৰ পৰা ভাওনাৰ বচনৰ কাগজখন লৈ ঘূৰাই-পকাই মূৰৰ
পৰা গুৰিলৈ চালে৷ তাৰ পাচত ক’লে– ‘হব  দেই ভাইটি (মোক ঘৰত ভাইটি বুলি মাতে)৷  তুমি সদায় এনেকুৱা সময়তে আহিবা, মই তোমাক বচন কেনেকৈ
মাতিব লাগে, খোলৰ বোলত কেনেকৈ ৰূপক, জৌতি নাচি নাচি গাব লাগে ভালদৰে শিকাই দিম৷  সিদিনাই দুৰ্গাকায়ে আমাক পয়াৰ এফাকি কেনেকৈ গাব লাগে
গাই শুনাই দিলে, মনত বল পালোঁ৷

এইখিনিতে উল্লেখ
কৰা ভাল হব যে দুৰ্গাকাই গাঁওখনৰে এজন নামজ্বলা ভাৱৰীয়া আছিল৷  ‘চান্দ সদাগৰ’ ভাওনাত চান্দ সদাগৰৰ ভাৱত অৱতীৰ্ণ
হৈ এটা সময়ত চৌধ চুবুৰীত খলকনি তুলিছিল৷  কি
যে মনপৰশা স্বতস্ফুৰ্ত অভিনয়, আজিও আমাৰ মনৰ পৰা মচ খোৱা নাই৷  এতিয়াও দুৰ্গাকাইৰ কথা ওলালেই অভিজ্ঞ লোকে তেওঁক
ফণী শৰ্মাৰ লগত তুলনা কৰে৷ চকুকেইটা সাইলাখ
ফণী শৰ্মাৰ দৰে আছিল বোলে৷  শৰীৰৰ চাল-চলন,
বচন গোৱাৰ ভঙ্গীও একে৷ পিচে এই গৰাকী গাঁওখনৰে
এগৰাকী সৰবৰহী ব্যক্তিৰ মৃত্যু বৰ কৰুণ আছিল৷  এবাৰ বোলে তেওঁক কুকুৰে কামুৰিছিল৷  কিন্তু সময়ত চিকিৎসা নল
লে৷ পাছত জলাতংক ৰোগত ভুগি তেওঁ বৰ দুঃখজনক মৃত্যু বৰণ কৰিলে৷
 শেষ অৱস্থাত তেজপুৰ চিভিল হস্পিতালত ভৰ্তি
কৰোৱা হৈছিল যদিও ডাক্তৰে আশা নাই বুলি ঘৰলৈ পঠিয়াই দিছিল৷
ঘৰ পাই পোনে পোনে দেউতাৰ ওচৰলৈ গৈ ভৰি দুখনত ধৰি
সেৱা কৰাৰ কথাটো আজিও পাহৰিব পৰা নাই৷
 তাৰ
পাছত ঘৰলৈ আহি সেই পৰিস্থিতিত তাত উপস্থিত থকা মানুহখিনিক অবাক কৰি নিজৰ মানুহগৰাকীক
সাবটি ধৰি গাল দুখনত তপৰাই চুমা খাই বিছনাত ঢলি পৰিল আৰু লগে লগেই চকু মুদিলে৷
  

(২) 

দুৰ্গাকায়ে ভাওনাৰ
গীত-মাতখিনি শিকাই দিম বুলি কোৱাত আমাক আৰু কোনে পায়? স্কুলৰ পৰা আহি লগৰ লগৰীয়াৰ সৈতে
আগৰ লেখীয়াকৈ খেলিবলৈ নগৈ দুৰ্গাকাইৰ চোতালত বহিলোঁগৈ৷  দুৰ্গাকায়ে অইন দিনাৰ দৰে মূঢ়া এটাত বহিবলৈ দি হাতৰ
দাখনেৰে কাঠি-কামি চাঁচি চাঁচিয়েই বিলাপ, পয়াৰ, জৌতি কেনেকে গাব লাগে, খোলৰ বোলবিলাক
কেনেকুৱা হ
ব, সেয়া ধীৰে ধীৰে গাই শুনোৱাৰ লগতে শিকায়ো গ’ল৷ আমিও পাৰ্যমানে শিকিবলৈ যত্ন কৰিলোঁ৷  ভাওনাৰ আখৰাত আমাৰ অভিনয় আৰু মুখেৰে গাই যোৱা গীত-মাত
শুনি অন্যান্য ভাৱৰীয়াসকলে তবধ মানিলে৷
সকলোৰে
মনত এটা আশাৰ সঞ্চাৰ হ’ল– ‘এইবাৰ ভাওনা ভাল হোৱাটো খাটাং৷ ’

নিৰ্ধাৰিত দিন-বাৰ
চাই নামঘৰত ভাওনা মঞ্চস্থ কৰা হ’ল৷  ভাওনা চাবলৈ
চৌধ-চুবুৰীৰ ৰাইজ হিল-দল ভাঙি আহিল৷  সেই সময়ত
গাঁও-ভূঁইৰ ৰাইজৰ আমোদ-প্ৰমোদৰ প্ৰধান উৎস আছিল ভাওনা, নাটক, ঠাইবিশেষে যাত্ৰা আদি৷
 ভাওনাৰ আৰম্ভণিতে গায়ন-বায়নে বৰ-ধেমালি, সৰু-ধেমালি
আদি প্ৰদৰ্শন কৰে৷ তাৰ পাছত সূত্ৰধাৰৰ প্ৰৱেশ৷
গাঁওখনত সূত্ৰধাৰ বুলিলে এজন মানুহৰ নামেই
জানিছিলোঁ, আৰু মানুহজন আছিল লালৌ ওৰফে মোলাই নাথ৷ আজন্ম শিল্পী বুলি কব লাগিব৷ কি মুখৰ সূত্ৰ, হাতৰ মুদ্ৰা, লয়-লাস নাচোন, তাৰ ছবিখন
আজিও চকুৰ আগত ভাহি উঠে৷  ভাওনাখন সঁচাকৈয়ে
অভূতপূৰ্ব হৈছিল৷  ভাওনাৰ প্ৰাণকেন্দ্ৰ যিহেতু
‘ধ্ৰুৱ’ আছিল, আৰু ময়ো সেই বয়সতে বোলে সেই চৰিত্ৰটো সাৱলীল আৰু নিখুঁটভাৱে উপস্থাপন
কৰিব পাৰিছিলোঁ, ৰাইজে তেতিয়াই জাউৰিয়ে জাউৰিয়ে এনেকৈ হাত-চাপৰি বজাইছিল যে মাজে মাজে
ৰৈ যাবলগীয়া হৈছিল৷ দৰ্শকৰ মাজৰ পৰা অত্যুৎসাহী
কোনো কোনো মানুহ আহি বুকুত ‘মেডেল’ (এটকীয়া, দুটকীয়া নোট) আঁৰি দিছিলহি৷ কাহিনী আগবাঢ়ি গৈ এটা সময়ত যেতিয়া ‘ধ্ৰুৱ’ক বলি
দিবৰ বাবে বলিশাললৈ নি মুৰটো বলিশালত সুমুৱাই দিয়া হৈছিল, দৰ্শকৰ মাজত কান্দোনৰ ৰোল
উঠিছিল৷

সেই সময়ত এতিয়াৰ
দৰে বিদ্যুতৰ ব্যৱহাৰ নাছিল৷ মেণ্টল লাইট জ্বলাই
ৰাজহুৱা অনুষ্ঠানবিলাক সম্পন্ন কৰা হৈছিল৷  ভাওনা চলি থাকোঁতে মেণ্টলৰ পোহৰ স্তিমিত হৈ যায় মাজে
মাজে৷  আমি তেতিয়া চাই থাকোঁ কোনোবা এজন সেই
কামটোৰ বাবে পাকৈত মানুহ আহি লাইটটো ওপৰৰ পৰা নমাই পাম্প দিয়ে৷ সেই ধৰণৰ কাম কৰিবৰ বাবে তেতিয়া আমাৰো হাবিয়াস জাগিছিল৷

আমাৰ দেউতা, সত্ৰাধিকাৰ
চন্দ্ৰকান্ত গোস্বামীৰ মৃত্যু উপলক্ষ্যেও আমাৰ ঘৰৰ সমুখৰ বাৰীখন চাফা কৰি তাত ভাওনা প্ৰদৰ্শন
কৰা হৈছিল৷ ভাওনা কি হৈছিল আজি মনত নাই৷ কিন্তু আমাৰ গাঁৱৰ নন্দ গাঁওবুঢ়াৰ মৃত্যুত তেখেতসকলৰ
বৰ চোতালত হৰিশ্চন্দ্ৰ উপাখ্যান ভাওনা কৰাৰ কথাটো পাহৰা নাই৷ কিয়নো নাটৰ অন্যতম চৰিত্ৰ, হৰিশ্চন্দ্ৰ ৰজাৰ পুত্ৰ
ৰোহিতাশ্বৰ চৰিত্ৰটো মই ৰূপায়ণ কৰিবলগীয়া হৈছিল৷ মোক তাৰ বাবে সজাই-পৰাই সাজু কৰি দিছিল গাঁৱৰে পুতুদা (দিমচাঁদ বৰা)ই৷  ভাওনাৰ কাহিনীভাগ ইয়াৰো বৰ
দুখৰ আছিল৷ হৰিশ্চন্দ্ৰ ৰজা বৰ দানী আছিল৷
দান কৰি কৰি এটা সময়ত ৰজা নিজেই গৃহহাৰা হ’ল৷
 ইমান দুখৰ মাজতে সন্তান ৰোহিতাশ্বক ফুল তুলিবলৈ
যাওঁতে সৰ্পই দংশন কৰিলে৷ ভাওনাখন উপভোগ কৰি
থকা দৰ্শকৰ মাজত তেতিয়াও কান্দোনৰ ৰোল উঠিছিল৷  কথাবিলাক আজিও পাহৰিব পৰা নাই৷

গাঁওখনত অকল যে ভাওনাই
হৈছিল, তেনে নহয়৷ নাটকৰ পৰা বিচিত্ৰানুষ্ঠানলৈ
সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন হৈছিল মুকলি ৰঙ্গমঞ্চত৷ নাটকেই হওক বা ভাওনাই হওক অথবা বিচিত্ৰানুষ্ঠানেই
হওক, প্ৰস্তুতি পৰ্বৰ পৰাই আমাৰ গাত সাতখন-আঠখন লাগে৷ অনুষ্ঠানবিলাকৰ ৰিহাৰ্চেল বহু সময়ত আমাৰ বৰ চোতালতে
কৰা হৈছিল৷  ৰিহাৰ্চেল চাবলৈকে গাঁৱৰ মানুহ
উবুৰি খাই পৰেহি৷

প্ৰতি বছৰে বহাগ
বিহুত গাঁৱত খেল-ধেমালিৰ প্ৰতিযোগিতা পতা হৈছিল৷ ল’ৰা-বুঢ়া, ডেকা-ডেকেৰী সকলোৱে খেল-ধেমালি প্ৰতিযোগিতাত
ভাগ লৈছিল৷ সেই কেইদিন আমাৰ কাৰো গাত তৎ নাথাকে৷
এঠেঙীয়া দৌৰ, চামুচত কণী লৈ দৌৰ, বেজীত বটিয়া ভৰাই দৌৰা, চকুত কাপোৰ বান্ধি কল ভঙা,
এশ, দুশ গজ দৌৰ আদি কিমান যে খেলা, প্ৰথম-দ্বিতীয় হ
ব নোৱাৰিলেও কথা নাই, প্ৰতিযোগিতাত
ভাগ লোৱাৰ মজাই বেলেগ৷ খেল-ধেমালিৰ অন্তত বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰ
আয়োজন চলে৷ সমবেত সংগীত, দশাৱতাৰ নৃত্য, বৰগীত, একাংকিকা নাট, আবৃত্তি আদিৰ ভাগে ভাগে
ৰিহাৰ্চেল হয়৷ অনুষ্ঠানৰ দিনা তেজপুৰ চহৰৰ পৰা এগৰাকী বিশিষ্ট অতিথিক আমন্ত্ৰণ জনোৱা
হয়৷ বিশিষ্ট অতিথিক আধা বাটৰ পৰাই ঢোলে-খোলে আদৰি অনা হয়৷ অতিথিয়ে আসন গ্ৰহণ কৰাৰ পাছত
তেওঁক পুনৰ ফুলৰ মালাৰে আদৰা হয়৷ এই আদৰাৰ কাৰ্যসূচীটো পালন কৰাৰ ভাৰ মোৰ আৰু ভণ্টি
ৰেণুৰ ওপৰতে পৰে সদায়৷ আমি দুয়ো গান এটা গাই গাই মঞ্চৰ পৰা হাতত ফুলৰ মালা দুহাতত লৈ
এখোজ-দুখোজকৈ নামি আহি পুনৰ ৰাইজলৈ পিঠি নিদিয়াকৈ উভতি যাব লাগে মঞ্চলৈ৷ এই উভতি যোৱা
কথাটো বৰ অসুবিধাজনক আছিল৷ অতিথিক আদৰিবলৈ যাওঁতে গোৱা গানটো আজিও পাহৰা নাই-

                            আহিছে অতিথি আমাৰ পদূলিত

                                   কিহেৰে মান ধৰিবা

                           নাই হাঁচটি নাই তামোল-চালি

                                   এফাঁকি গীতৰে
মান ধৰিবা

গানটোৰ কথা-সুৰ তেজপুৰৰে
দিলীপ সিংহৰ বুলি শুনিছিলোঁ তেতিয়া৷

তদুপৰি আমি পঢ়া
গাঁৱৰ বুনিয়াদী বিদ্যালয়খনৰ বাৰ্ষিক বঁটা বিতৰণী সভাৰ লগতে বিচিত্ৰানুষ্ঠানো গাঁৱৰ মুকলি
মঞ্চতে অনুষ্ঠিত কৰা হৈছিল৷ ইয়াৰ বাবেও কিছুদিন পূৰ্বৰ পৰা প্ৰস্তুতি চলোৱা হৈছিল৷
গাঁৱৰে কেশৱ নাথ নামৰ দাদা এজনে প্ৰায় এই অনুষ্ঠানবিলাকত সহায় কৰিছিল৷ তেওঁ গাঁৱৰ বাহিৰত
পঢ়া-শুনা কৰিছিল৷ কিন্তু স্কুলৰ বাৰ্ষিক অনুষ্ঠান থাকিলে গাঁৱলৈ আহিছিল৷  কেতিয়াবা আকৌ গাঁৱলৈ আহি গাঁৱৰ মানুহ-দুনুহ গোট-পিট
খুৱাই নতুন নতুন নাটক মঞ্চস্থ কৰাৰ উদ্যোগো লৈছিল৷ তেনেকৈয়ে এবাৰ স্কুলৰ বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠানত ‘একলব্য’ নাটকৰ পাতনি মেলি মোক একলব্যৰ চৰিত্ৰটো ৰূপায়ণৰ ভাৰ দিলে৷ তেনেকৈয়ে একলব্যৰ
কাহিনীটো জনাৰ সুবিধা পাইছিলোঁ৷ একলব্যই গুৰু দ্ৰোণাচাৰ্যক গুৰু দক্ষিণা হিচাপে নিজৰ
সোঁ হাতৰ বুঢ়া আঙুলিটো কাটি দিয়া কথাটোৱে আমাৰ মনত সেই বয়সতে ভীষণ প্ৰতিক্ৰিয়াৰ সৃষ্টি
কৰিছিল৷ নাটকৰ খাতিৰত আঙুলি দৰ্শকক দেখুৱাই বাহাদুৰিত কাটি দিয়া দেখুৱালোঁ যদিও মনে-প্ৰাণে
দিয়াৰ সমুলি ইচ্ছা নাছিল৷ দৰ্শকক অৱশ্যে মোৰ মনৰ ভাব জানিবলৈ সুবিধা দিয়া নাছিলোঁ৷
নাটকৰ পৰিচালকে যেনেকৈ অভিনয় কৰিবলৈ দেখুৱাই দিছিল, সম্পূৰ্ণ তেনেকৈয়ে কৰিছিলোঁ৷ দৰ্শকে
মোৰ অভিনয় চাই ভুৰি ভুৰি প্ৰশংসা কৰিছিল৷ বুঢ়া-মেথাসকলে গালে-মূৰে হাত ফুৰাই আশীৰ্বাদ
দিছিল৷

এবাৰ তেনেকৈ বিহুৰ
খেল-ধেমালি হৈ যোৱাৰ পাছত বঁটা বিতৰণী সভা পতা হ’ল৷ তদুপলক্ষ্যে আয়োজন কাৰ বিচিত্ৰানুষ্ঠানুত
‘ভক্ত প্ৰহ্লাদ’ নাটক কৰাৰ সিদ্ধান্ত এটা লোৱা হ’ল৷ সেইবাৰো ভক্ত প্ৰহ্লাদৰ চৰিত্ৰটো ৰূপায়ণৰ ভাৰ মোৰ ওপৰতে পৰিল৷ গাঁৱৰে মোৰ এগৰাকী সাংস্কৃতিক ক্ষেত্ৰখনৰ পথ-প্ৰদৰ্শক
বদন শইকীয়াই নাটকখন পৰিচালনা কৰিছিল৷ তেখেতৰ ভায়েক কনক শইকীয়াই ভক্ত প্ৰহ্লাদৰ পিতৃ
হিৰণ্যকশিপুৰ চৰিত্ৰত অভিনয় কৰিছিল৷ ভক্ত প্ৰহ্লাদে সাজ-পোছাকে মঞ্চৰ মাজত বহি স্তুতি
কৰি আছে ভগবানক-

                                   অ’ হৰি চৰণ দিয়াঁ হে

                                   জলধি মাজে হৰি
হৈয়া ভৱতৰি

                                   অ’হে ধৰি
আছা নিতে কত অৱতাৰ…

ভক্ত প্ৰহ্লাদে একান্তমনে
ভগৱানক স্তুতি কৰি থাকোঁতেই পিতৃ ৰজা হিৰণ্যকশিপুৱে তৰ্জন-গৰ্জন কৰি মঞ্চত প্ৰৱেশ কৰি
পুত্ৰ ভক্ত-প্ৰহ্লাদক উদ্দেশ্যি ক
লে– ‘বন্ধ কৰ তোৰ প্ৰাৰ্থনা৷ মোৰ এই ৰাজ্যত কোনেও
ভগৱানৰ নাম ল
ব নোৱাৰিব৷’ তাৰ পাছত কিছু গহীন হৈ ক’লে ‘তই যে সদায় ভগবানৰ নাম লৱ, তোৰ
ভগাৱান ক’ত আছে?’ ভক্ত প্ৰহ্লাদৰূপী মই ক’লো- ‘ভগৱান সৰ্বত্ৰ পিতা৷ ভাগৱান এই বতাহত
আছে, ভগৱান এই আকাশত আছে, গছ-লতা-ফুল সকলোতে ভগৱান বিদ্যমান৷’

   
‘এই গম্বুজটোত তোৰ ভগৱান আছেনে?’

   
 ‘আছে পিতা’

   
‘ৰহ তেনে চাই লওঁ তোৰ ভগৱানক।’

এই বুলি হাতৰ গদাটোৰে
গম্বুজটোত প্ৰচণ্ড জোৰেৰে কোব এটা দিলে৷ গম্বুজো কাগজৰ, গদাও কাগজৰ আছিল৷ কোব দিয়াৰ লগে লগে কাগজৰ গম্বুজ ফাটি গদাৰ কোব আহি
মোৰ নাকত পৰিলহি৷ ভয়তে 
ভেঁএঁএঁ কৈ কান্দি দিলোঁ৷ ঠিক সেইখনি সময়তে গম্বুজটোৰ পৰা নৰসিংহৰ
আৱিৰ্ভাৱ হ’ল 
হাঃ হাঃ কৈ চিঞৰি৷ লগে লগে নৰসিংহ আৰু হিৰণ্যকশিপুৰ মাজত থৈয়া-নথৈয়া ৰণ
হ’ল৷ সেই মুহূৰ্তত কোনোবা এজনে মোক ভিতৰলৈ দাঙি আনি নাকৰ তেজখনি মচি সান্ত্বনা দি আকৌ
মঞ্চত আগৰ ঠাইত বহুৱাই দিলেগৈ৷ এটা সময়ত যুদ্ধৰ সমাপ্তি ঘটিল৷ ভক্ত প্ৰহ্লাদৰূপী মই
পুনৰ ভগৱানক স্তুতি কৰিবলৈ ধৰিলোঁ৷
 এটা সময়ত
নাটকৰ যৱনিকা পৰিল৷ লগে লগে দৰ্শকৰ মাজত জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বাজিবলৈ ধৰিলে৷
দৰ্শকে বৰ আমোদ পালে৷ মোকো বহুত প্ৰশংসা কৰিলে৷

(৩)

আমি সৰু হৈ থাকোঁতে গাঁৱত
যিবিলাক নাট-ভাওনা উপভোগ কৰিবলৈ পাইছিলোঁ, সেইবিলাক নাট-ভাওনাত মহিলাই অভিনয় কৰা
নাছিল৷ পুৰুষেহে মহিলাৰ চৰিত্ৰত ভাও লৈছিল বা অভিনয় কৰিছিল৷ সেই কথাটোও আমাৰ বাবে বৰ
আমোদজনক আছিল৷ মোৰ সৰু দাদা (কুমুদ গোস্বামী)য়ে প্ৰায়ে মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল৷
মহিলাৰ অভিনয়ৰ কাৰণে মহিলাই ব্যৱহাৰ কৰা দীঘল চুলি, শাৰী বা মেখেলা-চাদৰ, ব্লাউজ, পেটিকোট,
বক্ষ-বন্ধনী আদি যোগাৰ কৰা দেখি খুব ফূৰ্তি পাইছিলোঁ৷ দাদাহঁত ঘৰত নথকা সময়ত সেইবিলাক
পৰিধান কৰি ঘৰতে ভাওনা বা নাটকৰ চং দিছিলোঁ৷

সাংস্কৃতিক অনুষ্ঠান
হ’লে প্ৰায় পোন্ধৰ-বিছ দিনমানৰ পৰা ৰিহাৰ্চেল আৰম্ভ হয়৷ গাঁৱৰ ডেকা-গাভৰু, বোৱাৰী-জীয়ৰী আটায়ে আহি গোট-পিট
খায় কোৰাছৰ লগতে ভাগে ভাগে একাংকিকা নাটক, দলীয় নৃত্য আদি ৰিহাৰ্চেল কৰিবলৈ৷ মুঠতে
গাঁওখনত কেইবাদিনো ধৰি এটা সুন্দৰ, উৎসাহজনক পৰিৱেশে বিৰাজ কৰে৷ এনে ধৰণৰ পৰিৱেশে মোৰ
দৰে অনেকৰ মনত একোটা জীৱনৰ কাৰণে মচিব নোৱাৰা সাঁচ পেলাইছিল৷ কালী পূজা, লক্ষ্মী পূজা, দুৰ্গা পূজা আদি আহিলেই
নাটকৰ পয়োভৰ ঘটে গাঁৱত৷ বুৰঞ্জীমূলক, পৌৰাণিক(Mytholgical), সামাজিক আদি সকলো ধৰণৰ নাটকৰে প্ৰদৰ্শন হৈছিল গাঁৱৰ মঞ্চত৷
এটা সময়লৈ মহেন্দ্ৰ নাথ, মোৰ দাদা কুমুদ গোস্বামী, পুষ্পেন্দ্ৰ বৰা আদিয়ে মহিলাৰ চৰিত্ৰবিলাকত
অভিনয় কৰিছিল৷ পাছলৈ জোনাকী দেৱী, কিৰণ দেৱী আদি গাঁৱৰ মহিলাই নাটকত নাৰী চৰিত্ৰ ৰূপায়ণ
কৰিবলৈ আগবাঢ়ি অহাৰ  লগে লগে পুৰুষে মহিলাৰ
ভাৱত অৱতীৰ্ণ হোৱা প্ৰথাটো লাহে লাহে নাইকিয়া হৈছিল৷   

(আগলৈ)