ভাগশেষ

 পিংকু কলিতা


(১) 

উপস্থিতি অবিহনে
স্মৃতিবোৰক হৃদয়ঙ্গম কৰাতো কোনোবাখিনিত থাকি যায় ফাঁক; অনুপস্থিতিয়ে সোলোক-ঢোলোক
কৰে অনুভৱৰ মুঠি৷ বিশেষ ঠাইটুকুৰাত উপস্থিতিয়েহে দৃশ্যবোৰো সজীৱ কৰে স্মৃতিৰ এখিলা
এখিলা পাত লুটিয়াই; চৌপাশৰ সুগন্ধিয়ে কৈ দিয়ে বিগত সময়ৰ বহু কথা; চুই চাব পৰা সমলবোৰত
তৰপা তৰপে খোদিত থাকে স্মৃতিৰ ভাস্কর্য৷
  

পূজা শেষ হ’লেহে
মূল সভাখন অনুষ্ঠিত হ’ব৷ আগতীয়াকৈ আহি পোৱা বাবেই বৰুৱাই ইফালে-সিফালে ঘূৰি-ফুৰি
চাইছিল৷ পুথিভঁৰালৰ লগতে থকা স্কুলঘৰটোৰ বাৰাণ্ডা, স্কুলৰ পিছফাল, বয়োজ্যেষ্ঠ লোক
এজনৰ পৰি অহা শৰীৰটোৰ দৰে লাহে লাহে গভীৰতা কমি অহা খালটো, এই সকলোবোৰেই সোঁৱৰাই দিছে
অভিন্ন অতীতৰ একো় একোটা কাহিনী৷ 
 

প্ৰৱেশদ্বাৰতেই আঁৰি
থোৱা আছিল বেদান্ত বৰুৱাৰ দেউতাকৰ লগতে আন কেই গৰাকীমান ব্যক্তিৰ মাল্যাৰ্পণ কৰি থোৱা
ফটো৷ লগত থকা ব্যক্তি কেইগৰাকী দেউতাকৰ ঘনিষ্ঠ আছিল যদিও খবৰ হোৱাৰ খবৰবোৰহে পোৱা নাছিল;
যিদৰে খবৰ পোৱা নাছিল লুকা-ভাকু খেল খেলা সমনীয়া হৃদয় চিৰদিনৰ বাবে লুকাই থকাৰ৷ এই
ঠাইলৈ অতদিনে এভূমুকি মাৰিবলৈ আঙুলি-পাবত বন্ধ বাৰৰ হিচাপ এটা নোজোৰাৰ বেজাৰত স্ব-আক্ষেপ
কৰিছিল বৰুৱাই৷ 
 

স্কুলৰ বৰ্ডখনত
লিখা আছিল- ভাজ্য= (ভাজক × ভাগফল) + ভাগশেষ৷ এই একেটা সুত্ৰকেই ভুলকৈ মুখস্থ মাতি স্কুলৰ
বাৰাণ্ডাত কাণত ধৰিছিল বৰুৱাই৷ শেষত ভাগশেষ যোগ কৰিবলৈ সদায়েই থাকি গৈছিল বৰুৱাৰ৷
যাৰ বাবে ভাজকৰ দ্বাৰা অবিভাজ্য ভাজ্যৰ সমাধান উলিয়াওঁতে অংকবোৰত সদায়েই খেলিমেলি
লাগিছিল৷ পিছফালে টেণ্ট-হাউছ এটাৰ নাম লিখা চকী এখন আগে-আগে লৈ আহক- আহক বুলি পুৰণি
পুথিভঁৰালটোৰ ভিতৰতে বহিবলৈ লৈ গৈছিল বৰুৱাক৷ 

   
                     
           (২) 

সৌ পাহাৰটোত বৰষুণ৷
বৰষুণ নহয় যেন ভাপ আৰু ধোঁৱাৰ দৰে দেখা গৈছে দূৰৰ পৰা৷ ভাপ আৰু ধোঁৱাবোৰে মেৰিয়াই
ধৰিছে পাহাৰটোক; পাহাৰৰ সেউজীয়াবোৰক৷ জলকেলি কৰি থকা সুন্দৰী নাৰীৰ চুলিকোছাৰ দৰে
গছৰ আগবোৰে নাচিছে; পানী ছটিয়াই৷ বৰষুণজাক এইফালেও আহিব পাৰে; অৱশ্যে ভৰসা নাই৷
বেদান্ত বৰুৱাই জীৱনত এই বেলকনিৰ পৰাই বহুবাৰ প্ৰত্যক্ষ কৰিছে- কেৱল সৌ পাহাৰখনক ধুৱাবলৈকেহে
অহা বৰষুণজাকক৷ বৰষুণকো উৰুৱায় বতাহে৷ বৰুৱাক গুৰুত্বহীন কৰি বতাহে আঙুলি টোঁৱাই আঁতৰাই
লৈ যায় বৰষুণজাকক; বেলেগ এখন ঠাইলৈ৷ বতৰটো ক্ষণিকতে গোমা হৈ ক্ষণিকতে পাতল ৰ’দ
ওলায়৷ 

অনিশ্চিত এই বৰষুণজাকলৈকে অপেক্ষা৷ পাহাৰৰ দিশৰ পৰা উৰি আহিছিল দুটি চৰাই; বৰুৱাই
বিচাৰে উৰন্ত চৰাই দুজনী আহি কাষতে ৰৈ কওকহি সৌ পাহাৰটোক বৰষুণে জীপাল কৰাৰ কথা৷ বতৰৰ
সঘন সালসলনিত বৰুৱাৰ ৰক্তচাপ নিয়ন্ত্রণৰ বাহিৰ হয়৷ আজিও শৰীৰটোৱে তাৰেই ইংগিত দিছে৷ ডাক্তৰে
বুজাইছিল আৰ্দ্ৰতা, বায়ুমণ্ডলীয় চাপ, মেঘৰ আৱৰণ বা বতাহৰ গতিৰ আকস্মিক পৰিৱৰ্তনে
তেজৰ সঞ্চালনতো ক্ৰিয়া কৰে; গতিকে কিছু সাৱধান হৈ চলা-ফিৰা কৰা ভাল৷ পাহাৰ অভিমুখী আৰু পাহাৰৰ পৰা
উভতি অহা চৰাইকেইটাক কিছুপৰ এৰি বেদান্ত বৰুৱা তেখেতৰ ড্ৰয়িং ৰূমটোত সোমাল৷
 

বিলাসিতা আৰু সুন্দৰতাৰ
প্ৰতীক হিচাপে চিকমিকাই আছে বগা মাৰ্বলৰ মজিয়া৷ মজিয়াত পোহৰ প্ৰতিফলিত হৈ মায়াসনা
অনুভূতিৰে হলাহলে আৱেগ বাকি দিয়া সৌন্দর্য৷ এফালৰ বেৰ এখনত ওলমি আছে উচ্চ স্তৰৰ কাৰু-শিল্পসমৃদ্ধ পদুমৰ মাজত বহি থকা আত্মবিস্মৃত বুদ্ধৰ ৰঙীন ছবি এখন৷ বুদ্ধৰ ছবিখনৰ তলতেই থকা
টেবুলখনত দিল্লীৰ প্ৰগতি ময়দানৰ কোনো এখন বাণিজ্য মেলাৰ পৰা ঘৰলৈ অনা চকমকীয়া নীহাৰিকাৰ
টুকুৰা এটা৷ ঘূৰ্ণীয় বিচ্যুত বৰ্ণালীৰ উজ্জ্বল অথচ তাপহীন নকল নীহাৰিকাৰ এই আকাৰটো
এদিন তিনি-চাৰি টুকুৰা হৈ মজিয়াত ছিটিকি পৰিছিল৷ বেদান্তৰ ঘৰুৱা সহায়িকাগৰাকীৰ অসাৱধানতাত
হাতত লাগি বাগৰি পৰিছিল৷ ধুনীয়া এই সাজ-সজ্জাৰ সামগ্রীবিধ পেলাই দিবলৈ মন যোৱা নাছিল;
অৱশ্যে নতুনকৈ এটা কিনি অনাহক টকা খৰচ কৰিবলৈকো মন নাছিল বৰুৱাৰ৷ গতিকে আঠা দি জোৰা দিছিল নীহাৰিকাৰ
টুকুৰাবোৰ৷ ভালদৰে নজৰ নিদিলে ভগা বুলি ধৰিবই নোৱাৰি৷ দুখন বেৰ লগ লগা ঠিক কোণ এটাৰ
টেবিলখনত থকা ফটো-ফ্ৰেমটোত সজাই থোৱা আছিল বৰুৱাৰ ফ’টো এখন৷ সেই সময়ৰ বাণিজ্য আৰু
উদ্যোগ মন্ত্ৰীৰ সৈতে কৰমৰ্দন কৰি থকাৰ ফ’টো৷ ফ’টোখনৰ পিছফালে উৎপাদনৰ মেশ্বিনকেইটা
আৰু মহিলা মেনপাৱাৰ কেইজনীকো ভালদৰে লক্ষ্য কৰিলে দেখা যায়৷ দৃশ্যটো উপভোগ কৰি থাকোঁতে
কেমেৰাটোৱে সিঁহতকো ধৰি ৰাখিছিল; অৱশ্যে কেমেৰামেনৰ কাৰচাজিত সিহঁত ধোঁৱাবৰণীয়া হৈ
ৰৈ গৈছিল৷ ফ
টোখন কোনে তুলিছিল বেদান্ত বৰুৱাই মনত পেলাব নোৱাৰিলে৷ প্ৰতিষ্ঠান এটাত অনেক কৰ্মচাৰীৰ
সঘন আহ-যাহ হয় বাবে মনত ৰখা সহজ নহয়৷ বৰুৱাই ফ
টোখন থকা টেবুলখনৰ ড্ৰয়াৰটোৰ পৰা টেলচাৰ্টেইন
ৰ্টিৰ ষ্ট্ৰিপটো উলিয়াই ল’লে৷ আটাইকেইটা খলপতে আঙুলিৰে হেঁচুকি চাই বৰুৱা নিৰাশ
হ’ল৷ কালি পুৱাতেই তেওঁ শেষৰ টেবলেটটো গিলি সাং কৰিছিল৷ শেষ হোৱা বুলি অনুমান কৰা নাছিল
যদিও কেইটামান আনি ৰাখোঁ বুলি ওলায়ো গৈছিল৷ পিছে কিবা এটা কাৰণত ফাৰ্মাচিখনৰ ওচৰৰ
পৰাই উভতিব লগা হৈছিল৷ এইখিনি সময়ত কি কাৰণে উভতিব লগা হৈছিল ভাবি সময় নষ্ট নকৰি
পাহাৰৰ পৰা উভতি অহা চৰাই দুজনীয়ে কি খবৰ আনিলে তাৰেই বুজ লওঁ বুলি তেওঁ বেলকনিলৈ ওলাই
আহিছিল৷ 
 

চৌদিশে চকু ফুৰাই
বেদান্ত বৰুৱাই চৰাই দুজনীৰ অৱস্থিতিৰ উমান লৈছিল৷ বেলকনিৰ পৰা পোনে পোনে তলমূৰ কৰিলেই
সীমাৰ ৱালৰ সিটো পাৰে দেখা পোৱা টিনৰ এচলীয়া এখনত বৰুৱাই সিহঁতৰ অৱস্থিতি ধৰা পেলাইছিল৷
মামৰ লাগি বাদামৰ বৰণ লোৱা এচলীয়াখনৰ ওপৰতে আহাৰ খাই আছে চৰাই দুজনীয়ে ৷ টিনপাত কেইখনক
খামুচি থকা শুকান কামি কেইছটাত ঠোঁট সুমুৱাই আহাৰৰ সন্ধান কৰিছে দুয়ো৷ চালিৰ ঘৰটোৰ কাষে
কাষে গেলাপানী কঢ়িওৱা নলাটোত চকু পৰাত বৰুৱাই চকু আঁতৰাই আনিলে৷ তৃতীয় মহলাৰ পৰা
দেখা পাহাৰটোৰ সৌন্দর্যই কোনোদিনে তলমূৰ কৰি চাবলৈ দিয়া নাছিল বৰুৱাক৷ টিনৰ চালিৰ এই
ঘৰকেইটাত কোন থাকে তাকো তেওঁ ভালদৰে নাজানে৷ ঘৰ-মাটিৰ মালিক অলপ আঁতৰত থাকে বুলি বৰুৱাই তেওঁৰ আগৰ ড্ৰাইভাৰজনৰ পৰা গম পাইছিল৷ সিও কেইদিনমানৰ বাবে তাৰেই এটাত আছিল বাবে কথা প্ৰসংগত
দুই-এটা কথা গম পোৱা গৈছিল৷ এতিয়াও ঠেলাচালক, গেৰেজত কাম কৰা বনুৱা বা গোলগোপ্পাৰ
বেপাৰ কৰা কোনো লোক বাস কৰি আছে বুলিয়েই বৰুৱাই অনুমান কৰিছিল৷ মাজৰাতি কেতিয়াবা
পুৰণি হোৱা গে
টখন জপোৱাৰ শব্দ, পুৱা টিলিঙা জোকাৰি জোকাৰি কৰা পূজাৰ অস্পষ্ট মন্ত্ৰোচ্চাৰণ
বা ষ্ট’ভৰ পৰা ওলোৱা গোন্ধক বাদ দি সেই ঘৰকেইটাত থকা মানুহখিনিৰ সম্পর্কে ধাৰণা কৰিবলৈ
আন একোৱেই নাথাকে৷ ভাত ৰান্ধিবলৈ অহা মানুহজনীৰ ওপৰত বেদান্ত বৰুৱাৰ খং উঠিল৷ চৰাইকেইজনী
তেওঁৰ ইমান সুন্দৰকৈ ৰখা বেলকনিত নপৰি সেই চালিখনত পৰাৰ দোষটো মানুহজনীৰ ওপৰতে জাপি দিব
বিচাৰিলে তেওঁ৷ ৰাতিৰ ৰৈ যোৱা ভাতৰ টোপোলাটো মিউনিচিপেলিটিৰ আওটনি পাত্ৰৰ পৰিৱৰ্তে তেওঁ বেলকনিৰ
পৰা তললৈ দলি মাৰি দিছিল৷ ছিটিকি পৰা ভাত চৰাইকেইজনীৰ খাদ্য হৈছিল৷ মানুহজনীয়ে পেলাই
দিয়া ভাতখিনি খাবলৈ নাপালে চৰাইকেইজনী তাত নপৰি বেলকনিলৈকে আহিলেহেঁতেন বুলিয়েই বেদান্ত
বৰুৱাৰ খংটো উঠিছিল৷ 
 

(৩) 

একমাত্র ছোৱালীজনীক
সংগ দিবলৈ বেদান্ত বৰুৱাৰ মানুহজনী দিল্লীলৈ যাবলগীয়া হৈছিল৷ এয়াৰপ
ৰ্টৰ পৰা ওভতাৰ
পথত অকলশৰীয়া যাত্ৰাটোতে সেই বিশেষ শব্দকেইটাই সংগ দিছিল৷ বেদান্ত বৰুৱা বৰ্তমানৰ
পৰা অতীতলৈ ঘূৰি ফুৰিছিল এই শব্দকণ্ঠৰ গৰাকীক বিচাৰি৷ গাড়ীৰ ভিতৰতে শুনা সেই শব্দকেইটা তেওঁ দ্বিতীয়বাৰলৈ শুনিছিল যেতিয়া তেওঁ জিৰণি লওঁ বুলি বিছনাখন ঠিক কৰি আছিল৷ বিছ বছৰৰ
আগৰ সেই বিপদত পৰি সহায় বিচাৰি অহা ল’ৰাজনৰ কণ্ঠ ইমান স্পষ্ট নাছিল বুলি নিজকে পতিয়ন নিয়াইছিল তেওঁ৷
সেই ল’ৰাজনেও কিবা এটা কৈছিল কিন্তু তাৰ মাত দূৰ্বল আছিল; এতিয়াৰ এই শব্দ ইমান শক্তিশালী৷
“নহয় নহয়! তাৰেই মাত এইটো”- সেইদিনা তাৰ কণ্ঠৰ জোৰৰ উমান পাবলৈকে গাড়ীখন ৰাখিছিল
জানো! বৰুৱাৰ কাম তেতিয়া নয়দাৰ সূৰযপুৰত আছিল৷ সেইদিনা অফিচৰ পৰা ওলাওঁতে পলম হৈছিল৷
অফিচৰ গাড়ী, এছ অ’ পি বান্ধি দিয়া আছিল৷ য’তে-ত’তে ৰখাব নোৱাৰি; যাকে-তাকে উঠাব নোৱাৰি৷
তেনেদৰে গাত তেজ লাগি থকা ল’ৰা এজনক উঠিবলৈ দিয়া যায় কেনেকৈ! গাড়ীৰ ড্ৰাইভাৰে গতি
কম কৰাৰ সময়তে ল’ৰাটোৰ তেজ লগা হাতখনেৰে হাতযোৰ কৰি কিবা এষাৰ কৈছিল৷ কিন্তু ৰাতি গাড়ী
ৰাখি বিপদ চপাই লোৱা নাযায়৷ ড্ৰাইভাৰক ইংগিত দিয়া হৈছিল গতি বঢ়াবলৈকে৷ সেইদিনা ল’ৰাজন
সঁচাকৈয়ে কিবা বিপদত পৰিছিল নেকি! পাছত সি তাৰ পৰা কেনেকৈ আহিলেনো! কথাবোৰ ভাবি থাকোঁতে
বেদান্ত বৰুৱাৰ ভাবত যতি পেলাই আকৌ এবাৰ বাজি উঠিল সেই কণ্ঠ- “তোৰ কাম নাই৷” যেন এই
কণ্ঠৰ গৰাকীয়ে চিনি লৈছে এজন প্ৰতিষ্ঠাপিপাসু লোকৰ মন-মগজুক৷ সুবিধা পালেই পৰৱৰ্তী
বাক্যশাৰীত কৈ দিব- ‘ভণ্ড তোৰ এই সমাজসেৱকৰ ৰূপ৷’ 

নাই! সি নহয়৷ সেই ল’ৰাজন হিন্দীভাষী
আছিল৷ কিন্তু এয়া শুদ্ধ অসমীয়া; এয়া নিশ্চয় কোনোবা আপোন মানুহৰ কণ্ঠস্বৰ৷ 

 

অসম ঔদ্যোগিক আৰু
বাণিজ্যিক নীতিৰ সুবিধা ল’বলৈকে অসমলৈ উদ্যোগটোৰ শাখা সম্প্ৰসাৰণৰ কাম ইতিমধ্যে আৰম্ভ
হৈছিল৷ নয়দাৰ সেই বিশেষ শাখাৰ কৰ্মচাৰী মিষ্টাৰ বেদান্ত বৰুৱাক বাদ দি অসমৰ কাম-কাজ
আগ বঢ়াবলৈকে আন কাৰোবাৰ নাম ঘোষণা কৰাটো মূৰ্খামি হ’ব বুলিয়েই ধৰি লৈছিল কোম্পানিৰ
বৰমূৰীয়াসকলে৷ অসমত অসমীয়া চেণ্টিমেণ্ট এটা ফ’কাছ কৰি ৰাস্তা চিকুণাবলৈ সহজ বুলি
সিহঁতে শুনিছে৷ বৰুৱায়ো নিৰাশ কৰা নাছিল৷ উদ্যোগ সম্প্ৰসাৰণৰ প্ৰধান উদ্দেশ্য ৰাজসাহায্য লাভৰ কোনো এটা সুৰুঙা এৰা নাছিল৷ মেশ্বিন ক্ৰয়, উৎপাদন, মাল, গাড়ীৰ ভাড়া আদি সকলোতে ছাবচিডি সংগ্ৰহেৰে কম দিনতে মিষ্টাৰ বৰুৱা হাই-মেনেজমেণ্টৰ চকুৰ মণি হৈ উঠিছিল৷ ইতিমধ্যে ৰাজনৈতিক
ব্যক্তি সকলৰ লগতো সু-সম্পর্ক গঢ়ি তুলিছিল তেওঁ৷ 

প্ৰয়োজনত মেনেজ কৰিব পৰাকৈ দুয়োপক্ষৰ
বাবেই মিষ্টাৰ বৰুৱা এজন কামৰ মানুহ৷ তৃতীয় আৰু চতুর্থ বৰ্গৰ পদসমূহত নব্বৈ শতাংশ স্থানীয়
নিয়োজিত হোৱা বুলি কাগজখিনি সাজু কৰিছিল মাত্ৰ; কামখিনি সম্পূর্ণ হ’লেই ভাল এমাউণ্ট
এটা ৰিটাৰ্ন হ’ব৷ চৰকাৰী বিষয়া এজনৰ লগত লেন-দেনৰ পাছতে কাম সম্পূর্ণ৷ হুৰমুৰকৈ ৰূমটোত
সোমাইছিল ল’ৰাকেইজন! বোলে স্থানীয় ল’ৰাক সংস্থাপনৰ দাবী লৈ আহিছে৷ ভাগ্যে সিহঁতে দেখাৰ
আগতে ফাইলটো জাপ খাইছিল৷ স্থানীয় মানুহ সৰহকৈ কামত লৈ নিজৰ কাম খেদিলেহে হ’ব৷ যিকেইজন
আছে সেই কেইজনো ‘ৰাজাক কাকা নোবোলা৷
 কথাখিনি ল’ৰা কেইজনে নুশুনাকৈ মনতে পাগুলিছিল৷
“এজন বা দুজন ল’ৰাৰ কামৰ নমুনা চাই কাম কৰিব বিচৰা ল’ৰাখিনিক সুবিধা নিদিয়াকৈ নাথাকিব৷
আমাৰ ল’ৰাখিনিয়েও কাম কৰিব বিচাৰে; মাত্ৰ ক’ত কেনেকৈ বিচাৰিব লাগে সেইখিনিহে নুবুজে ৷”
দলটোৰ এজনে অলপ ডাঙৰকৈ কোৱা কথাখিনিত “নিশ্চয়” বুলি কৈ তেওঁ আলোচনা চমুৱাইছিল৷ 
 

এই ল’ৰাহঁতৰে কোনোবাজনে
সেই প্ৰতিশ্ৰুতি ৰাখিব নোৱৰা বাবে ইতিকিং কৰিছে নেকি! বৰুৱাই কথাখিনি ভাবি থাকোঁতেই
আকৌ এবাৰ ভাহি আহিছিল সেই কণ্ঠস্বৰ “তোৰ কাম নাই৷” 

মুহূর্ততে কিবা এটা মনত পৰি বৰুৱা নিশ্চিত
হ’ল যে সেই দলটোত থকা এজনৰো নহয় এই বজ্ৰ কঠিন কণ্ঠ৷ সিহঁতৰ কণ্ঠবোৰ হাতত তুলি দিয়া
এনভলপটোৰ ভৰতেই লেহুকা হৈ পৰিছিল৷ মনৰ সুহুৰি ওঁঠত গুজি সেইদিনা সিহঁত ওলাই গৈছিল তেওঁৰ কক্ষৰ পৰা৷ 
 

বাটৰ কাঁইট হৈ পৰা
দলটোৰে কাৰোবাৰ কণ্ঠ নহয় বুলিও উৰুৱাই দিব পৰা নাই এই মুহূর্তত৷ হয়তো শত্ৰুক
দুৰ্বল কৰিবলৈ সিহঁতৰ এয়া শব্দবাণ নতুবা মিষ্টাৰ বৰুৱা সচাঁকৈয়ে এই জগতত শক্তিহীন
হৈ পৰাৰ কিবা সম্ভেদ লাভ কৰি সিহঁতে কৰা বিজয়োল্লাস৷ আগৰ দৰে ৰাজনীতিৰ ক্ষেত্রখন নিমজ
হৈ থকা নাই মিষ্টাৰ বৰুৱাৰ বাবে৷ ব
ৰ্ড এখনৰ অধ্যক্ষ পদৰ বাবে দাবী কৰিব পৰাকৈ ইলেকশ্বনৰ
আগত সহায় কৰি থৈছে৷ বাকী থকা সময়খিনিত ৰাজনীতিৰ ক্ষেত্রতে কিবা এটা কৰিম বুলি আধাতে
ব্যক্তিগত কোম্পানিটোৰ দায়িত্বও এৰি দিছিল মিষ্টাৰ বৰুৱাই৷ যিখিনি পাইছিল সমস্ত লগাইছিল
ইলেকশ্বনৰ স্বাৰ্থতেই৷ ঘনিষ্ঠ সম্পর্ক থকা উদ্যোগ মন্ত্ৰীজনাই অৱশ্যে কথা দি কথা ৰাখিছিল৷ সেইজনে এতিয়াও লগ এৰা নাই মিষ্টাৰ বৰুৱাৰ৷ কিন্তু বৰুৱায়ো বুজি পায় যে এইখন জগতৰ মানুহৰ লগত
টিকি থাকিবলৈ টকা আৰু মানুহ দুয়োটাৰেই যোগান দৰকাৰী৷ আজিৰ তাৰিখত টকা দিব পৰা লোকৰো
অভাৱ নাই৷ তেওঁতকৈ বিছ বছৰমান বয়সত সৰু ল’ৰা এজনো তেওঁৰ প্ৰতিদ্বন্দ্বী হৈ ঠিয় দিছে মাত্ৰ টকাৰ জোৰতে ৷ মুখেৰে একো নকয় যদিও মন্ত্রীৰ মন ঘূৰোঁতে কিমান দিন! সিহঁতৰ টকাৰ
গছ আছে; মন্ত্রীয়ে সম্পর্ক ৰখিবই৷ কালি টেবলেট কিনিবলৈ মিষ্টাৰ বৰুৱা ফাৰ্মাচিখনৰ
সন্মুখ পাইছিলহে মাত্ৰ৷ মন্ত্ৰীৰ ছিকিউৰিটিজনৰ ফোন আহিছিল; বোলে সিহঁত আহিছে; মন্ত্রীৰ
লগত কিবা মিটিং কৰিব৷ মন্ত্ৰীৰ ছিকিউৰিটি, আগতীয়া বুজাবুজিত কাহ মাৰিলেও টকা, এনে
খবৰৰ যোগান ধৰা মানে মোটা পৰিমাণ এটা সোমাবই লাগিব৷ খবৰ পোৱাৰ লগে লগে মিষ্টাৰ বৰুৱাৰ
গাড়ীও ঘুৰিছিল গোপন মিটিঙৰ বুজ লবলৈকে; ৰহস্য উদ্ঘাটনৰ স্বাৰ্থতেই টেবলেটো কিনা ন’হল৷ 

 
  

(৪)

 

 বৰষুণজাক নাহিল৷
ছোৱালীজনীয়ে উপহাৰ দিয়া বিদেশী কোম্পানিৰ হাতবেগটো সাজু কৰি লৈছিল মিষ্টাৰ বৰুৱাই৷
যোৱা সপ্তাহতে ল’ৰাহঁতে নিমন্ত্রণ দি গৈছিল৷ আগতে ৰাজহুৱা সভাত ভাগ লোৱাৰ অভ্যাস নাছিল
যদিও এতিয়া প্ৰায়ে নিৰ্দিষ্ট বক্তা বা মুখ্য অতিথিৰ প্ৰস্তাৱ আহে৷ সিহঁতে নকলেও বৰুৱাই
বুজি পোৱা হৈছে যে উদ্যোক্তাসকলৰ বেছিভাগৰেই এই প্ৰস্তাৱ মোটা অংকৰ বৰঙণি আদায়ৰ আচিলা
মাত্র৷ অৱশ্যে আজি উপস্থিত থাকিবলগীয়া অনুষ্ঠানটো অলপ বেলেগ৷ নিজৰ ওপজা ঠাইখনৰ অনুষ্ঠান৷
অঞ্চলটোৰ মানুহখিনিৰ সৈতে বহু বছৰ কাল সম্পর্ক ৰক্ষা কৰিব পৰা নাই যদিও ভৱিষ্যতে এই মানুহখিনিৰ
প্ৰয়োজন নিতান্তই আছে৷ নৱনিৰ্মিত সাহিত্য ভৱনটোত প্ৰৱেশ আৰু পুথিভঁৰালৰ আধাৰশিলা
স্থাপনৰ অনুষ্ঠান৷ মিষ্টাৰ বৰুৱাই দেউতাকৰ মুখেৰেই শুনিছিল তেওঁলোক কেইজনমান ডেকাৰ
শ্ৰমেৰে কিদৰে মৰাপাটৰ ঠাৰি সংগ্ৰহ কৰি নিৰ্মাণ কৰিছিল পুথিভঁৰালটো৷ এনে এটা অনুষ্ঠানত
মূল শিপাৰ মানুহখিনিক লগ পোৱাৰ আশাতেই একেষাৰে  উপস্থিত থকাৰ সন্মতি দিছিল মিষ্টাৰ
বৰুৱাই৷ 
 

 মফচলীয়া চহৰ৷
মূল চহৰখনক সাজোন-কাচোন কৰি ন-ৰূপ দিয়াৰ স্বাৰ্থতেই ত্যাগ কৰা নিজৰ সৌন্দর্য ফটফটীয়া
হৈছে ঠাইটুকুৰাত৷ খান্দি শেষ কৰিবলৈ লোৱা পাহাৰটোৰ ওচৰতে গাড়ীখন এবাৰ ৰখোৱাইছিল বৰুৱাই; এখনৰ
পাছত আনখন লাগি আছে বালি কঢ়িওৱা গাড়ীবোৰ৷ বেলচা মাৰোঁতে বনুৱাৰ গাৰ পৰা ওলোৱা ঘাম
আৰু নদীৰ পানী একাকাৰ হৈ বৈ গৈছে৷ 
  

(৫)

 

 “বৰত্তা, ভাল নে?” মাত লগোৱা ল’ৰাজনক চিনি পাওঁ-নাপাওঁ
ভাব এটাৰে চাই থাকোঁতে কাষতে থকা মানুহজনীয়ে মাত লগালে- “দাদা ই আমাৰ ল’ৰা, আপোনাক
যে ফোন কৰিছিলোঁ, কাম এটাত মূৰটো গুজি দিয়াবলৈকে৷ এতিয়া বাৰু নিজাকৈ চাৰিচকীয়া এখন
কিনি চলাবলৈ লৈছে৷ এইবাৰ বিয়া পাতি দিম বুলি ভাবিছোঁ৷” 

“আচ্ছা ভাল, ভাল দেই৷” মিষ্টাৰ
বৰুৱাই শলাগিছিল৷ ইতিমধ্যে টেণ্ট হাউছৰ নাম লিখা থকা চকীখন পুথিভঁৰালৰ ভিতৰত পাৰি
দি বৰুৱাৰ বহাৰ ব্যৱস্থা কৰি দিছিল৷ 
 

 মিষ্টাৰ বৰুৱাৰ
চকুযোৰে ঘৰটোৰ প্ৰতিটো সম্পদতে বগাই ফুৰিছে৷ ক
ৰবাত দেউতাকহঁতে এৰি যোৱা চিন-মোকাম বিচাৰি
পায় নেকি তাকেই চাইছে পিট-পিটকৈ৷ বেৰবোৰৰ আধা-আধি উঁয়ে দখল কৰি লৈছে; জহি-খহি যোৱা৷
মাটিৰ মজিয়াখনত ওপৰৰ পৰা বৰষুণৰ পানী পৰা দাগ৷ আলমাৰিৰ কিতাপবোৰৰ প্ৰায় আধাখিনিয়েই এন্দুৰে
নষ্ট কৰা; কিছুমানত গোলাকাৰ পানীৰ টোপাল পৰাৰ চিন৷ কিতাপৰ পাতকেই লুটিয়াওঁ বুলি মিষ্টাৰ
বৰুৱাই দুই-এখন কিতাপ চাই গৈছিল৷ পুৰণি বান্ধি ৰখা ফাইল এটা দেখি মিষ্টাৰ বৰুৱাই হাতত
তুলি লৈছিল৷ বহুদিন কোনেও খুলি নোচোৱা ফাইল৷ গোট গোট আখৰকেইটা পঢ়ি গ’ল মিষ্টাৰ বৰুৱাই- 

 

                            মাটি হস্তান্তৰ পত্ৰ

 

লিখিতং শ্ৰী কৃষ্ণকান্ত বৰুৱা, পিতা  ঁশুখুনা বৰুৱা, সাং- ভূৰাগাঁও , পো. অ’- ঢেপাটাৰী, মৌজা-
মাজপাৰা৷

 

বৰাবৰ- সমন্বয় পুথিভঁৰাল,
ভূৰাগাঁও
 

   
          পত্ৰমিদং কাৰ্যঞ্চাগে আজি ০১/০২/১৯৬৬ ইং তাৰিখে
মোৰ স্ব-জ্ঞানে, সুস্থ মগজেৰে পাট্টা নং ৪০৩, দাগ নং (এন্দুৰৰ দাত পৰা বাবে চিনি পোৱা
নাযায়) ৰ ৪ কঠা জমি পুথিভঁৰালৰ বাবে দান হিচাপে আগবঢ়ালোঁ৷ এই মাটিত ভৱিষ্যতে মোৰ
বা মোৰ পৰিয়ালৰ কোনো সদস্যৰ অধিকাৰ নাথাকিব৷”

 

  পত্ৰখনৰ তলত
মিষ্টাৰ বৰুৱাৰ দেউতাকৰ লগতে আন দুগৰাকী সাক্ষীৰ স্বাক্ষৰ; বৰ্তমান আটাই কেইগৰাকী স্বৰ্গগামী৷
এই মহান দানৰ কথা দেউতাকে সিহঁতক কৈছিল নেকি মনত পেলাবলৈ চেষ্টা কৰিও মনত পেলাব নোৱাৰিলে বেদান্ত বৰুৱাই৷ 
                   

এজনে আহি মিটিং আৰম্ভ
হোৱাৰ খবৰটো দি গ’লহি৷ মিষ্টাৰ বৰুৱাকো মঞ্চত বিচৰা হৈছে৷ বান্ধি থোৱা ফাইলটো মিষ্টাৰ
বৰুৱাই আগৰ ঠাইৰ পৰিৱৰ্তে নিজৰ বিদেশী কোম্পানীৰ হাত-বেগটোত ঠাই দিলে৷ মঞ্চৰ সন্মুখত
থকা মাইকটোত বহুতে বহুত কিবাকিবি কৈ আছে৷ মিষ্টাৰ বৰুৱাই আধা-আধি শুনিছে যদিও বুজিব
পৰা নাই৷ অৱশ্যে বুজিব পৰাকৈ মিষ্টাৰ বৰুৱাৰ মনটো তাত নিবিষ্ট হৈ নাছিলেই; চাৰিকঠা মাটি
বকুত বহুৱাই দেশ-বিদেশ ঘূৰি-ফুৰিছে তেওঁ৷ এনে এখন মফচলীয়া চহৰতে মাটি এটুকুৰাৰ বাবে মন্ত্ৰীয়ে
দেখা সোপোনটোৰ বাবে বৰুৱায়ো হাহাকাৰ কৰি ফুৰিছিল৷ দলটোৰ কাৰ্যালয় এটাৰ বাবে হাই
মেনেজমেণ্টে মাটি বিচাৰিছে৷ প্ৰয়োজনত লেন-দেন কৰিব পাৰিলেহে ৰাজনীতিত তিস্থি থাকিব
পাৰি৷ মন্ত্রী বিদেশ ভ্ৰমণৰ পৰা উভতি অহাৰ পাছতেই যদি কিবা এটা ভাল উপহাৰ দিব পৰা যায়
মন্ত্রীয়ে চিৰদিনলৈ মনত ৰাখিব৷ মন্ত্রীৰ সতে নতুনকৈ ঘনিষ্ঠ হ’বলৈ লোৱাহঁতৰ ওভত গোৰে
নচা নাচবোৰো কমিব৷ 

“নাম যাৰ মাটি তাৰ৷ সেই সময় আৰু এই সময়ৰ মানুহ বেলেগ৷ সেই সময়ৰ
মানুহে ভৱিষ্যত অনুমান কৰিব পৰা নাছিল৷” মাটিখিনি এতিয়ালৈ চৰকাৰী হস্তান্তৰৰ কাগজ
নোহোৱাকৈ থকাৰ সম্ভাৱনাবোৰ মিষ্টাৰ বৰুৱাৰ মনলৈ আহি থাকিল৷ বাৰে বাৰে তেওঁৰ মনলৈ আহিছিল
‘ধৰিত্ৰী এপ’ৰ সেই বিশেষ ভূ-নক্সাখন; যিখিনি মাটিত ৰঙা দাগৰে নকটাকৈ এতিয়াও সজীব
হৈ আছে দেউতাকৰ নামটো৷ যাক সহজেই উত্তৰাধিকাৰী সূত্রে সলনি কৰিব পৰা যাব৷ হাতখনেৰে
লাহেকৈ কোলাত লৈ থকা বেগটোৰ ওপৰতে চুই চালে তেওঁ৷ লগে লগে পিছফালৰ পৰা কোনোবাই কৈ উঠিল-
“তোৰ কাম নাই৷” মিষ্টাৰ বৰুৱাই গুৰুত্ব নিদিলে৷

নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখিবলৈ মিষ্টাৰ
বৰুৱাৰ নাম মাইকত ঘোষণা কৰা হৈছিল৷ বিদেশী কোম্পানিৰ ল’গ
 থকা হাতবেগটো বহি থকা চকীখনত
ৰাখি সন্মুখৰ মাইক্ৰ
নটোৰ ওচৰলৈকে উঠি গ’ল৷ লগে লগে যেন পিছফালৰ পৰা অজস্র মুখে একেলগে
চিঞৰি উঠিল- “তোৰ কাম নাই৷” চিঞৰবোৰলৈ ভ্ৰূক্ষেপ নকৰি ষ্টেণ্ড মাইকটো হাতেৰে ধৰি কৈ
উঠিল- “শ্ৰদ্ধাৰ ৰাইজ৷” পিছফালৰ মুখবোৰৰ পৰাও সমস্বৰে অনুৰণিত হৈছিল “তোৰ কাম নাই৷
 মিষ্টাৰ বৰুৱা নিশ্চিত হ’ব পৰা নাছিল সন্মুখত থকা মানুহবোৰে কি শুনিবলৈ পাইছিল- তেওঁৰ
“শ্ৰদ্ধাৰ ৰাইজ” নে “তোৰ কাম নাই!
”  ধ্বনি। মিষ্টাৰ বৰুৱাই এইবাৰ শব্দবোৰ কওঁতে খোকোজা
লাগিছিল৷ কথাবোৰ অস্পষ্ট হৈ আহিছিল; জিভাখন পাক খাই ধৰিছিল কথাবোৰ বাজ হওঁতে৷ কথাবোৰ
অস্পষ্ট কোনো স্বীকৃতিহীন ভাষা হৈ মঞ্চৰ আশে-পাশে উৰি ফুৰিছিল৷ 

এখন ধোঁৱা বৰণৰ আকাশে
মিষ্টাৰ বৰুৱাৰ চকুৰ পতাত ঠাই ল’লেগৈ তেওঁ মঞ্চতে ঢলি পৰিল৷ মানুহবোৰৰ মাজত হুৱা-দুৱা
লাগিল৷ কাষত বহি থকা এজনে উঠি গৈ মিষ্টাৰ বৰুৱাক কোলাত তুলিবলৈ চেষ্টা কৰিলে৷ মিষ্টাৰ
বৰুৱা সংজ্ঞাহীন৷ মানুহজনে কোলাত তুলি লৈয়েই কৈ উঠিল৷ “এখেতৰ প্ৰেছাৰ ষ্ট্ৰ
ক আহিছে৷
সোনকালেই গাড়ী এখন আনক, হাস্পাতাললৈ নিব লাগিব৷ তেল-পানীৰে সকলোৱে মিষ্টাৰ বৰুৱাক প্ৰাৰম্ভিক
শুশ্ৰূষাৰ চেষ্টা কৰিলে৷ মিটিঙৰ আৰম্ভণিতে নতুনকৈ গাড়ী কিনা খবৰটো দিয়া ল’ৰাটোৰ গাড়ীখন
আহি সন্মুখত ৰৈছিল৷ তুলি ধৰি অচেতন বৰুৱাক গাড়ীখনত উঠাই লোৱা হৈছিল৷ 
 

হাস্পাতালমুখী গাড়ীখন
চলিবলৈ সাজু হৈছিলহে, তেনেতে এজনে মনত পেলাই দিছিল- “তেখেতৰ লগত হাতবেগ এটা আছিল!” মানুহবোৰে
তেওঁৰ ফালে ঘূৰি চাইছিল৷ মানুহজনে মঞ্চৰ ওপৰলৈ দৌৰি গৈছিল; মঞ্চৰ একোণৰ চকীখনত
পৰি থকা বিদেশী কোম্পানীৰ হাতবেগটো তুলি লৈছিল৷ সহায়ক হিচাপে বৰুৱাৰ একাষে বহি লোৱা
এজনক মানুহজনে ভালদৰে বুজাই কৈছিল সুস্থ হ’লেই হাতবেগখন চমজাই দিবলৈকে৷ 

ঠিকনা :

ছয়গাঁও, কামৰূপ,
অসম

ডাক সূচাংক : ৭৮১১২৪

৮১৩৪০-৩৬৩০২