সেউজপুৰৰ সাধু

স্মৃতিৰেখা দেৱী

অংকন: বৰ্ণিল মহন্ত


(যোৱা সংখ্যাৰ পাছৰ অংশ)

পাছদিনা৷

    বেলি নৌ ওলাওঁতেই বৰতলত সমাগম আৰম্ভ হলেই৷ গোটেইখন একেবাৰে উদুলি মুদুলি৷ আটাইৰে মনবোৰ উথপথপ৷ সেউজপুৰৰ
একেবাৰে থিয় হ
ব নোৱৰা বুঢ়া-বুঢ়ী আৰু নৰিয়াত
ভুগি থকা জীৱ-জন্তুকেইজনৰ বাহিৰে প্ৰায় সকলোৱেই ৰাজ্যৰ নতুন পাঠশালালৈ আহিবলৈ পাই খুব
আনন্দ লাভ কৰিলে৷ আনহে নালাগে চেৰেলীৰ নতুনকৈ জন্ম হোৱা পোৱালিকেইটাও মাকৰ সতে পাঠশালা
পালেহি৷

    বোপা ককাৰ দিনৰপৰা চলি অহা নিয়ম অনুসৰি সেউজপুৰৰ ৰাইজে
ৰবাত সভা-সমিতিত সমবেত হলে আগফালৰপৰা পিছফাললৈ ক্ৰমে সৰু আকাৰৰ পৰা ডাঙৰ আকাৰলৈকে মিলিজুলিহে
বহে৷ একেবাৰে প্ৰথম শাৰীত বহে সৰু সৰু পোক-পতঙ্গ
, পৰুৱা, বিছা, ফৰিং আদি৷ তাৰ পিছৰ শাৰীত বহে নিগনি, চিকা, ভেকুলী আদি৷ তাৰ পিছৰ
শাৰীত কোকলোঙা
, জহামাল, নেউল, গুঁই, শহা আদি৷ কুকুৰ,
শিয়াল, বনমেকুৰী, হৰিণ, ছাগলী, গাহৰি আদিবোৰ বহে প্ৰথমৰপৰা
চতুৰ্থ শাৰীটোত৷ তাৰ পিছতে বহে বাঘ
, , ভালুক, ঘোঁৰা, গৰু আদি৷ একেবাৰে শেষৰ
শাৰীটো সদায় হাতীসকলৰ কাৰণে সংৰক্ষিত হৈ থাকে৷

    বান্দৰৰ বহাৰ কোনো নিৰ্দিষ্ট ঠাই নাই৷ কেতিয়াবা তেওঁলোক
তৃতীয় শাৰীত
, কেতিয়াবা চতুৰ্থ শাৰীত৷ কেতিয়াবা
আকৌ গছৰ ডালতে থাকে
, নানামেই৷ গছৰ ডালত চৰাইসকলো
থাকে
হাঁহৰ বাহিৰে৷ অজগৰৰ বাহিৰে বাকী
সাপসকল কিন্তু গছৰপৰা কাহানিও নামি নাহে৷ অজগৰহে যেনিবা ঢেঁকীয়ানিৰ মাজৰপৰা কেৰমেৰাই
ওলাই আহি হাতীৰ কাষতে ৰৈ মাজে মাজে মূৰটো দাঙি জিভাখন উলিয়াই উলিয়াই মেল শুনি থাকেহি৷

    আজিও ৰাইজখন তেনেদৰেই বহিল৷ বগলী পণ্ডিতে সদায় তেনেকৈয়ে
আটাইকে পঢ়াই-শুনাই জনা-শুনা লোক একোজন কৰি তুলিছে৷ আজি পিছে চৰাইসকল গছত উঠি থকা কথাটো
পণ্ডিতে বৰ ভাল নহ
ব বুলি ভাবি তেওঁলোকক
মাটিলৈ নমাই আনিলে৷ বিদেশী শিক্ষকদুজনে যাতে ৰাইজৰ একো কথাতে অপমানবোধ নকৰে তালৈ লক্ষ্য
ৰাখিবলৈ তেওঁ সকলোকে কেইবাবাৰো অনুৰোধ জনালে৷

    ইতিমধ্যে বিদেশী শিক্ষক দুজনক লগত লৈ মহাৰাজ কেশৰী
আৰু মহামন্ত্ৰী বৃকোদৰো আহি বৰতল পালেহি৷ নিৰ্দিষ্ট মঞ্চত উঠি বিদেশী দুজনে সকলোৰে
ফালে কিবা সন্দেহজনক বস্তু চোৱাৰ দৰে চাবলৈ ধৰিলে৷ মহাৰাজ আৰু মহামন্ত্ৰীয়ে শিক্ষকদুজনক
সৌজন্যসূচক ইঙ্গিতেৰে শ্ৰেণী আৰম্ভ কৰিবলৈ ক
লে৷ বগলী পণ্ডিতক শিক্ষকদুজনৰ
ওচৰলৈ যাবলৈ কৈ দুয়োজন মঞ্চৰপৰা নামি আহি প্ৰজাসকলৰ লগতে থকা নিজা নিজা আসনত বহি পৰিল৷

    প্ৰথমে কিবা কবলৈ বুলি বহাৰপৰা উঠিল জেক্‌ নামৰ ডেকা গাহৰিজন৷ প্ৰখৰ দৃষ্টিশক্তিৰ অধিকাৰী জেকে
প্ৰথমেই আৰম্ভ কৰিলে এটা আপত্তিৰে৷ তেওঁৰ মতে সৰু শৰীৰৰ জীৱবোৰ ডাঙৰ শৰীৰৰ জীৱৰ সৈতে
মিহলি হৈ বহা উচিত৷ সৰু আৰু ডাঙৰৰ মাজত কোনো ধৰণৰ পাৰ্থক্য ৰখা উচিত নহয় বুলি তেওঁ
ডাঙৰ ডাঙৰকৈ ক
লে৷ বগলী পণ্ডিতৰ বাহিৰে
সকলো সেউজপুৰীয়াই তেওঁৰ কথাৰ সাৰমৰ্ম একোকে বুজি নাপালে৷

    বগলী পণ্ডিতে সকলোৱে বুজাকৈ কথাখিনি কোৱাত আকাৰত সৰু-ডাঙৰ
সকলো প্ৰাণী খেলিমেলিকৈ বহিবলৈ ল
লে৷ কিন্তু তেতিয়াও মহা
অথন্তৰ লাগিল৷ ডাঙৰবোৰৰ গাৰ আঁৰ হোৱাত সৰুবোৰে আগলৈ নেদেখা হ
ল৷ তেতিয়া ডাঙৰ আকাৰৰসকলে দিয়া প্ৰস্তাৱ মতে সৰু সৰু প্ৰাণীবোৰ
ডাঙৰবোৰৰ কা
নে-বাৰে উঠি উঠি ললে৷

    কিন্তু তেনে সময়তে জেক্‌ নামৰ মাষ্টৰজনে ইমানেই ডাঙৰ
এটা চিঞৰ মাৰিলে যে সকলো আচৰিত হ
ল৷ সকলো থৰ লাগি তেওঁৰ
ফালে চাই ৰ
ল৷ তেওঁ খুব খঙেৰে কিবাকিবি কলে৷ বগলী পণ্ডিতে ৰাইজক বুজালে যে ইজনে সিজনৰ কানে-বাৰে বগোৱাটো
তেওঁ ভাল পোৱা নাই৷

    মহাৰাজে ঘটনাবোৰ লক্ষ্য কৰি আছিল৷ তেওঁৰ মনত ক্ষীণকৈ
প্ৰশ্ন এটা জাগিল
বোপাককাৰ দিনৰপৰা চলি
অহা নিয়মটোৱেই দেখোন ভাল আছিল
, সকলোৰে সুবিধা হয়৷ সুবিধা
বন্ধ কৰি অসুবিধা এটা আৰম্ভ কৰি দিয়াটো কেনে নিয়ম
? আকৌ ৰাইজে নতুন অসুবিধাটোৰ সমাধান এটা উলিয়ালে, সেইটোতো বাধা দিছে দেখোন বিদেশী মাষ্টৰে৷ তেওঁ খুব অস্বস্তিত পৰিল আৰু এনে অৱস্থাত
তেওঁৰ নিজৰ কৰ্তব্য কি হ
ব ভাবিবলৈ ধৰিলে৷ এজন
প্ৰাণীয়ে প্ৰয়োজনবোধ কৰিলে আন এজনৰ সহায় লোৱাত বিদেশী মাষ্টৰৰ অসুবিধা কি
? তেওঁ কোৱা সকলো প্ৰাণীৰে সমান মৰ্যাদা বোলা কথাষাৰ দেখোন সেউজপুৰত
বহুত আগৰপৰাই চলি আহিছে৷ তেওঁ কিজানি বুজি পোৱা নাই৷ তেওঁ কিজানি অকল আগত বহা
, পিছত বহাটোকে মৰ্যাদাৰ চকুৰে চাইছে!

    মহাৰাজে ভাবি থাকিল কথাবোৰ৷ মহামন্ত্ৰী বৃকোদৰে ৰজাৰ
মন বুজি চকুৰ ইঙ্গিতেৰে সুধিলে
, পাঠশালা বন্ধ কৰি দিব
নেকি
? মহাৰাজে নিদিলে৷ চলকচোন কেইদিনমান৷
তেখেতলোকে কিজানি আমাৰ ভালৰ কাৰণেই এইবোৰ কৰিছে
, কোনে জানে?

    প্ৰথম দিনা পাঠদান বৰ বেছি সময় নচলিল৷ সোনকালেই সকলো
ঘৰাঘৰি গ
লগৈ৷ মহাৰাজ কেশৰীয়ে বা বৃকোদৰ
মন্ত্ৰীয়ে বুজিবকে নোৱাৰিলে আচলতে নতুন মাষ্টৰে নো কি শিকালে৷

    বাটলুৱে কিন্তু এটা কথা ভাল নাপালে৷ নতুন কিবাকিবি
শিকোৱাৰ নামত সেউজপুৰীয়া ৰাইজৰ মাজত চলি অহা সাতাম পুৰুষীয়া নিয়ম-কাৰণবোৰ নোহোৱা কৰিবলৈ
বিদেশী শিক্ষকে যি যত্ন কৰিলে সেইটো সি কোনোমতেই ভাল নাপালে৷

….

    সেউজপুৰ ৰাজ্যৰ ৰাজ্যিক শিক্ষাব্যৱস্থাত ভাষা,
বিজ্ঞান, গণিত, বুৰঞ্জী, ৰাজনীতি, অৰ্থনীতি, পৰিৱেশ শিক্ষা আদি বিভিন্ন বিষয় অন্তৰ্ভুক্ত কৰা হল৷ অতিথি শিক্ষক জেক্‌ আৰু জেপোলিনে স্থিৰ কৰি দিয়া নিয়ম মতেই
পাঠদান চলি থাকিল৷

    অৱশ্যে বয়সস্থ জেপোলিন নামৰ গাহৰিজনে বৰ বেছিকৈ অংশ
গ্ৰহণ কৰা নাই৷ বেছিভাগ সময় তেওঁ নিজৰ জিৰণিঘৰতে সোমাই থাকিল৷ কিন্তু জেক্‌ বোলাজনে
বগলী পণ্ডিতক সহায়ক হিচাপে লৈ খৰ গতিৰে ৰাইজক নতুন নতুন কথা শিকাবলৈ ধৰিলে৷ সহায়ক শিক্ষক
হোৱা কাৰণতে বগলী পণ্ডিত মাজে মাজে বিদেশী শিক্ষকদুজনৰ জিৰণিচ
ৰালৈ যাবলগাত পৰিল৷

    ৰাইজখনে বিদেশী মাষ্টৰে পঢ়ুওৱাখিনি ভালেই পাইছে৷
ইতিমধ্যে দহ দিনমান পাৰ হৈছেই৷ নিচেই শিশুকেইটা আৰু একোৰে প্ৰতি আগ্ৰহ নোহোৱা কেলেহুৱা
প্ৰাণীকেইটাক বাদ দি বাকী সকলোৱে খুব আগ্ৰহেৰে শিকিছে৷

    শৰীৰ চৰ্চা বোলা নতুন বিষয়টো মলুৱাকে ধৰি বান্দৰসকলে
খুব ভাল পাইছে৷ তেওঁলোকক বিষয়টোৱে ইমান আনন্দ দিছে যে আনবোৰ বিষয়ত তেওঁলোকে অকণো মনোযোগ
নিদি অকল শৰীৰ চৰ্চাতে একাণপটীয়াকৈ লাগি গৈছে৷ বিজ্ঞান বা অঙ্কৰ শ্ৰেণী চলি থাকোঁতে
শৰীৰ চৰ্চা কেতিয়া শিকাব সুধি সুধি তেওঁলোকে বগলী পণ্ডিতৰ খঙেই উঠাবলৈ ধৰিছে৷

    প্ৰতিটো বিষয় পঢ়োৱাৰ মাজে মাজে ঘণ্টাটো বজাই দিয়াৰ
দায়িত্বও পৰিছে মলুৱাৰ ওপৰতে৷ আচলতে ঘণ্টাটো তেৱেঁই সাজিছিল কাৰণে দায়িত্বটো তেওঁকে
দিয়া হ
ল৷ ৰাজ্যখনৰ ৰাইজৰ কাৰণে মলুৱা
মেকানিকে অলপবোৰ বস্তু সাজি দিয়া নাই৷ তেনেজনে সজা ঘণ্টাটো যদি আনক বজাবলৈ দিয়া হয়
তেনেহ
লে তেওঁৰ অপমান নহবনে? নিশ্চয় হব৷ সেয়ে মলুৱা সেউজপুৰৰ পাঠশালাৰ চকীদাৰো হল৷

    পিছে চকীদাৰৰ চাকৰিত মলুৱাৰ আনন্দ নোহোৱা কৰি দিছে
বৰ সেনাপতি হিতৰামৰ পুতেক কুলভূষণ নামৰ চেঙেলীয়া বাঘটোৱে৷ বৰলোকৰ বেটা বুলিয়েই নেকি
, তাৰ পঢ়াত একেবাৰে মন নাই৷ লৰাটোৰ মনটো তেনেই চঞ্চল৷ সি প্ৰায়েই মলুৱাৰ লগে লগে থাকি ঘণ্টা বজাবৰ হৈছে নেকি
সুধি থাকে৷ সেয়ে শৰীৰ চৰ্চা বিষয়ৰ পাঠদান চলি থাকিলে ঘণ্টাটো বজাই দিয়াৰ দায়িত্ব মলুৱাই
কুলভূষণকে দিলে৷ কিন্তু কুলভূষণে হিচাপ নোহোৱাকৈ যেতিয়াই তেতিয়াই ঘণ্টাটো বজাই দিয়াৰ
ফলত মলুৱাই গালি শুনিবলগীয়াতো পৰিছে৷

    পঢ়া-শুনাত একেবাৰে গাধা এই কুলভূষণ বোলা বাঘৰ লৰাটো৷ বৰলোকৰ ঘৰত যেনিবা সি এটা সমস্যাহে হৈ উপজিলহি৷ দেউতাকেও
বহু যত্ন কৰিও তাক ভাল কৰিব পৰা নাই৷ অকল ৰজাৰ প্ৰতি ভয় আৰু দেউতাকৰ সন্মানৰ কথা ভাবিহে
সি কোনোমতে পাঠশালাত উপস্থিত থাকে৷ কিন্তু মলুৱাৰ লগ সি নেৰে৷ বাৰে বাৰে মলুৱাক সি
এটা অনুৰোধকহে জনাই থাকে

            মলুৱা কাই, ঘণ্টাটো বজাই দেনা৷

           কি হ? পঢ়া-শুনাত মন নাই হবলা?’– মলুৱাই ওলোটাই সোধে আৰু
কয়
, ‘তই কলেই মই সেইটো বজাই দিব নোৱাৰোঁ৷ আনকি মোৰ মন গলেও মই সেইটো বজাব নোৱাৰোঁ৷

            কিনো ডাঙৰ কথাটো?’– কুলভূষণে কলে৷ সি সোঁফালৰ হাতোৰাখনেৰে
ইঙ্গিতেৰে দেখুৱালে
, ‘এনেকৈ লাঠিডাল লৈ বজাই
দিলেই হ
!’ কথা শুনি মলুৱাৰ হাঁহি উঠিল, কি মূৰ্খ অএইটো!

        মলুৱা কাই, ঘণ্টাটো বজাই দিয়ানা৷
ছুটী হ
বৰ হল নহয়৷ মোৰ খুব ভোক লাগিছে৷ তোমাৰ ভোক লগা নাই জানো?’ এইবাৰ কুলভূষণে মলুৱাক লেন চেলাই তুমি বুলি কলে। মলুৱাৰ মনটো আগতকৈ ভাল লাগি গল। ভোকৰ কথা কোৱাৰ লগে লগে মলুৱাই ভাবিলে, কিবা এটা খাবলৈ পোৱাহলে বেয়া নাছিল৷ কিন্তু
নিজৰ দায়িত্ব এৰি খাবলৈ লৰ মৰা লোক মলুৱা নহয়৷ কিন্তু এই বাঘপোৱালিটোৱে যে কৈছে ভোক
লাগিছে বুলি
, তাক দেখোন কিবা এটা খাই আহিবলৈ
পঠাই দিব পাৰি৷ মলুৱাই ভাবিলে আৰু লগে লগে কুলভূষণক ক
লে, ‘যা, তই সাউতকৈ কিবা এটা খাই আহগৈ৷ বেছি দেৰি নকৰিবি আক

            তোমালৈও কিবা এটা লৈ আনিম
নেকি
, মলুৱা কাই?’

    আই ঐ দেহি!কুলভূষণলৈ মলুৱাৰ মৰম লাগি গল৷ সৰু লৰা হলে কি হ, ডাঙৰৰো যে ভোক-পিয়াহ লাগিব
পাৰে সি বুজি পাইছে৷ বৰ ভাল ল
ৰা হব কুলভূষণ৷ভাবিলে মলুৱাই৷ লগে লগে
চকুৰ ইঙ্গিতেৰে সন্মতি জনাই কুলভূষণক কিবা খাই আহিবলৈ পঠিয়াই দিলে মলুৱাই৷

    কিন্তু লৰাটোৱে দেখোন কিবা ভাবি তাতে
ৰৈ থাকিল৷ মলুৱাই সুধিলে
, ‘কি হ? যা আক৷ সোনকালে গৈ আহ৷

            নাযাওঁ৷কুলভূষণে নিৰাশ ভাবেৰে কলে, ‘পিতাই কাঢ়া নিৰ্দেশ দিছে, পঢ়াৰ সময়ত আন একো নচলিব৷

    কুলভূষণ কিছু অঘাইটং ঠিকেই, কিন্তু অবাধ্য নহয়৷ দেউতাকৰ ভয়তে হওক বা আন কিবা কাৰণতে, সি সেইদিনা পাঠশালাৰপৰা যাবলৈ সুবিধা পায়ো নগল৷

    অৱশ্যে তাৰ পাছদিনা সি এটা কাণ্ড কৰিহে এৰিলে৷ সেইদিনা
সি মলুৱাক কেইবাবাৰো ক
লে যে মলুৱাৰ কাৰণে সি
কিবা এটা খোৱাবস্তু আনি থৈছে৷ খোৱাবস্তুৰ কথা শুনিয়েই মলুৱাৰ জিভাৰ পানী চৌচৌৱাই ওলাবলৈ
ধৰিলে৷

    সেইদিনা কুলভূষণে আটাইতকৈ আগতে আহি পাঠশালা পাইছিলহি৷
আনকি মলুৱাতকৈও৷ মলুৱা আহি পাই হাতত লৈ অনা ঘণ্টাটো বৰগছজোপাৰ হাতেৰে ঢুকি পোৱা ডালটোত
ওলমাই থ
বলৈ পালে কি নাপালে, কুলভূষণে কাষ চাপি গৈ কলেইমলুৱা কাই, আজি তোমালৈ খোৱাবস্তু
এটা আনিছোঁ৷

            কি?’ মলুৱাৰ মনটো ভাল লাগি গল৷ সি সুধিলে, ‘কি আনিছ, কি আনিছ?’

           নকওঁ৷ মই এঠাইত লুকুৱাই
থৈছোঁ৷ তুমি যদি মোক ঘণ্টাটো বজাবলৈ দিয়াঁ তেনেহ
লে লুকুৱাই থোৱা ঠাইকণ দেখুৱাই দিম,
নিজে গৈ
খাই আহিবাগৈ৷

    মলুৱাৰ মনটো উগুল থুগুল লাগি থাকিল৷ কথাটো কুলভূষণে
লক্ষ্য কৰি থাকিল৷ প্ৰথম শ্ৰেণীটো শেষ হোৱাৰ পাছতে মলুৱাই  বগলী পণ্ডিতক কাণে কাণে কিবা এষাৰ ক
লে আৰু ব্যস্তভাৱে কেনিবা যাবলৈ ওলাল৷

    মলুৱা খৰধৰকৈ কুলভূষণৰ ওচৰলৈ আহি ইঙ্গিতেৰে সুধিলে, ‘ত লুকুৱাই থৈছ?’

            ঘণ্টাটো কোনে বজাব?’

            তোৰ বাহিৰে আন কাকনো বজাবলৈ
দিম
? তয়ে বজাবি৷ এতিয়া মোক মনে মনে
দেখুৱাই দে৷

    কুলভূষণে মলুৱাক নৈৰ পাৰৰ ফালে বিশেষভাৱে চিন দি থোৱা
বিৰিণাৰ জোপা এটা দেখুৱাই ক
লে, ‘তাৰ মাজতে থৈ আহিছোঁ৷ যোৱাঁ আৰু খোৱাঁগৈ৷’ মলুৱাই সেইফালেই লৰ ধৰিলে৷

    বহুপৰ কুলভূষণে আঁৰ চকুৰে মলুৱা যোৱাৰ ফালে চাই থাকিল৷
সি দেখিলে
, মলুৱাই কিবা বিচাৰি ফুৰিছেগৈ৷
ইপিনে দ্বিতীয় শ্ৰেণীটো শেষ হ
বৰে হল৷ সি দেখিলে, মলুৱাই নাকত সোপা দি খৰধৰকৈ
পাঠশালাৰ ফালে লৱৰি আহিছে৷ গতিকে ঘণ্টাটো বজোৱাৰ সুবিধাটো হেৰুওৱাৰ ভয়ত শ্ৰেণীটো শেষ
হোৱাৰ আগতেই কুলভূষণে ঘণ্টাটো পাঠশালা ছুটী হোৱা সময়ত বজোৱাৰ দৰে দীঘলীয়াকৈ  বজাই দিলে৷

    মলুৱা ঘূৰি আহি পাঠশালা পোৱাৰ আগতেই ছুটীৰ ঘণ্টা শুনাৰ
লগতে আটাইবোৰে হুলস্থুল কৰি ঘৰাঘৰি যোৱা দেখা পালে৷ তাৰ মনটো বৰ বেয়া লাগিল৷ সি বুজি
পালে
, এই অনিয়মৰ বাবে মহাৰাজে নিশ্চয় তাৰ বিচাৰ
কৰিব৷ কৰিব মানে কৰিবই৷

(অহা সংখ্যালৈ বাট চোৱাঁ৷)

শ্ৰব্য ৰূপ