বচা বকুল

 ৰমানন্দন বৰা

 

বকুল চাপৰিলে এক প্ৰকাৰ ভগনীয়া, পলৰীয়া
হৈ আহি এই সৌভাগ্য হাতৰ মুঠিত পাব বুলি বেণুৱে সপোনতো ভবা নাছিল৷ লক্ষ্মী আইৰ পোনপটীয়া
আশীৰ্ৱাদ পাইছে বেণুৱে৷ মাটি পালে বেণুৱে কৰি
দেখুৱাব৷ তাৰ মনত উৎসাহ আছে
, বহুত বল আছে৷ আৰু এতিয়া জেঠা শহুৰৰ
ৰূপত লক্ষ্মীদেৱীৰ আশীৰ্ৱাদ পাইছে৷
 

আচলতে পাহিতা তাৰ জীৱনলৈ লখিমী হৈ আহিছে৷
তাক তাই উলিয়াই আনিছে৷ নহ
লে সি কলাই মহাজনৰ ঘৰত কাম কৰা হৈ থাকি
লহেঁতেন৷ তাৰ জীৱনৰ এনে পট পৰিৱৰ্তন কেতিয়াও নহলহেঁতেন৷ পাহিতাই তাৰ জীৱনটো পূৰ্ণ কৰি তুলিছে৷ কিয় বাৰু তাই তাক ভাল পালে?
ধনীৰ ঘৰৰ ছোৱালী আছিল তাই৷ এতিয়া আকৌ শূন্যৰ পৰা সকলো আৰম্ভ কৰিছে৷ তাৰ নিচিনা কুকুৰ ধূলি এটাৰ সৈতে কিয় পলাই আহিছিল তাই? এতিয়া তাই তাৰ সন্তানৰ মাক হবলৈ ওলাইছে৷

তই মোলৈ কিয় আহিলি?” এদিন
সি তাইক সুধিছিল৷

তুমি ট্ৰেক্টৰ চলোৱা
দেখি৷
হাঁহি মাৰি কৈ তাই তাৰ বুকুত সোমাইছিল৷

আজি শিমলুতলৰ নতুন বাৰীত শিমলুজোপাৰ ছাঁতে দুয়োটা বহিছিল৷ দুপৰীয়া বেণুৰ কামৰ মাজৰ জিৰণি৷ জেঠায়েকৰ ঘৰৰ পৰা জলপান আনিছিল পাহিতাই৷
নিভৃত ঠাই৷ সন্মুখত বি
স্তীৰ্ণ সমান, মিহি, মিঠা সেউজীয়া৷ এছাটি কোমল বতাহ বলি আছিল৷ বেণুৰ বাঁউসীত আউজি পাহিতাই সুধিলে,

ৰা হলে কি নাম দিবা?”

মেঘৰ পুতেক৷

ছোৱালী হলে?”

দৰ ছোৱালী৷
ই কিন্তু মেঘৰ পুতেকেই হ
ব৷

কেনেকৈ জানিলা? মেঘৰ
জীয়েক ৰ
দৰ পুতেকহে ভাল আছিল৷ মেঘ কোমল, দ টান৷

বৰষুণৰ মাজতেইতো সকলো
আছে৷ গছৰ গুটি বৰষুণ পালেহে গজে৷ তই নাজান আজলী৷
এইবুলি
তাইৰ গালত টিপা এটা মাৰে৷
দে কি কৰে?
প্ৰতিপাল কৰে৷ তহঁত মাইকী মানুহবোৰৰ দৰে লালন-পালন কৰে৷ তদুপৰি ভোগদৈ
পাৰৰ তম্বুৰ দিনটো মনত পেলাচোন…।
লাজত তাই মুখখন ঢাকি ধৰিলে৷

আমাৰ লৰা নতুন
ঘৰত উপজিব৷ নতুন ভেটিত৷

 

বেণুৱে নতুন ঘৰটোৰ ভেটি বান্ধিছে৷ ওচৰতে
এটা পুখুৰী খান্দি তাৰ মাটি তুলি ভেটি ওখ কৰিছে৷ প্ৰথমে পুহিৰামক লগত লৈ বাঁহৰ চাঙীৰে
মাটি কঢ়িয়াইছিল৷ কিন্তু কামটো বৰ লেহেমীয়া হ
ল৷ তেতিয়া সোণ জেঠাইৰ কথা মতে সি
হাৰিয়া মাতিলে৷ বকুল চাপৰিৰ চল্লিছ ঘৰ মানুহৰ ডেৰ কুৰি ডেকা গোট খালেহি৷ পূৰ্ণিমাৰ
জোনৰ পোহৰত সিহঁতে কামত হাত দিলে৷ দহখন চাঙি
, দহখন কোৰ৷ সোণ জেঠাই,
পাহিতা আৰু ওচৰৰ বকুলী, মিনুহঁতে সাজ লগাৰপৰাই
ৰন্ধাৰ যা-জোগাৰ কৰিলে৷ চাৰিটা হাঁহেৰে এটা ভোজ৷ হাঁহি-স্ফূৰ্তি উলাহতে দুমুঠন ওখ দুনল
বহল
, চাৰিনল দীঘল এটা ভেটি বান্ধ খাই উঠিল৷ লগতে এটা পুখুৰীও খান্দ
খালে৷ জাকৰুৱা নাও৷

ঘৰৰ বাবে দৰকাৰী বাঁহ-বেত সি যোগাৰ কৰিয়ে থৈছে৷ মকাল বাঁহৰ গাধৈ সি পুহিৰামৰে মিলি ফালি গোৰাই থৈছে৷ ভলুকা বাঁহৰ খুঁটাৰো আল
কাটি থৈছে৷ চতি-মাৰলি
, কাঠি-কামি আটাইবোৰ গোৱৰ পানীত গোৰাই থৈছে, যাতে ঘূণে ধৰিব নোৱাৰে৷ কামত লগোৱাৰ আগে আগে পানীৰ পৰা উঠাই টানকৈ ৰদাই লব লাগিব৷

এটা বস্তুৰ কাৰণেই সি ৰৈ আছে- শণ খেৰ৷
বকুল চাপৰিত ইয়াৰ অভাৱ নাই৷ গাঁও বহাৰ আগতে শণ খেৰণি ভাঙি মাটি উলিয়াইছিল৷ এতিয়াও
গাঁৱৰ কাষতে ডাঙৰ ডাঙৰ খেৰণি৷ কাটি আনি শুকাবলৈ মেলি দিব লাগে
, শুকালেই ঘৰ চাব পাৰি৷ কাম ইমানেই৷ কিন্তু সেইটো কামতে সময় লৈছে৷ কাৰণ খেৰ পূৰঠ হবলৈ ৰব লাগিব খৰালিৰ শেষলৈকে৷ 

ভাদৰ শেষ, আহিনৰ
আগমনৰ আগে আগে বকুল চাপৰিলৈ খৰালি আহে৷ চৌদিশে কঁহুৱা ফুলি মায়াময় কৰি তোলে৷ বকুল চাপৰিয়েই
নহয়
, পূবৰ পৰা পশ্চিমলৈ 
ব্ৰহ্মপুত্ৰৰ পাৰ এনে ঠাই বাকী নাথাকে য
ত কঁহুৱা নুফুলে, জুৰ মলয়াত কঁহুৱাই নাচোনৰ লহৰ নোতোলে। কঁহুৱা আৰু পাতলীয়া কুঁৱলিৰ বগা কোমল চাদৰে চাপৰিবোৰ
ঢাকি ৰাখে৷ আকাশত শুকুলা ডাৱৰ
, মাটিত শুকুলা কঁহুৱা ফুল,
ব্ৰহ্মপুত্ৰৰ বগা বালি, নীলা আকাশ, ব্ৰহ্মপুত্ৰৰ নীলা পানীত শুকুলা ডাৱৰ৷ শুকুলা পাতল কুঁৱলিও আহোঁ নাহোকৈ বকুল
চাপৰিলৈ আহে৷ শৰতৰ হাতত ধৰি লাহে লাহে লখিমী আহে৷

মাঘৰ পোন্ধৰ দিন যোৱাত বেণু খেৰ কাটিবলৈ
যাবলৈ ওলাল৷ জেঠপেহাকেও সময় ঠিকেই হৈছে বুলিলে৷
পূৰঠ চাই চাই কাটিবা,
মইনা৷ আমাৰ পুহিৰামে জানে বাৰু৷ নাই কমেও দুহেজাৰ খেৰ তোমাক লাগিব৷ চাই-চিতি কাম কৰিবা৷ উলুৰ ফিচিকা সোমাব৷ বৰ জোঙা৷ সাপ-সুপ বাৰু গাঁতৰ ভিতৰত আছে৷ কিন্তু
চাবা
, বনৰজাও কেতিয়াবা ওলায়৷ হাই-হুই কৰি যাবা৷

শণ খেৰ কটা কামটো ইমান ৰহস্যময় বুলি বেণুৱে
ভবা নাছিল৷ ধান খেতিলৈ ওলাওঁতে ন-ভূঁই লোৱা আৰু দাই শেষ হ
লে লখিমী অনা নীতিৰ কথা সি জানে৷ কিন্তু চাপৰিৰ শণ খেৰ কাটিবলৈও অত নীতি-নিয়ম৷
সোণ জেঠাইৰ নিৰ্দেশনাত পুহিৰামক সাৰথি কৰি বেণুৱে কামবোৰ কৰি গৈছে৷ প্ৰথমে সিহঁতে মুলুক
বুঢ়াৰ ওচৰলৈ গৈ কাঁচিখন জৰালে
, তাৰ পাছত গামোচাখন৷ মুলুক বুঢ়াই বাঘ খেদা মন্ত্ৰ
জাৰিলে৷ চাৰিটা গোটা তামোল জাৰি
, খেৰণিলৈ গৈ গাৰ জোৰেৰে চাৰি দিশলৈ
দলিয়াই দিবলৈ ক
লে৷

এখন ঘৰ ভাঙি এখন ঘৰ
পাতিব খুইছা৷ পদে পদে অপৰাধ৷ খেৰণি আমাৰ নহয়
, আমাৰ কাৰো নহয়৷ ভগৱন্তৰ
বস্তু৷ আমি বিচাৰিলে তেওঁ দিব৷ বিচাৰিব লাগিব৷
নিজক কোৱাৰ দৰে বিৰবিৰাই মুলুক বুঢ়াই কৈ গল- শিয়ালৰ ঘৰ ভাং, শহাৰ ঘৰ ভাং,
সাপৰ ঘৰ ভাং, হৰিণৰ ঘৰ ভাং, বৰলৰ ঘৰ ভাং,  গেৰেলা, মেচেকা, নেউলৰ ঘৰ ভাং,
ডাউকৰ ঘৰ ভাং, উদৰ ঘৰ ভাং, চামোনৰ ঘৰ ভাং, বেঙৰ ঘৰ ভাং, বাঘৰ
ঘৰ ভাং
, ওহ, হুদা, মুণ্ডা চামুণ্ডা ঘৰ ভাং, হ্ৰিং হুং হ্ৰিং ক্ৰিং৷ মহাদেউ-পাৰ্বতী
মাও- ঘৰ পাত
, ঘৰ পাত,তোৰ ঘৰে যাওঁ৷ কেন
বস্তু লওঁ মাও কেন বস্তু লওঁ৷ আপোনাৰ বস্তু মাও কেন মতে লওঁ৷ পাৰ্বতী মাৱৰ আজ্ঞা জঁটা
জুটে লওঁ
, মাথাৰ চুলি আহি পিৰথিৱীত পাওঁ৷ মাৱৰ আজ্ঞা শিৰে তুলি
লওঁ – বেণুৰ ঘৰ পাতিবৰ আজ্ঞা হৈছে মাৱৰ পাৱ ধৰি খেৰ কাটি লওঁ৷ দশোদিশ দেৱতা আজ্ঞা কৰ
মাৱ
, বেণুক যদি লগ দিয়, মাৱৰ মূৰ খাৱ৷ বেণুক
যদি লগ দিয়া মাৱৰ মূৰ খায়
, মাৱৰ মূৰ খাব৷

শেষলৈ লাহে লাহে শব্দকেইটা উচ্ছাৰণ কৰি
ফুঁ মাৰি মুলুকা বুঢ়াই কাম শেষ কৰিলে৷ আটাইকেইটা বস্তু একে মন্ত্ৰেৰে জাৰিলে৷ ঘূৰি
আহোঁতে বেণুৱে অনুভৱ কৰিলে সঁচাকৈ এডৰা খেৰ কাটি আনিলে কিমানৰ কিমান যে অনিষ্ট হয়৷ হাবি-ভাঙি
নতুন বাৰী পাতোঁতে একা৷ মাটিত প্ৰথম হাল বাওঁতে কিমান পোক-পৰুৱাৰ ঘৰ নষ্ট হয়৷ কিমান
মৰে৷ অথচ সেইবোৰ নকৰাকৈও নোৱাৰি৷ তাৰ মনটো উত্তৰবিহীন প্ৰশ্নৰ জালত ওলমি ৰ
ল৷

পাছদিনা পুৱাতে ভাত-পানী খাই পুহিৰামৰ লগত
সি খেৰণিলৈ ওলাল৷ লগত নতুনকৈ কূটাই লোৱা দুখনকৈ কাঁচি
, দুখন দীঘল দা ললে৷ কাষলতিৰ তলত সুমুৱাই লোৱা মোনাটোত দুপৰীয়া খাবৰ বাবে ললে শুকান কোমল চাউল এখিনি, গুৰ এলডা, এচুঙা
দৈ গাখীৰ আৰু জগ এটাত খোৱা পানী৷
 

বকুল চাপৰিৰ পৰা উত্তৰে দুমাইল দূৰৈত খেৰণি৷
একেবাৰে ব্ৰহ্মপুত্ৰৰ মূল সুঁতিত লাগি আছেগৈ৷ মাজে মাজে ঝাউবন
, বিৰিণা,
খাগৰি, মজৰা একোডৰা৷ খলা-বমা চাই চাই নিজে নিজে
গজিছে৷ ব্ৰহ্মপুত্ৰৰ বালিৰ ফালে ঝাউবন বেছি ডাঠ৷ 
একোখন হাবিয়েই বুলিব পাৰি৷ খেৰণিলৈ আহোঁতে বাটত সোঁফালে বেণুৱে মন কৰিলে৷ চকুৰে
দেখালৈকে বগৰী গছ
, কেৱল বগৰী৷ ইমানবোৰ বগৰী সি একেলগে আগতে কাহানিও
দেখা নাছিল৷ বগৰী পকিবলৈ লৈছে
, কিছুমান দঁহেচীয়া হৈছে৷ সৰু সৰু কেবাটাও খাৱৈ পাৰ হৈ সিহঁত
খেৰণি পালেগৈ৷ খাৱৈবোৰেদি বাৰিষা ব্ৰহ্মপুত্ৰৰ পানীৰ সোঁত বয়৷
 

এখন সুকীয়া জগত৷ ভোগদৈপৰীয়া বছা গাঁৱতকৈ
বেলেগ৷ বকুল চাপৰিতকৈ বেলেগ৷ ব্ৰহ্মপুত্ৰৰ বুকুৰ
, ব্ৰহ্মপুত্ৰৰ নিজা জগত৷
বাধাহীন জগত৷ যেনিয়েই চকু যায়
তেনিয়েই মুকলি৷ ক
তো বাধা নাই৷ নৈৰ বালিচৰলৈকে ওখ গছ নাই৷ ঝাউ বননিত মুকলি বতাহে মুকলিকৈ খেলে৷
সমান হৈ থকা খেৰণিৰ আগবোৰৰ ওপৰেদি ঢৌ খেলি বতাহজাক আহে৷ হালি-জালি বতাহ৷ সোঁ-সোঁৱনি
শব্দ এটা অনবৰত বাজি থাকি পৰিৱেশটো মায়াময় কৰি ৰাখে৷ সেইটো যেন বতাহৰ শেষ নোহোৱা মাত৷
খেৰণিত বতাহে অনবৰত কথা কৈ থাকে৷ কৈ কৈ শেষ নোহোৱা কথা৷ সেউজীয়াৰ কাণে কাণে কৈ যোৱা কথা৷

মুলুক বুঢ়াই জাৰি দিয়া তামোল চাৰিটা বেণুৱে
গাৰ বলেৰে এটা এটাকৈ চাৰিও দিশে দলিয়াই পঠিয়ালে৷ মন্ত্ৰৰ জৰিয়তে সীমা বান্ধি দিলে নে সিহঁতৰ উপস্থিতি
খেৰণিৰ বাসিন্দা আন প্ৰাণীবোৰক জনালে বেণুৱে বুজি নাপালে৷

বৰ ডাঠ খেৰণি৷ মানুহটোতকৈও ওখ৷ ওচৰা-ওচৰিকৈ
নাথাকিলে লগৰীয়াটোকে নেদেখি৷

বেণু, বৰতাবোৰ
নেকাটিবি৷
পুহিৰামে তাক কামটো কৰাৰ আগতে সঁকীয়ালে৷ বেণুৱে গম পালে তাৰ বছা গাঁৱৰ খেতিৰ জ্ঞানেৰে ইয়াত নচলিব৷ এই জগতত সি তেনেই কেঁচুৱা লৰা৷ সি শণ খেৰেই দেখিছে৷ বৰতা দেখা নাই৷ বৰতাবোৰৰ পাত শণ খেৰতকৈ বহল৷ কিন্তু কোমল৷ সোনকালে পচে৷ সেই কাৰণে মানুহে ঘৰৰ চালত নলগায়৷ বেণুৰ অৱস্থা দেখি পুহিৰামে তাক বুজাই দিলে৷

তাৰো আগতে উলূৱনি বা খেৰণিত কেনেকৈ খোজ কাঢ়িব
লাগে পুহিৰামে বেণুক শিকাইছে৷ সাধাৰণ মাটিৰ দৰে খেৰণিত খোজ কাঢ়িব নোৱাৰি৷ ভৰি পিছলাই
খোজকাঢ়িব লাগিব৷ নহ
লে উলূ ফিচিকাবোৰে বৰ ফুটে৷ কেতিয়াবা ভৰিৰ তলুৱা ফুটাই তেজ
উলিয়াবও পাৰে৷ মানুহে উদ্ মাৰিবলৈ হ
লে উলূৱনিলৈ খেদি আনে৷ উদ দেখিছানে? তাৰ ঠেং কেইটাত হাঁহৰ দৰে পটা আছে৷ উলূফিটিকাই
পটাত ফুটে কাৰণে সি যাব নোৱাৰা হয়৷ যোৱা বছৰ নহয়
, তাৰ আগৰ বছৰ
এটা উদ তেনেকৈয়ে মাৰিছি
লোঁ

গছ একেজোপাই৷ পুলিতে
উলূ৷ ডাঙৰ হ
লে শণ আৰু বৰতা৷

দীঘল-চুটি নাচাবি, কাটি
যা৷ দৰকাৰ হ
ব৷

বেলিটো পিঠিত লৈ সিহঁতে খেৰ কাটিবলৈ ধৰিলে৷
দুপৰীয়ালৈ দুকঠামান মাটিৰ খেৰ কটা হ
ল৷ মাঘমহীয়া বেলি৷ কুহুমীয়া ৰদ৷ কাম কৰিবলৈ জুটি লাগিছে৷ নতুন ঘৰৰ উন্মাদনা, নতুন
শিক্ষাৰ আনন্দত বেণুৰ মনটো বৰ ফৰকাল৷ কটা খেৰবোৰ মুঠি মুঠি কৈ থৈ গৈছে৷ শুকাওক৷ শুকালে
গুটিয়াব লাগিব৷ কাটি থোৱা খেৰতে বহি পুহিৰামৰ সৈতে মিলি সি কোমল চাউলখিনি খাই ল
লে৷ বেণু, তই ভেটিটো ডাঙৰকৈ ললি নেকি? কিমান খেৰ লাগিব বুলি ভাবিছ?”

জেঠপেহাৰ মতে দুহেজাৰতকৈ
কম নালাগিব৷

তাৰ মানে খামোচ পোৱাকৈ
দুহেজাৰ মুঠি৷ আজি দুশ মান কাটিব পাৰিম৷ আকৌ খেৰ ঘৰ
, ভঁৰাল ঘৰ, ছাগলী ঘৰ, গোহালি ঘৰ এইবোৰলৈ৷

এৰা মই ভবাই নাই৷ প্ৰথমে মূৰটো সুমুৱাই লওঁচোন৷ জেঠাদেউ-জেঠপেহাই মৰম কৰিছে কাৰণেহে৷ এই বছৰ মই খেতি পাতিমহে৷

খেতি পাতিলেইতো ভঁৰাল-খেৰঘৰ
লাগিল৷ মুঠতে সাত দিনমান কাটিবহি লাগিব যেন পাওঁ৷

জানো দেও৷

সেইদিনা বেলি ভাটি দিয়ালৈ পুহিৰামে কোৱাৰ
দৰে দুশমান খেৰ কটা হ
লগৈ৷ সিহঁতে কটা খেৰখিনি তাৰেই জাবৰেৰে ঢাকি দিলে যাতে বৰষুণ কেনেবাকৈ
আহিলেও নষ্ট নহয়৷

সন্ধিয়া লাগোঁ-লাগোঁতে সিহঁতে ঘৰ সোমালেহি৷ ৰাতি বেণুৱে পাহিতাৰ আগত খেৰণিৰ কথাবোৰ কৈ কৈ বৰ সন্তোষ
পালে৷

তহঁতৰ বছা গাঁৱৰ জন্মি
মহাজন খেৰৰ ঠিকাদাৰ৷ ককিলাৰ মহলটো তেওঁৰে৷ এশকৈ বেছে৷ বাগানত দিয়ে৷
জেঠপেহাকে কলে

এশকৈ মানে?”

এৰা খেৰ, ব্ৰহ্মপুত্ৰৰ
চাপৰিত এনেকৈ গজে৷ তাকে মানুহ লগাই কটাই বাগানত দিয়ে এশকৈ৷ মুঠিত এটকাকৈ৷ কি দিন পৰিছে
?”

জন্মি মহাজনৰ চাপৰিত মহৰ খুঁটি
আছে বুলি বেণুৱে শুনিছিল কিন্তু খেৰৰ মহলদাৰ বুলি আজিহে জানিলে৷ একো বেয়া কথা নহয়৷
কাম কৰা মানুহখিনিয়েও দুপইছা পাইছে
, জন্মি মহাজনেও পাইছে৷
 

বেণু-পুহিৰামে এসপ্তাহত দুহেজাৰৰ ওচৰা-ওচৰি
খেৰ কাটিলে৷ পুৱাতে ওলাই যায়৷ গধূলি ঘৰ সোমায়হি৷ আহোঁতে বেণুৱে ঘৰলৈ বাটত পাই যোৱা
বগৰী গছৰ পৰা এখিনি মিঠা বালিয়া বগৰী বুটলি আনে৷ এই সময়ত পাহিতাই টেঙা বগৰী খাবলৈ বৰ
মন কৰা হৈছে৷ ৰবাব টেঙাৰ দিন শেষ হৈছে৷ বগৰী পকিছে৷ সংসাৰখনত কথাবোৰ আচৰিত ধৰণে সজাই
থোৱা আছে৷ ভাদ মাহত শালি খেতিৰ পৰা হাল দাঙি মাহ খেতিত ধৰে৷ ভাদক ছাৰি আহিনৰ চাৰি মাহ
বা যিমান পাৰি৷ তাৰ পাছত সৰিয়হ৷ মাহ, সৰিয়হ মাৰি শেষ
কৰি মাঘ-ফাগুন-চ
তমহীয়া খেৰ কাটে৷ তাৰ পাছত চত-বহাগত খেৰ ফুলে, গাজ ওলায় – বকুল
চাপৰিৰ মানুহে ফিচিকা বুলি কয়৷ ব
হাগতকৈ পাছলৈ খেৰ কাটিব নোৱাৰি৷
এই সময়তে আহু খেতি
, তাৰ পাছত পয়ৰা বাও৷ জেঠত লাহি, শালিৰ কঠিয়া পাৰে৷ মাটি কঢ়ায়৷ ইয়াত খেলিমেলি লাগিলেই চব নেচেল হব৷ ফাল চাচোঁতে ইফালে মাহৰ বতৰ যাব৷ সময়ৰ শৰ সময়ত মাৰিবই লাগিব৷

খেৰ কটা শেষ কৰি বেণুৰ মনটো বৰ মুকলি মুকলি লাগিল৷
সি নেদেখাজনক সেৱা এটা জনালে৷ ব্ৰহ্মপুত্ৰ দেৱতালৈও এটা সেৱা জনালে৷ কৃতজ্ঞতা৷ সংসাৰত
এই আটাইবোৰ বস্তু মানুহৰ প্ৰয়োজন পূৰাব পৰাকৈ সজাই থোৱা আছে৷ কোনে থৈছে
, সি
নাজানে৷ সি মাথোন অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছে৷ তাৰ উথলি উঠা অন্তৰখন সি নেদেখাজনকে
সঁপি দিছে৷ আটাইবোৰ বস্তু যেন ক
ৰবালৈ গৈ আছে, সিও গৈ আছে৷ কলৈ গৈছে সি নাজানে, মাথোন গৈ আছে৷ তাৰ নিজাকৈ চিন্তা কৰিবলৈ একো নাই৷ জানে যদি ব্ৰহ্মপুত্ৰৰ বুকুখন
বহলকৈ সাৱটি থকা আকাশখনে জানে৷ জানে যদি শৰণ খেৰণিৰ বতাহজাকে জানে৷

(ক্ৰমশঃ)