সৰু মানুহবোৰ

বন্দনা কৌশিক বৰদলৈ



প্ৰচণ্ড গৰমত সৰু মানুহবোৰৰ দুই এজন
  মৰে
শীততো মৰে দুই এজন
ঠিক সেইদিনাই আপোনাৰ পত্নীয়ে ডাঙৰ মাছত ৰুচি হেৰুৱাই বজাৰত
  সৰুমাছৰ  দৰ-দাম কৰে।

আপুনি ভাবে সৰু মাছ
সৰু মানুহ আদি সৰু বস্তুবোৰৰ
বিক্ৰয় মূল্য কমতকৈ কম হোৱাটোৱেই বজাৰৰ উচিত ধৰ্ম

সৰু মানুহৰ দুই এজনে কালীমন্দিৰৰ সমূহীয়া ভোগত খিছিৰিৰ বাবে লাইন পাতে
নিজেই এবাটি খাই লঘোণে থকা ঘৈণীয়েকৰ বাবে আন এবাটি খোজে
‘যা, গুচ’  বুলি ক’ব পৰাৰ ক্ষমতাৰে সেইদিনা আপুনি আপোনাৰ চকুতেই  ডাঙৰ হৈ পৰে

সৰু মানুহৰ কোনোবাজনে আপোনাৰ জোতাযোৰ আইনা হেন কৰে
কোনোবাজনে চাহকাপ যতনাই দিয়ে
কোনোবাজনে আপোনাৰ গাড়ীখন চিকচিকাই তোলে

ইমানবোৰ সৰু মানুহৰ মাজত  ঘূৰি ফুৰোঁতে আপোনাৰ
নিজৰেই এনে লাগে যেন আপুনি পৃথিৱীৰ আটাইতকৈ ডাঙৰ মানুহ !

কিন্তু মজাৰ কথাটো কি জানেনে
আপুনি যেতিয়া ডাঙৰ হোৱাৰ গৰ্বত ওফন্দি থাকে
পিছফালে  থকা সৰু মানুহবোৰে
তুলাচনীত আপোনাৰ ওজন কৰি কোৱাকুই কৰে
দাম নাই এওঁৰ
দাম নাই
এওঁ কেতিয়াবাৰ পৰাই মৃত !
                                     
           ***                        


ঠিকনা:

ৱাৰ্ড নম্বৰ – ৭, শান্তিবন পথ, শিৱসাগৰ
                           

ভ্ৰাম্যভাষ – ৯৪০১০৯২৯৬৫