সেন্দূৰ

 গায়ত্ৰী দেৱী বৰঠাকুৰ

 

(এক চুটকী সিন্দূৰ কী কীমত তুম ক্যা জানো ৰমেশ বাবু…)

 

মোৰ হাতত 

এখন আতচী কাঁচ

 

ভৰ দুপৰীয়াৰ ৰ’দত বহি

ক’তবাৰ শুকুৱাইছোঁ 

কাগজৰ শুকান সভ্যতা

 

আইনাত

ঝুম কৰি পঢ়িছোঁ

স্বগতোক্তিৰ ইতিবৃত্ত 

অথবা প্ৰতিসৰণৰ সূত্ৰ

 

সুউচ্চ অট্টালিকাৰ 

পূৰ্ণদৈৰ্ঘতাত চুই চাব খুজিছোঁ

প্ৰতিবিম্বৰ সৎ স্বৰূপ 

 

আঁহা এতিয়া

সমতলৰ সেঁওতাত 

নিৰ্ণয় কৰোঁ 

প্ৰতিফলিত ৰশ্মিৰ দূৰত্বৰ মান..

 

 

তেজপুৰ,

শোণিতপুৰ-৭৮৪০০১

8822943064