সুৰীয়া যুঁজ আৰু জীৱনৰ বুজ — ‘বন্দিশ বেণ্ডিটছ্‌’

মেঘনা চৌধুৰী

(ফট’ দিব

‘‘প্ৰতিজন অৰ্জুনকেই একোজন কৃষ্ণ
লাগে
’’—
 আঠোটা খণ্ড চোৱাৰ পাছত নৱম খণ্ডটোত অৰ্ঘ (কুনাল ৰয়
কাপুৰ) নামৰ আপাতদৃষ্টিত আধুনিক
,
 বেপেৰুৱা আৰু চঞ্চল যেন লগা লৰাটোৰ মুখেৰে ওলোৱা এই কথাষাৰেই যেন সমগ্ৰ কাহিনীটোৰ সাৰ হৈ দৰ্শকৰ
অন্তৰ্মন আলোকিত কৰি তুলিব৷ কাহিনীটোৱে শিকাব জীৱনৰ সেইবোৰ পাঠ
, যিবোৰত লুকাই থাকে সুখ-অসুখৰ কেইবাটাও কেঁকুৰি৷
স্বনিৰ্বাচিত বাটটো কেতিয়াবা বৰ শিলাময় হয়৷ হয়তো এটা ঢাপ আগুৱাই সফলতাৰ মুখ দেখাৰ
পাছমুহূৰ্ততে খহি পৰে হাঁহিৰ ৰঙী দেৱাল৷ এই কাহিনীটোতো তেনেবোৰেই হয়৷ তথাপি অদম্য সাহ আৰু আত্মবিশ্বাসেৰে
আগ বাঢ়ে ৰাধে (ঋত্বিক ভৌমিক) আৰু তমন্না (শ্ৰেয়া চৌধুৰী)৷ প্ৰতিভাৰ কৰ্ষণে সিহঁতক
শক্তি যোগায়
,
 আন্ধাৰ সুৰংগত চাকি দেখুৱায়৷
সেই পোহৰৰ নাম সংগীত! সুৰে কেতিয়াও ভাষাৰ পৰিধি নামানে
, বননিৰ ময়ূৰেও তালে তালে পেখম ধৰে, কেঁচুৱাৰ কান্দোন অথবা মাকৰ নিচুকনি গীততো
লুকাই থাকে কোনো এটি ছন্দ৷ এই পৃথিৱীৰ প্ৰতিটো ঘটনাই দৰাচলতে বান্ধ খাই থাকে
সংগীতৰ লহৰৰ মাজত৷ সেয়ে সংগীতক নিজৰ অভ্যন্তৰত অনুভৱ কৰিবলৈ ৰাধেৰ মাকে (সিবা
ছড্ডা) তাক কাণ পাতি শুনিবলৈ কয় কাপোৰ থুকুচা
, পাচলি কুটা অথবা কপহুৱাই
কপাহ ধুনি থকা সেই ছন্দ৷
 

ৰাধে আৰু তমন্নাৰ জীৱনৰ প্ৰতিটো আঘাতত সংগীতেই
সানে সঞ্জীৱনী৷ সপ্তস্বৰৰ আৰোহণ-অৱৰোহণৰ দৰে সিহঁত মুখামুখি হয় সমস্ত উত্থান-পতনৰ৷
বিলম্বিতৰ পৰা মধ্য লয়ৰ মাজেৰে দ্ৰুতলৈ আগবঢ়া সিহঁতৰ প্ৰেমক কেৱল সুৰৰ মূৰ্চনাই
জীপাল কৰি ৰাখে৷ অথচ সিহঁতৰ সংগীতো আছিল একেবাৰেই ভিন্ন৷ ৰাধেৰ বাবে সংগীতেই জীৱনৰ
একমাত্ৰ তপস্যা৷ ধ্ৰুপদী আলাপ
, শাস্ত্ৰীয় পৰম্পৰা আৰু
পৰিয়ালৰ সাংগীতিক ইতিহাসক বুকুত বান্ধি ৰখা ৰাধে নামৰ একৈ
বছৰীয়া লৰাটোৱে চিনে মাথোঁ আলাপ, বন্দিশ, তাৰাণা, খেয়াল, ভজন আৰু ঠুমৰিৰ পৃথিৱীখন৷
কিন্তু সেই ধ্ৰুপদী মনটো হঠাতে এদিন থমকি ৰয়গৈ তমন্না নামৰ এগৰাকী আধুনিক সংগীতশিল্পীৰ
গভীৰ নীলা দুচকুত৷

ৰাধেৰ কণ্ঠৰ প্ৰতিধ্বনি শুনিছিল কেৱল সিহঁতৰ
চোতালৰ বতাহজাকে৷ বাহিৰত অনুষ্ঠান কৰিবলৈ তেতিয়াও গুৰুৰ অনুমতি নাছিল৷ তমন্নাৰ অট
টিউণ্ড গীতৰ পিছে চছিয়েল মিডিয়াত আছিল লাখ লাখ
অনুগামী৷ ৰাধেৰ গানবোৰ যেন এজাক নৈপৰীয়া শীতল বতাহ৷ কিন্তু তমন্না নিজেই এজনী
বৰদৈচিলা৷ অথচ ভালপোৱাৰ সুৰ
ধ্বনিয়ে কেতিয়া যে নদীৰ বুকুত
বৰদৈচিলাক বান্ধি পেলালে
,
 সেয়া যেন সিহঁতে গমকে নাপালে৷ আৰু এদিন তেনেকৈয়ে প্ৰাণৰ
তাড়নাত সিহঁত একেলগে নামি পৰিল সুৰৰ বিশাল সমুদ্ৰৰ মাজত
— সৃষ্টি হল সংগীতৰ দুই বিপৰীত ধাৰাৰ
অনুপম মিলনস্বৰূপ এটি মিউজিকবেণ্ড
, ‘বন্দিশ বেণ্ডিটছ্‌

নব্য প্ৰযুক্তিৰ সহায়েৰে দৰ্শকক মনোৰঞ্জন
প্ৰদান কৰা মাধ্যমসমূহৰ ভিতৰত একেবাৰে নুমলীয়া সংযোজন হৈছে বৰ্তমান জনপ্ৰিয়তাৰ
শীৰ্ষলৈ গতি কৰা ৱেব
ছি‍ৰিজসমূহ৷ বিশেষকৈ অতিমাৰীৰ প্ৰভাৱত চলচ্চিত্ৰগৃহবোৰ বন্ধ হৈ পৰা সময়ছোৱাত
হাতত থকা ম
বাইল ফনটোতে
মনোৰঞ্জনপিয়াসী দৰ্শকে ডাউনল
ড কৰিছে ইটোৰ পিছত সিটো
 এণ্টাৰটেইনমেণ্ট এপ্লিকেশ্যন৷ এমেজন প্ৰাইম, নেটফ্লিকছ্‌, জি ফাইভ, হটষ্টাৰ, ভুট আদি ষ্ট্ৰিমিং
প্লেটফৰ্মবোৰে ইয়াৰে সুন্দৰ সুযোগ গ্ৰহণ কৰি দৰ্শকৰ বাবে মেলি দিছে নিত্য-নতুন
চিনেমা আৰু ৱেব
ছি‍ৰিজৰ সমাহাৰ৷ শেহতীয়াকৈ এমেজন প্ৰাইমত বিপুল জনপ্ৰিয়তা অৰ্জন কৰা দহোটা
খণ্ডৰ তেনে এখন ৱেব
ছি‍ৰিজ হৈছে, ‘বন্দিশ
বেণ্ডিটছ্‌
৷ ৱেব ছি‍ৰিজখনৰ প্ৰথম ঋতু
(
ছি‍জন)ৰ খণ্ডকেইটিয়ে লাভ কৰিছে আই এম
ডি বি ৰেংকিঙত ৮
.ৰ ঈৰ্ষণীয় স্কৰ৷ ইয়াৰ পূৰ্বেও ভাৰতীয় দৰ্শকৰ মাজত বহুতো ৱেব ছি‍ৰিজে যথেষ্ট সঁহাৰি লাভ কৰিছিল৷ এইসমূহৰ ভিতৰত উল্লেখযোগ্য
 দ্য ফেমিলি মেন, পাতাল লোক, ছেক্ৰে‍ড গেইম্‌, মিৰ্জাপুৰ, পঞ্চায়ত, ৰ ম
শ্বটছ্‌ প্লিজ
,
 কোটা ফেক্‌টৰি, আৰ্‌য়া ইত্যাদি৷ এইসমূহৰ বেছিভাগৰে কাহিনীত
উত্থাপিত হৈছে সন্ত্ৰাসবাদ
, হত্যা-হিংসা, অপহৰণ, মানুহৰ অস্থিৰ মনঃস্থিতি, দুৰ্নীতি আৰু ৰাজনীতিৰ পাশাখেলত পিষ্ট আজিৰ
সমাজ ব্যৱস্থাৰ নগ্ন ছবি৷ হিন্দীৰ সমান্তৰালভাৱে
 হইছই নামৰ বাঙালী ষ্ট্ৰি‍মিং এপ্‌টোৰ জৰিয়তেও
কেইবাখনো জনপ্ৰিয় ৱেব
ছি‍ৰিজ সম্প্ৰচাৰিত হৈছে৷ ৰবীন্দ্ৰনাথ
ঠাকুৰৰ বিখ্যাত গল্পৰ পৰা প্ৰসিদ্ধ অনুসন্ধানকাৰী ব্যোমকেশ বকসিৰ শিহৰণকাৰী
অভিযানলৈ
,
 বহুতো কাহিনীয়ে ৱেব ছি‍ৰিজৰ ৰূপেৰে নতুন সাজত দৰ্শকৰ
সমুখত দেখা দিছে৷ বেছিভাগ ৱেব
ছি‍ৰিজৰ প্ৰযোজনাৰ ক্ষেত্ৰত
নামী দামী অভিনয় শিল্পীসকলক লৈ
,
 নিৰ্দিষ্ট লকেশ্যনত শ্বুটিং কৰি, কোনো ধৰণৰ আপোচ নকৰাকৈ সৰ্বোতোপ্ৰকাৰে
নিখুঁতভাৱে এইসমূহক প্ৰস্তুত কৰি তোলা হৈছে৷ উল্লিখিত হিন্দী কেইখনমান ৱেব
ছি‍ৰিজত আনকি কাহিনীৰ দাবী
অনুযায়ী বিদেশতো শ্বুটিং কৰা হৈছিল৷ চিৰাচৰিত এইসমূহ উপাদানক নস্যাৎ কৰি
,
 হত্যা-হিংসা, ৰক্তপাতবৰ্জিত এক শক্তিশালী কাহিনীৰে, প্ৰতিটো চৰিত্ৰকে নিজা ধৰণে যোগাত্মকভাৱে
প্ৰতিষ্ঠিত কৰা এক বিশাল আৰু সুসমন্বিত আয়োজনৰ নাম
 বন্দিশ বেণ্ডিটছ্‌
ইয়াত কাহিনী-কথক কোনো মানুহ অথবা সময় নহয়৷ বৰং সমগ্ৰ কাহিনীটোক আমাৰ সন্মুখত লাহে
লাহে উন্মোচিত কৰা একমাত্ৰ উপাদানটোৱে হৈছে সংগীত৷
 বন্দিশ বেণ্ডিটছ্‌ সংগীতে কোৱা এটি সুৰীয়া গল্প অথবা কেইবাটাও
গল্পৰে গাঁথি উলিওৱা এডাল ছন্দোময় কথামালিকা৷

বন্দিশ বেণ্ডিটছ্‌’-ৰ পটভূমি মূলতঃ পশ্চিম ভাৰতৰ শাস্ত্ৰীয় আৰু লোকসংগীতৰ পীঠস্থানস্বৰূপ
যোধপুৰ৷ পণ্ডিত ৰাধেমোহন ৰাঠোড় ওৰফে পণ্ডিতজী (নাচিৰুদ্দিন শ্বাহ)
ৰ জীনৱজোৰা ত্যাগ আৰু কঠোৰ পৰিশ্ৰমৰ ফল,
 তেওঁৰ নিজস্ব সৃজনীশীলতাৰে গঠিত শাস্ত্ৰীয়
সংগীতৰ পৰম্পৰা
, যাৰ নাম ৰাঠোড় ঘৰানা৷ প্ৰতিটো
পুৱা পণ্ডিতজীৰ চোতাল ভৰি পৰে আলাপৰ মধুৰ সুৰেৰে৷ তেওঁৰ শিক্ষাৰ্থীসকলে তানপুৰাৰ
লয় আৰু তাবলাৰ তালে তালে নিৰ্দিষ্ট ৰাগৰ বন্দিশ গাবলৈ প্ৰয়াস কৰে৷ মাত্ৰ এটা ভুল
স্বৰ
,
 আৰু সেই শিক্ষাৰ্থীৰ ফালে
উঠি যায় পণ্ডিতজীৰ হাতৰ ইংগিত৷ ৰৈ দিয়ে শিক্ষাৰ্থীগৰাকীয়ে৷ শুদ্ধকৈ গাই থকাসকলেও
বহু পৰলৈ গুৰুৰ তীক্ষ্ণ শ্ৰৱণশক্তিৰ পৰা সাৰি যাব নোৱাৰে৷ তাৰে মাজতে কোনোবাই হয়তো
পণ্ডিতজীৰ শ্ৰেণীৰ পৰা চিৰবিদায় ল
বলগীয়াও হয়৷ স্বৰত গাফিলতি পণ্ডিতজীয়ে সহ্য
কৰিব নোৱাৰে৷ বছৰ বছৰ ধৰি সাধনা আৰু অধ্যৱসায়ৰ
পাছতহে কোনোবা
শিক্ষাৰ্থীয়ে পণ্ডিতজীৰ পৰা স্বীকৃতিস্বৰূপ আশীৰ্বাদৰূপে লাভ কৰে
 গণ্ডাবন্ধন’-ৰ সুযোগ৷ পণ্ডিতজীয়ে সেইগৰাকীৰ হাতৰ ঠাৰিত বান্ধে ৰঙী সূতা আৰু সেইদিনাৰে পৰা শিকাবলৈ আৰম্ভ কৰে ঘৰানাটোৰ বিশেষ ৰাগৰ লগতে
সেইবোৰ গোৱাৰ গোপন সুৰীয়া কিটিপ৷

পণ্ডিতজীৰ এই কঠিন শিক্ষা প্ৰক্ৰিয়াত উত্তীৰ্ণ
হৈ তেওঁৰেই নাতিল
ৰা ৰাধে প্ৰস্তুত হয় গণ্ডাবন্ধনৰ বাবে৷ পিছে ভাগ্য প্ৰসন্ন নথকাত সেই
সুযোগ তাৰ হাতৰ পৰা ওলাই যায়৷ সংগীতৰ শিক্ষা অপূৰ্ণ হৈ থকাৰ দুখে তাৰ ভিতৰখন কুটি
কুটি খাবলৈ ধৰে৷ এইবাৰ সেয়ে খুড়াকৰ পৰামৰ্শমতে সি বাছি ল
লে
প্ৰায়শ্চিত্তৰ কঠোৰ পথ৷ একৈ
দিন ঘৰৰ পৰা আঁতৰৰ মন্দিৰ এটাত
আশ্ৰয় লৈ
,
 কোনো চাকৰি অথবা ব্যৱসায়
নকৰি কেৱল সংগীতৰ সাধনা কৰাৰ স্বৰ্ত ৰাধেই গ্ৰহণ কৰে৷ বাটে বাটে চাউল মাগি ফুৰা
ৰাধেক দেখি কঁপি উঠে তমন্না৷ মাথোঁ সংগীত শিকিবৰ বাবে গুৰুৰ পৰা ক্ষমা খুজিবলৈ
কোনোবাই এনেদৰে তপস্যা কৰিব পাৰে
, ইমান ত্যাগ স্বীকাৰ কৰিব
পাৰে
, সেয়া যেন তাইৰ কল্পনাৰো অগোচৰ আছিল৷ কঠিন সময়বোৰৰ
অন্তত সম্পূৰ্ণ একৈ
ঘণ্টা গুৰুৰ সন্মুখত ৰাধেই কেৱল গীত গাই যায়৷ আত্মাক অনুশাসনেৰে বান্ধি
পেলোৱা সেই শুদ্ধিকৰণৰ ফলতেই পণ্ডিতজীয়ে কৰে ৰাধেৰ গণ্ডাবন্ধন৷ বন্দিশ বেণ্ডিটছে
আমাক শিকাব
,
 জোৱাৰৰ বুকু ভেদি গভীৰ
সমুদ্ৰতলিৰ পৰা শামুকৰ খোলাটো তুলি আনিবলৈ কতবাৰ চেষ্টা কৰিহে সফল হ
ব পৰা যায়৷ সেই শামুকৰ ভিতৰৰ
পৰা পোহৰ বিচ্ছুৰিত উজ্জ্বল মুকুতাই কেনেদৰে ক্ষণিকতে আলোকিত কৰি তুলিব পাৰে
চৌপাশৰ পৃথিৱী!

পণ্ডিতজীৰ মনত ৰাধেৰ প্ৰতিভা আৰু সাধনাৰ প্ৰতি
আস্থা জাগি উঠে৷ অৱশেষত যেন তেওঁ বিচাৰি পালে ৰাঠোড় ঘৰানাৰ উপযুক্ত উত্তৰাধিকাৰী৷
পিছে সময়ৰ চকা ঘূৰে আৰু সুখ দুখৰ দিনবোৰো উঠা-নমাকৈ আগ বাঢ়ি গৈ থাকে৷ প্ৰচুৰ
আৰ্থিক সংকটত পৰে ৰাঠোড় পৰিয়াল৷ ৰাধেৰ পিতৃয়ে ঋণ এটা ওভতাই দিব নোৱৰাত ঘৰখনেই
নিলাম হোৱাৰ পৰিস্থিতি আহি পৰিল৷ ইফালে সৰু সৰু ভুলতেই পণ্ডিতজীয়ে বহু ছাত্ৰক
শ্ৰেণীৰ বাহিৰ কৰাত সেইফালৰ পৰাও উপাৰ্জন কমি আহিছিল৷ এনে জটিল সময়ত ঘৰখনৰ ডেকা ল
ৰা ৰাধেমোহনে হঠাতে লবলগীয়া হল পৰিয়ালটোক উদ্ধাৰ কৰাৰ গধুৰ দায়িত্ব৷ পৰিয়ালৰ পৰম্পৰাৰ বিৰুদ্ধে গৈ সি শাস্ত্ৰীয় সংগীতকে মুঠি মাৰি
নাথাকি
,
 তেই সুবিধা পায়, তাতেই গান গাবলৈ ধৰিলে৷ সেই সময়তে পপ্‌ষ্টাৰ তমন্নাৰ পৰা পোৱা
সংগীতৰ এটি লোভনীয় প্ৰস্তাৱ ৰাধেই গ্ৰহণ কৰিলে৷ গানৰ মাজে মাজে কেতিয়ানো তাইক সি
বুকুত থাপিলে
,
 সেয়া গম পোৱাৰ আগতেই যেন
ভালপোৱাৰ চিলাখন উৰিবলৈ ধৰিলে দূৰ দিগন্ত ভেদি আকাশৰ বহল বুকুত৷

তমন্নাৰ সপোন পূৰণ কৰিবলৈকে মুখাৰ আঁৰত ৰৈ সি
তাইৰ লগত একেলগে কণ্ঠ নিগৰালে৷ তাইৰ চঞ্চল
, আধুনিক সুৰাৰোপিত তীব্ৰ গতিৰ
গানটোক ৰাধেৰ সুগভীৰ আলাপে দিলে অন্য এক মাত্ৰা৷ যেন আধুনিক আৰু ধ্ৰুপদী সুৰৰ মাজত
সৃষ্টি হ
ল এক প্ৰেমময়
সাধু! ৰাতিটোৰ ভিতৰতে
YouTube-ত জনপ্ৰিয়তাৰ অভিলেখ গঢ়িলে
সিহঁতৰ গানটোৱে৷
 

সেই সফলতাই ৰাধেৰ জীৱনলৈও আনিলে আন বহুতো কাম
আৰু সেইবোৰৰ পৰা পোৱা আৰ্থিক সকাহ৷ ইমানৰ
পাছতো কিন্তু তাৰ জীৱনলৈ নামি অহা পোহৰৰ বাটত
পুনৰবাৰ বাধা পৰে৷ মুখখন ঢাকিলেও
,
 চিনাকি মাত এটা ঢাকি থোৱাটো জানো ইমান সহজ? সেয়ে অতি গোপনকৈ ৰাখি থোৱা কথাটো এদিন সকলোৰে
মাজত জনাজাত হ
ল৷ সেই ৰহস্য আনকি খোল খালে পণ্ডিতজীৰ সন্মুখতো৷ সৰগ ভাঙি পৰিল গোটেই
পৰিয়ালটোৰ ওপৰত৷ শোক আৰু সন্তাপত পণ্ডিতজীয়ে নিজৰ কণ্ঠস্বৰ আৰু সংগীত
 দুয়োটাৰেই ত্যাগ কৰি পেলালে৷

প্ৰায় সকলো ৱেব ছি‍ৰিজৰে কেতবোৰ নিৰ্দিষ্ট
বৈশিষ্ট্য থাকে
 বহু চৰিত্ৰক ভিন্ন কাহিনীৰে
আগ বঢ়াই আনি একেডাল সূতাৰে বান্ধি পেলোৱা আৰু দৰ্শকক বহুতৰপীয়া ৰসাস্বাদানৰ সুবিধা
দিয়া৷
 বন্দিশ বেণ্ডিটছো ইয়াৰ ব্যতিক্ৰম নহয়৷ দহটা খণ্ডত
বিভক্ত যথেষ্ট দীঘলীয়া কাহিনীটোত চাহিদা অনুসৰি কেইবাটাও চৰিত্ৰ সংযোজন কৰা হৈছে৷
তাৰে ভিতৰত কেইটামান চৰিত্ৰ কেৱল মুখ্য চৰিত্ৰসমূহৰ সহায়কাৰীহে৷ তৎসত্ত্বেও কোনো
এটা চৰিত্ৰই কাহিনীটোত ম্লান পৰি যোৱা নাই৷ প্ৰতিটো চৰিত্ৰকে সজোৱা হৈছে উপযুক্ত
অৱস্থিতি আৰু আয়তন (স্পে
চ্) প্ৰদান কৰি৷ মূল কাহিনীটো আগুৱাই যাওঁতে তাত
ঠায়ে ঠায়ে যুক্ত হৈছে আন কেইবাটাও নেৰেটিভ্
৷ সেইবোৰে দৰ্শকক
এক অনন্য স্তৰীকৃত (লেয়াৰ্ড) অভিজ্ঞতাৰ সোৱাদ দিব৷ ক
তো অকণো
থমকি নোৰোৱাকৈ
,
 সংগীতৰ আলাপৰ দৰেই এটা
নিৰ্দিষ্ট লয়ত আগ বাঢ়ি প্ৰতিটো খণ্ড ৰৈ গৈছে এক চূড়ান্ত উত্তেজনাপূৰ্ণ মুহূৰ্তত৷

কাহিনীয়ে নিত্য নতুন ভাঁজ লয়৷ বহু বছৰ আগতে
ভূমিতলত পুতি থোৱা মৃত সময়ৰ হাড়বোৰ যেন হঠাতে ঘাঁহ-বনৰ বেহু ভেদি মূৰ তুলি থিয় হৈ
উঠে৷ উভতি আহে পণ্ডিতজীৰ একালৰ গুণী ছাত্ৰ আৰু তেওঁৰেই প্ৰথম তৰফৰ জ্যেষ্ঠ সন্তান
দিগ্বিজয় (অতুল কুলকাৰ্ণী)৷
 সংগীত সম্ৰাট উপাধিৰ বাবে সৰ্বতোপ্ৰকাৰে সাজু হৈ তেওঁ পিতৃলৈ
আগ বঢ়ায় সাংগীতিক প্ৰত্যাহ্বান৷ কঁপি উঠে পণ্ডিতজী৷ তেওঁৰ শ্ৰৱণ শক্তি
লাহে লাহে কমি আহিবলৈ ধৰিছিল৷
সেয়ে এইবাৰ পৰিয়ালৰ সুনাম আৰু ঘৰানাটো ধৰি ৰখাৰ গ
ধুৰ ভাৰ পৰে
তেনেই কম বয়সীয়া ৰাধেৰ কান্ধত৷ তাৰ
পাছৰ যি সংগীতৰ যুদ্ধ
দৰ্শকে পৰ্দাত প্ৰত্যক্ষ কৰিব
,
 সেয়া বহু দিনলৈ নিশ্চিতভাৱে হৈ ৰব আত্মাৰ আহাৰ! প্ৰতিপত্তি আৰু
সফলতাৰ শিখৰত আহৰণ কৰাৰ
পাছতো মানুহ কেতিয়াবা নিজৰ মাজতে
থাকি যায় চূড়ান্তভাৱে নিঃসংগ হৈ৷ গোটেই পৃথিৱীৰ শ্ৰদ্ধামিহলি মৰম আৰু প্ৰশংসা
পোৱাৰ
পাছতো কাৰোবাৰ পৰা একান্ত স্নেহকামনাত আজীৱন মানুহে
কঢ়িয়াই ফুৰে এটি মৰুভূমি মন! দিগ্বিজয় যেন সেই একাকিত্ব আৰু অপ্ৰাপ্তিৰেই প্ৰতীক৷
অস্তিত্বৰ অভ্যন্তৰত জাপি
কুচি থৈ দিয়াৰ পাছতো মানুহে পাহৰিব নোৱাৰে বিচ্ছেদৰ প্ৰাচীন যাতনা৷ সেয়ে শৃংগাৰ ৰসৰ আদিম
সুগন্ধি
টিয়াই দিয়াৰ পাছতো সংগীত
সম্ৰাটৰ সেই গধূলি বিজয়ী হয় কেৱল বিৰহ৷
 

ৱেব ছি‍ৰিজটোৰ য়ু এছ পি
বুলি ক
বলৈ গলে নিঃসন্দেহে সেয়া ইয়াৰ
আড়ম্বৰপূৰ্ণ সাংগীতিক আয়োজন৷ বিশিষ্ট সংগীত পৰিচালকত্ৰয় শংকৰ-এহচান-লয়ে তেওঁলোকৰ
সফল সংগীত সৃষ্টিৰ ধাৰা অক্ষুণ্ণ ৰাখি আমালৈ আগ বঢ়াই দিছে এক অপূৰ্ব সুন্দৰ এলবাম৷
বহু দিনৰ মূৰত এনে এটি এলবাম প্ৰযোজনা কৰা হৈছে য
ত নিখুঁত
শাস্ত্ৰীয়
,
 লঘু শাস্ত্ৰীয় সংগীতৰ সৈতে
অত্যাধুনিক সুৰৰ সমাহাৰ ঘটিছে৷ লগতে প্ৰয়োগ কৰা হৈছে যথেষ্ট পৰিমাণৰ লোক-সুৰ আৰু
লোক-বাদ্য৷ পণ্ডিত অজয় চক্ৰৱৰ্তী
, ফৰিদ হাচান, মোহম্মদ আমান, জাভেদ আলিৰ দৰে শাস্ত্ৰীয় শিল্পী, মামে খানৰ দৰে লোকশিল্পীৰ লগতে তৰুণ প্ৰজন্মৰ
শিৱম মহাদেৱন আৰু জোনিতা গান্ধীৰ দৰে কেইবাগৰাকীও বছা বছা শিল্পীয়ে ইয়াত গীত
গাইছে৷ এই সকলোৰে মাজত কিন্তু শেষৰ খণ্ডটিত সংযোজিত সংগীত পৰিচালক শংকৰ মহাদেৱনে
কণ্ঠ নিগৰোৱা
 বিৰহ শীৰ্ষক গীতটিয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ
কৰিবলগীয়াকৈ দৰ্শকক মোহাচ্ছন্ন কৰিব (যদিও ৱেব
ছি‍ৰিজৰ বাবে এতিয়াও ৰাষ্ট্ৰীয়
পুৰস্কাৰত কোনো শাখা নাই)৷ লগতে শ্ৰোতাৰ মনত ৰৈ যাব
,
 মহাদেৱনৰ কণ্ঠত নতুন শাস্ত্ৰীয় আংগিকেৰে প্ৰাণ
পোৱা প্ৰখ্যাত ৰাজস্থানী লোকগীত
 পধাৰো মাহৰে দেছ আৰু ফৰিদ হাচান-মোহম্মদ আমানৰ কণ্ঠত বসন্ত আৰু
বাহাৰ ৰাগত আৰম্ভ হৈ মেঘমল্লাৰত শেষ হোৱা এটি অভূতপূৰ্ব যুগলবন্দী৷ আশা কৰিব পাৰি
, এই কাহিনীটোৱে নতুন প্ৰজন্মৰ মাজত শাস্ত্ৰীয়
সংগীতৰ প্ৰতি কিছু হ
লেও আকৰ্ষণ নিশ্চিতভাৱে জগাই তুলিব৷ যুগ যুগ ধৰি বিপৰীত মেৰুত অৱস্থান কৰা
সংগীতৰ দুটি ধাৰাৰ মাজৰ প্ৰাচীৰ ভাঙি এই ৱেব
ছি‍ৰিজটোৱে পুনৰ
এবাৰ প্ৰমাণ কৰিবলৈ বিচাৰিছে দুয়োটা শৈলীৰেই অনুপম সৌন্দৰ্য৷ মুকলি কৰিবলৈ প্ৰয়াস
কৰিছে জটিল সংস্কাৰবোধৰ গণ্ডীত আৱদ্ধ হৈ থকা শাস্ত্ৰীয় সংগীতৰ পৰম্পৰাক আৰু আধুনিক
সংগীতক শিকাব বিচাৰিছে ধ্ৰুপদী সাধনা অবিহনে যে শিল্প সম্পূৰ্ণ নহয়৷ এখন বোৱতী
নদীৰ দৰে দুহাত মেলি
,
 কোনো শৈলী অথবা পৰম্পৰাৰ হিচাপ নকৰাকৈয়ে সংগীতে আঁকোৱালি লব পাৰে সকলোকে বন্দিশ বেণ্ডিটছে যেন বাৰে বাৰে তাকেই কবলৈ বিচাৰিছে৷ এহাতে যদিও সংগীত
এক নিয়মানুৱৰ্তিতা
,
 আনহাতে ইয়েই হৈছে পৰম
মুক্তি!

ৱেব ছি‍ৰিজখনৰ কাহিনী লিখিছে অমৃতপাল সিং
বিন্দ্ৰা আৰু লাৰা এহচান চান্দনীয়ে৷ যুৱ পৰিচালক আনন্দ তিৱাৰী ইতিমধ্যে মাৰাঠী
মঞ্চৰ লগতে মুম্বাই চিনেমা জগতত প্ৰতিষ্ঠিত অভিনেতা৷ তদুপৰি বৰ্ফিৰ দৰে চলচ্চিত্ৰত
তেওঁ সহযোগী পৰিচালক হিচাপে কাম শিকিছে৷ হয়তো নাটকৰ পৰা অহা বাবে মৌখিক
অভিব্যক্তিক পৰিচালকে যথেষ্ট গুৰুত্ব দিছে আৰু সেয়েহে লং-শ্বট আৰু এৰিয়েল কেমেৰাৰ
জৰিয়তে অনিন্দ্যসুন্দৰ দৃশ্যাৱলী দেখুৱাৰ সমান্তৰালভাৱে ইয়াত প্ৰয়োগ কৰা হৈছে
অসংখ্য ক্ল
জআপ শ্বট৷ কেমেৰাৰ ফ্ৰেইমিঙৰ পৰা আৰম্ভ কৰি
কাহিনীৰ প্ৰতিটো দিশতে চিনেমেটিক অভিযোজনাৰ পৰিচয় দিয়াত তেওঁ অলপো ত্ৰুটি ৰখা নাই৷
তথাপি প্ৰতিটো খণ্ডৰ দৈৰ্ঘ্য প্ৰায় সমান কৰিবলৈ যাওঁতে কিছুমান দৃশ্য
অপ্ৰয়োজনীয়ভাৱে দীঘল হৈছে৷ আনহাতে শিল্প নিৰ্দেশনাৰ ক্ষেত্ৰতো ৰাজস্থানৰ পাৰম্পৰিক
উপাদানৰ যথাযথ ব্যৱহাৰে ৱেব
ছি‍ৰিজখনক এক অপূৰ্ব নান্দনিক
মাত্ৰা প্ৰদান কৰিছে৷ খোৱা মেজত ৰাজস্থানী খাদ্যসম্ভাৰৰ পৰা আৰম্ভ কৰি খিৰিকীৰ
পৰ্দাখনলৈকে অত্যন্ত দক্ষ হাতেৰে সজোৱা হৈছে৷ তাৰ লগতে ৰাজপ্ৰাসাদত আয়োজিত সংগীত
সন্ধ্যাৰ পৰা মুম্বাইৰ মুকলি কনচাৰ্টলৈকে ছেট্
 ডিজাইনিং নিখুঁত হৈছে৷ কেৱল কিছুমান উপাদানৰ
বাৰম্বাৰ ব্যৱহাৰে শিল্প নিৰ্দেশকৰ মূল্যায়নত কেইটামান নম্বৰ হ্ৰাস কৰিব
, যেনে প্ৰায় সকলো আন্তঃদ্বাৰ দৃশ্যতে দেখা গৈছে
প্ৰচুৰ পৰিমাণৰ উজ্জ্বল
ৰং আৰু লোহাৰ পুৰণি জপাৰ দৰে
সামগ্ৰী৷

চৰিত্ৰ নিৰ্মাণ আৰু চৰিত্ৰ বিতৰণৰ ক্ষেত্ৰতো
বন্দিশ বেণ্ডিটছে কৃতিত্ব দাবী কৰিব পাৰে৷ নাচিৰুদ্দিন শ্বাহৰ দৰে জ্যেষ্ঠ শিল্পীৰ
সৈতে একেখন পৰ্দাতে থিয় হোৱা সত্ত্বেও শাস্ত্ৰীয় সংগীতৰ গায়কীৰ মৌখিক অভিব্যক্তি
আৰু শৰীৰী ভাষা আয়ত্ত কৰাত অতুল কুলকাৰ্ণী আৰু ঋত্বিক ভৌমিকে অদ্বিতীয় প্ৰতিভাৰ
পৰিচয় দিছে৷ কাহিনীটোৰ তিনিটা নাৰী চৰিত্ৰ
, ৰাধেৰ মাক মোহিনী, তমন্না, আৰু তমন্নাৰ মাক (মেঘনা
মলিক)
ৰ মাজেৰে
পৰিচালকে সৃষ্টি কৰিছে স্বাভিমান আৰু আত্ম-উন্মোচনৰ তিনিটা শক্তিশালী স্বৰূপ৷
বিশেষকৈ দুই মাতৃ চৰিত্ৰই প্ৰচলিত সামাজিক মূল্যবোধক নস্যাৎ কৰি সন্তানৰ বাবে
একোখন নতুন পৃথিৱীৰ নিৰ্মাণ কৰিছে৷ সন্তানৰ প্ৰকৃত পথপ্ৰদৰ্শক হৈ সফলতাৰ দিশে
আগুৱাই লৈ গৈছে৷ আনহাতে তমন্না আজিৰ প্ৰজন্মৰ প্ৰতিনিধি
,
 যি মুক্ত, অক্লান্ত আৰু নিজৰ দোষ-গুণৰ
প্ৰতি কোনো পক্ষপাতবিহীনভাৱে সচেতন৷

ভাৰতীয় ৱেব ছি‍ৰিজৰ ইতিহাসত বন্দিশ
বেণ্ডিটছ্‌ যেন এছাটি নিৰ্মল বতাহৰ দৰে! সম্পূৰ্ণৰূপে শাস্ত্ৰীয় সংগীত আধাৰিত এই
কাহিনীয়ে আমাক ওভতাই লৈ যাব সাধাৰণ শ্ৰোতা-দৰ্শকৰ পৰা কিছু নিলগত বাস কৰা এখন
সুৰীয়া জগতলৈ৷ গৈ গৈ কিন্তু কাহিনীটো শেষ হৈ নাযায়৷ এটি উন্মুক্ত সামৰণিত ৰৈ যায়
অন্তিমটো খণ্ড
,
 যিয়ে দৰ্শকৰ উৎসুকতা বৃদ্ধি
কৰিব দ্বিতীয়টো ঋতুৰ বাবে৷ আন এটি ছন্দোময় যাত্ৰাৰ বাবে সেয়ে আমিও অপেক্ষাৰত৷

 ঠিকনা:
কনিষ্ঠ তথ্য আৰু জনসংযোগ বিষয়া

তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসম

দিছপুৰ, গুৱাহাটী – ০৬

ভ্ৰাম্যভাষ: ৯৮৬৪৫-৭২১১৪