কেৰাচিনৰ গোন্ধ

 মূল : অমৃতা
প্ৰীতম
ৰ গল্প The Stench of Kerosene

অনুবাদ : পংকজ
কুমাৰ নেওগ

 

গুলেৰীৰ মাক-দেউতাকৰ ঘৰ
চাম্বাত৷ গিৰীয়েকৰ ঘৰৰ পৰা নামি যোৱা একা-বেঁকা পথটোৰে কেইমাইলমান নিলগত থকা
চাম্বা গাঁওখন তাৰ পৰাই ভালকৈ দেখা পোৱা যায়৷ ঘৰলৈ মনত পৰিলেই গুলেৰীয়ে স্বামী
মানকৰ সৈতে পাহাৰৰ টিংটোত উঠেগৈ৷ চাম্বাৰ ঘৰবোৰ ৰ
দৰ
পোহৰত জিলমিলাই থাকে আৰু তাকে দেখি গুলেৰীৰ মন-প্ৰাণ পুলকিত হয়৷ এবুকু আনন্দ আৰু
গৌৰৱেৰে তাই গিৰিয়েকৰ ঘৰলৈ উভতি যায়৷ প্ৰতিবছৰে খেতি চপোৱাৰ সময়ত গুলেৰী দেউতাকৰ
ঘৰলৈ যায়৷ মাক-দেউতাকে জীয়েকক আগবঢ়াই নিবলৈ লাকাৰমাণ্ডীলৈ মানুহ এজন পঠিয়ায়৷ গুলেৰীৰ
আৰু দুগৰাকী সখীৰ চাম্বাৰ বাহিৰলৈ বিয়া হৈছে আৰু বছৰৰ সেই সময়ত সিহঁত দুজনীও মাকৰ
ঘৰলৈ আহে৷ বছৰৰ সেই বিশেষ সময়খিনিৰ বাবে তিনিওজনীয়ে চাতক চৰাইৰ তৃষ্ণা লৈ
প্ৰতীক্ষাৰ প্ৰহৰ গণে৷ তিনিওজনীৰ মেল জমি উঠে আৰু ঘণ্টাৰ পাছত ঘণ্টা নিজৰ সুখ-দুখৰ
কথাবোৰ পাতি যায়৷ বাটে-ঘাটে নাচি-বাগি আটাইকেইজনীৰে ত

নাইকিয়া হয়
; তদুপৰি প্ৰধান আকৰ্ষণ শস্য চপোৱাৰ উসৱতো
আছেই! এই অনুষ্ঠানৰ বাবে ছোৱালীবোৰে নতুন কাপোৰ-কানি কিনে আৰু দোপাট্টাবোৰত ৰং আৰু
মাৰ দিয়াৰ লগতে মাইকাও লগায়৷ উ
ৎসৱত কাঁচৰ
চুৰি আৰু কাণৰ ৰূপৰ ফুলিও কিনা হয়৷
 

সৱৰ
সময় কেতিয়া আহিব তাকে লৈ গুলেৰীয়ে দিন গণে৷ যেতিয়া শৰ
কালৰ
বতাহজাকে বাৰিষাৰ ক
লা মেঘখিনি আঁতৰাই আকাশখন নিৰ্মল কৰি
তোলে তেতিয়াই চাম্বাৰ কথা গুলেৰীৰ মনত পৰে৷ পোহনীয়া জন্তুকেইটাক দানা খাবলৈ দি আৰু
শহুৰ-শাহুৱেকৰ আহাৰ বনোৱা শেষ হ
লে তাই
হিচাপ কৰিবলৈ বহে
আৰু কেইদিনৰ পাছত দেউতাকৰ ঘৰৰ পৰা
মানুহ আহি পাব তাইক নিবলৈ৷ চাওঁতে চাওঁতে আকৌ এবাৰ দেউতাকৰ ঘৰলৈ যোৱাৰ সময় আহিল৷
ঘোঁৰাজনীক অলপ মৰম কৰি আৰু দেউতাকৰ ঘৰৰ পুৰণি ভৃত্য নাথুক হাঁহিমুখে স্বাগতম জনাই
গুলেৰীয়ে পাছদিনা কৰিবলগীয়া যাত্ৰাৰ বাবে সাজু হ
বলৈ
ধৰে৷ গুলেৰীৰ চেহেৰা আনন্দত টলবল কৰিবলৈ ধৰিলে৷ তাইৰ গিৰিয়েক মানকে ঘৰৰ ভেটিটোতে
বহি আৰু চকু মুদি হোকা টানি আছিল৷ মুখখন তাৰ কিবা কাৰণত অতি চিন্তাক্লিষ্ট৷
চাম্বাৰ
মেলালৈ তুমি আহিবা নহয়
?’ –গুলেৰীয়ে
জানিব বিচাৰিলে৷
অন্ততঃ এদিনৰ বাবে হলেও আহি যাবা৷ মানকে এইবাৰ
হোকাটো বাৰা
ণ্ডাতে থলে কিন্তু মুখেৰে একো নামাতিলে৷ মোৰ
কথাৰ উত্তৰ নিদিয়া কিয়
?’ – গুলেৰী যেন
কিছু বিৰক্ত হ
ল৷ মই কথা এটা
কওঁনে
?’

: তুমি কি কবা মোৰ জনাই আছে৷ মই
বছৰি এবাৰেই মা-দেউতাৰ ঘৰলৈ যাওঁ৷
তোমাক কোনো
দিনে মানা কৰা নাই
, গুলেৰী!

: তেনেহলে
এইবাৰ বাধা দিছা কিয়
? – ক্ৰুদ্ধ কণ্ঠ গুলেৰীৰ৷

: মাত্ৰ এইবাৰ
নোযোৱাকৈ থাকাচোন!

: তোমাৰ
মায়েচোন মোক একো কোৱা নাই৷ তুমি কিয় মানা কৰিছা
? – গুলেৰীয়ে
ভূৰু কোঁচালে৷

: মোৰ মায়ে …
বাক্যটো শেষ নকৰি মানক মনে মনে ৰ
ল৷

        পাছদিনা
ফেঁহুজালি দিওঁতেই সাজি-কাচি গুলেৰী ঘৰলৈ যাবলৈ ওলাল৷ তাইৰ কেঁচুৱা বা কোনো সন্তান
নথকা বাবে সিহঁতকো লগত নিয়া বা শহুৰ-শাহুৰ সৈতে এৰি থৈ যোৱা আহুকালবোৰ নাই৷ নাথুৱে
ঘোঁৰাজনীৰ পিঠিত জিনখন লগাই তাইক সাজু কৰিলে৷ গুলেৰীয়ে মানকৰ মাক-দেউতাকৰ পৰা
বিদায় লোৱাৰ পৰত তেওঁলোকেও বোৱাৰীয়েকক মূৰত হাত থৈ আশীৰ্বাদ দিলে৷
তোমাক বাটটোৰ কিছুদূৰ আগবঢ়াই থৈ আহোঁ, বলা– মানকে কলে৷ বৰ আনন্দমনেৰে গুলেৰী ঘৰৰ পৰা ওলাল৷ দোপাত্তাখনেৰে
লুকুৱাই তাই মানকৰ বাঁহীটো ল
বলৈ
নাপাহৰিলে৷ খাজিয়াৰ গাঁওখন পাৰ হৈয়েই বাটতো বৰ তললৈ চাম্বাৰ দিশে নামি গৈছে৷
এইখিনি ঠাইতে গুলেৰীয়ে লুকাই অনা বাঁহীটো মানকক দিলে৷ মানকৰ হাত এখন আঁকোৱালি লৈ ক
লে – এতিয়া
বাঁহীটো বজোৱাঁচোন!
মানক কিন্তু কিবা গভীৰ চিন্তাত
মগ্ন, গুলেৰীৰ কোনো কথা কাণলৈ নগ
ল৷আৰে! তুমি
বাঁহীটো নবজোৱাঁ কিয়
?’ – কিছু ক্ষুণ্ণ হৈ গুলেৰীয়ে কলে৷ মানকে ম্লানচকুৰে এবাৰ পত্নীলৈ চালে আৰু এইবাৰ বাঁহীটোত
ফু দিলে৷ এটা কৰুণ সুৰ বাঁহীটোৰ পৰা নিৰ্গত হ
ল৷ গুলেৰী, নাযাবা– মানকে
অনুনয় কৰিলে৷
আকৌ এবাৰ কৈছোঁ, এইবাৰ নাযাবা৷ বাঁহীটো ঘৈণীয়েকক ওভতাই দিলে; সি
আৰু বজাব নোৱাৰে৷
 

       কিন্তু কিয়?’ – গুলেৰীয়ে
প্ৰশ্ন কৰিলে৷
তুমিচোন মেলাৰ দিনা আহিবাই আৰু তেতিয়াই আমি ঘৰলৈ
একেলগে উভতিম৷ কথা দিছোঁ, আৰু এটা দিনো চাম্বাত থাকোঁ বুলি জেদ নধৰোঁ৷
মানকে দুনাই গুলেৰীক একো অনুৰোধ নকৰিলে৷ নাথুৱে ঘোঁৰাজনীক
লৈ কেই খোজমান আগে আগে গৈ আছিল যাতে দম্প
তীহালে
কথা পাতি আহিবলৈ সুযোগ পায়৷ মানকৰ মনত পৰিল সাত বছৰৰ পূৰ্বে এই পথটোৰেই সি
বন্ধু কেইজনমানৰ সৈতে মেলা চাবলৈ চাম্বালৈ গৈছিল৷ সেই মেলাতেই গুলেৰীৰ সৈতে সাক্ষা
হয়
আৰু সিহঁতৰ প্ৰেমৰ সংযোগ ঘটে৷ অকলে এবাৰ লগ পোৱাৰ সুযোগ পাই মানকে গুলেৰীৰ হাত
এখনত ধৰি কৈছিল –
তুমি  যেন একেবাৰে দুগ্ধৰে পৰিপূৰ্ণ অপক্ক শস্য!’ ‘গৰু-মহবোৰৰ অপক্ক শস্যতে সদায় চকু’ –
একে আঁজোৰে গুলেৰীয়ে হাতখন আঁতৰাই নিছিল৷
মানুহে
সদায় শস্য সিজায় খায়৷ মোক পাবলৈ ইচ্ছা আছে যদি দেউতাক দেখা কৰাঁ৷ তেওঁক গৈ কোৱাঁ তুমি মোক জীৱন-লগৰী কৰিবা বুলি৷
মানকহঁতৰ
বংশৰ নিয়ম হ
ল বিৱাহৰ পূৰ্বে কন্যাপক্ষক যৌতুক দান৷ গুলেৰীৰ
দেউতাকে তেওঁৰ ছোৱালীৰ বাবে কিমান ধন দাবী কৰে সেই কথা ভাবি মানক চিন্তিত হৈছিল৷
গুলেৰীৰ দেউতাক হ
ল বহুত দিন চহৰত থাকি অহা ধনী গৃহস্থ; যৌতুক প্ৰথা তেওঁ বিশ্বাস নকৰে৷ ছোৱালীজনীক এটা ভাল পৰিয়ালৰ
সুপাত্ৰত গতাব পাৰিলেই তেওঁক একো নালাগে৷ মানকৰ গাত তেওঁ বিচৰা সকলোবোৰ গুণেই আছিল
– গতিকে গুলেৰীক মালা পিন্ধাবলৈ মানকৰ বেছিদিন নালাগিল৷ সেই দিনবোৰৰ কথাকে ভাবি বিভোৰ
হৈ থাকোঁতে গুলেৰীৰ হাতৰ স্পৰ্শত সি সম্বিত ফিৰাই পালে৷

        ইমান সময় কি সপোন দেখি বিভোৰ হৈ আছিলা?’- গুলেৰীয়ে ঠাট্টা কৰি সুধিলে কিন্তু মানকে একো উত্তৰ নিদিলে৷
ঘোঁৰাজনী অধৈৰ্য হৈ চিঁহিঁহিঁকৈ এবাৰ চিঞৰি উঠিল৷ যাত্ৰা কৰিবলগীয়া দূৰত্বৰ কথা ভাৱি
গুলেৰী এইবাৰ বিদায় ল
বলৈ প্ৰস্তুত হল৷

: নীলা ঘণ্টা
থকা অৰণ্যখনৰ কথা শুনিছানে
? – তাই
সুধিলে৷ ইয়াৰ পৰা মাত্ৰ দুমাইল আঁতৰত৷ তালৈ যিজন এবাৰ যায় তেওঁ হেনো কাণেৰে নুশুনা হৈ পৰে।

: ওঁ,
শুনিছোঁ৷

: তোমাৰ
অৱস্থা দেখি মোৰ ভাব হয় তুমিও যেন সেইখন অৰণ্যৰ পৰা উভতি আহিছা! মই কৈ থকা কথাবোৰ
তোমাৰ কাণত নোসোমোৱা হৈছে!

তুমি ঠিকেই
কৈছা গুলেৰী৷ তুমি কি কৈ আছা একোৱেই মই শুনা নাই

মানকে এটা দীৰ্ঘশ্বাস এৰিলে৷ এজনে আনজনৰ ফালে চালে৷ ইজনে সিজনৰ মনত কি চলি আছে একো
নাজানে৷
মই এতিয়া যাওঁ৷ তুমি ঘৰলৈ উভতি যোৱাঁ, অনেকখিনি
বাট আহিলা
’- মৃদু কণ্ঠৰে গুলেৰীয়ে কলে৷ 

: ইমানখিনি পথ
তুমিও খোজ কাঢ়িলা, বাকীখিনি ঘোঁৰাত উঠি যোৱাঁ – মানকে ক
লে৷
  

: এয়া লোৱাঁ,
তোমাৰ বাঁহী৷

: তোমাৰ লগতে
থোৱাঁ৷

মেলাৰ দিনা
আহি বজাবা নহয়!
’ –গুলেৰীয়ে হাঁহি এটা মাৰি সুধিলে৷
তাইৰ চকুহাল উজ্জ্বল হৈ জিলিকিছিল৷ মানকে অন্য দিশে মুখ ঘূৰালে৷ গুলেৰীয়ে মানকৰ
ব্যৱহাৰত আচৰিত হৈ কান্ধ জোকাৰিলে মাত্ৰ৷ চাম্বালৈ তাইৰ যাত্ৰা আৰম্ভ হ
ল৷ মানক ঘৰলৈ উভতি আহি চাৰপাই এখনতে ধাঁচকৈ বহি পৰিল৷ 

: কি হল, ইমানপৰ লগালি যে? একেবাৰে
চাম্বা পালিগৈ নেকি
? – মানকৰ মাকে মুখপাতি ধৰিলে৷

: নাই,
পাহাৰটোৰ ওচৰৰ পৰা উভতি আহি
লোঁ
এটা গধুৰ মাতেৰে মানকে উত্তৰ দিলে৷

: বুঢ়ীমানুহৰ দৰে মুখ ওন্দোলাই বহি আছ কিয়? অলপ ৰংমনে থাকিব নোৱাৰ নেকি? – মাকে
মক দিলে৷

মানকে ক
খুজিছিল –
ৰং-আনন্দ কৰাৰ এটা পৰিৱেশ তুমি সৃষ্টি কৰিছা
জানো, মা
?’ কিন্তু সি মনে মনে থাকিল৷ মানক আৰু
গুলেৰীৰ বিয়া হোৱা সাত বছৰ হ
ল কিন্তু
এতিয়াও মাতৃ হ
ব পৰা নাই গুলেৰী৷ মানকৰ মাকে কঠোৰ সিদ্ধান্ত
লৈছিল – তেওঁ এই অৱস্থা চলি থাকিবলৈ দিব নোৱাৰে৷ ঘৰত তেওঁ নাতিৰ মুখ চাব বিচাৰে আৰু তেওঁ
চাইহে এৰিব! আৰু কেই দিনমানৰ পাছতে মানকহঁতৰ দাম্পত্য জীৱনে আঠ বছৰত ভৰি দিব৷ মানকৰ
মাকে পুত্ৰক পাঁচশ টকা দিছে আৰু এখন বিয়া পাতিবলৈ৷ তেওঁ আৰু অপেক্ষা কৰাৰ পক্ষপাতী
নহয় – মাত্ৰ ৰৈ আছিল গুলেৰী দেউতাকৰ ঘৰলৈ যাবলৈ! সেই সুৰুঙাত তেৱোঁ নতুন পুত্ৰবধূক আনি ঘৰত সোমোৱাব৷ মাক আৰু সামাজিক নীতি-নিয়মৰ খাতিৰত নতুন নাৰীগৰাকীৰ প্ৰতি
মানকে শাৰীৰিকভাৱে সঁহাৰি জনালে
, কিন্তু
হৃদয়খন তাৰ ইতিমধ্যে মৰহি গৈছিল৷

 

*   *   * 

       এদিন
ৰাতিপুৱা ঘৰৰ বাৰা
ণ্ডাত মানকে হোকা
টানি বহি থা
কোঁতে পুৰণি
বন্ধু এজনক ঘৰৰ আগৰ বাটটোৰে গৈ থকা দেখা পালে৷

: ইমান পুৱাতে
লৈ ওলালি, ভৱানী? – মানকে
চিঞৰি সুধিলে৷

মানকৰ মাত শুনি ভৱানী থমকি ৰল৷ কান্ধত তাৰ এটা সৰু টোপোলা৷ নাই, তেনেকৈ কলৈকো ওলোৱা
নাই৷
– ভৱানীৰ নিৰ্লিপ্ত উত্তৰ৷

: তেনেহলে
ইমান লৰালৰি কিহৰ
? আহ, মোৰ সৈতে এচিলিম ধঁপাত টানি যা৷
– মানকে আমন্ত্ৰণ জনালে৷

ভৱানী আহি মানকৰ ওচৰতে বহিল আৰু তাৰ পৰা হোকাটো
লৈ কেইটামান টান দিলে৷ নাকে-মুখে ধোঁৱাবোৰ উলিয়াই এইবাৰ সি লাহেকৈ মুখ মেলিলে –
মই চাম্বাৰ মেলালৈ ওলাইছো৷
কথাষাৰে মানকক যেন ছুৰীৰে বুকুত আঘাত হানিলে৷

: মেলা আজি নেকি?

প্ৰতিবছৰে
এই সময়তে মেলা বহে
– এটা শুকান মাতেৰে ভৱানীয়ে উত্তৰ
দিলে৷
কিয়, সাত বছৰৰ পূৰ্বে আমি একেলগে এই
মেলাখনলৈকে যোৱা নাছিলো জানো
?’ ভৱানীয়ে
আৰু একো নকৈ মনে মনে ৰ
ল৷ মানকে
বন্ধুৰ নিৰুত্তাপ আচৰণৰ কাৰণ ভালকৈয়ে বুজি পালে৷ অস্বস্তিকৰ কেইটামান মুহূৰ্ত৷
ভৱানীয়ে হোকাটো থৈ টোপোলাটো কান্ধত তুলি ল
লে৷
টোপোলাৰ ফাঁকেৰে বাঁহী এটা ওলাই আছিল৷ মানকৰ পৰা বিদায় লৈ ভৱানী আলিবাটত উঠিল৷ সি
চকুৰ আঁতৰ নোহোৱালৈকে মানকে বাঁহীটোলৈ চাই থাকিল৷
 

       পাছদিনা
আবেলি খেতি পথাৰত কাম কৰি থা
কোঁতে
মানকে ভৱানীক দেখা পালে৷ তাৰ পিনেই অহা যেন লাগিল৷ মুখখন আনফালে ঘূৰাই ল
লে মানকে, ভৱানীৰ লগত কথা পাতিবলৈ মন নাই অলপো৷ ভৱানী
কিন্তু পোনেই মানকৰ ওচৰলৈ আহি সন্মুখতে বহি ল
লে৷
তাৰ মুখখন একেবাৰে ম্লান দেখা গৈছিল৷

: গুলেৰীৰ মৃত্যু
হৈছে! – এটা বিষণ্ণ কণ্ঠৰে ভৱানীয়ে কলে৷

: কি??

: তোৰ দ্বিতীয়
বিৱাহৰ খবৰ পাই গুলেৰীয়ে গাত কেৰাচিন তেল ঢালি আত্মহত্যা কৰিছে৷

মানকৰ শৰীৰৰ পৰা নিমিষতে কোনোবাই যেন সকলো তেজ
শুহি নিলে৷ বিস্ফাৰিত চকুৰে সি কেৱল চাই ৰ
ল ভৱানীৰ
মুখলৈ! মুখেৰে টু এটাও শব্দ নোলাল৷ বুকুৰ ভিতৰখন নিমিষতে যেন জ্বলি-পুৰি ছাৰখাৰ হৈ
ল! 

*    *    *

 

দিনবোৰ যাবলৈ ধৰিলে৷ মানকে
খেতিপথাৰত কাম কৰে আৰু ঘৰলৈ উভতে৷ ভাত-পানী খাই মনে-মনে উঠি যায়, কাকো কোনো এটা
কথা নকয়৷ সি এতিয়া এটা জীৱন্ত মৃতদেহৰ দৰে- চেহেৰা অভিব্যক্তিশূন্য, চকুত উকা
দৃষ্টি৷
মই যেন তেওঁৰ পত্নী নহওঁ
অনুযোগ কৰে তাৰ দ্বিতীয়া পত্নীয়ে৷
যেন জোৰ কৰি
মোক তেওঁৰ ডিঙিত ওলমাই দিয়া হৈছে৷
কিন্তু
কিছুদিনৰ পাছতে তাই গৰ্ভৱতী হ
ল৷ মানকৰ
মাকক এতিয়া পায় কোনে
? নতুন পুত্ৰবধূ
প্ৰতি তেওঁ খুবেই সন্তুষ্ট৷ মাকে পুত্ৰক ঘৰলৈ নতুন অতিথি আহিবল
গীয়া কথাটো জনালে– কিন্তু মানকৰ চেহেৰা ভাৱ-লেশহীন হৈ ৰল– চকুৰ সেই উকা চাৱনিৰ কোনো পৰিৱৰ্তন নঘটিল৷ শাহুৱেকে
পুত্ৰবধুক সাহস দিলে–
চাবাচোন,
সন্তান জন্ম হোৱাৰ পাছত কেঁচুৱাটোক নি কোলাত দিলে মানকৰ মন আৰু মেজাজৰ অভাৱনীয়
পৰিৱৰ্তন ঘটিব৷
যথা সময়ত মানকৰ পত্নীয়ে এটা পুত্ৰ সন্তান জন্ম
দিলে৷ মানকৰ মাকে আনন্দতে নাতিয়েকক গা-পা ধুৱাই আৰু এযোৰ সুন্দৰ পোছাক পিন্ধাই
পুতেকৰ কোলাত তুলি দিলে৷ স্থিৰ দৃষ্টিত শিলৰ দৰে ভাৱ-লেশহীন মুখেৰে বহুত সময় মানকে
কেঁচুৱা ল
ৰাটিলৈ চাই ৰল৷
হঠাতে তাৰ শূন্য চকুত ফুটি উঠিল আতঙ্ক আৰু মৃগীৰোগীৰ দৰে চি
কাৰ
কৰিবলৈ ধৰিলে –
তাক লৈ যোৱাঁ! লৈ
যোৱাঁ
!! তাৰ গাৰ পৰা কেৰাচিনৰ গোন্ধ
ওলাইছে…!!

 

***

 

 

ঠিকনা :

মাস্কাট, চুলতানেট অব ওমান

: +৯৬৮-৯৯৬৭-২৭৮১