ডাঙৰি ৰণাঙ্গনত মধ্যযুগৰ অসমৰ কৃষক প্ৰজাৰ শেষ প্ৰতিৰোধ

  ৰক্তিম ৰঞ্জন শইকীয়া

 

মধ্যযুগৰ অসমৰ
সকলোতকৈ গুৰুত্বপূর্ণ সংঘটন হ
ল মোৱামৰীয়া বিদ্ৰোহ৷ অসমৰ ৰাজনৈতিক আৰু সমাজৰ জীৱনৰ অতি জটিল এই সন্ধিক্ষণটোত সমগ্ৰ আহোম
ৰাজ্য হৈ পৰিছিল এখন যুদ্ধক্ষেত্ৰ৷ ৰজাঘৰীয়া আৰু প্ৰজাঘৰীয়াসকলৰ মাজৰ এই ৰক্তক্ষয়ী
যুদ্ধবোৰৰ ভিতৰত এখন অতি নির্ণায়ক যুদ্ধ হৈছিল
তিনিচুকীয়া জিলাৰ ডাঙৰি অঞ্চলত৷ ১৮০৩ চনৰ শেষ
ভাগত হোৱা এই যুদ্ধতে আহোম ৰাজ্যৰ ৰাজধানী ৰংপুৰত এৰা
ধৰাকৈ প্ৰায় ৫ টা বছৰ ৰাজত্ব
কৰা মোৱামৰীয়া ৰজা ভৰত
সিংহৰ মৃত্যু হয়৷ সেয়ে যুদ্ধনীতি আৰু কূটনীতিৰ দিশৰ পৰা ডাঙৰি
যুদ্ধ অতি গুৰুত্বপূর্ণ আছিল৷ এই ডাঙৰি যুদ্ধৰ পটভূমি উপলব্ধি কৰিবলৈ আমি সময়ৰ নদীয়েদি
কিছু উজাই যাব লাগিব৷
 

১৭৬৯ খ্ৰীষ্টাব্দত হোৱা মোৱামৰীয়াসকলৰ প্ৰথম বিদ্ৰোহৰ পাত ৰজাঘৰে মোৱামৰীয়া অধিকাৰ
অষ্টভূজ দেৱ
, ডেকা অধিকাৰ সপ্তভূজ দেৱক (গাগিনী ডেকা) প্ৰমূখ্য কৰি পৰিয়ালৰ সকলো
ব্যক্তিকে হত্যা কৰাইছিল৷[1]
তাৰপা

পৰাই মায়ামৰা সত্ৰৰ
অস্তিত্ব
নোহোৱাৰ দৰেই হৈছিল৷ ১৭৮২ খ্ৰীষ্টাব্দত হোৱা মোৱামৰীয়া দ্বিতীয় বিদ্ৰোহৰ পা
ত দেশ জুৰি মোৱামৰীয়া সত্ৰৰ
লগত সামান্যতমো সম্পর্ক থকা সকলোকে হত্যা কৰা হৈছিল৷[2]
এই সমূহীয়া হত্যাকাণ্ডৰ পা
ত ৰাজমন্ত্ৰী পূর্ণানন্দ বুঢ়াগোহাঁয়ে মায়ামৰা সত্ৰ আদিগুৰু অনিৰূদ্ধদেৱৰ
সৰু পুতেকৰ আজোনাতি পীতাম্বৰ দেৱক বিচাৰ
খোচাৰ কৰাই উত্তৰপাৰৰ ডফলা পর্বতৰ নামনিত পায়গৈ৷[3]
তেওঁকে আনি পূর্ণানন্দ বুঢ়াগোহাঁয়ে ১৭৮৪ খ্ৰীষ্টাব্দত মাজু
লীৰ অগ্নিচাপৰি নামৰ ঠাইত এখন
সত্ৰ পতাই নতুন মোৱামৰীয়া গুৰু হিচাপে সংস্থাপন দিয়ে৷[4]
সেইবছৰেই ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে হৰিহৰ তাঁতীৰ নেতৃত্বত ডফলা
সকলৰ সহযোগত মোৱামৰীয়াসকলে পুৰ বিদ্ৰোহ আৰম্ভ কৰিলে৷ উত্তৰপাৰে
জয়লাভ কৰাৰ পা
ত বিদ্ৰোহীসকলে হৰিহৰ তাঁতীৰ নেতৃত্বত এটা শক্তিশালী বিদ্ৰোহী বাহিনীয়ে লোহিত
সুঁতি অতিক্ৰম কৰি মাজু
লীত ভৰি দিলে৷ লগেলগে পীতাম্বৰদেৱে বিদ্ৰোহীৰ লগত যোগ দি উত্তৰপাৰে দিখৌমুখৰ বিপৰীতে
অৱস্থান ল
লে৷[5]
তাৰপা

পীতাম্বৰদেৱে এদিন ব্ৰহ্মপুত্ৰ অতিক্ৰম কৰি দিখৌমুখৰ কাষতে কোঠ মাৰিলে৷ ১৭৮৮ খ্ৰীষ্টাব্দৰ
প্ৰথম ভাগত বিদ্ৰোহীসকলে ৰাজধানী অধিকাৰ কৰাৰ পা
ত পীতাম্বৰ দেৱে ৰংপুৰতে অৱস্থান ললে৷ ৰংপুৰত হৰিহৰ তাঁতীয়ে যোগেন্দ্ৰ নাম
লৈ ৰাজপাট ল
লে৷ ১৭৯১ চনত পীতাম্বৰদেৱে
যোগেন্দ্ৰক অপসাৰণ কৰি তেওঁৰ সম্পর্কীয়
(?) ডেকাঅধিকাৰ ভৰথীক সিংহাসনত বহুৱাবলৈ সক্ষম হৈছিল৷[6]
ভৰথী ১৭৯১ খ্ৰীষ্টাব্দৰ ফেব্ৰুৱা
ৰিমার্চ মাহত (১৭১৩ শকৰ ফাগুণ মাহত) সিংহাসনত উঠে৷[7]
ৰজা হৈ ভৰথীয়ে ভৰত সিংহ নাম লয়৷ কেপ্তেইন হেনেই

(Captain S. O. Hannay, 40th Regiment, N.I. Assistant Commissioner in
Assam)
তেওঁৰ এটা টোকাত মোৱামৰীয়াসকলে পতা কেইবাজনো ৰজাৰ
লগত কোনো এক বৰটীয়াৰ কথাও উল্লেখ কৰিছে৷
[8] হেনেৰ মতে বৰটীয়াই ৰংপুৰ অধিকাৰ কৰি ৰাজত্ব
কৰিছিল আৰু বৃটিছ সৈন্যৰ আগম
ৰ পাতে ৰংপুৰ এৰি পলায়ন কৰিছিল৷[9] ভৰত সিংহৰ ৰাজত্বকালৰ লগত বৰটীয়াৰ ৰাজত্বকাল
মিলি যায়৷ গতিকে
বৰটীয়াশব্দটো ভৰথীৰে অপভ্ৰংশ৷ বৰটীয়াই ভৰত সিংহ নাম লৈছিল৷[10]

ভৰথীয়ে ১৭৯৪ খ্ৰীষ্টাব্দত
কেপ্তেইন ৱেলচৰ আগম
ৰ সময়ত সাময়িকভাৱে ৰংপুৰ এৰিবলগীয়া হৈছিল যদিও ৱেলচৰ প্ৰস্থানৰ পাত আহোম ৰাজধানী যোৰহাটলৈ
তুলি নিয়া হ
ল৷ সেই সুযোগতে পুৰ ভৰত সিংহই ১৭৯৪ খ্ৰীষ্টাব্দৰ
ডিচেম্বৰ বা ১৭৯৫ খ্ৰীষ্টাব্দৰ জানুৱা
ৰিত ৰংপুৰ অধিকাৰ কৰে৷[11]
১৭৯৫ খ্ৰীষ্টাব্দৰ আগষ্টত ৰজা গৌৰীনাথ সিংহৰ মৃত্যুৰ পা
ত কমলেশ্বৰ সিংহ পাটত উঠে৷
১৮০১ খ্ৰীষ্টাব্দত হোৱা যুদ্ধত ৰজাঘৰীয়া সৈন্যই ৰংপুৰ অধিকাৰ কৰে৷ পীতাম্বৰদেৱ বন্দী
হয় আৰু ভৰথী ৰজা পলাই যায়৷
[12]

 

এইবাৰ ভৰথী ৰজাই বুঢ়ী
দিহিঙৰ উজনি অংশত চিংফৌসকলৰ গাঁৱত আশ্ৰয় গ্ৰহ

কৰিলে৷ চিংফৌ আৰু মোৱামৰীয়াসকলৰ সন্মিলিত বাহিনীৰ বিৰূদ্ধে স্বর্গদেৱে
১৭২৩ শকত
(১৮০১ খ্ৰীষ্টাব্দ) অভিযান পঠাই চিংফৌসকলক পৰাস্ত কৰিলে৷[13] চিংফৌসকলে আহোম স্বর্গদেৱৰ ওচৰত আত্মসমর্পন কৰাত
ভৰত সিংহই তেওঁৰ সহযোদ্ধাসকলক লৈ বেংমৰাৰ সর্বানন্দ সিংহৰ ৰাজ্যৰ একেবাৰে উত্তৰ দিশেদি
ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ডিব্ৰু
চৈখোৱাৰ
মাজেৰে আগবাঢ়ি গৈ ডাঙৰি নদীৰ পাৰ পালেগৈ৷ তাৰপা
ত বিদ্ৰোহী বাহিনীটোৱে ডাঙৰি
নদীৰ পাৰে পাৰে পূৱদিশে কিছু
দূৰ গমন কৰি ডাঙৰি অঞ্চলত এটা শক্তিশালী কোঠ নির্মা কৰিলে৷[14]

 

       ডাঙৰি অঞ্চলৰ বিদ্ৰোহীৰ শিৱিৰটোৰ বিষয়ে ৰাজকীয় চোৰাংচোৱাই
সেইসময়ৰ আহোম ৰাজ্যৰ ৰাজধানী যোৰহাটত খবৰ দিলেগৈ৷ গতিকে ব্ৰহ্মপুত্ৰ নদীয়েদি ডেকাফুকনৰ
নেতৃত্বত এটা সৈন্যবাহিনী ডাঙৰি অভিমুখে ৰাওনা কৰি দিয়া হ
ল৷ এই বাহিনীটো উজাই গৈ ধলা অঞ্চলত
অৱতৰণ কৰি তাৰ পৰা স্থলপথেদি ডাঙৰিৰ ফালে আগবাঢ়িল৷ ডাঙৰি নদীৰ পাৰত মোৱামৰীয়াসকলে প্ৰতিৰোধ
আৰম্ভ কৰিলে৷ কিন্তু ইংৰাজৰ পৰা আহৰণ কৰা উন্নত আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰি প্ৰথমৰ পৰাই
ডেকাফুকনৰ সৈন্যবাহিনীয়ে যুদ্ধত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ
ল৷ প্ৰচণ্ড যুদ্ধৰ পাত বিস্তৰ ক্ষতিৰ সন্মূখীন
হৈ ৰজা ভৰত সিংহই তেওঁৰ অৱশিষ্ট বাহিনীটো
লৈ ডাঙৰিৰ গভীৰ অৰণ্যলৈ সোমাই গল৷ সেই কালত ডাঙৰিৰ অৰণ্য
ডাঙৰি অঞ্চলত আৰম্ভ হৈ বর্তমানৰ অৰুণাচলৰ পাহাৰলৈকে বিস্তৃত আছিল৷
[15]

       বোধহয় ভৰত সিংহই ডাঙৰিৰ অৰণ্যৰ মাজেৰে গৈ অৰুণাচলৰ পাহাৰত
আশ্ৰয় লোৱাৰ পৰিকল্পনা কৰিছিল৷ কিন্তু ৰাজকীয় সৈন্যদলেও অৰণ্যৰ মাজেৰে বিদ্ৰোহীসকলক
অনুসৰণ কৰি এঠাইত তেওঁলোকক ঘেৰি ধৰিলে৷ অৱৰুদ্ধ হৈছে বুলি জানিব পাৰি ভৰত সিংহই নিজেই
ওলাই আহি অৱৰোধত অংশ
লোৱা সেনানায়ক নচিপ সিংহৰ দলটোক আক্ৰমণ কৰি এজন চিপাহীক যাঠীৰে
আঘাত কৰিলে৷ সেই সময়তে আহোম সেনাদলটোৰ যোগী সিংহ নামৰ চিপাহীজনে ভৰত সিংহলৈ লক্ষ্য
কৰি গুলীচালনা কৰাত গুলীয়ে গৈ ভৰত সিংহৰ কৰঙণত আঘাত কৰিলে৷ বীৰ ভৰত সিংহই কিন্তু আঘাতলৈ
ভ্ৰুক্ষেপ নকৰি বন্দুকধাৰী চিপাহীজনৰ বন্দুকটোৰ নলীডালত ধৰি কাঢ়ি ল
বলৈ যত্ন কৰিলে৷ সেই সময়তে
আন দুজন চিপাহীয়ে সঙ্গীনেৰে খুঁচি ভৰত সিংহক হত্যা কৰিলে৷
[16]

       এনেদৰেই ডাঙৰিৰ ৰণাঙ্গণত শেষ প্ৰতিৰোধ আগবঢ়াই ৰংপুৰৰ
মোৱামৰীয়া ৰজা বীৰ ভৰত সিংহ
বীৰগতি প্ৰাপ্তি হল৷ ভৰত সিংহৰ মৃতদেহ যোৰহাটলৈ আনি খুটিয়াপোতাৰ মোৱামৰীয়া গাঁৱৰ মাজত পিঙত দি
থোৱা হ
ল৷ ডাঙৰিত মোৱামৰীয়াসকল পৰাস্ত
ল যদিও ডাঙৰিৰ ৰণাঙ্গণৰ বাতৰিয়ে সদায়েই
মুক্তিকামী কৃষক পাইক খাতিখোৱা জনতাক উদ্বুদ্ধ কৰি আহিছে৷ ডাঙৰি প
ৱিত্ৰভূমিত ভৰত সিংহৰ শেষ প্ৰতিৰোধৰ
স্থানক চিনাক্ত কৰি সেই যুদ্ধৰ স্মৃতিক সংৰক্ষণ কৰাতো উত্তৰ পুৰুষৰ দায়িত্ব৷

তথ্যসূত্ৰ:

. বৰা, ডাঃ ধ্ৰৱজ্যোতি (২০২২): কৃষক বিদ্ৰোহী সৈনিক ৰাজন, বনলতা, পানবজাৰ, গুৱাহাটী

. ভূঞা, ডঃ সূর্য্য
কুমাৰ
(২০১৪): স্বর্গদেউ ৰাজেশ্বৰ সিংহ, অসম প্ৰকাশন
পৰিষদ
, গুৱাহাটী অসম৷

.
ভূঞা,
সূর্য্য
কুমাৰ
(
সম্পা)(১৯৯০): তুংখুঙ্গীয়া বুৰঞ্জী,, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী

. শইকীয়া, ডঃ
নগেন (সম্পা)(২০১৪): বেণুধৰ শর্মা ৰচনাৱলী, (দ্বিতীয় খণ্ড), অসম প্ৰকাশন পৰিষদ, গুৱাহাটী২১

. Hannay, Captain S.O. (1838): A
short account of the Moa Month sect, and of the country at present occupied by
the Bor Senaputtee, Journal of the Asiatic Society of Bengal, Vol. No. 80. pp.
671-679

. S K Bhuyan (1974): Anglo Assamese Relations 1771-1826,
Lawyers Book Stall, Panbazar, Guwahati, 1974

 

লেখকৰ ঠিকনা:

মূৰব্বী
অধ্যাপক
,
ভূতত্ত্ব বিভাগ

জগন্নাথ বৰুৱা
বিশ্ববিদ্যালয়

 

 

 



[1]পাচে ডাঙ্গৰীয়াই ফন্দফান্দ কৰি মহন্তক উলিয়াই আনি
ধৰিলে৷ পাচে বাপেক
পুতেক দুইকো কাপৰৰ টোপোলা বান্ধি হাতীৰ ওপৰত দুফালকৈ দুটাক
পেলাই দিবসৰ এক পৰ থকাত খুটীয়াপোতাৰ পৰা ৰাতিয়ে
দিনে আহি পৰদিনা তিনি পৰ মৰাত ৰংপুৰ
পালেহি৷ পাচে ৺ত যোগালে
, ৺ও মহাজনত সোধালে৷ পাচে মহাজনেও দায় বুলি গাত ললে৷ ৺ও দোষী
হেন জানি বাপেক
পুতেক দুইকো নদুৱাৰৰ মুখৰ হাতীশালৰ মুৰৰ খলাত মৰালে”-ভূঞা (সম্পা), তুংখুঙ্গীয়া বুৰঞ্জী, অনুচ্ছেদ ১৩৯, পৃষ্ঠা ৭১

[2]এই আলচ হৈ সেই দিনাই বৰচৌৰাত
৺ৰ আজ্ঞা সকলোতো শুনাই ক
লে বোলেমোৱামৰীয়াক যতে যেয়ে পায় ধৰি ধৰি সপুত্ৰাবান্ধৱক মাৰক৷……………..৺ৰ এই ৰূপ প্ৰচণ্ড আজ্ঞা শুনি
চহৰে চহৰে মোৱামৰীয়াক পুত্ৰ
ভার্যা সমন্বিতে ধৰি ধৰি মাৰিলে৷”-ভূঞা (সম্পা), তুংখুঙ্গীয়া বুৰঞ্জী, অনুচ্ছেদ ১৭৫, পৃষ্ঠা ৯০

[3] ভূঞা, স্বর্গদেউ ৰাজেশ্বৰ সিংহ, পৃষ্ঠা ১৯২

[4] ভূঞা, স্বর্গদেউ ৰাজেশ্বৰ সিংহ, পৃষ্ঠা ১৯২

[5] ভূঞা, স্বর্গদেউ ৰাজেশ্বৰ সিংহ, পৃষ্ঠা ১৯৩

[6] বৰা, কৃষক বিদ্ৰোহী সৈনিক ৰাজন, পৃষ্ঠা ২৯০

[7]  Bhuyan, Anglo Assamese Relation, p. 163

[8]Their names were as follows, Duffla
Bohoteea, Boora Phokan, his son Ugnee Kumwar and lastly Baroteea, who got rid
of his predecessor by a by a trick of rather a ludicrous nature
”–Hannay, 1838, A short account of
the Moa Morah sect and of the country at present occupied by the Bor
Senaputtee, P. 672

 

[9]During the time that Baroteea had established
himself at Rungpore, Gaureenath Sing, received the assistance of the British
Government, and the Moa Mureeahs were dispersed
”– Hannay, 1838, A short account of
the Moa Morah sect and of the country at present occupied by the Bor
Senaputtee, P. 673

[10] শইকীয়া
(সম্পা), ৰঙ্গিলী
কুঁৱৰী
, বুৰঞ্জীৰ
সঁফুৰা
, বেণুধৰ
শর্মা ৰচনাৱলী
,
দ্বিতীয় খণ্ড, পৃ. ১৪৬৪

[11]  বৰা, কৃষক বিদ্ৰোহী সৈনিক ৰাজন, পৃ. ৩৯২

[12] ভূঞা
(সম্পা), তুংখুঙ্গীয়া
বুৰঞ্জী
,
পৃষ্ঠা ১৪১

[13] -“আতেপাচে
১৭২৩ শকত ৺এ বুঢ়াগোহাঁই
ফৈদীয়া ডেকাফুকনক
উজনিৰ জঞ্জাল ভাঞ্গিবৰ নিমিত্তে আজ্ঞা কৰিলে৷ পাচে ফুকনে পাঁচ কোম্পানি চিপাহী লগত
লৈ ৺ক সেৱা কৰি গৈ বেংমৰাতে মোৱামৰীয়াক খেদি ধৰিলে৷ তাতে মোৱামৰীয়া সৈতে কিছু ৰণ৷ পাচে
মৰাণে ঠাওৰিব নোৱাৰি ভাগি উজাই গৈ নামৰূপত ৰৈ মটকত চিংফৌৰ সৈতে মিলি ৰ
ল৷ পাচে
আমাৰবোৰে পুনৰ তাতে খেদি ধৰিলে৷ তাতে মৰাণ
চিংফৌ সৈতে
প্ৰধান ৰণ হ
ল৷ আমাৰ চিপাহী পোন্ধৰটা পৰিল৷ পাচে আমাৰবোৰে
টানকৈ ধৰিলে৷ পাচে মৰাণ
চিংফৌ দুই দুফৌজ
হৈ দুফাললৈ ভাগিল৷ সেই ৰণত পালে মানুহ
, আহিলা, , গৰু, তাম, পিত্তল, কাপৰ৷ সেইবেলা
চিংফৌ বৰাভাও হ
ল৷”—ভূঞা, তুংখুঙ্গীয়া
বুৰঞ্জী
, পৃষ্ঠা ১৪৪৷

[14] বৰা, কৃষক
বিদ্ৰোহী সৈনিক ৰাজন
, পৃষ্ঠা ৪৩০

[15] বৰা, কৃষক
বিদ্ৰোহী সৈনিক ৰাজন
, পৃষ্ঠা ৪৩১

[16] পাচে ফুকনে ছয় কোম্পানি চিপাহী
সৈতে গৈ ডাঙ্গৰীকোখতে মৰাণক খদি ধৰিলে
, পাচে মৰাণে ঘৰবাৰী এৰি হাবি সোমাল৷ আমাৰ
মানুহে বিচাৰি সেই হাবিতে লগ পালেগৈ৷ পাচে আমাৰ চিপাহীয়ে মৰাণক বেঢ়ি ধৰিলে৷ পাচে মৰাণৰ
ৰজা ভৰথিয়ে পাঁচোটা মৰাণ লগত লৈ নচিপসিঙ্গৰ কোম্পানিত হাউহি মাৰি ধৰি চিপাহী এটা যাঠিএৰে
খুঁচিলে৷ এনেতে যোগীসিং চিপাহীয়ে গুলী দিলে৷ ভৰথিৰ ৰকঙ্গনত লাগিল৷ তথাপি পাঁচমুখ নকৰি
আহি হিলৈত খামোচ মাৰি ধৰিলে৷ এনেতে দুই চিপাহীয়ে চঙ্গিনেৰে খুঁচি মাৰিলে৷
ভূঞা (সম্পা), তুংখুঙ্গীয়া বুৰঞ্জী, পৃষ্ঠা ১৪৫