মূল কবিতা: The Waste Land

কবি:  টি.এছ. এলিয়ট

অসমীয়া অনুবাদ:  ° দীপশিখা ভাগৱতী

ছন পৰা মাটি

দ্বিতীয় পক্ষ: এহাত দাবাখেল (A Game of Chess )

 

উজ্জ্বল সিংহাসনৰ দৰে, যি আসনত তেওঁৰ অধিস্থান,

উদ্ভাসিত মৰ্মৰত, ত বেলোৰ আলিংগনৰত হয়

দ্ৰাক্ষালতাৰ অলংকাৰশোভিত সেই মান্যতাৰ উত্থানৰ
দ্বাৰা

ভালপোৱাৰ সোণালী ঈশ্বৰে যৰ পৰা চায় জুমি জুমি

(আনজনে তেওঁৰ পাখিৰ আঁৰত লুকুৱাই থৈছিল নিজৰ অক্ষি)

তেঁওৰ ৰত্ন আভৰণৰ উজ্জ্বলতাই

সপ্তশাখাৰ দীপাধাৰ দুগুণে জ্বলাইছিল

মেজত প্ৰতিবিম্বিত হোৱা পোহৰ সাগৰেৰে

স্পৰ্শৰ বাবে আকুল হৈছিল,

মখমল সঁফুৰাই ঢালি দিছিল সমৃদ্ধ ঐশ্বৰ্যসম্ভাৰ।

ঈষৎ হালধীয়া আৰু ৰঙী স্ফটিক টাৰত

নিঃশব্দে প্ৰৱেশ কৰিছিল তেঁওৰ নিৰৱচ্ছিন্ন, আশ্চৰ্য সাংশ্লেষিক সুগন্ধ,

চূৰ্ণীকৃত, তৰল প্ৰলেপ—
অস্থিৰ, বিভ্ৰান্ত

আৰু ইন্দ্ৰিয়ক নিমজ্জিত কৰিছিল অটল নিৰ্যাসত; বিদ্ৰোহী বতাহ

খিৰিকী মুখেৰে বৈ আহিছিল নিকা হৈ,

প্ৰলম্বিত দীপশিখাক প্ৰাচুৰ্যৰে ওপচাই উত্থিত
হৈছিল
,

সজ্জিত চালবোৰলৈ প্ৰক্ষিপ্ত হৈছিল ধোঁৱা,

দৃষ্টিনন্দন আটালত উদ্বুদ্ধ নক্সা।

ৰঙী পাথৰেৰে বন্ধোৱা

তাম্ৰসজ্জিত বিশাল সাগৰ-কাঠ

সেউজ আৰু সুমথিৰা হৈ জ্বলিছিল,

খণ্ডিত ডল্‌ফিন এটাই যত দুখী আলোকত সাঁতুৰি আছিল।

প্ৰাচীন জুহালৰ পাভটিৰ ওপৰত

যেন এখন খিৰিকীয়ে আত্মসমৰ্পণ কৰিছিল সমস্ত আৰণ্যক
সজ্জা

বৰ্বৰ নৃপতিৰ হাতত ফিলমেলাৰ (১) ৰূপান্তৰৰ কথা।

কিমান অমসৃণ কঠোৰতা;  তাৰ পাছতো সেই নাইটিংগেল
পখীয়ে

মসৃণ কণ্ঠৰে ভৰাই দিছিল সমস্ত মৰু-ভূ

আৰু তথাপি তাই কান্দিছিল, তথাপি পৃথিৱীয়ে

মলিয়ন কাণবোৰত অনুশীলন কৰিছিল তাৰ স্থল সহবাসৰ
অশালীন কোৰাছ।

সময়ৰ আনবোৰ বিশীৰ্ণ অৱশিষ্টই

বেৰবোৰত কথা কৈছিল, অভিমেষী আকৃতিবোৰ

বহিৰ্পৃথিৱীলৈ 
হাউলি পৰিছিল
, হাউলি পৰিছিল, দ্ধ কোঠাৰ নিস্তব্ধতাত।

পদধ্বনি মিহলি হৈ গৈছিল চিৰিবোৰত।

দীপ্ত শিখাৰ তলত, সন্মাৰ্জনীৰ তলত, তেওঁৰ কুন্তল

অগ্নিকোণবোৰত বিয়পি পৰিছিল।

শব্দবিন্যাসত জ্বলি উঠিছিল, তাৰ পাছত নিষ্ঠুৰভাৱে শান্ত
হৈছিল।

 

 

‘‘আজি শৰ্বৰী প্ৰহৰত, মোৰ শক্তিৰ উৎস বিষণ্ণ। হয়, বিষণ্ণ। মোৰ কাষতে ৰোৱা।

মোৰ সতে কথা কোৱা। কিয় তুমি সদায় নিৰ্বাক?  কোৱাচোন কথা।

কিহত মগন তোমাৰ মনন? কিহত?  কিহত?

মই কাহানিও নাজানিলো তোমাৰ অন্তৰৰ চিন্তন।
ভাবাচোন।
’’

 

‘‘মই ভাবোঁ মূষিকৰ সৈতে আমাৰ মিত্ৰসন্ধি

ত মৃত মানৱে হেৰুৱাইছিল নিজৰ অস্থি।’’

 

‘‘কিহৰ এই আৰাও?’’

কপাট তলৰ বতাহ।

আকৌ এতিয়া কিহৰ কোলাহল? কি কৰি আছে মৰুৎস্ৰোতে?

নাই আকৌ একো নাই।

‘‘তুমি একোৱেই নাজানা? তুমি দৃষ্টিনিৰ্জৰ· তোমাৰ স্মৃতি জৰাগ্ৰস্ত সকলোতেই?’’

 

 

মোৰ স্মৃতি সমৃদ্ধ

সেই নয়নৰ মুকুতামণি।

জীৱিত নে তুমি? নে মৃত?
অনুৰ্বৰ
নেকি তোমাৰ মস্তিস্ক
?

কিন্তু

শ্বেক্সপীয়েৰৰ সেই ৰাগ(২)

ই কি সুবিন্যস্ত

কি মাৰ্জিত

‘‘এতিয়া কি কৰোঁ মই? কি কৰোঁ?

এই পৰিধিৰেই মই ঢাপলি মেলিম, আৰু জনপথেৰে খোজ লম।

দোঁ খাই পৰা মোৰ শিৰৰ এমুঠি আন্ধাৰেৰে, তেনেহলে, কাইলৈ কি কৰিম আমি?

কি কৰিম প্ৰতিদিনে?

দশম প্ৰহৰৰ উষ্ণ জলাধাৰ।

আৰু এক বন্ধ বাহন, যদি নামে বৃষ্টিধাৰ।

আৰু খেলিম এহাত দাবা,

অনিমেষ দৃষ্টিক অনুৰাগী কৰি দুৱাৰৰ এটা টোকৰলৈ
বাট চাম।

 

লিলৰ (৩) স্বামী যিদিনা সৈনিকসেৱাৰ
পৰা নিবৃত্ত হৈছিল
, মই কৈছিলোঁ

মই নিজৰ শব্দক খণ্ডিত কৰা নাছিলোঁ, সেয়া আছিল আত্মোক্তি,

সময় হৈছে, অনুগ্ৰহ কৰি লৰালৰি কৰা

এলবাৰ্ট (৪) উভতি অহাৰ সময় আসন্ন, নিজকে অলপ নিয়াৰি কৰা।

তেওঁ জানিবলৈ বিচাৰিব তেওঁ দিয়া অৰ্থৰে তুমি কি
কৰিলা

তেওঁ তোমাক কিছু দাঁত লগাবলৈ যি দিছিল। মই আছিলোঁ তাতে।

তুমি সেই সকলোবোৰ খৰচ কৰিলা, লিল, আৰু এযোৰ সুন্দৰ যোৰাৰ বাবে,

তেওঁ কৈছিল, শপত,
মই
তোমাৰ দৰ্শনেই সহ্য কৰিব নোৱাৰোঁ।

আৰু এনেকি ময়ো অপাৰগ, মই কৈছিলোঁ, বেচেৰা এলবাৰ্টৰ কথা ভাবাচোন,

চাৰিটা বছৰ ধৰি সৈন্যবাহিনীত থকাৰ অন্তত, তেওঁ কিছু সুন্দৰ সময় বিচাৰে,

আৰু যদিহে তুমি অসমৰ্থ তাৰ বাবে, সেই বাট খোলা আনৰ কামনাৰে, মই কৈছিলোঁ ।

অঃ, আৰু কিবা আছেনে বাকী, তাই কলে। আছে কিছু এতিয়াও, মই কলোঁ।

তেনেহলে মই জানো মোৰ কৃতজ্ঞতাৰ পাত্ৰ কোন, এই বিবৃতি ব্যক্ত কৰি তাই মোলৈ দ্ব্যৰ্থহীনভাৱে নিক্ষেপ কৰিলে দৃষ্টি ।

সময় সমাগত অনুগ্ৰহ কৰি লৰালৰি কৰা

মই কলোঁ, যদি তোমাৰ অনিচ্ছা
হৈছে তুমি কিছু এৰা-ধৰা কৰিব পাৰা।

আনসকল আহিব পাৰে আৰু পন্দেৰে বুটলি লব পাৰে তোমাৰ অপাৰগতা ।

এলবাৰ্ট যদিহে গুচি যায় মনে মনে, তেওঁক দোষী সজাব নোৱাৰিবা
নীৰৱতাৰ দোষেৰে

ইমান প্ৰাচীনভাৱে প্ৰতীয়মান হবলৈ তুমি লজ্জাবোধ কৰিব
লাগিছিল ।

(আৰু মুঠেই তেত্ৰিছ বছৰ তেওঁৰ বয়স।)

মই নিঃসহায়, এখন হালি পৰা মুখেৰে তেওঁ কলে,

মই ইয়াক বচাবলৈ বহু ঔষধ সেৱন কৰিলোঁ ।

(ইতিমধ্যে তেওঁ পাঁচোটাৰ মাতৃ হৈছিল, আৰু কণমানি জৰ্জ (৫) ওপজোঁতে প্ৰায় মৃত্যুকেই
সাবটিছিল।)

ভেষজবিদজনে কৈছিল ই ঠিক হৈ যাব, কিন্তু মোৰ পূৰ্বাৱস্থা আৰু উভতি
নাহিল।

মই কৈছিলোঁ, তুমি এজন সঙ্গত মন্দবুদ্ধি ।

যদিহে তোমাক এলবাৰ্টে নিঃসংগ কৰি এৰি নাযায়, তেনেহলে বাৰু ঠিকেই আছে,

তোমাৰ বিৱাহৰ কি যুক্তি যদিহে তোমাক আৰু সন্তানেই
নালাগে
·

সময় সমাগত অনুগ্ৰহ কৰি লৰালৰি কৰা

হয়, সেই দেওবাৰে এলবাৰ্ট ঘৰতে আছিল, গৰম বৰাহৰ মঙহৰ জুতি লৈছিল দুয়োজনে,

আৰু এই উষ্ণ ৰসাস্বাদনৰ অনুৰোধেৰে মোক নৈশ আহাৰৰ
প্ৰস্তাৱ দিছিল

সময় সমাগত অনুগ্ৰহ কৰি লৰালৰি কৰা

সময় সমাগত অনুগ্ৰহ কৰি লৰালৰি কৰা

শুভৰাত্ৰি বিল। শুভৰাত্ৰি ল। শুভৰাত্ৰি মে। শুভৰাত্ৰি।

শুভৰাত্ৰি। শুভৰাত্ৰি।

শুভৰাত্ৰি মহিলাগণ (৬)। শুভৰাত্ৰি
মধুৰ জায়া। শুভৰাত্ৰি
,

শুভৰাত্ৰি।

 

–––––

 

টোকা : ১) গ্ৰীক উপাখ্যান অনুসৰি ফিলমেলা আছিল এথেঞ্চৰ এগৰাকী
ৰাজকন্যা। ৰজা টেৰিয়াছে তেঁওক বৰ্বৰভাৱে ধৰ্ষণ কৰিছিল আৰু সেই প্ৰতিশোধ ল
বলৈ শেষত নিজকে এটি
নাইটিংগেল পখীলৈ ৰূপান্তৰিত কৰি ফিল
মেলাই নিজকে প্ৰেম-প্ৰতাৰণাৰ সেই নিষ্ঠুৰ জালৰ পৰা মুক্ত কৰিছিল। পাশ্চাত্য
সংগীত আৰু সাহিত্যত ফিল
মেলাক বহুলভাৱে এক
প্ৰতীকধৰ্মী ৰূপত উপস্থাপন কৰা হয়।

২) ইয়াত উল্লেখিত শ্বেক্সপীয়েৰীয়ান ৰাগ ১৯১২ চনৰ
এক জাজ্ সংগীত। কিন্তু এই মহান সাহিত্য আধাৰিত সংগীতো যে উত্তৰ আধুনিকতাবাদৰ
ফোঁপোলা দিশটোৰ বাহক কিছু মানুহৰ বাবে তৰল বিষয়
, তাক বুজাবলৈ ইয়াত এই ৰাগ’-ৰ কথা উল্লেখ কৰা
হৈছে ।

৩) লিল হৈছে স্বামীৰ প্ৰতি সমৰ্পিত নাৰীচৰিত্ৰৰ
এক প্ৰতীক
, যিয়ে নিজৰ সৈনিক
স্বামীক সন্তান জন্ম দিয়াকে ধৰি বৈবাহিক জীৱনৰ সকলো সমৰ্থন দিও একমাত্ৰ নিজৰ
বয়সজনিত ক্ষয়িষ্ণু শাৰীৰিক সৌন্দৰ্যৰ বাবেই স্বামীক যৌন সুখেৰে
সন্তুষ্টকৰিব নোৱাৰিলে। এই উদাহৰণটো
আধুনিক মানুহৰ মাজত সম্বন্ধৰ সংকট বুজাবলৈ ব্যৱহাৰ কৰা হৈছে।

) এলবাৰ্ট লিলৰ স্বামী, যি এজন সদ্যঅৱসৰপ্ৰাপ্ত সৈনিক আছিল। শৰীৰসৰ্বস্বতাক প্ৰেমৰ ঊর্ধ্বত স্থান দিয়া এজন
মানুহৰ প্ৰতীক
এলবাৰ্ট। ব্যাংগ্যাত্মকভাৱে যিজনে
দেশৰ হকে নিৰলসভাৱে
, ঘৰ-পৰিবাৰৰ পৰা দূৰৈত
থাকি সেৱা আগবঢ়াব পাৰে
, তেৱেঁই আকৌ নিজৰ
সমৰ্পিত পত্নীকেই
মাথোঁ শৰীৰী চাহিদা নিজৰ মতে পূৰণ নোহোৱা বাবেই আপোন কৰিব
নোৱাৰে। হয়তো ই আধুনিক সভ্যতাই সৃষ্টি কৰা স্বাৰ্থপৰ আৰু বিচ্ছিন্নতাবাদী
ব্যক্তিকেন্দ্ৰিকতাৰ দুঃখাৱহ ফচল ।

৫) জৰ্জ আছিল লিল আৰু এলবাৰ্টৰ পঞ্চম সন্তান ।

৬) শুভৰাত্ৰি মহিলাগণ’-ত শ্বেক্সপীয়েৰৰ প্ৰখ্যাত
ট্ৰেজে
ডি হেমলেট’-ৰ প্ৰতিধ্বনি শুনা যায়।
উন্মাদ অ
ফেলিয়া যেতিয়া
নিষ্ঠুৰ
, সুবিধাবাদী প্ৰেমিকহেমলেটৰ চিকাৰ হৈ পৰে, পৰিত্যক্ত হয় আৰু তেঁওৰ
পিতৃকো হেমলেটে হত্যা কৰে
,
সেই
শোকৰ অনুৰণন উদ্ধৃত শাৰীকেইটাত প্ৰতি
ধ্বনিত হয়, ত এচাম পুৰুষে নাৰীক মাথোঁ বাসনা পূৰণৰ আৰু সন্তান
উৎপাদনৰ আহিলা বুলি গণ্য কৰিছিল
,
লাগিলে
মহিলাগৰাকীৰ শৰীৰৰ অৱস্থাই তাৰ অনুমতি নিদিয়কেই। বিল
, আৰু মে’— এনে মহিলাৰ গোটসমূহক বুজাবলৈও
ব্যৱহৃত হৈছে।