সিপাৰে যমুনাৰ…

আকাশ দীপ্ত ঠাকুৰ

(৬)
(যোৱা সংখ্যাৰ পিছৰ পৰা)


আৰু… এখন ঘৰ, এখন দোকান, এটা অগতানুগতিক পৰিয়ালৰ আৱেষ্টনী ভেদ কৰি নীলাঞ্জনাই
ভৰি দিলে কলেজ চৌহদত। অপ্ৰত্যাশিত
, অবাঞ্ছিতভাৱেই পাৰ হৈ অহা জীৱনটোৰ অকথিত গোপন কাহিনীবোৰ জানি লোৱাৰ পাছত অৱধাৰিতভাৱেই
নীলাঞ্জনা সাজু হৈছিল এই নতুন জীৱনটোক আদৰি ল
বলৈ। অহৈতুকী কিছুমান কৌতূহল অৱশ্যেই মনত ৰৈ গৈছিলপ্ৰকৃততেই অৰ্চনা কাৰ সন্তান!
তথাপি… এই এটা সম্পৰ্ক
আজীৱন অটুৰাখিব পৰাতেই যি সাৰ্থকতা
নিহিত থাকিলহেঁতেন… পৰিৱেশে-পৰিস্থিতিয়ে সেয়াও যে সুগভীৰ নহ
লেই সকলোৰে বাবে মংগল হব পাৰে, সেই ধাৰণাকে তাইৰ মনত দৃঢ়ভাৱে
বহুৱাই থৈ গ
ল।
সি যি নহওক, অৰ্চনায়ো কম্পাৰ্টমেণ্টেল পৰীক্ষা
পাছ কৰাৰ পাছত প্ৰভাই তাইক সুধিছিল
 কলেজত পঢ়িব নেকি?” নীলাঞ্জনা কাষতে আছিল তেতিয়া; আৰু সিহঁতৰ দেউতাকে কাষৰ কোঠাটোতে
কিবা এটা কামত ব্যস্ত হৈ আছিল যদিও এইটো কোঠাৰ কথা-বতৰাবোৰ মন দি শুনি আছিল বুলি সিহঁত
দুয়োজনীয়ে গম পাইছিল। অৰ্চনাই বুজিছিল
, তাই চহৰ অঞ্চলৰ কলেজত পঢ়িবলৈ ছিট নাপায়। মন থাকক বা নাথাকক, গাঁও অঞ্চলৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত কোনো কনিষ্ঠ মহাবিদ্যালয়ত
পঢ়িবলৈ যাব লাগিব। য
তেই নপঢ়ক, সেইটো ডাঙৰ কথা নহয়; কিন্তু যি পঢ়িব, দুয়োজনী বাই-ভনীয়ে একেই পঢ়িব লাগিব।
নীলাঞ্জনাৰ পৰীক্ষাৰ ফলাফল তেতিয়াও ওলোৱা নাছিল যদিও তাই পাছ কৰিব বুলি নিজেই নিশ্চিত
আছিল বুলি অৰ্চনাই বুজি পায়। দুয়ো দুখন কলেজত পঢ়ক আৰু ভনীয়েক আগলৈ গৈ থাকক
, তাই পুনৰ ফেইল কৰি কৰি…। নাই
নাই
, অৰ্চনাই নিশ্চিতভাৱে জনাই
দিছিল
তাই আৰু নপঢ়ে। ঘৰতে থাকিব…
দৰকাৰ হ
লে…।
প্ৰভাই তীক্ষ্ন দৃষ্টিৰে তাইৰ
মুখলৈ চাইছিল
 দৰকাৰ হলে কি কৰিবি তই?”
হাতৰ মবাইলটো মোহাৰি-পিটিকি
থাকিয়ে তাই উত্তৰ দিছিল
— “তোক সহায় কৰিম, তই দোকানত থাকিলে যেনেকৈ ঘৰ চম্ভালিছোঁ, তেনেকৈ…।
প্ৰভাই দুনাই একো কোৱা নাছিল।
অৰ্চনাই ভনীয়েকলৈ চাই চকু টিপ মাৰিছিল। ভিতৰি ভিতৰি হাঁহি উঠিলেও নীলাঞ্জনাৰ মনটো কিবা
এটা যেন অহৈতুকী দুখে জোকাৰি গৈছিল। পঢ়া-শুনাত ভাল নহ
ল বুলিয়ে বায়েকে নপঢ়িব; আৰু তাই… বায়েকে বাঢ়ি দিয়া ভাত খাই কলেজলৈ ওলাই যাব! বুকুখন
বিষাই যোৱা কথা এইবোৰ। হ
ল বুলিও অন্য উপায় নাই।
বায়েকক ভাল পায় তাই
, প্ৰাণ ভৰি ভাল পায়। তথাপি
দুয়োজনীয়ে নিজৰ মাজতে সিদ্ধান্ত লৈছে
নিজৰ জীৱনটোক এটা সঠিক লক্ষ্যলৈ নিবলৈ বুলি সিহঁতে‍ যি পথকে নলওক কিয়, সেই সিদ্ধান্ত সদায় আৱেগ-অনুভূতিৰ ঊৰ্ধ্বত হব।
আৰু নীলাঞ্জনাই জানিছিল, অৰ্চনাই প্ৰকৃততে কি সিদ্ধান্ত
বলৈ গৈ আছে। কেৱল নাজানে, সেই সিদ্ধান্ত সঠিক হয়নে নহয়।
নভবা-নিচিন্তাকৈ কোনো
আৱেগৰ বশৱৰ্তী হৈ লোৱা সিদ্ধান্তই পাছলৈ যদি বিষময় পৰিস্থিতিৰ সৃষ্টি
কৰে! অৰ্চনাৰ জীৱনটো যদি দুৰ্বিসহ হৈ পৰে…। নহয়
, নহয়,
অৰ্চনাই
তাইক আশ্বাস দিবলৈ চাইছিল

 
তেওঁ তেনেকুৱা নহয়। যিমান দিন মই লগ পাইছোঁ, সেই ফালৰ পৰা নিশ্চিত হৈছোঁতেওঁ তেনেকুৱা নহয়অনীলু।
নীলাঞ্জনা উটাপ খাই উঠিছিল। অৰ্চনাই
তেওঁক লগ পায়! কেতিয়া আৰু কেনেকৈ লগ পায়
? ঘণ্টাৰ পাছত ঘণ্টা ফনটো লৈ পিছফালৰ চুকত কথা পাতি থকা তাই দেখিছে। সেই ফনতেই তেওঁৰ সৈতে তাইৰ
একমাত্ৰ যোগাযোগ বুলি তাই ভাবি লৈছিল। ঘৰৰ চাৰিবেৰৰ মাজত থাকি তাই কেনেকৈ লগ পালে সেই
একান্ত বিশ্বাসী প্ৰেমাস্পদক
?
অৰ্চনাই আকাৰ-ইংগিতেৰে তাইক বুজাইছিলচাবলৈ মন আছে যদি আজি গধূলিলৈ
সাজু হৈ থাকিবি। নীলাঞ্জনা সঁচাকৈ ভেবা লাগিছিল। তথাপি বায়েকৰ
ঈপ্সিত প্ৰেমিকক চাবলৈ বুলি
মনটোৱে যেনেকৈয়ে নহওক উ
চ্‌পিচাইছিল। অলপ পাছতে পুনৰ ফনটো হাতত লৈ অৰ্চনা পিছফাল পাইছিলগৈ।
নীলাঞ্জনাই তেতিয়ালৈকে তেওঁক দেখা
নাছিল যদিও বহু কথা ইতিপূৰ্বে জানিছিল। সেই প্ৰথম ম
বাইললৈ ফন কৰা অৰ্চনাৰ বান্ধৱী
জীনাৰ ককায়েক তেওঁ। নামটো পৰাগ বুলি অৰ্চনাৰ পৰাই গম পাইছিল। পৰাগৰ বিষয়ে অৰ্চনাই বহু
কথাই নীলাঞ্জনাক সময়ে সময়ে কৈছিল। কেৱল এটা কথা কোৱা নাছিল
, সিহঁত ক, কেতিয়া আৰু কেনেকৈ লগ হয়। ফনৰ জৰিয়তে  সিহঁতে‍ জনে আনজনৰ বিষয়ে সকলো কথা জানিছিল বুলিয়ে তাই ভাবি আছিল।
আৰু ফ
নটো
ঘৰখনলৈ অহানো হৈছিল কেইদিন। খুব বেছি এবাৰমান চাগৈ সি
হঁতে‍ দুয়ো দুয়োৰে চেহেৰা দেখিছে; যিহেতু ভাল পাবলৈ হলে দৰ্শন লাভ কৰাটোও জৰুৰী বুলিয়ে
তাইৰ ধাৰণা আছিল। অথচ অৰ্চনাই তাইক নিৰ্ভীকভাৱে ইংগিত দি দিব পাৰিলে
গধূলি পৰাগৰ সৈতে ভনীয়েকক লগ কৰাই
দিব পাৰিব। বৰ আচৰিত কথা।
সাজ লাগি ভগাৰ পাছত নীলাঞ্জনা এবাৰ
আগফালে দোকানলৈ ওলাই আহিছিল। সেইখিনি সময়ত দেউতাকে দোকান চম্ভালে। প্ৰভা ইতিমধ্যে আখলত
সোমাইছিলগৈ
; নিশাটোলৈ আজৰি হৈ লব পাৰিলে সুবিধা হয়। অৰ্চনাই যে
পৰাগৰ সৈতে তাইক চিনাকি কৰাই দিয়াৰ কথা আছিল
, অকণমান সময়ৰ বাবে তায়ো পাহৰিয়ে গৈছিল। আচলতে সেই সময়ত অৰ্চনানো
ত আছে তায়ো সিমান ভাবি থকা নাছিল।
দেউতাকৰ সন্মুখত বিভিন্ন গ্ৰাহক আছিল তেতিয়া। নীলাঞ্জনাই গ্ৰাহকসকলে দেখি নথকা সেই
পে
প্‌ছি
আৰু ককাকলা ক’ম্পেনিৰ ৰেফ্ৰিজাৰেটৰ দুটাৰ
কাষৰ অংশতে এনেয়ে মনতে কিবা এটা ভাবি ৰৈ আছিল। পৰীক্ষাৰ ফলাফল ওলাবলৈ তেতিয়া এসপ্তাহো
আছিলনে নাই সন্দেহ। সন্মুখত এখন বিশাল মহাবিদ্যালয়ৰ ৰোমাঞ্চকৰ পৰিৱেশৰ কল্পনা। মনৰ
মাজত অযুত ভাবনাৰ অগা-ডেৱা।
হঠাৎ নীলাঞ্জনাৰ অনুভৱ হৈছিল, তাইৰ কাষতে অৰ্চনাও আহি থিয় হৈছেহি।
বায়েকৰ মুখৰ বৰণ দেখিয়ে তাইৰ মনত পৰি গৈছিল
পৰাগ হয়তো আহিব; সেই মুহূৰ্ততে আহিব। কেনেকৈ আহিব? মাটি ফুটি ওলাবহিনে…·
কোনখিনিলৈ
আহিব তেওঁ…।
আৰু… অৰ্চনাৰ চকুত দ্বিতীয়বাৰৰ
বাবে দেখা অৰ্থপূৰ্ণ চাৱনিৰ আলম লৈ নীলাঞ্জনা আহি দেউতাকৰ পিছফালে থিয় হৈছিলহি। সন্মুখৰ
সেই পাণত খৈ লগাবলৈ ব্যৱহাৰ কৰা কাচৰ বাকচটোৰ সিপাৰে লাইটৰ পোহৰে ঢুকি পোৱা ঠাইখিনিত
তেতিয়াও দুজন মানুহ ৰৈ আছিল। তাৰে এজন আদবয়সীয়া ব্যক্তি
; একান্ত মনেৰে পাণ চোবাই চোবাই দেউতাকৰ সৈতে কিবা ৰসিক কথাত মগুল হৈ আছে। নীলাঞ্জনাই
মন কৰিছিল
আনজন বোধকৰোঁ কোনোবা অনা-অসমীয়া
ৰিক্সাৱালা হ
ব। তেন্তে… তাই অৰ্চনালৈ
চাইছিল। বায়েকৰ মুখৰ ভাব-ভংগী দেখিয়ে তাই নিশ্চিত হৈছিল
পৰাগ আহিছে, ওচৰতে আছে। নীলাঞ্জনায়ো উৎসুক হৈ বায়েকলৈ চাইছিলতা? ত আছে তেওঁ?
সন্মুখত ওলমাই থোৱা হৰেক ৰকমৰ
চি
প্‌ছৰ পেকেটৰ দীঘল দীঘল মালাবোৰৰ
পূবফালৰ পৰা দুশাৰী আঁতৰাই এখন মুখ আগ বাঢ়ি অহা তাই দেখিছিল। হয়
, তেৱেঁই নিশ্চয় পৰাগ। নীলাঞ্জনাই
চকুৰ পলক নেপেলোৱাকৈ মন কৰিছিল তেওঁৰ শাৰীৰিক অবয়ৱ
নিয়মীয়া ওখ, মিঠা বৰণীয়া ক্ষীণাংগ যুৱক। মটীয়া বৰণৰ চোলাটোৰ ওপৰত বগাৰে ঘৰ বনোৱা আছিল। চেহেৰা-পাতিৰ
ফালৰ পৰা তেওঁক বিশেষ আকৰ্ষণীয় যেন লগা নাছিল তাইৰ। সতৰ্ক চাৱনিৰে দোকানৰ ভিতৰৰ ফালে
ফালে চাওঁতে এবাৰ তাইৰ চকুৱে চকুৱে পৰিছিল। দুটা মুহূৰ্তৰ বাবে তাইৰ ফালে তেওঁ যেন
কিছু অবাক হৈ চাইছিল। অৰ্চনা নহয় বুলি নিশ্চিত হৈ তাইৰ পৰা দৃষ্টি আঁতৰাই আনোতে লাজকুৰীয়া
ভাব এটা তেওঁৰ মুখখনত ধৰা পৰি গৈছিল। নীলাঞ্জনাই লগে লগে অৰ্চনালৈ চাইছিল। মনে মনে
নীলাঞ্জনাৰ হাঁহি উঠিছিল
; মানে সিহঁত আটাইৰে ৰৈ
থকা স্থানবোৰ ঠিক এনেকুৱা আছিল যে পৰাগ ৰৈ থকাৰ পৰা এটা বিশেষ কোণ কৰি অৰ্চনালৈ আঁৰ
চকুৰে তেওঁ চাবলগীয়া হওঁতে তেওঁৰ সন্মুখত ঠিক ভিতৰৰ ফালে চাৰি-পাঁচহাত দূৰৈত বহি থকা
অৰ্চনাৰ দেউতাক আৰু তেখেতৰ পিছফালে থকা নীলাঞ্জনাৰ সন্মুখেদিয়ে যেন দুয়োৰে দৃষ্টিসংযোগী
ৰেখাডাল পাৰ হৈ গৈছিল। অৰ্চনা আৰু পৰাগ
দুয়ো দুয়োৰে ফালে চাই যেন চকুৰ ইংগিতেৰেই বহুত কথা পাতি পেলাইছিল।
নীলাঞ্জনাই দুয়োলৈকে নিৰীক্ষণ কৰাৰ পাছত আকৌ এবাৰ
নিজৰ মাজতে হাঁহি উঠি গৈছিল

সন্মুখত
দেউতাকক লৈ বায়েকে সেয়া  নীৰৱেই যেন প্ৰেমালাপ
কৰিছে
, তাই সাক্ষী হৈ আছে; আৰু দেউতাক… তেখেতে তলমূৰ কৰি
তামোল এটা চিকুণোৱাত ব্যস্ত হৈ আছে। সন্মুখত নতুন এজন গ্ৰাহক আহি ৰৈছেহি
; তেখেতৰ সেইবোৰ খবৰ নাই। চিকুণাই
থকা তামোলটো সন্মুখৰ কাচৰ বাকচটোৰ একাষে থ
বলৈ লওঁতেই দেউতাকে পৰাগক দেখিলে। পৰাগেও অৰ্চনাৰ পৰা দৃষ্টি
ঘূৰাই আনি দেউতাকৰ ফালে চালে। নীলাঞ্জনাই মন কৰিছিল চিনাকি হৈ পৰা গ্ৰাহকক সম্বোধন
কৰাৰ আগতে স্বাভাৱিক হাঁহিটো মৰাৰ দৰেই দেউতাকে হাঁহিছিল আৰু তেওঁক সুধিছিল
 পাণ খাব নহয়?”
পুনৰ নীলাঞ্জনাৰ অবাক হোৱাৰ পাল!
দেউতাকে এখেতক
, মানে পৰাগক ইমান ভালকৈ
চিনি পায়! যিকোনো পাণদোকানীয়েই সাধাৰণতে নিয়মিতভাৱে অহা গ্ৰাহকক মনত ৰাখে। অৰ্থাৎ প্ৰতিদিনেই
নিশ্চয় পৰাগ এই সময়তে পাণ খাবলৈ আহে আৰু অৰ্চনা… মাকৰ চকুত ধূলি দি তাই এনেকৈয়ে ইমান
দূৰ আগুৱাই গ
ল তাৰমানে!
কথাবোৰ নীলাঞ্জনাই ভাবি শেষ কৰিবলৈ
নৌপাওঁতেই অৰ্চনা তাইৰ কাষলৈ আহিছিল
 লচোন অকণমান তিনি আলিৰ ফালে ওলাই যাওঁ।
নীলাঞ্জনাই দেউতাকৰ ফালে চাইছিল; তেখেত তেতিয়াও আগতেই খৈ সানি থোৱা
পাণখিলা পৰাগৰ বাবে সাজু কৰাত ব্যস্ত হৈ আছিল। মূৰ তুলি তেওঁ সিহঁতৰ ফালে এবাৰ চালে।
দেউতাকৰ ইংগিতটো ধৰিব পাৰিলে তাই
  ‘‘যা অকণমান একো নহয়।’’
পাণখন মুখত ভৰাই সিহঁতৰ দেউতাকৰ
অলক্ষিতেই পৰাগো এখোজ-দুখোজকৈ আগ বাঢ়ি আহিছিল। বৃহৎ তিনিআলিটোৰ কাষৰ পদপথৰ আন্ধাৰখিনিতে
পৰাগৰ সৈতে অৰ্চনাই তাইক চিনাকি কৰাই দিছিল। গতানুগতিক প্ৰশ্নকেইটাৰ উত্তৰ দিয়াৰ পাছত
নীলাঞ্জনা মৌন হৈ ৰৈ গৈছিল। দুয়োৰে পৰা চাৰি ফুটমান আঁতৰত ৰৈ তাই সিহঁতলৈ নোচোৱাকৈ
নিজৰ মাজতে যেন বহুত ভাবনাত মগ্ন হৈ পৰিছিল।
পৰাগে সিহঁতৰ পৰা বিদায় লৈ যোৱাৰ
পাছত দোকানৰ সন্মুখলৈ বুলি মাথোঁ পঞ্চা
মিটাৰ পথ খোজ কাঢ়ি আহোঁতে 
সিহঁতৰ সেইদিনা আধা ঘণ্টাতকৈ বেছি সময় লাগিছিল। অৰ্চনাই তাইক জানিবলৈ দিছিল
সিহঁতৰ ভৱিষ্যৎ পৰিকল্পনাৰ কথা। যাবগৈ তাই পৰাগৰ সৈতে
; নিজাকৈ এখন সংসাৰ গঢ়িবলৈ… এজন আনজনৰ সৈতে এটা অটুবন্ধনেৰে বান্ধ খাই পৰিবলৈ…।
আৰু… যদি পৰাগে সময়ত প্ৰবঞ্চনা
কৰে…
! নাই
নাই
, সেয়া কৰিব নোৱাৰে; কিয়নো আৰু ছয়-সাত মাহৰ পাছত সিহঁতৰ
ৰ্ট মেৰেজ হ; ভৱিষ্যনিশ্চয়তাৰ বাবে, নিৰাপত্তাৰ বাবে। তাৰ পাছত হয়তোবা কোনোবা এদিন… সিহঁত গুচি যাব। বন্ধনমুক্ত হব অৰ্চনা। সময় আছে তাৰ বাবে। ভৱিষ্যজীৱনটোৰ বাবে সকলো নিশ্চয়তা
লৈহে তাই এই সম্পৰ্ক ঠিক কৰিছে।
বিস্মিত হৈছিল নীলাঞ্জনা। ঘৰৰ
চাৰিবেৰৰ মাজত আবদ্ধ হৈ থাকিও অৰ্চনাই বন্ধনমুক্তিৰ সন্ধান ল
ব জানিলে। প্সিত এক লক্ষ্যপ্ৰাপ্তিৰ
দিশলৈ তাই  নিজকে এনেকৈ নিৰলসভাৱে লৈ গ
ল। বেয়া লগা নাছিল তাইৰ পৰাগক; অথবা অৰ্চনাৰ সিদ্ধান্তক। বৰ বেছি
উগ্ৰ মানসিকতাৰ ল
ৰা যেন  লগা নাছিল তেওঁক। হলেও তেওঁৰ এখন ঘৰ আছে। আত্মীয়-স্বজন আছে… আদৰি লবনে তেওঁলোকে পৰাগৰ এই সিদ্ধান্তক? যদি নলয়; তেন্তে সকলো একাষৰীয়াকৈ ৰাখি কেৱল
অৰ্চনাক লৈয়ে তেওঁ সন্তুষ্ট হ
বনে সদায়? সিহঁতে‍এজনে আনজনক ভাল পায়, নীলাঞ্জনায়ো বুজিছে; কিন্তু এই ভালপোৱা কেৱল শাৰীৰিক
মোহ নহয়তো
? প্ৰয়োজনসাপেক্ষে অৰ্চনাৰ
হৈ সকলোৰে প্ৰত্যা
হ্বান লবলৈ সাজুনে তেওঁ?
অৰ্চনাই হাঁহিছিল… ৰহস্যময় সেই
হাঁহি। আৰু সেই হাঁহিৰ গূঢ়াৰ্থ অনুধাৱন কৰি হতচকিত হৈ পৰিছিল নীলাঞ্জনা। ইতিপূৰ্বে
তিনিজন প্ৰেমাস্পদক চালি-জাৰি চাইহে অৰ্চনা সাজু হৈছে পৰাগৰ প্ৰস্তাৱত! আৰু পৰাগৰ অন্তৰত
শাৰীৰিক মোহতকৈ অন্তৰৰ হেঁপাহ বহুত বেছি
, সেয়া তাই অনুভৱ কৰিব পাৰিছে।
 “… সেইবোৰ… সেইবোৰ বাৰু সকলো বুজিলোঁ মাতোবা; কিন্তু তই তিনিজনক… কেতিয়া আৰু
কেনেকৈ
?”
সকলো সম্ভৱ। যেনেকৈ গধূলি মাকৰ
চকুত ধূলি দি অৰ্চনাই পৰাগৰ সৈতে প্ৰেম
নিৱেদন কৰি এদিন পলাই গুচি যাব পৰাৰ পৰিকল্পনা কৰিব পাৰিলে; ঠিক তেনেকৈয়ে দিনটোৰ যিকোনো সময়ত
তাই আন তিনিজনৰ
ভুৱা
প্ৰেমক চিনি পেলাবও জানিলে। এৰা… এটা বয়সৰ পাছত এজনী ছোৱালীয়ে যিকোনো ধৰণে নিজক নিৰাপদে
ৰাখি সহজেই আনৰ চকুত ধূলি দিব পৰা হৈ যায়গৈ
; আৰু অৰ্চনাও তাৰ ব্যতিক্ৰম নহল।
সকলো জানে নীলাঞ্জনাই, সকলো বুজে; তথাপি তাইৰ মনত সদায় এটা চিন্তাই
আমনি কৰিছিল
নিজৰ বাবে নিজকে তাই যেনেকৈয়ে
নহওক এদিন সাজু কৰি তুলিব
;
কিন্তু ঘৰৰ
চাৰিবেৰৰ মাজত সোমাই থকা তাইৰ আজলী বায়েকজনী… কি হ
ব তাইৰ ভৱিষ্য? যেনেকৈয়ে নহওক, সেইদিনাই নীলাঞ্জনাৰ মনৰ
পৰা যেন সেই ধৰণৰ সকলো দুৰ্ভাবনা আঁতৰি গ
, পাতল হৈ পৰিল মনটো। অৰ্চনাই
সঁচাকৈ নিজৰ লক্ষ্য স্থিৰ কৰি ল
লে। পাছৰ পৰিস্থিতি যেনেকুৱাই
নহওক
, তাই নিজৰ জীৱনটো লৈ আৰু
আনক দোষাৰোপ কৰিব নোখোজে। বৰঞ্চ সকলো সম্পৰ্ক এৰি পেলাবলৈ তাইৰ আৰু কষ্ট নহয়। যদি পৰাগে
তাইৰ বাবে সকলোকে এৰিব পাৰে
,
তেন্তে তাই
কিয় নোৱাৰিব।
ঘৰখনলৈ অহা এটা সৰু মবাইল ফনে অৰ্চনাক সন্ধান দিলে
এটা হয়তোবা সুনিশ্চিত ভৱিষ্যতৰ। নিজৰ জীৱনটো কোন ফালেদি আৰু কেনি লৈ যাব
, সেই চিন্তাই হয়তো তাইক এনেকৈ চতুৰ
কৰি পেলালে। আৰু নীলাঞ্জনা! সকলো জানিও সকলো বুজিও তাই ভৱিষ্যতৰ লক্ষ্য স্থিৰ কৰি লোৱা
নাই
; কিন্তু এটা বিষয়ত তায়ো
নিশ্চিত যে যিটো জীৱনৰ ওপৰত তাইৰ অধিকাৰ আছে
, সেই জীৱনটো তাই নিজে বিচৰা ধৰণেই চলাই নিব। নিজৰ ইচ্ছা-অনিচ্ছাৰ
ওপৰত কাৰো অনাধিকাৰ প্ৰৱেশ তাই সহ্য নকৰিব। অৰ্চনাই যিদৰে আৰু যেনেকৈ সিদ্ধান্ত ল
লে, তাই সেই ধৰণৰ সিদ্ধান্তৰে জীৱনটো এৰি দিবলৈ নিজকে গঢ় দিয়া নাই।
বন্ধনমুক্তিৰ প্ৰশ্নটো দুয়োজনী বাই-ভনীৰে আছে। তায়ো মুক্ত হ
; কিন্তু যেতিয়াই সঠিক সময় উপস্থিত হ, তেতিয়া তাই সেই চিন্তা
কৰিব। আৰু… কেনেকৈ আৰু কিমান চতুৰালি ক
, কেতিয়া কৰিব লাগে, তায়োতো নজনা নহয়। প্ৰৱেশিকা পৰীক্ষা
দিয়াৰ আগতেই
, মহাবিদ্যালয় চৌহদ গকাৰ আগতেই স্বাগত আৰু
ভাৰ্গৱ
দুয়োৰে সৈতে চতুৰালিৰেই
তাই পাৰ কৰি অহা নাই জানো বহু সময়।
  
  
প্ৰথমবাৰৰ বাবে মহাবিদ্যালয়ৰ চৌহদত
ভৰি দিয়ে নীলাঞ্জনা বিস্ময়াভিভূত হৈ পৰিছিল। দ্বিতীয় বিভাগত প্ৰৱেশিকা পৰীক্ষা পাছ
কৰাৰ পাছত চহৰৰ মূল অংশৰ পৰা কিছু আঁতৰৰ মহাবিদ্যালয়খনৰ পৰা দেউতাকে নামভৰ্তিৰ প্ৰপত্ৰ
সংগ্ৰহ কৰিছিল। ঘৰলৈ লৈ অহাৰ পাছত সেইখন সম্পূৰ্ণ কৰিবলৈ বুলি প্ৰভা আৰু ৰোষেশ্বৰ দুয়ো
কিছু চিন্তাতেই পৰিছিল। গধূলি দোকানলৈ পাণ-চিগাৰেট খাবলৈ আহি থকা বেলেগ এখন কলেজৰ অধ্যাপক
এজনক ৰোষেশ্বৰে অনুৰোধ কৰোঁতে তেখেতে বহু কথা নিজেই তেওঁলোকক সুধি-পুছি লৈ দোকানতে
বহি সেইখন পূৰাই থৈ গৈছিল। নিৰ্দিষ্ট দিনা নামভৰ্তিৰ বাবে দেউতাকৰ সৈতে তাই প্ৰথমবাৰৰ
বাবে কলেজৰ চৌহদত ভৰি দিছিল। চৌহদৰ যে
নি-তেনি ৰৈ থকা লৰা-ছোৱালীৰ জাকবোৰলৈ তাই আঁৰ চকুৰে মন কৰিছিল; আচৰিত হৈছিল। নতুনকৈ নামভৰ্তিৰ বাবে অহা ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে
সুযোগ বুজি চা-চিনাকি হোৱাৰ আশাৰে ৰৈ থকা ল
ৰাবোৰৰ জুমবোৰ দেখি তাই পুলকিত হৈ পৰিছিল।
অভিভাৱক আৰু লৰা-ছোৱালীবোৰ একেলগে বহা প্ৰকাণ্ড
হলঘৰটোত দ্বিধা-সংকোচ মিহলি হৈ থকা ভাবেৰে বহি থকাৰ অলপ পাছতে স্কুলৰ সহপাঠী বিভামণি
আৰু নয়নাক তাই লগ পাইছিল। আৰু তাৰ পাছত…।
বৰ খৰতকীয়াকৈ গুচি গৈছিল পাছৰ
সময়বোৰ। বিৰক্তিকৰ শ্ৰেণীকোঠাৰ বাহিৰৰ এখন বেলেগ পৃথিৱী। পুৱা এঘাৰ বজাত গেটৰ বাহিৰত
ৰৈ থকা একো একোখন মটৰ চাইকেল। য়ুনিফৰ্মৰ বগা সাজটোৰ ওপৰৰ ৰঙীন চুৰণীখনেৰে মুখখন ঢাকি
মটৰচাইকেলৰ পাছত বহি বাইপাছৰ একাষৰ ৰে
ষ্ট্যুৰেণ্টৰ সৰু সৰু কোঠাবোৰত পাৰ হোৱা সেই তিনি-চাৰি ঘণ্টীয়া
সময়বোৰ… কেতিয়াবা নিমাতী ঘাট
,
কেতিয়াবা
ককিলামুখৰ ফালে আছুতীয়া গোপন ঠাইবোৰৰ কিছু নিভৃত মুহূৰ্ত… পুনৰ আবেলি তিনি বজাত কলেজ
চৌহদত নমাই দিয়াৰ সেই মুহূৰ্তবোৰ… সেইবোৰ দিন পাবলৈ নীলাঞ্জনাহঁতে উচ্চতৰ মাধ্যমিকৰ
দ্বিতীয় বাৰ্ষিকলৈ ৰ
বলগীয়া হৈছিল।
সমস্যাৰ কথা কিছুমানো অৱশ্যে নীলাঞ্জনাই
মন কৰিছিল। প্ৰথমৰ পৰা
, মানে কলেজৰ শ্ৰেণীসমূহ
আৰম্ভ হোৱাৰ সময়
পৰাই
সকলো দিশ সূক্ষ্মভাৱে লক্ষ্য কৰি গৈছিল তাই। সহপাঠী ল
ৰা-ছোৱালীবোৰ… যিমানেই এটা সঁচা পৰিচয় গোপনে ৰাখি বাহিৰত বেলেগ
দেখুৱাবলৈ যত্ন নকৰক কিয়
, লাহে লাহে ভিতৰৰ সকলো
গুণেইচোন আত্মপ্ৰকাশ কৰিবলৈ সৰহ সময় নালাগে। ইহঁত… মানে এই যে অভিনৱ
, প্ৰাচুৰ্য… এই বাইকাৰকেইটাইহঁতক লৈ সমস্যাৰ কথা হল যে ইহঁতে‍ আটাইকেইটা যথেষ্ট ধনী
মানুহৰ ঘৰৰ ল
ৰা; ঘৰৰ পৰা একোখনকৈ মটৰচাইকেল পায়, এসোপামান হাতখৰচৰ বাবে টকা পায়
আৰু জীৱনটো
সিহঁতে‍ বিচৰা ধৰণেই চলাই নিব খোজে। অথচ… একেখন কলেজত বহুতো ভিন্ন ভিন্ন চৰিত্ৰৰ লৰা-ছোৱালীৰ সমাৱেশ হয়, আচৰিত লাগে ভাবিলে। নিজৰ শ্ৰেণীৰ
ছাত্ৰ-ছাত্ৰীবোৰৰে মানসিকতাৰ মাজতেই ইমান তফাৎ।
দৰাচলতে নীলাঞ্জনাই যিখন মহাবিদ্যালয়ত
নামভৰ্তি কৰিছিল
, সেইখন মহাবিদ্যালয় চহৰখনৰ
মূল হেম
গেমবোৰৰ
পৰা তিনি কিল
মিটাৰমান
আঁতৰত আছিল। এনে এখন চহৰত থাকিব পৰা চাৰি-পাঁচখন মহাবিদ্যালয়ৰ প্ৰত্যেকখনৰে সামগ্ৰিক
পৰিৱেশটো আচলতে ছাত্ৰ-ছাত্ৰীকে ধৰি অধ্যাপক-কৰ্মচাৰী সকলোৰে মানসিকতাৰ ওপৰতে নিৰ্ভৰ
কৰে। নীলাঞ্জনাহঁতৰ মহাবিদ্যালয়খনলৈ নামভৰ্তি কৰাবলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকল সাধাৰণতে  বেছি মেধাসম্পন্ন নহয়। ভালৰো ভালখিনি চহৰৰ মাজ-মজিয়াত
থকা নামজ্বলা মহাবিদ্যালয়খনলৈ পঢ়িবলৈ গুচি যায়। সাধাৰণ পৰিয়াল একোটা
, যি আৰ্থিকভাৱে সিমান স্বচ্ছল নহয়, তেনে পৰিয়ালৰ লৰা-ছোৱালীহে বেছিকৈ সেইখনলৈ আহে।
তাৰ মাজতো আকৌ কিছু তথাকথিত ধনী পৰিয়ালৰ বিপথে যোৱা
, চুঁচৰি-বাগৰি প্ৰৱেশিকা পাছ কৰা অঘাইতং কিছুমানো আহি সোমাইহি।
নীলাঞ্জনাহঁতৰ দৰে সততেই চকুত পৰা সপ্ৰতিভ ছোৱালী একোজনী সিহঁতৰ বাবে দুদিনীয়া
প্সিত সামগ্ৰীৰ দৰে হৈ
পৰে। প্ৰথমে প্ৰথমে মনটো চঞ্চল হৈ পৰিব খুজিছিল যদিও নীলাঞ্জনাই ভাবি চালে
নিজৰ বিষয়ে নিজে তাই যি বুলিয়ে
নাভাবক লাগে
, সকলো কথা তাই চিন্তা কৰাৰ  দৰে নহবও পাৰে। ইমানবোৰ ছাত্ৰ-ছাত্ৰীৰ মাজত একমাত্ৰ তাইৰে ঘৰুৱা পৰিচয়টো  হয়তোবা সকলোতকৈ বেলেগ হলেও তাত আচৰিত হবলগীয়া একো নাই; যদিও সিহঁতৰ ঘৰখনে দিব পৰা সেই
পৰিচয়টো এইবোৰ ল
ৰা-ছোৱালীৰ বাবে সাময়িকভাৱে
গোপন হৈ থকাটো বৰ প্ৰয়োজন।
স্ফূৰ্তি-তামাচা তায়ো কৰিব; কিন্তু তাইৰ ঘৰখনৰ পৰিচয় জানি লৈ তাইকো সস্তীয়া ছোৱালী বুলি
ভাবি ল
ব পৰাৰ সুবিধা তাই অন্যক
দিব নিবিচাৰে। সেয়েহে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষতে তাই ইচ্ছা কৰিয়ে ৰুমী নামৰ বান্ধৱীজনীৰ
সৈতে অন্তৰংগতা গঢ়ি তুলিছিল। সৰল মনৰ ছোৱালী আছিল তাই। দুদিনমান
পাছতে ৰুমীহঁতৰ ঘৰখনৰ
পৰিচয়টোও নীলাঞ্জনাৰ সন্মুখত উদং হৈ পৰিছিল। তাইৰ দেউতাকে চাপৰিৰ পৰা শাক-পাচলি চাইকেলত
বোজাই কৰি আনি চহৰৰ বজাৰত বেচেহি। ঘৰৰ হাঁহ-পাৰতো বাদেই
, বাৰীৰ কলথোকাও ঘৰ চলাবৰ বাবেই বিক্ৰী কৰিবলগীয়া হয়। সহজ-সৰল
মনৰ ছোৱালীজনী নীলাঞ্জনাৰ ভাল লাগিছিল। তাইৰ লগ লোৱাৰ পৰা আৰু এটা সুবিধাও হৈছিল
নিজকে আঁৰ কৰি ৰাখি সহজেই আনৰ
মনৰ বুজ ল
বলৈ ভাল হৈছিল।
আৰু সেইদৰেই সহপাঠীৰ মনৰ বুজ লৈ
থাকোঁতেই কিছু কাষলৈ আহিছিল চিত্তৰঞ্জন নামৰ ল
ৰাটো। নিৰ্জু প্ৰকৃতিৰ শান্ত-শিষ্ট লৰা। পঢ়া-শুনাত চোকা হওক বা নহওক, শিক্ষকৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ
সি যিকোনো বিষয়
সম্পৰ্কহোৱা আলোচনাবোৰত আগভাগ
লয়। লাহে লাহে ৰুমী আৰু নীলাঞ্জনাৰ সৈতে তাৰ অন্তৰংগতা বাঢ়ি আহিল। দুদিনমান
পাছতে নীলাঞ্জনাই বুজি
পালে
চিত্তৰঞ্জনৰ তেনেকৈ অন্তৰংগ
ৰা বন্ধু নাই। সি ছোৱালীৰ সৈতে
কথা পাতিহে ভাল পায়। স্বভাৱটোকে ধৰি কথাই-বতৰাই সকলো ফালে কিছু নাৰীসুলভ গুণ আছে তাৰ
গাত। এনেকুৱা ল
ৰাৰ পৰাও আকৌ সময়ত বহুত
সুযোগ ওলাব পাৰে। পঢ়া-শুনাৰ ক্ষেত্ৰত কিছু সহায়কতো
হয়ে, তদুপৰি আনৰ দৃষ্টিত ভাল হৈ থাকিবলৈও সুবিধা থাকে। অৰ্থাৎ চেহেৰাটোৰ
বাহিৰে অন্য কিছুমান গুণেৰেও সহজেই আনৰ চকুত পৰা হৈ থাকিব পাৰি। আকৌ চিত্তৰঞ্জনৰ যোগেদিয়ে
অন্য ল
ৰাবোৰৰ খা-খবৰবোৰো মাজে-মধ্যে
আহি থাকিব পাৰে। গতিকে… চিত্তৰঞ্জন
, ৰুমী আৰু নীলাঞ্জনাকেইমাহমানলৈ এটা গোটৰ
দৰে হৈ পৰিছিল।
আৰু সেই চিত্তৰঞ্জনেই এদিন আনিছিল
অভিনৱৰ মনৰ বতৰা। ত
জ্‌বজীয়া লৰা অভিনৱৰ হেনো নীলাঞ্জনাক
ভাল লাগিছে।
—“কোন অভিনৱ কোৱানা?” — তাই অঁকৰাৰ ভাও ধৰিছিল। — “ভাল লৰা জানা, হেণ্ড্‌ছাম বয়।” —স্বভাৱগতভাৱে চিত্তৰঞ্জনে তাইক
কৈছিল। 
বুৰ্বকটো কৰবাৰ’’— নীলাঞ্জনাৰ পেটে পেটে
হাঁহি উঠিছিল। তাৰ আগদিনাই তাই ঘৰলৈ আহোঁতে বাটৰ একাষে অভিনৱে তাইৰ সৈতে চিনাকি হৈছিল
আৰু ঘৰলৈ আহিবলৈ বুলি পাছৰ দুই কিল
মিটাৰ পথ তাৰ মটৰ চাইকেলৰ পিছফালেই তাই উঠি আহিছিল।
পাছলৈ… চহৰৰ উপকণ্ঠ অঞ্চলৰ সেই
ৰেষ্ট্যুৰেণ্টখনৰ আছুতীয়া কোঠালি
এটাত দিনটোৰ তিনি-চাৰি ঘণ্টা সময় পাৰ কৰোঁতে মাজে মাজে লগৰ ল
ৰা-ছোৱালীৰ কথা ওলালে অভিনৱে চিত্তৰঞ্জনৰ
বিষয়ে
— ‘সেই মাইকীটোবুলি কব খুজিছিল। নীলাঞ্জনাই তেতিয়া
তাৰ মুখতে ধৰে
— “কিয় তেনেকৈ কোৱাহে? সি জানি-বুজি তেনেকুৱা হৈছে নেকি? সকলোকে ভগৱানে‍ সৃষ্টি কৰিছে; যাৰ যেনেকৈ ভাল লাগে, তেনেকৈ থাকিব। আমাৰ কি আহে-যায়।
সঁচাকৈ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয়
বাৰ্ষিকৰ পৰীক্ষা দিয়াৰ সময়ত চিত্তৰঞ্জনেই তাইক বহুত সহায় কৰিছিল। অধ্যাপকসকলৰ দৰকাৰী
টবোৰ সি তাইক জেৰক্স কৰি লবলৈ গোটাই দিছিল। মাজে মাজে তাইক
প্ৰাচুৰ্যৰ কথা কৈও সি জোকাইছিল

তুমি যে
ৰাবোৰ কেনেকৈ পতোৱা বাৰু নীলা? আচলতে তোমাৰ চেহেৰাতে কিবা এটা
আছে জানা।
” — অদ্ভুত এটা সুৰত কথাষাৰ কৈ সি
তাইক বাঁউসীতে চিকুট মাৰিও দিছিল।
প্ৰাচুৰ্যৰ সৈতে তাইৰ চিনাকি আচলতে
সিহঁতৰ দোকানৰ সন্মুখতে এদিন গধূলি আকস্মিকভাৱে হৈছিল। কলেজত সিহঁতৰ উচ্চতৰ মাধ্যমিকৰ
ছাত্ৰৰ দল এটাৰ সৈতে স্নাতক প্ৰথম বাৰ্ষিকৰ ল
ৰাৰ দল এটাৰ মাজত এখন ক্ৰিকেট খেল হৈছিল। সেইখন খেলত অভিনৱেও
ভাগ লৈছিল। আৰু
সিহঁতে‍ হুতো ছোৱালীৰ এটা জাক সমৰ্থনৰ বাবে গৈছিল। সিটো দলৰ আটাইতকৈ ভাল খেলুৱৈ আছিল প্ৰাচুৰ্য।
নীলাঞ্জনাই তাৰ নামটো নাজানিছিল
;
কিন্তু অভিনৱৰ
সৈতে মটৰচাইকেলত যাওঁতে দুদিনমান তাই তাক লগ পাইছে
; বেলেগ কোনোবা ছোৱালীৰ সৈতে একেলগে দেখিছে। সেইদিনা খেলৰ শেষত
বিজয়ী হোৱা জ্যেষ্ঠ ছাত্ৰৰ দলটোক সি
হঁতেও অভিবাদন জনাইছিল। তাই মন কৰিছিলপ্ৰাচুৰ্যই বাৰে বাৰে তাইলৈকে
চাই আছে।
আৰু এদিন গধূলি অভিনৱে জন্মদিনত
তাইক উপহাৰ দিয়া ম
বাইলটো হাতত লৈ দোকানৰ বাহিৰলৈ তাই ওলাই আহিছিল। কালৈনো ফন কৰিম বুলি মনতে গুণা-গঁথা
কৰি থকাৰ চলেৰে বাহিৰত ৰৈ থকা গ্ৰাহকবোৰলৈও মাজে মাজে চকু গৈছিল হ
বপায়। সেইখিনি সময়তে দোকানলৈ পৰাগ
আহে আৰু ক্ষণিকৰ বাবে অৰ্চনাই তেওঁক লগ পায় কিছু আঁতৰৰ নিভৃত পৰিৱেশত। সকলো জানেই যেতিয়া
আৰু সেইবোৰ বিষয়ত তাই নিজৰ ফালৰ পৰা মূৰ ঘমাবলগীয়াও একো নাই বুলিও বুজি পোৱা হৈ গৈছিল।
সেই সময়ত দোকানৰ বাহিৰত চাৰিখনমান মটৰচাইকেল ৰৈ আছিল। ভালেমান মানুহ আছিল। হঠাৎ তাই
চাই থাকোঁতেই
, সেইখিনিত ৰৈ থকা মটৰচাইকেল
এখন সাউৎকৈ ষ্টাৰ্ট দিয়া যেন মন কৰিলে আৰু বিশেষ একো তৰ্কিবলৈ নৌপাওঁতেই সেইখন আকৌ
সেই বিশেষ এটা কায়দা কৰি আহি ঠিক তাইৰ কাষতে ৰৈ গ
লহি। সময়টো কানি-মুনি আছিল যদিও তাই চিনি পোৱাত অসুবিধা হোৱা
নাছিল
সেইটো প্ৰাচুৰ্য। সেইদিনা
প্ৰথম তাই তাৰ সৈতে দুষাৰমান কথা পাতিলে আৰু পাছদিনা জাঁজীৰ ফালে এপাক ফুৰিবলৈ গ
, এনেয়ে।
আচৰিত লাগে ভাবিলেও… এই যে সম্পৰ্কবোৰ, এইদৰে ফুৰা-চকা, স্ফূৰ্তি-তামাচা… এইবোৰ কোনেও কাহানিও
গভীৰভাৱে নলয়। সকলো চলি আছে
,
চলি যায়।
এই যে অভিনৱৰ সৈতে তাই পাৰ হৈ যোৱা দুমাহৰ ভিতৰত ইমান দিন সেইদৰে ফুৰিলে
, পথৰ কাষৰ  ৰেষ্ট্যুৰেণ্টৰ চৌহদৰ দুজনীয়া সৰু সৰু কেবিনত ঘণ্টাৰ পাছত ঘণ্টা
সময় পাৰ কৰিলে
, আহোঁতে-যাওঁতে প্ৰাচুৰ্যই
সেইবোৰ নেদেখা নহয়। তেতিয়া তাৰ সৈতেও বেলেগ কোনোবা থাকে। অভিনৱ আৰু প্ৰাচুৰ্য সহপাঠী
নহ
লেও ভাল চিনা-পৰিচয় আছে দুয়োৰে
মাজত। দৰাচলতে সম্পৰ্কৰ গভীৰতা যেতিয়া মনৰ পৰা নাথাকে
, তেতিয়া সকলো চলি যায়… তেনেকৈয়ে। কিন্তু গভীৰ সম্পৰ্কৰ উম বিচাৰি
ফুৰা কিছুমানৰ মাজত কেতিয়াবা সেই ধৰণৰ পৰিস্থিতি লৈ হাই-কাজিয়াৰ সূত্ৰপাত হোৱাও নেদেখা
নহয়। সেইবোৰ সম্পৰ্কৰ স্থায়িত্ব কিমান সেয়াওতো সন্দেহৰ ঊ
ৰ্ধ্বত নহয় কাহানিও। সকলো জানে, সকলোৱে সকলো বুজি পায়; অথচ ক্ষণিকৰ আৱেগে সকলো খেলি-মেলিও
কৰি পেলাব খোজে। আৰু তাৰ মাজতো থাকে ব্যতিক্ৰম। তেনে ব্যতিক্ৰমী সম্পৰ্কক তাই
অৰ্চনা আৰু পৰাগ’-ৰ সম্পৰ্ক বুলি অভিহিত কৰিব খোজে।
আটাইতকৈ আচৰিত কথাটো আছিল সম্পৰ্কৰ
স্থায়িত্ব আৰু গভীৰতাক লৈ সতৰ্ক নাছিল বাবেই নীলাঞ্জনাৰ বাবে এই সকলো একো একোটা সাধাৰণ
খেল মাত্ৰ আছিল। নিজে যিদৰে কথাবোৰ গ্ৰহণ কৰিছিল
, আনকো সেইদৰেই ভাবিবলৈ বাধ্য কৰাব পাৰিছিল। অৱশ্যেই তাই মন কৰিছিল
যে সকলো একো একোজন চতুৰ খেলুৱৈ। কেৱল বুৰ্বকবোৰক চিনি থৈ সেইবোৰক সেইদৰে ব্যৱহাৰ কৰিব
জানিলেই হ
ল।
কিছুমান বুৰ্বকক হয়তো উলাই কৰিবলৈকো
সমস্যা হয়
, তেনে ক্ষেত্ৰত তাইৰ সকলো
চতুৰালি অসাৰ হৈ পৰে। ঠিক সেই ধৰণৰ ঘটনা এটাই এদিন গধূলি তাইৰ অন্তৰাত্মা জোকাৰি থৈ
গৈছিল। পাহৰিও পাহৰিব নোৱৰা আছিল সেই দিনটোৰ মাথোঁ কেইটামান মুহূৰ্ত। নীলাঞ্জনাহঁতৰ
চূড়ান্ত পৰীক্ষাৰ সময় চমু
চাপিছিল তেতিয়া। অন্য সময়ত তাই যেনেকুৱাই চঞ্চলামি নকৰক কিয়
, পৰীক্ষাৰ সময়ত সিমানেই নিজকে সংযত
কৰি লয়
; কিয়নো তাই দুটা কথা অন্ততঃ
অন্তৰেৰে বিশ্বাস কৰিছিল
তাৰে এটা হৈছে তাইৰ মগজু।
অলপ পঢ়িলেই অন্ততঃ পাছ কৰি যাব পৰাকৈ তাই নিশ্চিত হ
ব পাৰে। আৰু দ্বিতীয় কথা হৈছিলপৰীক্ষাৰ ফলাফলেই হয়তো তাইক বন্ধনমুক্তিৰ সন্ধান দিব পৰা এটা
প্সিত তথা স্বাভাৱিক কাৰক
ব পাৰে; অন্য বেলেগ পথৰ বিষয়ে মনেৰে যিয়েই
নাভাবক লাগে
, সকলো সময় আৰু পৰিৱেশেহে
ব। এটা বিষয়ত কিন্তু তাই নিশ্চিত
আছিল
তাই অন্ততঃ অৰ্চনা হব নোখোজে।
আৰু… সেই পৰীক্ষাৰ বাবেই ভালকৈ
পঢ়া-শুনা কৰাৰ দিনবোৰৰ মাজতে এদিন… অৰ্চনা আৰু পৰাগে গধূলি লগ হোৱা সময়ত তায়ো পথটোৰ
কাষৰ পদপথটোত এনেয়ে পাইচাৰী কৰিছিল। সাজ লাগি ভ
গাৰ পাছত পুনৰ ভাত খোৱাৰ সময়লৈকে
তাই পঢ়িব। সেইদৰেই ঠিক নিজৰ ভাবত বিভোৰ হৈ থাকোঁতেই তাই… তাইৰ ভাব হৈছিল
কোনোবাই যেন পিছফালৰ পৰা তাইক
মাতিছে।
নীলাঞ্জনাই উভতি চাইছিল। কানি-মুনি
পোহৰতে তাই মন কৰিছিল চাইকেল এখনত উঠি এটা ভৰিৰে পদপথত ভেজা দি ৰৈ থকা ভংগিমাৰে তাইলৈকে
চাই ৰৈ আছে… সেইটো ভাৰ্গৱ।
নীলাঞ্জনা সঁচাকৈ অবাক হৈ পৰিছিলহঠাৎ সি কৰ পৰা আহিল, কেনেকৈ আহিল আৰু… কিয় আহিল!
ভাৰ্গৱে সেইদিনা তাইৰ সৈতে পাঁচ মিনিটমান সময় কথা পাতিছিল। কটন কলেজত পঢ়ি থকা সেই নিৰ্জু
চোকা ল
ৰাটোৱে পৰীক্ষাৰ আগত দুদিনমান
ভালকৈ পঢ়িম বুলি ঘৰলৈ আহিছে। এবাৰ তাইক লগ পাবলৈ তাৰ ইচ্ছা হ
ল বাবেই সি তাইক চাবলৈ আহিল। পৰীক্ষাৰ
পাছত জীৱনটোৱে কাক কেনেকৈ আৰু কোনফালে লৈ গুচি যায়
, সিতো নাজানে। হয়তোবা সি বেলেগ
ৰবালৈ পঢ়িবলৈ গুচি যোৱাৰ পৰিকল্পনা
কৰিছে। গতিকে… হয়তোবা শেষবাৰৰ বাবে এবাৰ…।
প্ৰথমবাৰ… হয় জীৱনত প্ৰথমবাৰৰ
বাবে নীলাঞ্জনাৰ অন্তৰখনে হাহাকাৰ কৰি উঠিছিল। নিয়ন্ত্ৰণ কৰিব নোৱৰা হৈ পৰিছিল পাৰ
ভাঙি বৈ আহিব খোজা আৱেগক। নিজকে ইমান চতুৰ বুলি ভাবি থকা ছোৱালীজনীয়ে পোনপটীয়াকৈ তাৰ
চকুলৈ চাব নোৱাৰিছিল সেইদিনা
,
জানোচা…।
তাই তাক পৰীক্ষা ভাল হবলৈ বুলি, নিজৰ লক্ষত উপনীত হবলৈ বুলি শুভকামনা জনাইছিল। বাহিৰত
প্ৰকাশ নাপালেও হদয়ৰ তলিখন খান্দি যেন উলিয়াই আনিছিল সেই শব্দকেইটা। সি বিদায় লৈ গুচি
যোৱাৰ পাছত তাই সেই ঠাইতে ৰৈ গৈছিল বহুত সময়…। লাহে লাহে তাইৰ দুচকু সেমেকি আহিছিল।
কেৱল মনৰ অনুভৱবোৰে অস্ফুট সুৰেৰে যেন উচুপি উচুপি ক
ব খুজিছিল
‘‘
মই তোমাৰ
যোগ্য নহয় ভাৰ্গৱ। তুমি ভালে থাকা সদায়… পৰিপূৰ্ণ হওক তোমাৰ জীৱন মোৰ অন্তৰৰ শুভেচ্ছাৰে…।
’’
(আগলৈ‍)