বানান কৰি পঢ়া লুইতৰ পানী : অনুভৱ তুলসীৰ জীৱনৰ স্নিগ্ধচিত্ৰ

 ডo নন্দ সিং বৰকলা

 

       লুইতৰ সৌন্দৰ্যশিল্পৰ মাধুৰ্য, উচ্ছল ঢৌ,
সোঁতৰ গতিবেগ তাৰ গৰ্ভত আড়স্ত আমাৰ জাতীয় জীৱনৰ ৰঙীন বৰ্ণমালাৰ হৃদয় প্ৰসন্ন কৰা
পাঠশালাৰ মণি-মুকুতা। ইয়াৰ গভীৰ দৰ্শনৰ নান্দনিক চেতনাই প্ৰতিজন মানুহকে আকৰ্ষিত
কৰি আহিছে। ‘বানান কৰি পঢ়া লুইতৰ পানী’ শিৰোনামৰ তাৎপৰ্যই ঠুনুকা মনৰ পৰাই লুইতৰ
বাবে ব্যাকুল হোৱা জীৱনবোধক যেন প্ৰতিনিধিত্ব কৰিছে। যি প্ৰতিনিধিত্ব ক্ৰমশঃ হৈ
উঠিছে দৃষ্টিনন্দন চেতনাৰ
  অতুল্য পদব্ৰজ ধ্বনিৰ পাঞ্চজন্য শংখৰ সত্যৰ নিনাদ। 

        কবি অনুভৱ তুলসীৰ
হৃদয়তন্ত্ৰৰ পবিত্ৰৰঙত ৰপ্ত আছে ওপজাঘৰৰ পৰা পোৱা বৈষ্ণৱ-সত্ৰীয়া, কৃষি চৰ্চা,
মৃদংগ, হাৰ্মনিয়াম, ভায়লিন, কীৰ্তন, দশম, ভাগৱত, নামঘোষা, বৰগীত, তাঁতশাল… তাৰ
গৰ্ভৰে কবিৰ মানসিক উত্তৰণ- লুইতৰ পানীৰ দৰে বহ্নিমান হৈ আছিল। সমাজ আৰু জীৱনৰ
প্ৰতিনিধি ৰূপে অনুভৱ তুলসীয়ে মনত পৰা দিনৰে পৰা (যিদৰে বানান কৰি পঢ়া লুইতৰ
পানী) জীৱনৰ স্বচ্ছতাৰ স্ব-প্ৰকাশৰ স্বৰূপ অতুল্য চিত্ৰকল্পেৰে অনুভৱ, অনুসৰণৰ
দ্বাৰা কৰ্ষণৰ ছান্দসিক, ছন্দোৱদ্ধতাৰে তেওঁ হৃদয়ৰ বাটেৰে ধাৱিত হৈ আছে মানুহৰ
বাবে, সমাজৰ ৰূপকলাৰ ৰশ্মিৰঞ্জিত প্ৰকাশ চাবলৈ। লুইতৰৰ গভীৰতাৰ সাংস্কৃতিক
মনোভংগী, জ্যোতি ককাইদেউৰ ‘মই কত পৰ্বতৰ, কত ভৈয়ামৰ শত শত নিজৰাৰ ধাৰ’ ৰ মানবীয়
ঐক্যতানত আড়স্ত মানুহৰ অভিধাক- কবিৰ প্ৰাণত প্ৰোথিত আৰু তাৰ গৰ্ভ ৰঙে কবিক লুইতৰ
বিশালতাৰ মৰ্ম চেতনাৰ মৰ্জা শক্তি হোৱাত সহায় কৰিছে। লুইতত বাৰিষা হোৱা ৰুদ্ৰ ৰূপ,
খৰালিৰ শান্ত-সমাহিত চৰিত্ৰ, বঙ্গোপসাগৰত বিলীন হোৱাৰ সুষমা য’ত লিপিত খাই আছে
মানৱীয় প্ৰমূল্যৰ সভ্যতা-সংস্কৃতিৰ দুৰন্ত কথককলা। 

       অনাদৃত মানুহৰ কৰুণ হাঁহি, হতাশাত ভাগি পৰা
মুখৰ অভিব্যক্তি আৰু সৌন্দৰ্য পৰি থকা গেলা পিটনিৰ পৰা কবি তুলসীয়ে কবিতাৰ বাটেৰে
বুটলি আনিব খুজিছিল- মানুহৰ স্বৰ্গৰ অতুল্য শান্তি হাঁহিৰ শাশ্চত পথ। চিনা-নিচিনা
মানুহৰ অনেক জীৱনবোধত বাংময় হোৱা সুখ, দুখ, সমাজৰ ভংগুৰমান মৰ্যাদাক সেউজীয়া কৰা
চিন্তাত তুলসীৰ কবিতাত মানুহৰ সুখ, দুখ, হাঁহি, অশ্ৰু, আনন্দ বেদনাৰ অনুভূতিত তিতা
ছবিৰ বাস্তৱ অভিজ্ঞতা দেখা যায় বলিস্থ ৰূপত। বুকুৰ তপ্ত ৰঙা ঘাঁ এডোখৰৰ উৎস আৰু
নিৰাময়ৰ ঔষধ চেতনাও তেওঁৰ কবিতাৰ হৃদয়ত সংপৃক্ত।

       গাঁও অনুভৱ তুলসীৰ আদিম পৃষ্ঠভূমি। সেয়ে
তেওঁৰ জনমৰ গাঁও ‘তুলসীমুখ’ তেওঁৰ নামৰ লগত একান্ত, একাগ্ৰভাৱেই সংযুক্ত। যাক
আঢ্যৱন্ত কৰি ৰাখিছে কৃষিকলাৰ কৃষক, পথাৰ, বৈষ্ণৱ জীৱনবোধৰ আধ্যাত্মিক ৰঙেৰে। কবিৰ
অকপট স্বীকাৰোক্তি ‘মোৰ প্ৰাণৰ ভাষাত কবিতা লিখা সতীৰ্থসকলৰ তেজস্বিতাই মোক অনৱৰতে
অনুপ্ৰাণিত কৰি ৰাখিছে। তেওঁলোকৰ মাজতে মই সোমাই আছোঁ- ই মোৰ অতি প্ৰিয় অৱস্থান।
মোৰ প্ৰিয় অৱস্থানত থাকিয়েই মোৰ মনক নিৰন্তৰ সন্ধান উৎসুক কৰি ৰাখিছোঁ। ইয়াতে
থাকিয়ে মই বিকল্পৰ বাট বিচাৰোঁ। মোৰ চৌপাশৰ জীৱনৰ আচাৰ-আচৰণ, চেতনা, সংবেদনশীলতাই
মোক বিকল্পৰ বাৰ্তাও দিয়ে।’ এনে মননশীল সাহসৰ পথ দৰ্শনৰ সন্ধান খুউৱ কম সংখ্যকৰ
জীৱনৰ মনোভংগীতহে জিলিকি উঠে।  ভাষাৰ প্ৰতি-
শব্দ নিৰ্বাচন আৰু বাক্য গাঁথনিৰ ক্ষেত্ৰত কবিৰ মনোভংগী পৰিশীলিতভাৱেই মনোৰম আৰু
মৃতব্যয়ী। যিয়ে তেওঁৰ কবিতাক অৰ্থঘন সুষমাৰ বাটেৰে আমাৰ চকুত ছন্দায়িত কৰি তোলে
দৃষ্টিনন্দনভাৱেই নান্দনিকতাৰ বাটেৰে। শব্দসামৰ্থ্য প্ৰকাশৰ কৌশলত ভাষাই তেওঁৰ
কবিতাত সাহিত্যৰ মান নিৰ্ণয় কৰাৰ সুৰত লাভ কৰে জীৱনৰ প্ৰকাশভংগীৰ বাংময়তা। কবিয়ে
নিজেই গ্ৰন্থখনৰ পাতনিত কৈছে- ‘শব্দৰ উহ নিৰৱতা। কাৰ্যকৰণৰ ফলত নিৰৱতাৰ বুকুত
ধ্বনি আৱিৰ্ভাৱ ঘটে। ধ্বনিয়ে সংগীত সহজতে সহোদৰ হিচাপে লয়। ধ্বনি আৰু সংগীতৰ
সমন্বয়েই শব্দ। শব্দই জগত প্ৰপঞ্চৰ পৰা অৰ্থ লাভ কৰে।’  সেয়ে তেওঁৰ কবিতাত
থকা সংজ্ঞা স্পষ্ট, স্বচ্ছ আৰু হৃদয়ৰ গৰ্ভত কৰা আলোড়ন সহজাত প্ৰতিমাৰ বাককলা হৈ আমাক
জোকাৰি থাকে। তেওঁৰ কবিতাই প্ৰতিমাক বাক প্ৰতিমা কৰাৰ ৰামধেনুৰ শোভা চকুত
আঁকে। 

       কবিৰ মনোজগতৰ মনোভংগীৰ যুগাত্মক প্ৰগতি
সাংস্কৃতিক সমালোচনাৰ গঠনমূলক চেতনাৰে আশাবাদী ৰঙত বিধৌত। প্ৰত্যয়, প্ৰত্যাশা,
আশা, হেঁপাহ আৰু সুখৰ সন্ধানৰ বিৰল, বিমল, মুকুল যেন তেওঁৰ হৃদয় মোলোক.. য’ত মানুহ
বন্দনাৰে প্ৰকৃতিৰ যাত্ৰা সুষম যুগাত্মক ৰঙেৰে ব্যাপ্ত দিনৰ বসন্ত হৈ জিলিকে।
জোনাকৰ নিৰ্মল বাংময়ৰ সুগন্ধিৰে পৃথিবীক সম্প্ৰসাৰণৰ মানৱতাৰ অহিংসাৰ বাবে আকুল
কৰি তোলে। 

  
 ‘হেমন্তৰ চিঠি’ কবিতাত তাৰ অনুসৰণে আমাক মোহিত কৰিছে এনেদৰে- ‘ডাল ভৰি ভৰি
মধুৰি লাগে/পদুলিৰ থল-পদুম জোপাইও পেলায় কলি/আমোলমোল গোন্ধ বতাহ থৌকি বাথৌ/সোণ
মধুৰি আৰু থল-পদুমৰ ৰূপৰ সমাৱেশ।’ 

       ধোঁৱাক জুই আৰু জুইক জল পদুম কৰাৰ দুৰ্বাৰ
আকাংক্ষা তেওঁ মনোভংগীৰ গহীন ৰং।

       বানান কৰি পঢ়া লুইতৰ পানীৰ ল’ৰালিৰ দিনৰ
দৰে আশাবাদেৰে বিধৌত ‘ধ্বনিময় হেঙুলৰ হেঁপাহ’ত তিতা কবিতাসমূহে বুকুত তোলে মাটিৰ
বীজ গজাৰ উকমুকণিৰ উদ্বেগ। খেৰসূতী গুৰু শংকৰৰ বুঢ়ীমাকৰ চকুৰ জোনালী আভাত দ্ৰুতলয়
মানুহ শব্দৰ পৃথিবী এখনে দোলা দিয়ে। শংকৰৰ মাতেৰে- জগত শুৱনি কৰাৰ কত যে ব্যঞ্জনা।
সাংস্কৃতিক মাটি প্ৰমূল্যৰ খোজত সোণাৰু-সোণালী মনত মানুহৰ সুৰ ধ্বনি শংকৰৰ নামেৰে,
মাতেৰে বাটৰ দিকচৌ প্ৰগতিৰ আশা। তাৰ ৰূপমান বৰদোৱাক কেন্দ্ৰ কৰি আলিপুখুৰীয়ে বহন
কৰা অসমীয়া জাতীয় জীৱনৰ সাংস্কৃতিক, সামাজিক, আধ্যাত্মিক, নামঘৰৰ ভক্তিবন্দনাৰ বিমল
কথা কবিতাটিত সন্নিবিষ্ট কৰা কবিৰ চেতনা বৰ ঈংগীতধৰ্মিতাৰে নান্দনিক হৈ উঠিছে-
এনেদৰে ‘একালৰ ছন একালত হৈ উঠে বৃন্দাবন/পোনামাছৰ জাক যেন ডাৱৰৰ
অহা-যোৱা/আলিপুখীৰৰ পথাৰত যাৰ ফাঁকে ফাঁকে/সোনাৰু সোনালী হৈ পৰিছে পুৱা বেলিৰ
পোহৰ/জালিকটা সপোনৰ গাত লিপিত খাই থকা…।’

       তাঁতশালৰ গৰ্ভই আমাৰ জাতীয় স্বাভিমান আৰু
ঐতিহ্যক বহন কৰি আছিল। আইৰ দৰেই স্নেহবিগলিত বিশ্বাস ভালপোৱাৰ বাটেৰে- আইৰ বুকুৰ
উমত উষ্ম দুচকুক তাঁতশালে গৰিমাময় ৰূপেৰে, ৰঙেৰে জীৱন্ত কৰি ৰাখিছিল। এতিয়া যেন
সেয়া পাহৰণিৰ গৰ্ভত বিলীন। জাতীয় জীৱনৰ সংকট সন্ধিক্ষণত ত্ৰস্তমান আমাৰ মাটি, যি
মাটি এদিন গান্ধীবাপুৰ মুখ নিঃসৃত কথাৰে আমাৰ শিপিনীৰ সপোন সাম্ৰাজ্যৰ তাঁতশালৰ
ফুল তোলা বৰ্ণ বিৱৰণৰ বিশ্লেষণ আছিল হৃদয় উদ্বেলক তাত এতিয়া ঘুণে ধৰিছে। ভূপেন দাই
গোৱাৰ দৰে ‘মূৰৰ ফুলাম গামোচাখনি ক’ৰবাৰ শেনে আহি নিলেহি টানি’ যেন অসহায় দিন কাল।
কবি ব্যৰ্থিত হৈ উঠিছে। তেওঁৰ মাতৃৰ হাতত (প্ৰতীকৰূপ) তাঁতশালৰ বৰ্ণনাই কবিক
জীৱন্ত চেতনাৰ ৰং সম্বলিত গৰিমাৰ অধিকাৰী কৰি ৰাখিছিল। মাতৃৰ নোহোৱা অৱস্থানৰ দৰে
ক্ৰমশঃ ধুসৰ-ধুমায়িত তাঁতশালত ঘুণে ধৰিলে। জাতীয় জীৱনৰ পংগুত্বৰ সুৰ ধ্বনিত হ’ল।
তাৰ অনুৰণন শুনিছোঁ এনেদৰে- ‘আই যোৱাৰ বহু আগতেই/তেল পৰি পিছলা বাটেৰে/অহা-যোৱা
কৰা সেই মাকোটো/নিজ ঘৰলৈ ঘূৰি গ’ল/তাতোকৈ আগতে আইৰ দুয়োহাত যেন দেহি ঐ সেই মোৰ
দোৰপতি/হ’লগৈ ঘুণ পোকৰ থকা ঠাই।’

       আমাৰ ঐতিহ্য আৰু স্বাভিমানৰ প্ৰতি কবিৰ
প্ৰখৰ দৃষ্টি, অনুসন্ধিৎসু মনৰ বাংময় জীৱনবাট আৰু তাৰ গৰ্ভেৰে নতুনৰ চকুক তাঁতশালৰ
ৰূপকথাক ক’বলৈ যোৱাটো জাতীয় মানৰ অৰ্থঘন চেতনাৰেই ৰূপৰেখা।

       পৃথিৱী প্ৰজন্মৰ প্ৰতিনিধিৰে সৌম্যতাৰ দৌৰৰ
জননী। পুৰণিৰ মাটিৰ পৰা গঢ়ি উঠা বুনিয়াদক ৰূপান্তৰৰ বাটেৰে পৰিবৰ্তনৰ মাতত
সংৱৰ্দ্ধন, বিৱৰ্তন, আৱৰ্তনৰ পোছাক পিন্ধোৱা পৰম্পৰা যেন তেওঁৰ হৃদয়ৰ স্পন্দন হৈ
আছিল। কেতিয়াবা সময়-ক্ষত বিক্ষত হৈ তেজৰঙা মাটিৰ বিননি আৰু তাৰ গৰ্ভৰ হতাশাত ৰপ্ত
আশাবাদৰ বিৱৰণে কবিক উৎসাহিত কৰি ৰাখিছে। সেয়ে পুৰণিৰ বুনিয়াদী জীৱনৰ বাটেৰে
উৎসাহিত হৈছে কবিৰ আশাবাদৰ দুভৰি, সম্প্ৰসাৰিত হৈছে- পাঁজিসেৰীয়া হাতৰ প্ৰগতিৰ
চিত্ৰৰেখা। পুৰণিৰ গৰ্ভতে নতুনে পোখা মেলে। মানুহ অনন্ত, একাগ্ৰ, চিৰন্তৰ প্ৰগতিৰ
প্ৰজন্ম। যিয়ে সেউজীয়া কৰে- ভূ-ভাগ, জলৰাশিৰ গৰ্জন, পথাৰৰ ভোকৰ মহাকাব্য। তাৰেই
অনুৰণন শুনিছো- ‘বতাহৰ কথা’ কবিতাত এনেদৰে ‘কলপাতবোৰ ফাটিছে/ইটিয়ে সিটিয়ে কথা
পাতিছে/কেঁচা ঘা দেখুৱাইছে/চবৰে ঘা আবিকল একে/সকলোৰে একে ছটফটনি/চবৰে একে
হা-হুমুনিয়াহ/নতুন পাত এটিয়ে থোৰ মেলিছে/ফটাপাতবোৰে আদৰিছে এই নবীনক।’

       সময়ৰ সোঁতত ধীমান কৃতধী ব্যক্তিসত্ত্বাই
আমাৰ জাতীয় জীৱনক সাহিত্য, সামাজিক, সাংস্কৃতিক অভিধাৰ পুৰঠ সমষ্টিগত ব্যক্তিত্বৰে
মহীয়ান কৰে। তেনে মহীৰূহ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। সংগ্ৰামী চেতনাৰ বিমল
প্ৰকাশত মূৰ্তমান তেওঁৰ অহিংসাৰ বাট আৰু সেই বাটেৰে আমাৰ জাতিৰ সত্ত্বা আঢ্যৱন্ত
সময়ৰ যেন কুটিল পৰিহাস। ভোগবাদী জগতৰ বাসিন্দাৰ কচমেটিক তীব্ৰ-তীৰ্যক চেতনাত
আমিবোৰ দল সলোৱা মানুহৰ সমদল আৰু আমাৰ নিজৰ স্বাৰ্থত জ্যোতি ককাইদেউৰ অমৰ কথাবোৰ
কামৰ ডঁৰিয়লিবোৰ যেন পাহৰি আত্মমগন নিজা স্বাৰ্থত। সেয়ে তেওঁৰ কৰ্মক্ষেত্ৰত লিপিত
খাই থকা জাতীয় জীৱনৰ অমৃত অমৰ চেতনাবোৰৰ পৰা আমাৰ ব্যৱধান বিস্তৰ হৈ উঠিল।
দুদোল্যমান বতাহৰ কোবত আমি বিধ্বস্ত। আমাৰ যেন কোনো কাণসাৰ নাই। সময়ৰ বাটত তেওঁৰ
অজয় অমৰ মূৰ্তিৰ গাত শেলুৱৈ পৰিছে, মকৰাৰ জাল পাতিছে, অপসংস্কৃতিৰ মাত কথা,
তামোলবাৰী বাগিচা য’ত তেওঁ জন্ম তাতো দেখোন আন্ধাৰ, অস্থিৰ, অবুজ খোজ, কেঁচাসোণৰ
বাগিচাত জ্যোতি নিৰুৰ্দেশ। যিয়ে কবিক অস্থিৰ কৰিছে। ইনক্লাৱ জিন্দাবাদৰ শ্ল’গানেৰে
সমদল গৈ আছে, সমদলৰ নেতৃত্বই শুনা নাই সমদলৰ গাতে লাগি দৰিদ্ৰতাত পৃষ্ঠ মানুহৰ
হতাশা, জ্যোতিৰ সাগৰমুখী যাত্ৰাৰ জাহাজখন চাবলৈ যেন, কাৰোৱেই সময় নাই, নাই আহৰি।
কবিয়ে তাৰ বৰ্ণনা বিৱৰণৰ অনুৰণন কৰিছিল এনেদৰে- ‘অস্থিৰ খোজেৰে মই/এবাৰ আগফালে
এবাৰ পাছফালে গৈছোঁ/কুৰুকি-কুৰুকি কেঁচা পাতৰ বুকু/বিচাৰিছোঁ তোমাক/… তোমাৰ
ব্ৰোঞ্জৰ মুখৰ মকৰাজাল/আমাৰ মুখলৈ বিয়পে/আমাৰ মুখবোৰ ৰঙা চিঙা হৈ জ্বলে/ধাতু
দুৰ্বল এই ভৰ দুপৰীয়া/ক’ত ক’ত আৰাও ক’ত শ্ল’গান/আকাশত ৰাজে কি বাদ্য।’ (তামোলবাৰী
বাগিচা)’

       গছ মানুহৰ আদিম সহোদৰ। প্ৰাচীন জীৱনৰ
নিৰাপত্তা। গছে ধৰি থাকে জলবায়ু আৰু বৰষুণৰ আত্মা। তাহানী আইতাই কৈছিল গছবোৰ
ঘৰবোৰতকৈ ওখ আছিল, এতিয়া ঘৰবোৰ গছবোৰতকৈ ওখ হ’ল। সেয়ে গছে নিৰ্মাণ কৰা পথ আৰু
মানুহৰ দুভৰিৰ পদব্ৰজ যাত্ৰা মানুহে পাহৰি থাকিল। গ্ৰাম্য জীৱনৰ কৃষক কৃষি কলাৰ
মানুহে আশ্ৰয় লভে গছৰ তলতে। ৰ’দৰ প্ৰকোপত গছৰ পাত হয় বতাহ বিলোৱা ছাঁ। কবি অনুভৱ
তুলসীৰ গাঁও তুলসীমুখৰ চৌদিশৰ পথাৰ সমাজ, জাতিবাঁহৰ পৰিয়াল, প্ৰকৃতিৰ নৈসৰ্গিক
দৃশ্যসজ্জা, বাওঁধানৰ পথাৰ, জলাশয়, পথৰ দুয়ো কাষৰ ধান খেতিৰ বিস্তৃতি, বিলখালৰ
মাছ, সেইবোৰ বিচাৰি কবিৰ যাত্ৰা আৰু সাহস দিয়া (প্ৰতীকৰূপী) সাপ এডাল, য’ৰ পৰা
কবিৰ আত্মাত জন্ম হৈছিল আগুৱাই যোৱাৰ শ্ৰম। এতিয়া গছ নাই, মানুহৰ সেই শ্ৰমৰ কৰ্ষণো
গোলকীয় মাতত আৱদ্ধ। সেয়ে তেওঁৰ হতাশাৰ মাত নিৰ্গত হৈছে- ‘গছৰ নামেৰে গাঁৱ’ত
এনেদৰে- গাঁও পাতি মানুহে বসতি কৰাৰ বহু আগৰে পৰা গছজোপা তাত আছিল। গছ জোপাৰ
নামেৰেই গাঁওখনৰ নাম দিয়া হৈছিল।’ প্ৰাচীন প্ৰমূল্যক প্ৰতিনিধিত্ব কৰা প্ৰতীক ৰূপী
গছজোপাই সমাজ বিৱৰ্তনৰ বহু কথাই কবিয়ে ইংগীত ধৰ্মীতাৰে বৰ্ণনা কৰিছে। সমাজৰ
ৰীতি-নীতি, মূল্যবোধ, মানবীয় প্ৰমূল্যৰ অৱক্ষয় যেন এতিয়া মানুহৰ অহা যোৱা পথ হৈ
উঠিছে।

       ‘বানান কৰি পঢ়া লুইতৰ পানী’ কাব্য
গ্ৰন্থখনি শিৰোনামাত নিহিত থকা গভীৰতা, গৃঢ়াৰ্থই বিশেষ তাৎপৰ্য বহন কৰিছে। বনলতাই
প্ৰকাশ কৰা গ্ৰন্থখনত কবিৰ জীৱন অনুভৱৰ সাৱলীল পাঠে কবিৰ মনোজগতত গ্ৰাম্যপ্ৰীতি,
সমাজ, বৈষ্ণৱ দৰ্শনৰ মৰ্যদাকলাক সাৱটি আছে। কবিৰ ওপজা গাঁৱৰ পৰশ কবিতাসমূহৰ
নিৰ্মাণ কলাৰে আবৃত্ত। সুন্দৰ অৰ্থবহ বেটুপাতৰ গ্ৰন্থখনৰ মূল্য ১৫০ টকা আৰু
গ্ৰন্থখনৰ অলংকৰণ কুমুদ শৰ্মাৰ। মুঠ ৬৪ টা কবিতাৰে আমাৰ কবিতাক প্ৰতিনিধিত্ব কৰা
অনুভৱ তুলসীৰ এই নৱ গ্ৰন্থখনৰ সুখপাঠে আমাক আহ্লাদিত কৰিছে।

(পূৰ্বপ্ৰকাশ
: আমাৰ অসম, ৬ জুলাই, ২০২৫)

***

ভ্ৰাম্যভাষ-
৮৮২২৩০৩৯০৬