বাঘিনীৰ সত্য জীৱন কাহিনী

বাঘৰাণী খইৰী
মূল : অখিল মোহন পট্টনায়ক
অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম 


এই ঘটনাটোৰ দুবছৰৰ পাছত মই নন্দন কাননলৈ গৈছিলোঁ। তাৰ এমাহ
নে দুমাহৰ আগতে নন্দন কাননলৈ দহ হাত দীঘল এটা ৰজাফেঁটী সাপ অনা হৈছিল। সি থাকে এটা
আইনাৰ ঘৰত আৰু ঘৰৰ ভিতৰত এটা নিগনি আৰু দুটা পাৰ এৰি দিয়া হয়। তাৰ বিষদাঁত ভাঙি
দিয়া হৈছিল। ৰজাফেঁটী সাপে নিগনি বা পাৰ নাখায়
, অন্য সৰু সাপ খায় আৰু
খোৱাৰ সময়ত নিজৰ বিষ ঢালি সেই সাপ হজম কৰে। সেয়েহে সেই ৰজাফেঁটীটোৱে অনেক দিন
ধৰি একো খোৱা
 নাছিল। সি বহুত দুর্বল হৈ
পৰিছিল আৰু অসাৰ হৈ পৰি ৰৈছিল। মই তাৰ ঘৰৰ ভিতৰত সোমাই তাক যেতিয়া উঠালোঁ
, তাৰ লেতু-সেতু দেহাটোৱে মোৰ
হাতত অলপমানো লৰচৰ নকৰিলে। কিন্তু সি বাচি আছিল। তাৰ পেটত কিবা ভাল খাদ্য নপৰিলে
আৰু বোধহয় বেছি দিন নাবাচিলহেঁতেন। তাক খুৱাবৰ বাবে প্রায় আধাটেমা প্রটিনেক্স
এমগ পানীত মিহলাই তাৰ কোৱাৰি মেলি ধৰি ৰবৰৰ নলী এডালেৰে লাহে লাহে তাৰ ডিঙিৰ গুৰিত
ঢালিলোঁ। ৰবৰৰ নলীডালৰ ওপৰত ফানেলেৰে প্রটিনেক্স ঢালিছিলোঁ। খুওৱা হৈ যোৱাৰ পাছত
মই তাৰ মূৰটো সেইদৰেই ওপৰলৈ দাঙি ধৰি থাকিলোঁ। দেহটো দীঘল হৈ মাটি চুইছিল।
পানীখিনি ভিতৰলৈ সোমাই যাবৰ বাবে তেনেকৈয়ে কিছু সময় তাক ওলমাই ধৰি ৰাখিলোঁ। সি
তাৰ লিক্‌লিকীয়া দুচি
ৰাকৈ‍ ফটা জিভাখন বাৰম্বাৰ লহ্‌ লহ্‌কৈ‍
উলিয়াইছিল। সাপৰ কাৰণে তাৰ জিভাই সকলোতকৈ ডাঙৰ অস্ত্র। সিহঁতে জিভাৰেই গোন্ধ লয়।
জিভাৰেই ওখ-চাপৰ ঠাইৰ চিন ধৰিব পাৰে। তাক কোনে খাবলৈ দিলে
, সেই কথা জানিবলৈ সি জিভা
উলিয়াই মোৰ গোন্ধ মনত ৰাখিবলৈ চেষ্টা কৰিছিল। সাপটো অতি লে
ধা/লেহেম
আছিল বাবে তাৰ নাম দিলোঁ সুস্থি। তাৰ লগে লগে সি এলেহুৱা হৈ কুণ্ডলী পকাই শুলে।
দহ-বাৰদিনৰ মূৰত এদিন মই তাক সেইদৰে ৰবৰৰ নলীৰে খুৱাইছিলোঁ। দেৰ মাহমানৰ ভিতৰত তাৰ
গা পূৰঠ আৰু চিকুণ হৈ উঠিল। প্রটিনেক্স খাই খাই জংগলৰ ৰজাফেঁটীৰ তুলনাত সি বহুত
শীঘ্ৰে বাঢ়িছিল
, আনকি ডেৰ-মাহত এবাৰ সি মোট সলাই শৰীৰ নতুন
কৰিছিল। এই সময়ৰ ভিতৰত তাৰ বিষ দাঁত আকৌ এবাৰ গজি প্রায় ডেৰ আঙুলিমান দীঘল হৈছিল
আৰু সি বেচ স্ফূর্তিত আছিল। কিন্তু মোৰ হাতৰ পৰা খোৱাৰ পৰত মোৰ গোন্ধ চিনি সি
কেতিয়াবা মুখ ঘূৰাই কামোৰাৰ আভাস দিয়ে। যি তাক খুৱাই-মেলি সুস্থ কৰি তুলিছে
, তাক আঘাত কৰাৰ কথা সি কেনেকৈ
ভাবিব পাৰে
?

এবাৰ সুস্থিক খুৱাবৰ বাবে গলিৰ দুৱাৰ খুলি হাউলি তাৰ ঘৰৰ
ভিতৰত সোমাইছিলোঁ। সেই সময়ত সি মুখ ঘূৰাই বাহিৰৰ খোলা পোহৰ দেখা পালে। মুক্তি আৰু
স্বাধীনতা কোনে নিবিচাৰে
? সুস্থি হঠাৎ তীৰবেগেৰে মোৰ বাঁওফালেৰে
বাহিৰলৈ গুচি গ
ল। দহহাত দীঘল সাপ। যিমান বেগেৰে গলেও
মই তাৰ নেজডাল ধৰি পেলালোঁ। সি টান মাৰি বাহিৰলৈ যাবলৈ অনেক চেষ্টা
 কৰিলে। কিন্তু মই তাৰ নেজত
খুব জোৰেৰে মুঠি মাৰি ধৰিছিলোঁ। সি ইচ্ছা কৰা হলে চকুৰ পচাৰতে ঘূৰি মোক খোঁট মাৰিব
পাৰিলেহেঁতেন আৰু তাৰ পাছত সি আনন্দৰে নিজকে মোকলাই নিব পাৰিলেহেঁতেন। কিন্তু ক
তা, একোৱেইতো নকৰিলে! মোৰ হাতৰ মুঠিত ধৰা পৰি সি আকৌ এবাৰ বন্দী
জীৱন যাপন কৰিবলগীয়া হ
ল। সাপ জাতিটোক মানুহে সদায়েই অবিশ্বাস কৰি
আহিছে। পৰম্পৰাক্রমে সাপৰ বিৰুদ্ধে প্রবাদ ৰচনা কৰিছে। কিন্তু সেই অপবাদ যে ঘোৰ
মিথ্যা
, সেই কথা মোৰ চকুৰ আগতে প্রমাণ কৰি গল ঘোৰ বিষধৰ ৰজাফেঁটী সাপ
জ্যোতি আৰু সুস্থিয়ে।

স্নেহ, আদৰ, দুখ, আনন্দৰ অনুভৱ কেৱল মানুহ জাতিৰ
একচেটিয়া নহয়। মূক জীৱ-জন্তুৰ মাজতো সেই অনুভৱ অত্যন্ত প্রবল আৰু সিহঁতেও অনুৰূপ
প্রতিদান দিব জানে।

এই প্রতিদানৰ কথা চিন্তা কৰিলেই মোৰ মনত পৰে ৰেণুলৈ। ৰেণু
আছিল এজনী মাইকী হুলক গিবন। তাই আছিল দিল্লী চিৰিয়াখানাৰ এটা খোলা ঘেৰৰ ভিতৰত।
ঘেৰটোৰ সন্মুখৰ তিনিফালে এটা গভীৰ খাৱৈ কাটি দিয়া হৈছিল। পাছফালে ওখ বেৰ। ঘেৰৰ
ভিতৰত এটা ওখ খুঁটি
, তাৰ ওপৰত বন্ধা থাকে এখন ডাঙৰ পীৰা। ঘেৰৰ তিনিও
ফালে থিয় হৈ কৌতূহলী দর্শকবোৰে ৰেণুক চায়। ৰেণুৱে খুঁটিৰ ওপৰত পীৰাত বহি ৰাউচি
জোৰে
 হুলু-হুলু-হুলু-হুলু… তাইৰ মাত শুনি ঘেৰৰ কাষত ভিৰ বাঢ়ে। মানুহবোৰেও তাৰ মাতৰ
লগে লগে তাল ধৰি উৰুলি দি কিৰীলি পাৰে। ৰেণুৱে আৰু জোৰেৰে মাতে। মানুহবোৰৰো সেই
পৰিমাণে আৱাজ বাঢ়ে। এই ধ্বনি-প্রতিধ্বনি কেতিয়াবা তালত আৰু কেতিয়াবা বেতালত চলে
ঘণ্টা ঘণ্টা ধৰি। মানুহবোৰ ভাগৰি পৰে। কিন্তু ৰেণুৰ ভাগৰ নাই। তাইৰতো আৰু কোনো লগ
নাই
, অকলশৰে থাকি কাৰনো ভাল লাগে! ৰেণুৱে জানে যে তাই হুলহুলি কৰিলে তাইৰ
চাৰিওফালে মানুহ জমা হ’ব। তাই সিহঁতৰ লগত এই হুলা-হুলি খেল খেলিবলৈ সুযোগ পাব।
তাইৰ নিঃসংগ সময়ৰ কিছু মুহূর্ত অন্ততঃ মানুহবোৰৰ সান্নিধ্যত পাৰ হৈ‍ যাব।

১৯৭১ চন ছেপ্টেম্বৰ-অক্টোবৰ মাহত হাংগেৰীৰ বুডাপে‍ষ্ট্ চহৰত বিশ্ব বন্যজন্তু প্রদর্শনী হৈছিল। মই আছিলোঁ ভাৰতৰ প্রতিনিধি। আমাৰ
প্রদর্শনী মণ্ডপত অনেক নির্জীৱ নমুনাৰ লগতে কেইটামান বন্য জন্তুও আছিল। জন্তবোৰ
নিয়া হৈছিল দিল্লী চিৰিয়াখানাৰ পৰা। ৰেণুকো তাৰ পৰাই লৈ যোৱা হৈছিল। তাত যিদিনা
ৰেণু গৈ পালে
, মই খবৰ পালোঁ যে ৰেণু তাইৰ বাকচৰ ভিতৰত মূৰ গুঁজি
কুঁচি-মুচি বহি আছে। চকুও খোলা নাই
, একো খোৱাও নাই। চিৰিয়াখানাৰ অধ্যক্ষক এই খবৰ
দিয়াত তেখেতে ক’লে যে ৰেণুক অলপ হুইস্কী খুৱাই দিবলৈ দিয়া। ই এক বিভ্রাট সমস্যা।
হুলক গিবন পানীৰ ওচৰ নাচাপে। সিহঁতে নোমাল হাতৰ আঙুলিৰ ওপৰফালে পানীত ডুবাই তাকে
চুপি চুপি পানী খায়। তেনে স্থলত ৰেণুৱে হুইস্কী খাব কেনেকৈ
? সেই কথা ভাবি ভাবি মই ৰেণু
থকা কাঠৰ বাকচটোৰ ওচৰলৈ গ’লোঁ। বাকচৰ দুৱাৰৰ ঢাকনিখন অলপ ওপৰলৈ টানি দাঙি দিয়াত
সকলোৱে চি
কাৰ কৰি উঠি মোক সাৱধান কৰি দিছিল— “গিবনজনী
বৰ দুষ্ট। অলপ সুবিধা পালেই কামুৰি নেফা-নেফ কৰিব।
 দুৱাৰ-ঢাকনিখন দাঙি ৰেণুক
কোমলকৈ ক
লোঁ— “উৰাজাহাজেৰে আহি তোৰ ঠাণ্ডা লাগি গ
হয়নে
? দিল্লীৰ গৰমৰ পৰা আহি ইয়াত ঠাণ্ডা সহিব পৰা নাই, 
দে
, মই তোৰ কাৰণে এতিয়াই গৰম চক’লেট আনি দিছোঁ। তাকে খাই তই এনে ঘুম মাৰি টোপনি
যাবি যে একেবাৰে কাইলৈ পুৱাহে উঠিবি। তই এবাৰ তজ্‌বজীয়া হৈ উঠিলেই তোৰ চিঞৰত এই
বু
ডাপে‍ষ্টৰ সৱ মানুহৰ কাণ ঘোলা হৈ যাব। ৰেণুৱে কি জানো বুজিলে, মোলৈ কেৰাহিকৈ চালে। তাইৰ
ডিঙি-মূৰ আৰু পিঠিত অলপমান হাত ফুৰাই দি বাকচৰ দুৱাৰখন বন্ধ কৰি আহিলোঁ।

ৰেণুক অকণমান আদৰ কৰি দি মই গ’লোঁ ওচৰতে থকা স্বয়ংক্রিয়
খোৱাবস্তু পোৱা মেচিন এটাৰ ওচৰলৈ। এটা ফেৰি (হাংগেৰীৰ মুদ্রা) সেই মেচিনটোৰ ভিতৰলৈ
ঠেলি দি এটা মিঠা গৰম চক’লেটৰ বাবে বুটাম টিপিলোঁ। চকুৰ পচাৰতে আজ্ঞাবহ ভৃত্যৰ দৰে
কাগজৰ গিলাচ তাৰ জেগাত থিয় গৈ গ
ল আৰু তাৰ লগে লগে গৰম গৰম জুলীয়া
চক’লেট তাত ভর্তি হৈ গ
ল। কাগজৰ গিলাচটো ৰুমালেৰে ধৰি প্রায় দৌৰি
আহিলোঁ আমাৰ মণ্ডপৰ ফালে। ৰেণুৰ খোৱা থালিখন আনি তাইৰ বাকচৰ ওচৰলৈ গৈ থালিত গিলাচৰ
পৰা অলপমান ঢালি দি
, সোঁহাতেৰে ৰেণু থকা বাকচৰ দুৱাৰখন লাহেকৈ দাঙি
লোঁ— “হোঁ খা, ধুনু ছোৱালীৰ দৰে গৰমে গৰমে
খাই দে। তোৰ চর্দি ভাল হৈ যাব।
 গৰম গৰম মিঠা চক’লেটৰ গোন্ধ পাই ৰেণুৱে এইবাৰ
তাইৰ বাঁ
হাতৰ তলুৱা ভিজালে। তাই সেই ভিজা তলুৱাখন মুখৰ ওচৰলৈ নি অলপমান
চেলেকি চালে। তাইৰ চাগে বেচ ভাল লাগিছিল। নহ
লে দহ মিনিটৰ ভিতৰতে সেই
গোটেই গিলাচ চক’লেট খাই শেষ কৰি নিদিলেহেঁতেন। তাই খাই উঠাৰ পাছত তাইৰ সৈতে অলপ
সময় ইটো-সিটো কথা-বতৰা পাতি তাইক অলপমান হাত বুলাই দিলোঁ আৰু তাইৰ সজাৰ দুৱাৰখন বন্ধ
কৰি দি বাকচটো ঠাণ্ডাৰ পৰা যথাসম্ভৱ আঁতৰাই ৰাখিলোঁ।

তাৰ পাছদিনা ৰাতিপুৱা ন বজাত মই আহি মণ্ডপ পালোঁহি।
তেতিয়ালৈ ৰেণুৰ বাকচটো নি প্রদর্শনীত তাইৰ বাবে তৈয়াৰ কৰা লোহাৰ দাণ্ডা লগোৱা
ডাঙৰ পিঞ্জৰাৰ ভিতৰত ৰাখিছিলগৈ। আৰু তাইৰ বাকচৰ দুৱাৰত ৰছী লগাই টানি তাইৰ বাকচটো
খুলি দিছিল। কিন্তু এঘণ্টা পাৰ হৈ যোৱাৰ পাছতো ৰেণু সেই বাকচৰ পৰা বাহিৰ নোলাল।
তেতিয়া মই পিঞ্জৰাৰ ভিতৰলৈ গৈ দুৱাৰখন বাহিৰৰ ফালৰ পৰা বন্ধ কৰি দিলোঁ। তাৰ পাছত
ৰেণুৰ বাকচটোৰ ওচৰলৈ গৈ তাইক মতাৰ লগে লগেই তাই বাকচৰ পৰা বাহিৰলৈ ওলাই আহিল।
বান্দৰৰ পোৱালিয়ে সিহঁতৰ মাকৰ পেটত চিকৰা লগাদি চেপেটা লাগি ধৰাৰ দৰে তাই একে জাপে
মোক জপটিয়াই ধৰিলে। তাইৰ বাঁওগালখন মোৰ বকুত হেঁচি ধৰি কিছু পৰ সেইদৰেই চুপ
 হৈ ল।
আকৌ কিছু পৰ তাই পি‍ছঠেং দুটাৰে মোৰ কঁকালৰ চাৰিওফালে মেৰিয়াই ধৰি তাইৰ আগঠেঙৰ
হাতোৰা মোৰ কান্ধৰ ওপৰত ৰাখিলে। ইফালে-সিফালে হাউলি
, ঘূৰি, জুমি মোৰ মুখখন ভালদৰে চালে।
মাজে মাজে একোবাৰ মোক জপটিয়াই ধৰি মোৰ বুকুত মুখ গুঁজি দিলে। মই তাইক কোমলকৈ যি
কৈছিলোঁ সেই ভাষা নুবুজিলেও মোৰ স্বৰৰ পৰা সকলো বুজি পাইছিল। তাই মন ঠিক হোৱাত এটা
সময়ত তাই মোৰ কোলাৰ পৰা ওলাই গৈ তাইৰ বাকচৰ ওপৰত বহিল। মোৰ হাতৰ পৰা আপেল নি
খালে। ইতিমধ্যে তাইৰ শোৱা ঠাইখিনি আৰু নৰম আৰু ঠিক-ঠাক কৰি দিলোঁ। যাতে হাংগেৰীৰ
ঠাণ্ডা তাইৰ ভিতৰলৈ সোমাব নোৱাৰে। দুই-এদিনৰ ভিতৰত মোৰ দৰে য’ছেফ আৰু দুই-এজনৰো
ৰেণুৰ সৈতে বন্ধুত্ব হৈ গ
ল। সিহঁতেও পিঞ্জৰাৰ ভিতৰত সোমাই তাইক আদৰ কৰিব
পৰা হ
ল। অতি সোনকালে সুস্থ হৈ ৰেণুৱে তাইৰ চিঞৰ-বাখৰ আৰম্ভ কৰি
দিলে। হাংগেৰীৰ প্রদর্শনীত সকলোতকৈ ভিৰ জমা হ
ল ৰেণুৰ পিঞ্জৰাৰ চাৰিওফালে।

ভাৰতৰ মণ্ডপৰ জীৱ-জন্তুবোৰৰ ভাল-বেয়াৰ বুজ লবলৈ
হাংগেৰীৰ যিকেইটা স্কুলীয়া ল
ৰাই সহায় কৰিছিল সিহঁতৰ
ভিতৰত জীৱ-জন্তুৰ লগত মিলা-মিছা কৰিবলৈ সকলোতকৈ বেছি আগ্রহী আছিল য’ছেফ। সি মোৰ
অন্য জন্তুবোৰৰ পিঞ্জৰাৰ ভিতৰলৈ যোৱা কৰিছিল। দুই-তিনিদিনৰ ভিতৰত য’ছেফৰ ৰেণুৰ লগত
খুব ঘনিষ্ঠতা হৈ গ
ল। এদিন বোৱাৰী পুৱাতে য’ছেফ ৰেণুৰ পিঞ্জৰাৰ
ভিতৰলৈ গ
ল। কিন্তু সি পিঞ্জৰাৰ দুৱাৰখন বন্ধ কৰিবলৈ পাহৰি গৈছিল।
ৰেণুৱে সেই কথা কেনেবাকৈ জানিব পাৰি হঠাৎ দুৱাৰ খুলি বাহিৰলৈ গুচি গ
ল।
আৰু এজোপা গছৰ ওপৰত উঠি একেবাৰতে গৈ বহিলগৈ আটাইতকৈ ওপৰৰ ডালটোত। তাত বহি ডাল-পাতৰ
মাজেৰে উকি মাৰি য’ছেফক চাবলৈ ধৰিলে। য’ছেফ সৰু ল’ৰা
, সি ব্যস্ত হৈ উঠিল। আগতেই সি
ৰেণুৰ দুষ্টামিৰ কথা শুনিছিল
, সেয়ে তাৰ বৰ ভয় লাগিল।

কিন্তু তাৰ কাৰণেইতো ইমানবোৰ ঘটনা ঘটিল! গতিকে ভয় লগা সত্ত্বে‍ও
সি লাহে লাহে গছৰ ওপৰলৈ উঠিল। ‘ৰেণু ৰেণু’-কৈ মাতি মাতি তাইৰ ওচৰলৈ লাহে লাহে গৈ
সি তাৰ সোঁ হাতেৰে ৰেণুৰ কঁকালত জপটিয়াই ধৰিলে আৰু সেই দৰেই ৰেণুক ডালৰ পৰা তাৰ
কোলালৈ উঠাই ল
লে। য’ছেফৰ কোলালৈ আহি ৰেণুৱে তাক জপটিয়াই
ধৰিলে। তাৰ পাছত হঠাতে তাইৰ মুখখন মেলি য’ছেফৰ ডিঙিত ধৰিলে। ৰেণু কোনো এলা-পেছা
জন্তু নহয়
, তাই এজনী গিবন। গিবনৰ দাঁত বেচ ডাঙৰ; হলৌ বান্দৰৰ দাঁততকৈও দীঘল
আৰু ধাৰাল। তাই দাঁতেৰে সামান্য অলপ চাপ দিয়া হ
লেও
য’ছেফৰ নেলু ফুটি সেই গছৰ ওপৰতে তাৰ আধ্যা পৰিলেহেঁতেন। এনেয়ো বদমেজাজী
, বৰ খঙাল বুলি ৰেণুৰ প্ৰচুৰ
বদনাম আৰু তাৰ উপৰি তাই স্বাধীনতাৰ প্রথম সোৱাদ চাকি চাবলৈ পাওঁ কি নৌপাওঁতেই এটা
অপ্রাপ্তবয়স্ক ল
ৰাই খালী হাতেৰে তাইক ধৰিবলৈ গৈছে, পুনৰ বন্দীশালৰ ভিতৰলৈ
আনিবলৈ।

ঠিক সেই মুহূর্ততে য’ছেফৰ মনৰ অৱস্থা কি হৈছিল সেই কথা কেৱল
সিহে জানে। কিন্তু এই কথা সঁচা যে এজনী হিংস্র বন্য জন্তুৰ প্রতি প্রচুৰ ভালপোৱা
আৰু নিজৰ ভালপোৱাৰ ওপৰত প্ৰচুৰ আত্মবিশ্বাস নাথাকিলে এনেকুৱা দুঃসাহসিক কাম কোনেও
কৰিব নোৱাৰে। ৰেণুৱে য’ছেফৰ ডিঙিটো কিছু সময় ধৰি থকাৰ পাছত আকৌ কেঁচুৱাৰ দৰে য’ছেফৰ
বুকুত তাইৰ মূৰটো গুঁজি দিলে। তাই কিজানি য’ছেফক কৈছিল
— “মই
অকল তোক ভয় খুৱাবলৈহে
 তেনেকুৱা কৰিছিলোঁ। মই বদমেজাজী বুলি সিহঁতে সৱে‍ই মোৰ
নামত চুগুলি কৰে। মই তেনেকুৱা হোৱা হ
লে কি তোৰ টেঁটু আৰু বাকী
থাকিলেহেঁতেন
?”

ইমান ডাঙৰ হিংস্র গিবনজনী পথালি কোলাকৈ লৈ সৰু লৰা
য’ছেফ গছৰ পৰা নামি অহাত যিকেইজন দর্শক আছিল
, তেওঁলোঁকে হতবাক হৈ গৈছিল। বাকীছোৱা বাট সঁজাত
নোসোমোৱালৈ গিবনজনীয়ে একো ওঁ-আঁ নকৰিলে। মই ৰাতিপুৱাতে মণ্ডপৰ ওচৰলৈ আহি য’ছেফৰ পৰা
সকলো শুনিলোঁ আৰু য’ছেফৰ ডিঙিৰ দুই কাষত ৰেণুৰ বেজীৰ দৰে ধাৰাল দাঁতৰ ঈষ
ৎ ৰঙচুৱা
আঁচোৰৰ দৰে দাগবোৰ দেখিলোঁ। সকলো কথা কৈ উঠি য’ছেফে ক
লে— “এই
সকলো ঘটনা ঘটিল মোৰ অসাৱধানতাৰ কাৰণে
, ৰেণুৰ কোনো দোষ নাই। এই কথা ভঙা ভঙা ইংৰাজীত মোক
কৈ কৈ য’ছেফৰ চকু পানীৰে চল্‌চলীয়া হৈ পৰিছিল।

বুডাপে‍ষ্টৰ সেই প্রদর্শনীত আমাৰ
বগা বাঘ দিলীপৰ কথা বৰকৈ মনত পৰে। তাৰ দেহত হালধীয়া ৰং মুঠেই নাই। মাত্র শুধ বগা
আৰু ক
লা পটি পটি থকা। সাধাৰণ বাঘৰ দৰে তাৰ চকুৰ ৰং বাদামী নহৈ
দেখা যায় ঈষৎ নীলা। পৃথিৱীৰ জীৱজগতত এই বগা বাঘ অতি বিৰল ব্যতিক্রম। ১৯৭০ চনত
টকিঅ
ত হোৱা EXPO-70 প্রদর্শনীৰ বাবে দিলীপক নিয়া হৈছিল। প্ৰকৃততে
বু
ডাপে‍ষ্টলৈ যোৱাৰ কথা আছিল অন্য এটা বাঘ গৌতম। কিন্তু কিবা কাৰণত
যাত্ৰাৰ আগতেই গৌতমৰ মৃ
ত্যু হোৱাত দিলীপেই যাবলগীয়া হ
বু
ডাপে‍ষ্টলৈ। নহলে বিশ্ব শিল্প প্রদর্শনীৰ
এই বিশেষ আকর্ষণ বগা বাঘ নেদেখি অনেক দর্শক নিৰাশ হ
লহেঁতেন।

বগা বাঘটোৰ কাৰণে পিঞ্জৰা তৈয়াৰ কৰাৰ কাম দিনে-ৰাতিয়ে বেচ
তৎপৰতাৰে কৰা হৈছিল। দিলীপ গৈ পোৱাৰ মাত্র দুদিনৰ আগতে সেই পিঞ্জৰাৰ মজিয়াত
চিমেণ্টেৰে প্লাষ্টাৰ কৰা হৈছিল। কিন্তু সদ্যনির্মিত সেই চিমেণ্ট কেঁচা হৈয়েই
আছিল। চিমেণ্ট ঠিকমতে
 curing কৰিবৰ বাবে (টান হবৰ
বাবে) পোন্ধৰ দিনমান পানীত ভিজি থকা প্রয়োজনীয়। কিন্তু দিলীপ বু
ডাপে‍ষ্ট গৈ পোৱাৰ পাছত সেই কেঁচা চিমেণ্টৰ পিঞ্জৰাত ৰখাৰ বাহিৰে অন্য কোনো উপায়
নাছিল।

প্রতিদিনে ৰাতিপুৱা প্রদর্শনী মুকলি হোৱাৰ আগতে মই আহি আমাৰ
জন্তুবোৰৰ লগত বেচ কিছু সময় কথা-বতৰা হওঁ। দিলীপৰ জন্ম চিৰিয়াখানত। বাঘৰ ভাষা
তাৰ মনত আছে বা নাই কোনে জানে
 ? মই সেই কাৰণে তাক যি কবলগীয়া
কথা সেয়া মোৰ ভাষাতে কওঁ। সি কোনো উত্তৰ নিদিয়ে। সকলো সময়তে অসন্তুষ্ট হৈ বোবা
মুখ ফুলাই সি পিঞ্জৰাৰ ভিতৰত পায়চাৰি কৰে। কিছু সময়ৰ পাছত দেখিলোঁ
, সি যেন লেকুচিয়াই
লেকুচিয়াই খোজ দিছে। আৰু অলপমান ওচৰলৈ গৈ দেখিলোঁ তাৰ চাৰিখন ভৰিৰ পৰা কাউৰীয়ে
খুঁটিয়াই থোৱাৰ দৰে তেজ বিৰিঙিছে। মজিয়াৰ চাৰিওফালে চমকা চমকা‍ তেজৰ দাগ। নতুন কেঁচা
চিমেণ্টৰ চোকে তাৰ ঠেঙৰ কোমল তলুৱা টোকাপৰুৱাৰ দৰে কামুৰিছিল। বৰ ডাঙৰ সমস্যাত
পৰিলোঁ। এবাৰ-দুবাৰ নহয়
, বহুত বাৰ তাৰ ঠেঙৰ তলুৱাত ঔষধ লগাব লাগিব। তাৰ
পিঞ্জৰাৰ লগ লগাই পি‍ছফালে আৰু এটা কুঠৰী প্ৰস্তুত কৰা হ
ল।
আৰু তাৰ ওপৰত পাৰি দিয়া হ
ল এখন ৰবৰৰ দলিচা। দলিচাৰ ওপৰত ইফালে-সিফালে
ঢালি দিয়া হ
ল কড্‌লিভাৰ অইল আৰু টেট্রাচাইক্লিন পাউডাৰ।
তাৰ ওপৰত খোজ কাঢ়ি দিলীপৰ ঠেঙৰ তলুৱা তেল্‌‍তেলীয়া হয়। দিলীপ থাকে পি‍ছফালৰ
পিঞ্জৰাত। মই আনটো পিঞ্জৰালৈ গৈ কোমল খেৰ পাৰি তাৰ শোৱাৰ ঠাইটুকুৰা বেচ আৰামদায়ক
কৰি দিওঁ। দিলীপৰ পি‍ছঠেং দুটা পিঞ্জৰাৰ মাজভাগত থাকে। মই তাৰ লগত ধীৰে ধীৰে ইটো-সিটো
কথা আৰম্ভ কৰি দিলোঁ। আৰু তাৰ মাজে মাজে সৰু পিচকাৰীৰে তাৰ পিছঠেঙৰ তলুৱাত
টেট্রাচাইক্লিন পাউডাৰ
 স্প্ৰেই কৰিলোঁ। সেইদৰেই আগঠেঙৰ
তলুৱাতো সুবিধা বুজি ঔষধ স্প্রেই কৰিলোঁ। তেলতেলীয়া তলুৱাৰ ওপৰত ঔষধী পাউদাৰ লাগি
ধৰে। দুই-তিনিদিনৰ ভিতৰতে তাৰ ঠেং সম্পূর্ণ ভাল হৈ গ’ল। কিন্তু সি তাৰ আগৰ
স্ফূর্তি ঘূৰাই পোৱা নাছিল। দিল্লীৰ চিৰিয়াখানত তাক খাবলৈ দিয়া হৈছিল গোমাংস।
কিন্তু বু
ডাপে‍ষ্টত তাক দিয়া হৈছিল ঘোঁৰাৰ মঙহ। এই ঘোঁৰাৰ মাংসৰ বাবে তাৰ
পেটত কিবা গণ্ডগোল হ
ল নেকি? তাৰ কর্তৃপক্ষৰ সৈতে কথা-বতৰা পাতি পর্যাপ্ত
খৰচ হোৱা সত্ত্বে‍ও দিলীপক গোমাংস দিয়াৰ বন্দবস্ত কৰিলোঁ। তথাপি দিলীপ উদাস
হৈয়েই থাকিল।

দিলীপক
যে ঠাণ্ডা জ্বৰে পালে
, সেই কথা অনুসন্ধান কৰি নিশ্চয় কৰিবৰ বাবে মোক
কিছু সাধ্য-সাধনাৰ প্রয়োজন হ
ল।

মই আৰু মোৰ ডেৰাডুন ফৰেষ্ট কলেজৰ এজন পুৰণা
সহপাঠী একেলগে এটা ফ্লেটত আছিলোঁ। সিও মোৰ দৰেই জীৱ-জন্তুক খুব ভাল পায়। এবাৰ ক
লে— “তই
যদি দিলীপৰ ওচৰলৈ গৈ তাৰ চকু আৰু নাক ভালকৈ চাব পাৰ
, তেতিয়া তাৰ বেমাৰটো ধৰিব
পৰা যাব।
 তাৰ পাছদিনা ৰাতিপুৱাতে খুব সোনকালে গৈ মই প্রদর্শনী মণ্ডপ পালোঁগৈ। দিলীপৰ
পিঞ্জৰাৰ লোহাৰ মাৰিত দুহাতেৰে ধৰি সন্মুখলৈ হাউলি যিমান পাৰি মুখখন সুমুৱালোঁ।
দিলীপ সিকাষে লোহাৰ বেৰৰ কাষত দীঘল দি পৰি শুই আছিল। মই তাক লাহে লাহে মাত দিলোঁ
— “দিলীপ, দিলীপ, ওঁহোম, ওঁহোম, আহ, কাষলৈ আহ, মোৰ কাষলৈ আহ। দিলীপে কাণ পাতি মোৰ মাত
শুনিলে। সি কেতিয়াওতো নুশুনে
, আজি কেনেকৈ শুনিলে ? ভাবিলোঁ, তাৰ কিজানি সৰুকালৰ হেৰোৱা
মৰমৰ স্বৰৰ কথা মনত পৰিল। মই ক্রমে মানুহৰ আৰু বাঘৰ ভাষা মিহলাই তাক মাতি গলোঁ।
হঠাৎ তাৰ বিশ্বাস হোৱাত সি উঠি আহি চিধা মোৰ ফাললৈ আহিল। মই লোহাৰ মাৰিৰ পৰা অলপ
পিছুৱাই আহি আঁঠু কাঢ়ি বহি পৰিলোঁ। সি পিঞ্জৰাৰ ভিতৰত পিছঠেঙত বহি আগঠেঙত ভৰ দি
মোৰ ফালে চাই ৰ
ল। কেইবাৰমান ওঁহোমহোম কৰি মোক উত্তৰ দিলে। মই মোৰ মুখখন আৰু অলপমান
তাৰ ফালে নি তাৰ নাকত আলফুলে হাত বুলালোঁ। তাৰ চকু দুটা অস্বাভাৱিকভাৱে ৰঙা পৰি
আছিল আৰু নাকটোও অলপ বেছি সেমেকি আছিল।

সেই সময়ত ভাৰতবৰ্ষত গ্রীষ্মকাল। সেই কাৰণে তাৰ শৰীৰৰ দীঘল
নোমবোৰ সৰি চুটি চুটি নোম গজিছিল। নহ
লে সি গৰম সহিব কেনেকৈ? তাৰ সেই পাতল নোমৰ কোটটোৰে
সি বু
ডাপে‍ষ্টৰ প্রচণ্ড শীত সহিব পৰা নাছিল। তাৰ ঠাণ্ডা জ্বৰ হৈছিল।
কেনেকৈ চিকিৎসা কৰা হ
ব তাৰ কাৰণে কেইবাজনো বিশেষজ্ঞৰ লগত
তর্ক-বিতর্কত প্রায় ডেৰ দিন পাৰ হৈ গ
ল। দূৰ-দূৰান্তৰৰ লোক দিলীপক
চাবলৈ আহিছিল। সি অসুস্থ হৈ পৰা শুনি কিছুমানে কান্দি পেলাইছিল। দিলীপৰ চিকিৎসাৰ
বাবে মই তাৰ সেই ঠাইৰ বিভাগীয় মন্ত্রীৰ সৈতে আলোচনা কৰিবলগীয়া হৈছিল। মই কোৱা
ধৰণেই তাৰ চিকিৎসা কৰা হ
ল। তাক খাদ্যত প্রচুৰ ভিটামিন চি দিয়া হ
আৰু শোৱা কুঠৰীত দুটা ইনফ্রা-ৰে
ড্ লাইট দিনে-ৰাতিয়ে লগাই ৰখা
ল। উম পাই দিলীপে নিজেই গৈ তাৰ দেহটো দেখুৱাই পোহৰৰ তলত
শুলেগৈ। দুদিনৰ পাছত চর্দি ভাল হৈ তাৰ নাক শুকাল। তাক খুব স্ফূর্তিত থকা যেন দেখা
ল।

দিলীপৰ অসুস্থতাৰ খবৰ পাই হাংগেৰীৰ বহুত মানুহ চিন্তিত
হৈছিল। সি ভাল হোৱাৰ খবৰ পাই তাৰ ৰেডিঅ
 সাংবাদিকসকলে মোৰ সৈতে এক সুদীর্ঘ সাক্ষাৎকাৰ
কৰিছিল। মোৰ ইংৰাজী উত্তৰবোৰ হাংগেৰীৰ ভাষালৈ অনুবাদ
 কৰি তাৰ পাছদিনা সমগ্ৰ হাংগেৰীবাসীক শুনোৱা হৈছিল৷

দিলীপৰ পৰা
মোলৈ চৰ্দি আহিল৷ মোৰ চৰ্দি ভাল হ’বলৈ আৰু দুদিন লাগিল৷ ইতিমধ্যে দিলীপ মোৰ সৈতে
বেচ ঘনিষ্ঠ হৈ পৰিছিল৷ মই মাতিলে মোৰ ওচৰলৈ আহে, মুখ লগাই মোৰ কথা শুনে, নাকে-মুখে
হাত বুলাই দিলে মুখখন আৰু ওচৰ চপাই আনে৷ ইয়াকে দেখি দিল্লী চিৰিয়াখানাৰ পশুপালকজন
একেধাৰে আনন্দিত আৰু বিস্মিতও হ’ল৷ দিলীপ তেওঁৰ চকুৰ আগতে জন্ম হৈ ইমানটো ডাঙৰ
হ’লহি, অথচ সি যে ইমান মৰম আকলুৱা হ’ব পাৰে, সেই কথা তেওঁৰ ধাৰণাৰ অতীত আছিল৷