বেদান্ত
নাথ
: অকলশৰীয়া ছোৱালী এজনীৰ ওচৰত মতা মানুহ এজন অনবৰতে সোমাই
থকাটো ভাল নেদেখি৷ এইটো এটা ৰেছিডেনশ্বিয়েল এৰিয়া৷ কাষৰ মানুহবোৰেও কথাটো
মন কৰিছে৷
ঘৰৰ মালিকৰ ধীৰ অথচ
বজ্ৰ কঠিন কথাকেইটাই বিদিশাৰ
কাণত যেন গৰম লোহাহে ঢালি দিলে৷ তীব্ৰ অপমান
আৰু লাজত তাই যেন সেই মুহূর্ততে মাটি ফাটি তললৈ সোমাই যাব৷ তাই অকলে থাকে বুলিয়েই
কেতিয়াবা ৰাতি গা বেয়া হ’লে ঔষধ আনি দিয়া, ঘৰুৱা অনুষ্ঠানত লগে-ভাগে
এসাজ খাবলৈ মতা মৰমিয়াল মানুহজনে মুখলৈ নোচোৱাকৈ টান কথা কেইষাৰ শুনাই দিলে৷ লাজ,
অপমান, ক্ষোভ সকলো সামৰি তাই বিছনাতে
পৰি থাকিল বহু দেৰি৷ দেউতাকৰ ওপৰতো তাইৰ ক্ষোভ হ’ল ৷ মাক নোহোৱাকৈ ডাঙৰ হোৱা তাইৰ বিয়াখনৰ প্ৰতি দেউতাকে
কোনো দিনে আগ্ৰহ দেখুওৱা নাই ৷ তাই নিজে আগবাঢ়িব খুজিলেও আওপকীয়াকৈ বাধাহে দিছে৷ দেউতাকে বিচাৰে তাই দেউতাকৰ লগতেই থাকক৷ তাইৰ
শাৰীৰিক, মানসিক প্ৰয়োজনবোৰৰ প্ৰতি, ভৱিষ্যত নিৰাপত্তাৰ প্ৰতি দেউতাক সম্পূ্ৰ্ণৰূপে উদাসীন৷
এবছৰৰ আগতেহে বিদিশাই চাকৰিটোত যোগদান কৰিছিল৷ দেউতাক
দুদিন থাকি ভাৰাঘৰটো ঠিক-ঠাক কৰি দি উভতি গৈছিল৷ মালিকজন মৰমিয়াল ৷ দুমহলীয়া ঘৰটোৰ
ওপৰৰ মহলাত তাই আৰু দুটা পৰিয়াল, তলত মালিক আৰু ঘৈণীয়েক৷ ল’ৰা-বোৱাৰী চাকৰি সূত্ৰে
দূৰৈত থাকে৷ অফিচৰ ষ্টাফ কেইজনো বিদিশাৰ ভালেই লাগিছে৷ গুৱাহাটীত নতুন বুলিয়েই তাইক
সকলোৱে মৰম কৰে৷ বিশেষকৈ শইকীয়া ছাৰে৷ তাইৰ দায়িত্ববোৰ বুজাই দিয়াৰ লগতে তাই যাতে কোনো ধৰণৰ অসুবিধাত নপৰে
তাৰ বাবে প্ৰতি মুহূর্ততে খবৰ ৰাখিছে মানুহজনে৷ মানুহজন অলপ হোজা৷ এই কেইদিনতে
তাই মানুহজনৰ বিষয়ে বহুখিনি জানিব পাৰিছে৷ ছোৱালীজনী অলপতে কলেজ এখনত এঢকত সোমাইছে৷ ল’ৰাটোৱেও কলেজ
পাছ কৰি উঠি য়ুনিভাৰ্ছিটিত
নাম লগাইছে৷
মানুহজনী ভাৰাঘৰকেইটা, মহিলা সমিতি আদিক লৈ ব্যস্ত৷ সুখী সংসাৰ
এখনৰ গৰাকী মানুহজন৷ অফিচত বাহিৰত মানুহে তেওঁক সমীহ কৰি চলে৷ চাকৰিত যোগদান কৰাৰ কিছুদিন
পাছত দেউতাকে তাইক তেওঁৰ হাততে গতাই থৈ গৈছিল৷ তেতিয়াৰ পৰা তেৱেঁই তাইৰ লিগেল গাৰ্জেন৷
তাইক ইফালে সিফালে লৈ যোৱা, বজাৰ-সমাৰ কৰি দিয়া, অফিচলৈ আহোঁতে লৈ অহা৷ অফিচৰ পৰা
ঘূৰি যাওঁতে গাড়ীৰে তাইৰ ভাড়াঘৰত নমাই থৈ যোৱা৷ দুপৰীয়া টিফিন খাবলৈ লৈ যোৱা৷ মুঠৰ
ওপৰত শইকীয়া ছাৰ তাইৰ ছিনিয়ৰতকৈ বেছি তাইৰ বন্ধু হৈ উঠিল৷ সৰু সৰু কথা এটাৰ বাবেও
তাই শইকীয়া ছাৰৰ ওপৰতে নিৰ্ভৰ কৰা হ’ল৷ তেৱোঁ তাইক লৈয়ে ব্যস্ত থাকে৷ তাইৰ লগত আচুতীয়াকৈ অলপমান সময় কটাবলৈকে যেন তেওঁ অজুহাত
বিচাৰি থাকে৷ তাইক বেলেগ বেলেগ ৰেস্টোৰাঁলৈ লৈ যোৱা৷ শ্বপিং মলত দামী দামী কাপোৰ কিনি
দিয়া৷ বন্ধৰ দিনটো বাহিৰত দৰকাৰী কাম আছে বুলি ঘৰৰ পৰা ওলাই গৈ তাইক চিনেমা দেখুৱাবলৈ
লৈ যোৱা৷
তাইক লৈ লং ড্ৰাইভলৈ যোৱা …
মফছলীয় চহৰখনত সাধাৰণ জীৱন শৈলীৰে ডাঙৰ-দীঘল হোৱা বিদিশাক
মানুহজনে মহানাগৰীয় ৰাগি লগা স্বপ্নময় জগত এখনলৈ ধীৰ গতিৰে সুমুৱাই লৈ গ’ল৷ ৰিক্সাত উঠি কলেজলৈ অহা-যোৱা কৰা ছোৱালীজনী গাড়ী নহ’লে এখোজো
ক’লৈকো ওলাব নোৱাৰা হ’ল৷ শ্বপিং মল নহলে
সৰু-সুৰা দোকানত থিয় হ’বলৈকে মন নোযোৱা হ’ল৷ তাইৰ উৰ্পাজনৰ অনুপাতে তেওঁ চাহিদা বঢ়াই গৈ থাকিল৷ ভ্ৰমৰ
পৃথিৱী এখনত প্ৰৱেশ কৰিলে তাই৷ অস্পষ্ট৷ ধূসৰ৷ তাইৰ চাৰিওফালে এখন জালৰ সৃষ্টি হ’ল ৷ তাইক আৱৰি জালৰ সূতাবোৰ ক্ৰমাৎ বিস্তৃত হৈ গৈ থাকিল৷ আগতে
অফিচৰ পৰা তাইক ঘৰৰ গেটত নমাই থৈ যোৱা মানুহজন এতিয়া তাইৰ ৰূমত এঘণ্টা বহি দেৰিকৈ
ঘৰলৈ ওভতা হ’ল৷ বাহিৰত টিফিন খোৱাতকৈ দুপৰীয়াটোত
সময় অকণ উলিয়াই তাইক লৈ ৰূমলৈকে অহা হ’ল৷ বন্ধ
কোঠাৰ আন্ধাৰত দুয়োৰে মাজত থকা সংযমৰ সীমাৰেখাডাল সম্পূ্ৰ্ণৰূপে মচ খাই নোহোৱা হৈ
পৰিল৷ তাইৰ জীৱনত তেৱেই প্ৰথম পুৰুষ হৈ আহিল৷ তেওঁ মানুহৰ চকুত তেওঁৰ সুখী সংসাৰখনৰ
সৰ্ম্পূণ ওলোটা ছবি এখন তাইৰ আগত উদঙাই দেখুৱালে৷ বৈৱাহিক জীৱনৰ মনোমালিন্য, অসন্তুষ্টি,
প্ৰভূত্বশালী, অসহিষ্ণু, প্ৰচুৰ বস্তুবাদী পত্নীৰ প্ৰকৃত ছবিখন উদঙাই তেওঁ তাইক আৱেগিক
কৰি তুলিলে৷ তাইৰ নিজকে উপন্যাসৰ কোনো নায়িকাৰ
দৰে লগা হ’ল
…..
মাকৰ অবিহনে অকলে অকলে ডাঙৰ হোৱা বিদিশাই নিজকে ইমান দিনে কঠোৰ
সংযমৰ ভিতৰতে আৱদ্ধ ৰাখিছিল৷ দুই এটা ল’ৰা ওচৰ
চাপিবলৈ চেষ্টা নকৰা নহয় তাইহে মুঠেও গুৰুত্ব নিদিলে৷ তাই ভাবিছিল দেউতাকে উচিত সময়ত
উচিত সিদ্ধান্ত ল’ব৷ সময় বাগৰিল৷
লগৰ ছোৱালীবোৰ এজনী এজনীকৈ বিয়া হৈ গ’ল৷ তাইৰহে
কথাবোৰ কোনো ফালে আগ নাবাঢ়িল৷
নতুনকৈ গাৰ্লছ কলেজখনত যোগদান কৰা সহকাৰী অধ্যাপকজনে বিদিশালৈ
বৰকৈ মন মেলিছিল৷ সহকৰ্মী নীতা বাইদেৱেই তেওঁৰ দূৰ সম্পৰ্কীয় ল’ৰাটোক বিদিশালৈ আনিছিল৷ দেউতাকে অকণো আগ্ৰহ নেদেখুৱাত ভাল সম্বন্ধ এটা আৰম্ভ হোৱাৰ আগতেই
শেষ হৈ গ’ল৷ তেতিয়াৰ পৰা নীতা বাইদেৱেও তাইক বেয়া পোৱা হ’ল ৷
অকল নীতা বাইদেৱেই নে? অফিচৰ সকলোৱে তাইক এতিয়া বেয়া চকুৰে
চায়৷ নতুনকৈ অহা অফিচাৰজনৰ কথা বতৰাৰ ইঙ্গিত তাই মন কৰিছে৷ খঙত ক্ষোভত কেতিয়াবা
আগ্নেয়গিৰি এটাৰ দৰে ফাটি পৰিবৰ মন যায় বিদিশাৰ৷ সচাকৈয়ে
তাইৰ চৰিত্ৰৰ স্খলন হৈছে নেকি ? হ’ল যেনিবা তেওঁৰ বয়সৰ ব্যৱধান বহুত বেছি
! প্ৰেমত সকলো বৈধ! তাইৰ প্ৰেমৰ প্ৰৱিত্ৰতাকলৈ
প্ৰশ্ন কৰাৰ অধিকাৰ আছেনে কাৰোবাৰ ?
এই সকলোবোৰৰ বাবেও তাই জানো অকলেই দায়ী !
তাই ক্ৰমাৎ বিদ্ৰোহী হৈ উঠিল৷ আনদিনাৰ দৰে তাই সন্ধিয়া ওলাই নগ’ল৷ বিছনাতে পৰি থাকিল গোটেই সন্ধিয়াটো৷
তেওঁ বাৰে বাৰে কল কৰি থকাৰ পাছতো মোবাইলটো ছাইলেণ্ট কৰি আঁতৰাই থ’লে৷ তাই এই সৰ্ম্পকটোৰ পৰা মুক্তি পোৱাৰ চেষ্টা যে কৰা নাই তেনে নহয়৷
বহু ৰাতি তাই উজাগৰে পাৰ কৰিছে৷ চকুত
চিন্তাই কৰাল বান্ধিছে৷ মনেৰে তাই বহু যোজন আতৰি গৈও ঘূৰি আহি আকৌ একেটা বৃত্তৰ ভিতৰতে সোমাই পৰেহি৷ বাৰে বাৰে চেষ্টা কৰিও, অনুচিত বুলি প্ৰতি মুহূর্ততে উপলব্ধি কৰিও তাই নিজক আঁতৰাই আনিব পৰা নাই৷ তাই কেইবাবাৰো তেওঁক একেলগে থকাৰো প্ৰস্তাৱ দিছিল৷ বয়সৰ বৃহৎ ব্যৱধান তাই মানি
লৈছে৷ তাই তেওঁৰ বাবে সকলো ত্যাগ কৰিবলৈও সাজু৷ ফেটী সাপৰ
নেগুৰত ভৰি পৰাৰ দৰে তেওঁ জাপ মাৰি উঠে তেতিয়া৷ তেওঁ তাইৰ আজীৱন বন্ধু হৈ
থাকিব খোজে৷ তাইক দামী দামী ৰেষ্টুৰেণ্টলে লৈ যাবলৈ, অন্ধকাৰ কোঠাত তাইক সাবটি ল’বলৈ,
তাইৰ ভিতৰত গৰম বীৰ্য ঢালি দিবলৈ তেওঁ সাজু হৈ থাকে কিন্তু তাইক সমাজৰ ওচৰত স্বীকৃতি
দিবলৈ তেওঁ ৰাজি নহয়৷ নিজৰ প্ৰতিষ্ঠা তেওঁ কোনোপধ্যেই এৰিব নোৱাৰে৷ সন্তানৰ সমুখত, পত্নীৰ সমুখত
তেওঁ মহান হৈ থাকে অথচ বন্ধ কোঠাত তাইৰ সমুখত অন্য এজন মানুহ হৈ উঠে৷
তাইক আৱেগৰ জৰীৰে বান্ধি ৰাখে তেওঁ ৷ তাই সকলো জানিও বুজিও তেওঁৰ দুবাহুত আত্মসৰ্মপণ কৰে৷ কাৰণ
তেওঁ যে তাইৰ প্ৰেম৷ তাইৰ যৌৱনৰ প্ৰথম পুৰুষ৷ অৱজ্ঞা কৰিব খুজিও তাই নোৱাৰে ৷ তাইৰ সেই দুৰ্বলতাৰেই
সুযোগ লয় তেওঁ৷
কেইদিনমানৰ পৰা তাই মন কৰিছে তেওঁ অলপ অন্যমনস্ক হৈ থকা হৈছে৷
বাহিৰলৈ তাইক লৈ ওলাই যাবলৈ সংকোচ কৰা হৈছে৷ অফিচত নজনোৱাকৈ তেওঁৰ কোঠাত সোমাই গ’লে তেওঁ অপ্ৰস্তুত হৈ উঠে৷ সোনকালে তাইক
লৈ ৰূমত সোমাব পাৰিলেই যেন ৰক্ষা পৰে অনবৰতে তেনে এক ভাবেই তেওঁ কঢ়িয়াই ফুৰা হৈছে
৷
তাই কাৰণ নোসোধা নহয়৷ তেওঁ দহটা বাহানা দেখুৱাই৷ ছোৱালীজনীক
চাবলৈ ল’ৰা অহাৰে পৰা তেওঁৰ পৰিৱৰ্তন বিদিশাই লক্ষ্য কৰিছে ৷
ছোৱালীজনীৰ বিয়াৰ কথা যিমানেই আগবাঢ়িছে সিমানেই তেওঁৰ অস্থিৰতা
বাঢ়িছে৷ বিয়া এখন বুলিলে কিমান কাম৷ কিমান যা-যোগাৰ৷ ভাগে ভাগে দায়িত্ববোৰ ভগাই
দিয়া৷
তাৰ মাজতে ছোৱালীজনীক লৈ গাঁৱৰ সত্ৰত শৰাই এভাগ দি অহা ৷
কামবোৰ যাতে সুকলমে হৈ যায় তাৰ বাবে তেওঁ চেষ্টাৰ ত্ৰুটি ৰখা নাই৷ ইমান দিনে প্ৰায় নিলগে-নিলগে থকা
পৰিয়ালটোৰ ওচৰ চাপিবলৈও তেওঁ সংকোচ কৰা নাই৷ সন্তানৰ কাৰণে কিমান কি যে কৰিব লাগে
মানুহে! সকলো আৱেগ, অভিমান জলাঞ্জলি দিছে৷ অথচ মনৰ অস্থিৰতাক ঢাকি ৰাখিবলৈ তেওঁ যেন
পৰা নাই৷ প্ৰচণ্ড শীতত
লঠঙা গছ এডালৰ শুকান পাত এখিলাৰ দৰে তেওঁ কঁপিছে৷ নিজৰ আলসুৱা ছোৱালীজনীৰ সুখৰ
সংসাৰ এখনৰ বাবে সামৰ্থ্যৰে ঢুকি পোৱা সকলোখিনি
কৰি উঠি আন এজনী ছোৱালীৰ বাবে অন্তহীন একাকিত্বৰ দুৱাৰ এখন খুলি দিছে৷ অকলশৰীয়া ছোৱালীজনীয়ে বিশ্বাসত তেওঁক সৰ্বস্ব
সঁপি দি অন্ধকাৰ গহ্বৰ এটালৈ সোমাই
গৈ আছে৷ তেওঁ বৰ অসহায় অনুভৱ কৰিছে৷ উচিত-
অনুচিত, পাপ-পূণ্যৰ দোমোজাত তেওঁ দুলি আছে৷ তেওঁ যেন নিজেই এখন কোনো কালে শেষ নোহোৱা যুদ্ধক্ষেত্ৰলৈ পৰিণত হৈছে…
গোটেই ৰাতিটো বিদিশা বিছনাত ইকাটি-সিকাটি কৰিয়ে পাৰ কৰিলে৷ লাজ-অপমান,
চিন্তা আৰু হতাশাই তাইক গোটেই ৰাতি জুমুৰি দি থাকিল৷ একো এটা ৰান্ধি খাবলৈও মন নগল৷
শেষ নিশাৰ ফাললৈহে চিলমিলকৈ অলপ টোপনি আহিল তাইৰ ৷খিৰিকীৰ পৰ্দাৰ ফাকেৰে সোমাই অহা
ৰাতিপুৱাৰ প্ৰথম ৰ’দছাটি মুখত পৰাত
বিদিশা খকমককৈ সাৰ পাই উঠিল৷ ৰাতি একো এটা নোখোৱাত তলপেটৰ পৰা ভোক এটা উজাই আহিছে৷
লৰালৰিকৈ বিছনা এৰি তাই বাথৰূমত সোমাল৷ আন দিনা হ’লে ইমান সোনকালে বিছনা এৰাৰ কথাই
নুঠে কিন্তু আজি তাই দেৰি কৰিব নোৱাৰে৷
ৰুটি দুখন টিফিনত ভৰাই অফিচলৈ বুলি
বিদিশা সাজু
হ’ল৷ তাই চিটি
বাছতে যাব আজি৷ অসুবিধা হ’ব৷ হওক৷
দুটাকৈ মিছকল৷ ফোনটো এতিয়াও ৰিং হৈ আছে৷ নাম্বাৰটো চাই তাই ফোনটো ছাইলেণ্ট কৰি দিলে ..