ড০ পোনা
মহন্ত
মোৰ ওপজা ঠাইখনৰ আনুষ্ঠানিক নাম সত্ৰ যদিও
উজনিৰ সাধাৰণ গাঁও এখনৰ সৈতে ইয়াৰ বিশেষ পাৰ্থক্য নাই৷ বৰপেটা বা মাজুলীৰ অগৃহস্থী
সত্ৰসমূহৰ দৰে ইয়াত কোনো হাটী বা ভকত থকাৰ সুকীয়া বাসগৃহৰ ব্যৱস্থা নাই৷ যিহেতু
মহন্ত আৰু অমহন্ত সকলোৱেই গৃহস্থী, সেয়ে প্ৰত্যেকৰে একোখন সংসাৰ আৰু ঘৰ–বাৰী
থাকে৷ সত্ৰাধিকাৰ বা আন দুই–এজনে গোস্বামী উপাধি লোৱা
দেখা যায় যদিও সত্ৰৰ সৰহভাগ গোসাঁই মানুহে মহন্ত লিখে৷ এওঁলোকৰ বাহিৰে সত্ৰবাসীও
অধিকাংশ লোক হ’ল কলিতা আৰু কোঁচ সম্প্ৰদায়ৰ৷ কলিতাসকলৰ
দুঘৰমানে নিজকে বৰকলিতা বুলি পৰিচয় দিয়ে৷ আমাৰ ল’ৰাকালত
সত্ৰ নামঘৰত প্ৰসাদ বিলোৱা দুয়োগৰাকী বিলনীয়া বৰকলিতা উপাধিৰ আছিল৷ মহন্ত, কোচ আৰু কলিতা মানুহখিনিৰ
বাহিৰে সেই সময়ত শৰ্মা উপাধি লিখা দুঘৰ গণক মানুহ আছিল৷ উল্লিখিত মানুহখিনিৰ
বাহিৰে সত্ৰখনৰ চাৰিসীমাৰ ভিতৰত আন কোনো সম্প্ৰদায়ৰ লোক নাছিল৷ উল্লেখযোগ্য যে
অমহন্ত আন সকলো সত্ৰবাসীকে ভকত বোলা হৈছিল৷ যিটো অভিধা সেই কালত সকলোৱে আগ্ৰহেৰে গ্ৰহণ কৰিছিল৷ নিজৰ নিজৰ সংসাৰ, মাটি–বাৰী, স্থাৱৰ–অস্থাৱৰ
সা–সম্পত্তিৰে সত্ৰবাসীসকলৰ স্থিতি ভিন্ন হ’লেও একতাৰ যি বিশেষ ডোলেৰে বান্ধি ৰাখে, সেয়া হ’ল, মহাপুৰুষে সৃষ্টি কৰি থৈ
যোৱা একশৰণ নামধৰ্ম আৰু ইয়াৰ আনুষংগিক হৰিনাম শ্ৰৱণ–কীৰ্তন৷

বৈকুণ্ঠ প্ৰকাশে হৰি নাম ৰসে :
পূৰ্বতে উল্লেখ কৰিছোঁ যে মোৰ ওপজা ঠাই চলিহা
বাৰেঘৰ সত্ৰখন কালসংহতি মূলৰ মহাপুৰুষীয়া সত্ৰ৷ মহাপুৰুষ শংকৰদেৱ–মাধৱদেৱৰ
একান্ত অনুগামী গোপালদেৱ বা গোপাল আতাৰ আজ্ঞাপৰ এই সত্ৰৰ সকলো আনুষ্ঠানিক কাম–কাজ
নাম–কীৰ্তনৰ যোগেদি কৰা হয়, কোনো প্ৰকাৰৰ পূজা–পাতল
বা যাগ–যজ্ঞৰ স্থান নাই৷ এই ‘নাম গোৱা’ আৰু ‘নাম লোৱা’ কাৰ্যই এসময়ত সকলো সত্ৰবাসীৰ
জীৱনশৈলী নিয়ন্ত্ৰণ কৰিছিল বুলিলেও বেছি কোৱা নহয়৷ অইনহে নালাগে বিহুৰ দৰে লোকসংস্কৃতিৰ
অনুষ্ঠানকো সত্ৰীয়াকৰণ কৰি নাম–কীৰ্তনৰ মাজেদি অনুষ্ঠিত হৈ
আহিছে৷ আমি সৰুকালত যেনেকৈ জাকজমকতাপূৰ্ণ দুৰ্গাপূজা দেখা নাছিলোঁ, সেইদৰে বিহুনাচ, বিহুগীত, হুঁচৰি আদিৰ বিষয়ে একো জনা
নাছিলোঁ৷ ভোগালী বিহুত ভেলাঘৰ সাজি নাচি–বাগি, মেজি জ্বলাই ভোজ-ভাত খোৱাৰ
কথাও আমাৰ অগোচৰ আছিল৷ আৰ্যসকলে যেনেকৈ ভাৰতৰ ভূমিপুত্ৰ জনগোষ্ঠীসমূহৰ অনেক সাংস্কৃতিক
সম্পদ আৰ্যকৰণ কৰি লৈছিল, সেইদৰে অসমৰ সত্ৰসমূহেও— বিশেষকৈ উজনিৰ লোকসকলৰ মাজত পৰম্পৰাগতভাৱে চলি অহা লোক-উৎসৱ, নৃত্য–গীত
আদিক পৰম্পৰাগতভাৱে চলি অহা লোক উৎসৱ, নৃত্য–গীত আদিক সত্ৰীয়াকৰণ কৰিছিল৷
যিহেতু অসমৰ সামাজিক–সাংস্কৃতিক ক্ষেত্ৰখনৰ এইটো এটা বিশেষ প্ৰপঞ্চ (phenomenon), সেয়ে ইয়াৰ বিষয়ে সামান্যভাৱে
কিছু লিখা উচিত হ’ব৷
সত্ৰীয়া বিহু :
বিহু বুলিলেই সাধাৰণতে মাঘ বা ভোগালী বিহুৰ ভোজ–ভাত, মেজি, ভেলাঘৰ, ম’হযুঁজ, ব’হাগ
বা ৰঙালী বিহুৰ নাচ–গান, হুঁচৰি, গৰু–ম’হৰ
গা–ধুওৱা আৰু কাতি বা কঙালী বিহু বুলিলে তুলসী সেৱাৰ কথা মনলৈ
আহে৷ কিন্তু শৈশৱত আমি যিদৰে বিহু পাতিছিলোঁ, তাত ইবিলাকৰ সৰহভাগেই অনুপস্থিত আছিল বা
সত্ৰীয়া ধৰণে ‘সংস্কৃত’ বা পৰিৱৰ্তিত ৰূপত পতা
হৈছিল৷ উদাহৰণস্বৰূপে, মাঘ বিহুৰ উৰুকাৰ ভোজ খোৱা, মেজি জ্বলোৱা বা ব’হাগ
বিহুৰ হুঁচৰিৰ কথালৈ আঙুলিয়াব পাৰি৷ ওপৰত কৈ আহিছোঁ যে ভেলাঘৰ সাজি ৰং–ৰহইচ
কৰি সমজুৱাকৈ ভোজ–ভাত খোৱা প্ৰথা নাছিল৷ মেজি জ্বলোৱাৰ নিয়ম–নীতিও
সম্পূৰ্ণ বেলেগ৷ মুকলি পথাৰৰ এডোখৰ নিৰ্দিষ্ট ঠাইত তিনিটা মেজি সজা হৈছিল: ল’ৰা
মেজি, ডেকা মেজি আৰু বুঢ়া মেজি৷ যেনে নাম তেনেকৈ প্ৰতীকী ৰূপত মেজিকেইটাৰ আকাৰ আৰু
উচ্চতাও ভিন্ন আছিল৷ ল’ৰা মেজিটো পাতল ফলা কাঠেৰে কিছু চাপৰকৈ সজা
হৈছিল৷ সাধাৰণতে সাত–আঠৰ পৰা চৈধ্য–পোন্ধৰ
বছৰীয়া ল’ৰাবোৰে উৰুকাৰ দিনা গধূলি এই মেজি জ্বলাই নাম–গুণ
গাই ফূৰ্তি–ফাৰ্তা কৰিছিল৷ কোনো বয়সস্থ মানুহ এই মেজিলৈ
যোৱা নাছিল যদিও ইয়াৰ তদাৰক কৰিবলৈ দুজনমান ডেকাক দায়িত্ব দিয়া হৈছিল৷ আন ল’ৰাবোৰৰ
দৰে ভাইটি আৰু ময়ো চেলেং বা খনীয়া কাপোৰ গাত মেৰিয়াই অতি হেঁপাহেৰে এই মেজিলৈ
গৈছিলোঁ৷ সেই কালত পুৱা–গধূলি মাঘমহীয়া ঠাণ্ডা ইমান বেছি আছিল যে জুই
পুৱাওঁতে গাত কাপোৰ নল’লে নহৈছিল৷ উল্লেখযোগ্য যে তেতিয়ালৈ গাঁৱৰ ল’ৰা–ছোৱালীৰ
মাজত ছুৱেটাৰৰ
প্ৰচলন হোৱা নাছিল বুলিবই পাৰি৷ জাৰৰ মাত্ৰা অনুসৰি গামোচা, চেলেং–চাদৰ
বা খনীয়া কাপোৰেৰেই ঠাণ্ডা নিবাৰণৰ প্ৰচেষ্টা চলোৱা হৈছিল৷ এতিয়াও ভালকৈ মনত আছে
মেজিৰ জুয়ে কিবা অথন্তৰ ঘটোৱাৰ ভয়ত বৌৱে কেনেকৈ আমাৰ দুয়োটাৰ কাপোৰ দুখন গাৰ
চাৰিওপিনে মেৰিয়াই আগ দুটা ওলমি নথকাকৈ ডিঙিৰ পিছফালে সামান্য ঢিলাকৈ বান্ধি
দিছিল৷ মেজিৰ উত্তাপ উপভোগ কৰি থকাৰ মাজতে ভজা বুটমাহ বা কোনো গৃহস্থীয়ে আগবঢ়োৱা
পিঠা–পনা খাই মেজিৰ শেষত ঘৰলৈ গৈ বিছনাত পৰিছিলোঁগৈ৷ কিন্তু সহজে
টোপনি অহা নাছিল, কাৰণ পুৱা জ্বলাবলগীয়া বুঢ়া মেজিলৈ যোৱাৰ আশাত
মনটো উগুল–থুগুল হৈ আছিল৷ ডেকা মেজিটো যথেষ্ট ওখকৈ সজাৰ উপৰি
চাৰিওফালে দীঘল গোটা বাঁহ বান্ধি দিয়া হৈছিল, যাতে জুই দপ্দপ্কৈ
জ্বলাৰ লগে লগে বাঁহবোৰ ফুটি বন্দুক–বাৰুদৰ দৰে শব্দ কৰে৷ আমি
বিছনাৰ পৰাই এনে শব্দ শুনাৰ কথা এতিয়াও মনত আছে৷ এই মেজিত কোনো কম বয়সীয়া ল’ৰা
বা বয়সস্থ মানুহ উপস্থিত নাথাকে৷ ই আছিল সম্পূৰ্ণভাৱে গাঁৱৰ ডেকাবিলাকৰ মেজি, য’ত
তেওঁলোকে মুকলি মনেৰেই হৰ্ষ–উল্লাস কৰিছিল৷ কিন্তু
হৰিনাম কীৰ্তনৰ বাদে আন কোনো ধৰণৰ গীত–মাত বা নাচ–গান
নচলিছিল৷ থিয়নামৰ দৰে এজনে ঘোষা লগাই দিয়ে আৰু আনবিলাকে হাতচাপৰি বজাই উচ্চস্বৰে
গাই যায়৷ সেই কালত, অৰ্থাৎ যেতিয়া আমি সৰু ল’ৰা
আছিলোঁ, মোৰ ওপজা ঠাইখনৰ সৰহভাগ ডেকাই আধুনিক শিক্ষা নোপোৱা অনাখৰী
মানুহ আছিল, যিসকলৰ প্ৰধান কাম আছিল হাল বোৱা, কোৰ মৰাৰ উপৰি পোহনীয়া গৰু–ম’হৰ
বাবে দুই–তিনি মাইল দূৰৰ চাহবাগানৰ পৰা ঘাঁহ কাটি অনা৷ যিহেতু মাঘ
বিহুৰ আগে আগে পথাৰৰ পকা ধান চপোৱা কাম শেষ হয়, সেয়ে ডেকাসকলে বিহুৰ দুদিন যিমান পাৰে আনন্দ
উপভোগ কৰে৷ বুঢ়া মেজিটো ৰাতিপুৱাই জ্বলোৱা হয়৷ গাঁৱৰ বুঢ়া–মেথাসকলে
গা–পা ধুই নতুন বা ধুই থোৱা চোলা–চুৰিয়া–চেলেং
চাদৰ পিন্ধি হাতত তামোল–পাণ লৈ মেজিৰ খলালৈ যায়৷ সকলোৱে পৱিত্ৰ মনেৰে
সেৱা কৰি ‘‘জয়
ৰাম বোল, জয় হৰি বোল’’ ধ্বনিৰ মাজেদি জুইত অগ্নি সংযোগ কৰা হয়৷ যিহেতু
মেজি সজা খৰিবোৰ কেঁচা, সেয়ে জুই সহজে জ্বলাব পৰাকৈ আগদিনাই ডেকাসকলে
শুকান ডাল–পাত আৰু কলঠৰুৱা আদি লাগনী খৰি যোগাৰ কৰি থয়৷ কিন্তু কোনো
ডেকা মানুহ এই মেজিলৈ নাযায়৷ আমাৰ দৰে সৰু ল’ৰাবোৰৰ যোৱাত বাধা নথকা বাবে
ৰাতিপুৱা সোনকালে উঠি লৰালৰিকৈ মুখ–হাত ধুই মেজিথলীলৈ
ঢপলিয়াইছো৷ আমাৰ
বাবে প্ৰধান আকৰ্ষণ মেজিৰ জুইৰ উত্তাপ নাছিল, আছিল তাত বিলোৱা নাৰিকল আৰু চেনি খোৱাৰ হেঁপাহ! পুহমহীয়া পুৱাৰ হাড় কঁপোৱা
জাৰত, খালী পেটত নাৰিকল খোৱাৰ কথা আজিকালিৰ ল’ৰা–ছোৱালীয়ে
কল্পনা কৰিব পাৰিবনে? মাছ–মঙহৰ ভোজ–ভাতৰ
ঠাইত বুটমাহ আৰু চেনি–নাৰিকল; বিহুনাচ, বিহুগীতৰ ঠাইত হৰিনাম শ্ৰৱণ–কীৰ্তন! বহুতৰ বাবে এইটো
অবিশ্বাস্য আৰু ভাবিব নোৱৰা কথা৷ এই পৰম্পৰা এতিয়াও চলি আছে বুলি জানিবলৈ পাইছোঁ৷
এয়ে সত্ৰীয়া বিহু৷
হুঁচৰিও সত্ৰীয়া :
ব’হাগ বিহুৰ হুঁচৰি বুলিলে ঢোল, পেঁপা, বিহুগীত, বিহুনাচ আৰু নাচনীৰ ছবিখন
মনলৈ আহে৷ কিন্তু শৈশৱৰ সত্ৰীয়া জীৱনধাৰাত আমি এনে হুঁচৰি দেখা নাছিলোঁ৷ মানুহ
বিহুৰ দিনা সাঁজ লগাৰ পাছত সত্ৰৰ ডেকা আৰু আদহীয়া লোকসকল লগ হৈ পোনতে বৰনামঘৰৰ
সন্মুখত হৰিধ্বনিৰে হুঁচৰি আৰম্ভ কৰি সত্ৰাধিকাৰৰ ঘৰৰ চোতালত গায়গৈ৷ ‘‘জয় হৰি বোল, জয় ৰাম বোল’’ ধ্বনি দি গৃহস্থক সজাগ কৰি
গুৰুজনাৰ কীৰ্তনৰ ঘোষা–পদেৰে হুঁচৰি আৰম্ভ কৰা হয়৷
উল্লেখযোগ্য যে হুঁচৰি গাওঁতাসকলৰ হাতত খোল–তালজাতীয় কোনো বাদ্য নাথাকে৷
কেৱল হাততালিৰ দ্বাৰা সৃষ্টি কৰা সাংগীতিক ধ্বনি আৰু থিয় নামৰ পদ–চালনাৰ
নাটকীয়ত্বই এক মোহময় আৰু আনন্দদায়ক পৰিৱেশ সৃষ্টি কৰে৷ হুঁচৰিৰ সামৰণি পৰিলে ঘৰৰ
সকলোৱে শৰাইত গুৱা–পাণ আৰু সাধ্যমতে মাননি আগবঢ়াই হুঁচৰি গোৱা ‘ভকতসকল’-ৰ পৰা আশীৰ্বাদ লয়৷ সাধাৰণতে মহাপুৰুষ
মাধৱদেৱৰ নামঘোষাৰ খেদ, প্ৰাৰ্থনা আদিৰ পদ আওৰাই আশিস প্ৰদান কৰাৰ পিছত ‘‘গৃহস্থৰ মংগলৰ অৰ্থে হৰি বোল, হৰি বোল’’ ধ্বনিৰে হুঁচৰি দল আঁতৰি
যায়৷ ইয়াৰ পাছত ডেকা সত্ৰাধিকাৰকে ধৰি জ্যেষ্ঠানুক্ৰমে বা পদমৰ্যাদা অনুসাৰে পোনতে
গোসাঁই–মহন্তকেইঘৰত হুঁচৰি গোৱা হয়৷ আমাৰ দেউতা ইতিমধ্যে প্ৰয়াত
হোৱাৰ বাবে আমাৰ ঘৰলৈ হুঁচৰি দলটি আহে মানে ৰাতি ভালেখিনি হৈছিল৷ হ’লেও হুঁচৰি
চোৱা আৰু লগতে হাতচাপৰি বজাই নাম গোৱাৰ আশাত সেই ৰাতি ভালকৈ টোপনি নহা কথা মোৰ
এতিয়াও ভালকৈ মনত আছে৷ হুঁচৰিনো কি, নাচ–গান নথকা কেৱল নাম–কীৰ্তন
আৰু হাততালিহে! তথাপিওচোন সেইকালত এনে হুঁচৰিৰ প্ৰতিয়েই ইমান
টান আছিল৷ আমাৰ ঘৰত বৌ থকালৈকে হুঁচৰিৰ অন্তত দলটিক চ’ৰাঘৰৰ
ভিতৰত বহুৱাই পিঠা–পনা, পকামিঠৈ আৰু চাহপানীৰে অপ্যায়িত কৰাৰ কথা ভালকৈ
মনত আছে৷ পূৰ্বতে কোৱা হৈছে যে এনে পকামিঠৈ সেইকালত গুৰুঘৰৰ নিৰ্মালি বুলি আটায়ে
সসন্মানে গ্ৰহণ কৰিছিল৷
বোকাপানী : হালধিপানী
হালধিৰ, বিশেষকৈ কেঁচা হালধিৰ ঔষধী
গুণৰ বিষয়ে আজিকালি প্ৰায় সকলোৱে জানে৷ ছালৰ ৰোগকে ধৰি বিভিন্ন অসুখৰ বাবে ই বেচ
উপকাৰী বুলি আধুনিক চিকিৎসা বিজ্ঞানৰ পৰা আমি জানিবলৈ পাইছোঁ৷ কিন্তু শ শ বছৰৰ
আগতেই আমাৰ লিখি–পঢ়িব নজনা উপৰিপুৰুষসকলে এই কথা ভালকৈ জানিছিল
বাবে অসমীয়াৰ অন্যতম প্ৰধান লোক উৎসৱ ব’হাগ বিহুত হালধি পানীৰে গা–ধোৱা
নিয়ম প্ৰৱৰ্তন কৰিছিল৷ সৰুকালৰ পৰাই বৌৱে যতনাই দিয়া কেঁচা হালধি আৰু পটাত পিহা
মাটিমাহ বতা পানীত মিহলাই গা ধোৱাৰ কথা কেনেকৈ পাহৰিম? পাছলৈ নগৰীয়া জীৱন কটালেও
আমি এই বিজ্ঞানসন্মত পৰম্পৰা পালন কৰি আহিছোঁ৷ ডিব্ৰুগড়–গুৱাহাটী
য’তেই নাথাকোঁ মানুহ বিহুৰ দিনা হালধি-পানীৰে গা ধোৱাটো আমাৰ
এক অৱশ্যে পালনীয় কাম৷
মনত পৰিছে আজিৰ
পৰা কিছু দিনৰ আগলৈকে এই হালধি-পানী লোৱা প্ৰথাটো আমাৰ সত্ৰীয়া পৰম্পৰাত এক
প্ৰকাৰৰ লোক-উৎসৱ ৰূপেই পালন কৰা হৈছিল৷ সত্ৰৰ অধিকাৰৰ চ’ৰাঘৰৰ
সমুখৰ চোতালখন ভালকৈ চাফ–চিকুণ কৰি লৈ তাত পানী ঢালি পিছল কৰি লোৱা হয়৷
সমান্তৰালভাৱে চ’ৰাঘৰৰ ভিতৰত দুটামান প্ৰকাণ্ড টৌত হালধি-পানী
প্ৰস্তুত কৰি ৰখা হয় আৰু অধিকাৰ, ডেকা অধিকাৰ প্ৰমুখ্যে সত্ৰৰ মুখিয়াল গুৰু আৰু
ভকতসকলে নাম–কীৰ্তন কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷
যথা সময়ত স্থানীয় ইচ্ছুক যুৱক আৰু মধ্যবয়সীয়া পুৰুষসকল হালধি-পানী ল’বৰ
বাবে চোতালত
গোট খায়হি৷ পিন্ধনত চুটিকৈ পিন্ধা চুৰিয়াৰ বাহিৰে তেওঁলোকৰ সমস্ত শৰীৰ উদং হৈ থাকে
যাতে ডেকাসকলে মূৰে–গায়ে হালধিপানী লৈ ভাওনাৰ যুদ্ধৰ দৰে পিছল
চোতালখনত হতাহতি আৰু বগৰা-বাগৰি খেলিব পাৰে৷ হালধিপানী লোৱা এই নাটকীয় দৃশ্য উপভোগ
কৰিবলৈ গাঁৱৰ তিৰোতা, বয়সিয়াল লোক আৰু আমাৰ দৰে ল’ৰা–ছোৱালীবোৰ
চোতালৰ তিনিওকাষে গোট খায়হি৷ যথাসময়ত নাম–প্ৰসংগ শেষ যোৱাৰ পাছত চ’ৰাঘৰৰ
সমুখৰ দুৱাৰমুখৰ পৰা চৰিয়াই চৰিয়াই হালধি-পানী বাহিৰলৈ ঢালি দিয়া হয় আৰু ডেকাসকলে
এক প্ৰকাৰ শক্তিপৰীক্ষাৰ যুঁজৰ দৰে ঠেলা–হেঁচা
কৰি মূৰে–গায়ে ভালকৈ হালধিপানী পোৱাৰ আশাত সমুখলৈ আগবাঢ়ে৷ কিছু পৰৰ পাছত
আদবয়সীয়াসকল একাষৰীয়া হৈ উচ্চ কণ্ঠে থিয়নাম গাবলৈ আৰম্ভ কৰে আৰু ডেকাসকলে হালধি-পানী
আৰু বোকাপানীৰে লুতুৰি–পুতুৰি হৈ ইয়াৰ তালে তালে বোকা ভাওনা কৰাৰ
লেখীয়াকৈ হতাহতি বা বগৰা–বাগৰি খেলে৷ খেলৰ অন্তত গা ধুবৰ বাবে সকলোৱে ‘‘মধুদানৱদাৰণদেৱবৰম/ বৰবাৰিজলোচনচক্ৰধৰম’’— টোটয়
ছন্দৰ গুৰুজনাৰচিত দেৱভটিমাটি গাই গাই খোজৰ তালে তালে হাত
চাপৰি বজাই ইতিমধ্যে একাধিকবাৰ উল্লিখিত গড়খাৱৈ নৈলৈ যায়৷ হালধি-পানী লোৱা দলটি গা
ধুই উভতি আহোঁতে প্ৰায় প্ৰতিঘৰ মানুহে পদূলিমুখত গুৱা–পাণৰ
শৰাই আৰু যথাসাধ্য মাননি আগবঢ়াই সেৱা কৰি আশীৰ্বাদ লয়৷ দলটোৱে শেষত বৰ নামঘৰৰ
সন্মুখত নাম সামৰি ঘৰাঘৰি যায়৷
কাতি বিহুত পালন কৰা তুলসী সবাহলৈও আমি ল’ৰা–ছোৱালীবোৰ
বৰ আগ্ৰহেৰে বাট চাই আছিলোঁ৷ মন কৰিব তুলসী ‘সবাহ’–হে, পূজা নহয়৷ এইটোও বিহু সত্ৰীয়াকৰণৰ আন এটা
উদাহৰণ৷ আগচোতালৰ এডোখৰ চাফ–চিকুণ কৰি তুলসী গছৰ পুলি
এটা ৰোৱা হয় আৰু ঠিক সন্ধ্যাৰ আগে আগে চাকি–বন্তি জ্বলাই মাহ-চাউল, কল-কুঁহিয়াৰ আদিৰে শৰাই সজাই
পুলিটিৰ কাষত স্থাপন কৰা হয়৷ যথাসময়ত ঘৰৰ আৰু কাষৰীয়া দুজনমান জ্যেষ্ঠ লোকে নাম–প্ৰসংগ
আৰম্ভ কৰে আৰু আমি কণ কণ ল’ৰা–ছোৱালীবোৰেও তালত তাল মিলাই
নাম গাই, হাত চাপৰি বজাই কিবা এক অজান আনন্দ অনুভৱ কৰিছিলোঁ৷ বয়স হোৱাত বুজিব পাৰিছিলোঁ
যে আমাৰ এয়া তুলসীগছৰ ‘বৃক্ষপূজা’ নহয়, ই প্ৰকৃততে হৰি বা কৃষ্ণৰ
নাম লোৱা শ্ৰৱণ–কীৰ্তন অনুষ্ঠানহে৷ তদুপৰি তুলসী হ’ল
লক্ষ্মীদেৱীৰ এটা নাম৷ যিহেতু লক্ষ্মী ভগৱান বিষ্ণুৰ ভাৰ্যা, সেইফালৰ পৰাও ইয়াক আওপকীয়াকৈ
বিষ্ণু বা হৰিনাম শ্ৰৱণ–কীৰ্তনৰ অনুষ্ঠান বুলিব পাৰি৷
এইদৰে অসমীয়াৰ বাপতিসাহোন লোক উৎসৱ বিহুক
সত্ৰীয়াকৰণ কৰি এক বিশেষ ৰূপ প্ৰদান কৰাটো অসমীয়া সংস্কৃতিৰ এক বিৰল সংঘটন৷ সময়ৰ
সোঁতত নানা পৰিৱৰ্তন হৈছে যদিও বিহুৰ এই ‘সত্ৰীয়া’ ৰূপ মোৰ ওপজা ঠাইখনত কম–বেছি
পৰিমাণে এতিয়াও বৰ্তি আছে৷ সাহিত্য–সংস্কৃতি ক্ষেত্ৰৰ
আলোকসন্ধানীসকলে এই বিষয়ে অধ্যয়ন কৰাৰ যথেষ্ট থল আছে বুলি আমাৰ বিশ্বাস৷

(আগলৈ)