দিব্যাশ্ৰী নিয়ৰ বৰুৱা
ফুৰোঁ ঈশ্বৰক মন্দিৰে, মছজিদে, গীৰ্জাই, হস্পিতালে!
সমস্ত বিশ্ব দেখি থকা ঈশ্বৰজনে হয়তো সিদিনা চকু মেলি দূৰৰ ক’ৰবালৈ ফুৰিবলৈ গৈছিল৷
ঈশ্বৰে জানে মানুহৰ প্ৰাৰ্থনাত যে কেৱল প্ৰাৰ্থনা নাথাকে, ফুলৰ ৰূপত সৌন্দৰ্যৰ
উপাসনা থাকে, ধূপৰ ৰূপত দুহাত পাতি কৰা শক্তিৰ শকত প্ৰাৰ্থনাৰ কাকুতি থাকে; মুঠতে
মানুহক কেৱল লাগে আৰু লাগে৷ কেৱল বিচাৰি ফুৰি বুকুত আঁজুৰি ল’ব জানে মানুহে, হয়তো কেতিয়াবা ঈশ্বৰক আজুৰি ল’ব নোৱাৰি চকু মুদি দিয়ে ঈশ্বৰৰ দৰে৷
মুখখন সামান্য কোঁচাই আনিলে অমলা ওজানীয়ে৷
প্ৰয়োজনখিনি কাবৌ কৰি খুজিছে৷ ধ্যানেই ধৈৰ্য আৰু ধ্যান কৰিব পাৰিলেহে ঈশ্বৰ
প্ৰাপ্তি হয় বুলি বিশ্বাসগত এটা কথা আছে৷
ওজানীৰ ঘৰলৈ আহে৷ ঈশ্বৰেও কথা দিয়ে তাইক৷ তায়ো মনভৰি ঘূৰি আহে মনত এগাল প্ৰশান্তি লৈ৷
আজিও প্ৰতিমা সুদা হাতে অহা নাই, ঈশ্বৰক বিচাৰিয়ে আহিছে৷ আজি হেনো ঈশ্বৰ চকু মুদি
ধ্যানত নাই, ঈশ্বৰ এতিয়া অজ্ঞাতবাসত! তথাপি তাইৰ আজি আক্ষেপ নাই। তাই আজি ব্যতিক্ৰম
কিবা এটা বিচাৰি আহিছে৷
দৰে পিন্ধা কাপোৰ৷ পিন্ধনত এখন ঘৰত বোৱা নীলা মেখেলা৷ বুটাবোৰ দেখিলেই গম পায় কিমান
সাধনাৰ কিমান ধৈৰ্যৰ ফল সেয়া৷ ধ্যানত বহাৰ দৰে ভাত-পানী বাদ দি তাঁত-শালত বহি
একে বহাই এখন কাপোৰ উলিয়াব পৰাকৈ ফুলন্তী তাই৷
মন্দিৰ চলাথ কৰাৰ কাৰণ কি?
বৰষুণ এৰাৰ পাছৰ সেয়া চোকা ৰ’দ৷ গৰম
বেছ পৰিছে অথচ দিনে নিশাই কম্বলৰ দৰে কাপোৰখন মেৰিয়াই ৰহস্যজনকভাৱে ঘূৰি ফুৰা
হৈছে তাই৷
ৰহস্যৰ মূল কথা অমলা ওজানীয়ে জানে৷
ৰহস্যৰ উৰাকাপোৰখনে প্ৰতিমাক মেৰিয়াই ৰাখিব নে মুকলি কৰি এদিন ঈশ্বৰ বিচাৰি ফুৰা
বাটতে ঈশ্বৰৰ সৈতে একাত্ম কৰিব? মাখি কেইটামানে ইফাল-সিফালকৈ উৰি আহি ভোমোৰাই ফুলত
পৰাৰ দৰে গাতে পৰিছে৷ আকৌ উৰিছে। থাপনাৰ সমুখৰ ফুল প্ৰসাদ আগবঢ়োৱা থালিখনৰ পৰা উৰি
আহি আকৌ গাতে ভোমোৰা হৈ পৰিছে৷ প্ৰতিমা যেন এপাহ সতেজ ফুল আৰু মাখিকেইটা ভোমোৰাহে৷
ৰস চুহিবলৈ দেহেকেহে চেষ্টা কৰিছে অথচ ব্যৰ্থ হৈছে৷ অথচ গোন্ধত বলিয়া হৈ উৰিছে আৰু
উৰিছে৷
মুগ্ধমনেৰে বহি আছে৷ ওজানী অমলাই ফুল-ফল আগ বঢ়াই ঈশ্বৰৰ থাপনাৰ ফালে মুখ কৰি চকু
মুদিছে৷
ঈশ্বৰে তাইলৈ চোৱা নাই! ঈশ্বৰৰ সন্মুখত সমৰ্পণ কৰিবলৈকে তাই আজি ঈশ্বৰক নীৰৱে
বিচাৰিছে৷ কেঁকনি-গেঠনিৰ এটা যুগ পাৰ হ’ল প্ৰতিমাৰ৷ প্ৰতিমা এতিয়া প্ৰতিমা হৈ
থাকিব খোজে৷ সুখ-দূখ, ৰ’দ-বৰষুণ নেওচি একেথৰে থিয় হৈ থাকিব খোজে প্ৰতিমা হৈ৷ পূজাৰ
পাছত আদৰ কৰি নিৰাদৰভাৱে পানীত উটুৱাই দিয়া প্ৰতিমা হ’ব খোজে এতিয়া প্ৰতিমা!
প্ৰতিমাৰ ধ্যান ভগ্ন হ’ল, প্ৰতিমাই এতিয়া ত্যাগ বিচাৰে, ঈশ্বৰৰ মাজত নিজকে উটুৱাই
দিব বিচাৰে৷
প্ৰাপ্তি বা প্ৰাৰ্থনাৰ ফল হাতত তুলি দিব নোৱাৰোঁ ।
প্ৰতিমা তেতিয়াও থৰ হৈ ৰৈ আছে৷ ঈশ্বৰৰ
আগত অৰ্পণ কৰা পানী এচলু খাই প্ৰতিমাই ফুল দুটি লৈ ধ্যান কৰিছে৷ মেলা চকুহাল চকুপানীৰে অন্ধকাৰ হৈ আহে৷ মৃত্যুতকৈও যি যন্ত্ৰণা গধুৰ সেই যন্ত্ৰণাই
গ্ৰাস কৰি আহিছে প্ৰতিমাক৷ প্ৰতিমা দিনে দিনে অনাদৰী প্ৰতিমা হৈ পানীত ভাহি থকা
প্ৰতিমাৰ দৰে জহি-খহি পৰিছে৷ অথচ মৃত্যুৱে উটুৱাই নিঃচিহ্ন কৰিব পৰা প্ৰাৰ্থনা
বিচাৰি ঈশ্বৰক বিচাৰি ফুৰিছে তাই !
কৰে সেই অমৃততেই কোন পাপী পোকে বাস কৰে? অমৃত মানেই বিপদ ! অমৃত মানেই যুদ্ধ !
কেৱল অমৃতৰ বাবেই জীৱন যুঁজত গৰল পিয়াই চকু মুদিব লাগিব!
পৰা৷ বাহিৰত আৰু বহুজন ঈশ্বৰ অপেক্ষিত মানুহ ৰৈ আছিল৷ প্ৰতিমা যেন বিশেষ মানুহ
ঈশ্বৰৰ বাবে, তেনেকৈ প্ৰথমে প্ৰাৰ্থনা কৰিবলৈ দি যাবলৈ দিয়া হ’ল তাইক!
যোৱা বাটে ! এক অকটা গোন্ধে বাটটো আৱৰি ধৰিলে৷ নাকে মুখে সোপা দি ৰ’ল ঈশ্বৰৰ
অপেক্ষিত স্বাৰ্থপৰ মানুহকেইজন৷
দূৰ্ভগীয়া হৈ পৰিছোঁ৷ এয়া যেন মন্দিৰ নহয় দুখৰহে আলয় ! হাত ভৰি থাকিও পংগুৰ
দৰে আজি মই ছটফটাইছো৷ প্ৰতিমাক মুক্তি দিয়া ঈশ্বৰ৷
ঈশ্বৰ অপেক্ষিত অন্য
স্বাৰ্থপৰকেইজনে মুখ মেলি চাই আছিল।
বিকট গোন্ধ এটাই চিনাকি দি গ’ল যে,
প্ৰতিমা মই জীয়াই থকালৈ মোৰ মনত অমৰ হৈ থাকিব৷ বুকুৰ অমৃতত এফালে কেন্সাৰ আৰু
আনফালে সন্তানৰ জ্বলা জুই একুৰা লৈ ফুৰা প্ৰতিমা জীৱন্ত প্ৰতিমা ! মোৰ ওচৰত আহি
প্ৰায়ে কান্দি উঠে “ঈশ্বৰক কোৱাঁ মোৰ সন্তান আছে! মোৰ অমৃত পান কৰি মানুহ হ’বলৈ মোৰ
বুকুত সংলগ্ন দুটুকুৰা মাংস আছে! নাই ঈশ্বৰে নুশুনিলে৷
হুকহুকাই কান্দি
অমলা ওজানীয়ে মন্দিৰৰ পৰিৱেশটো শাঁত পেলালে।
হস্পিতালত । এজন ঈশ্বৰ অপেক্ষিত মানুহে মাত লগালে৷
চিকিৎসকৰূপী ঈশ্বৰে হাতখন দাঙি দিয়াৰ পাছতেই তাই মোৰ মন্দিৰৰ ঈশ্বৰ বিচাৰি প্ৰায়ে
আহে৷ আজিৰ পৰা আৰু নাহে৷ কি পাপ কৰিছিল নো তাই ?
মানি চলিব লাগে৷ চিকিৎসকৰ পৰামৰ্শ ল’লে উপশমো পাব পাৰে৷ ঈশ্বৰ মানুহৰ ৰূপতেই আমাৰ মাজত আছে৷
ঈশ্বৰ কেৱল মন্দিৰত নাথাকে বিশ্বব্ৰহ্মাণ্ডই ঈশ্বৰৰ ঘৰ৷ আমি কেৱল মনৰ প্ৰশান্তিৰ
বাবে প্ৰাৰ্থনা কৰোঁ সুখী হওঁ৷ অৱশ্যে সকলো উপশমৰে এটা সময় থাকে৷ যি উকলা সময়ক
ভেঁদি চিকিৎসকেও নিৰুপায় হৈ হাত দাঙিবলগীয়া হয়!
মুক্তি লাগে৷ সেই মুক্তি দিব পৰাকৈ মই ঈশ্বৰী নহওঁ অ’ …মই ঈশ্বৰী নহওঁ ! চিকিৎসকৰূপী সাকাৰ ঈশ্বৰে উপশম দিব নোৱাৰিলে নিৰাকাৰ
ঈশ্বৰৰ চৰণত মুক্তি বিচৰাৰ বাহিৰে আৰু আমাৰ হাতত বেলেগ শকতি নাথাকে বাবেহে ! আমাক
তেতিয়া কেৱল পচন শৰীৰৰ পৰা মুক্তি লাগে !
থৰ হৈ পৰা মন্দিৰ প্ৰাংগণত যেন আজি
নিৰাকাৰ নহয় সাকাৰ হস্পিতালত ৰৈ থকা শুভ্ৰ পোছাকধাৰী ঈশ্বৰৰ গুণ-গান চলিছে৷ মানুহ
ঈশ্বৰ নহয় বুলি মানুহকেই মানুহৰ বাবে ঈশ্বৰৰ ৰূপত প্ৰাৰ্থনা কৰিছে৷
***
ভ্ৰাম্যভাষ : ৮৪৭৩৯৫৯২৮০