বাঘৰাণী খইৰী

বাঘিনীৰ সত্য জীৱন কাহিনী

বাঘৰাণী খইৰী
মূল : অখিল মোহন পট্টনায়ক

অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম


আগে আগে গৈছে বিদিয়া, বিলন্দা, গৌৰ আৰু কলাকৰ। ঠাইটুকুৰাৰ ওপৰলৈ উঠি যাওঁতে দেখা গল ঠাইকণৰ এবুকুমান ওখত দুটা ডাঙৰ ডাঙৰ শিলৰ
মাজত এটা ফাঁক। সেই ফাঁক হৈছে
বাঘৰ গুহালৈ যোৱা বাট ৷
সেই
ফাঁকটোৰ কাষতে বাট বন্ধ
কৰি শুই আছিল এজনী প্রকাণ্ড ঢেঁকীয়াপতীয়া বাঘিনী। আৰু তাইৰ কোলাত গা-ঘেলাই কণমানি
এটা বাঘপোৱালি।

খড়িয়াকেইজনৰ খচ্‌চ্‌, ফিচ্‌-ফিচ্ শব্দ শুনি বাঘিনীয়ে মূৰ তুলি সেইফালে চালে।
তাইৰ দাউদাউকৈ জ্বলি থকা চকু দুটা দেখি তেওঁলোকৰ ত্রাহি হৰি গতি। তেওঁলোকৰ ওপৰত
জঁপিয়াই পৰিব বুলি ভাবি আটাইকেইজনে একেলগে হাউৰি চিঞৰ মাৰি উঠিল। চিঞৰাৰ লগে লগে
শুকান কাঠ
, গছৰ ডাল,
জোপোহাৰ ঠানি যিয়েই যি পালে সকলোৱে মৰিয়াই
খুন্দিয়াই জোৰেৰে শব্দ কৰিবলৈ ধৰিলে। বাঘিনীজনী শুই থকাৰ পৰা থিয় হৈ এওঁলোকলৈ
কেইদণ্ডমান চাই ৰ
ল। তাৰ পাছত ৰাজকীয় ভংগিমাৰে জংগললৈ ধীৰে ধীৰে গুচি
ল।

বাঘপোৱালিটো কিন্তু মাকৰ লগত নগল। খুউব অকণি পোৱালি যে, মাকৰ ডাঙৰ ডাঙৰ খোজৰ লগত খোজ মিলাই কিমান দূৰেই বা
যাব পাৰিব! জন্ম হোৱাৰ দিন ধৰি পোৱালিটোৱে জানে
, এই গুহাটোৱেই হৈছে তাইৰ
কাৰণে সকলোতকৈ নিৰাপদ ঠাই। যেন এক অভয় আশ্রম। তাইৰ মাকে তাইক গুহাত অকলে এৰি থৈ
বহুবাৰ বাহিৰলৈ গৈছে। মাকৰ কাম শেষ হলে গুহাৰ কাষলৈ ঘূৰি আহি
ওহঃ ওহঃ শব্দ কৰে। পোৱালিটোক জনাই দিয়ে তাইৰ মাক ঘূৰি
আহিছে। পোৱালিটোক আদৰ কৰি গাখীৰ খুৱায়। আন সকলোকেইবাৰৰ দৰেই মাক ঘূৰি আহিব বুলি পোৱালি
নিশ্চিত। ইমান জোৰেৰে কৰা চিঞৰ-বাখৰ পোৱালিটোৱে কেতিয়াও শুনা নাছিল। সেয়েহে তাই ভয়তে
দৌৰি গৈ গুহাৰ ভিতৰ সোমাল।

বাঘিনীজনী গুচি যোৱাত খড়িয়াকেইজনৰ অনেকখিনি সাহস
বাঢ়ি গ
ল। বিলন্দা আৰু গৌৰ দৌৰি গৈ গুহাৰ ভিতৰত সোমাই
এটুকুৰা ফটা কাপোৰ পাৰি বাঘ পোৱালিটোক হাতে-ভৰিয়ে জপটিয়াই ধৰি পেলালে। আৰু তাৰ
লগে লগে সিহঁতে দৌৰা-দৌৰিকৈ একে উশাহতে লৰ মাৰিলে নিজৰ গাঁও জেনাবিললৈ। সামান্য
দেৰি কৰিলেই বাঘিনী আহি হাফোলা মাৰি ধৰিব।
 

মাক বাঘিনী বৰ মৰমিয়াল। ঠিক আমাৰ ঘৰৰ পোহনীয়া
মেকুৰীজনীৰ দৰে। তাই তাইৰ পোৱালিটোক মানুহৰ দৰেই খুউব মৰম কৰে। ইমান বেছি পোৱালি-আকলুৱা
যে তাই বাচি থকা অৱস্থাত তাইৰ কোলাৰ পোৱালি কাঢ়ি নিয়া অসম্ভৱ। পোৱালি থকা
বাঘিনীৰ আগত পৰি বহুতো লোক ঘূণীয়া হৈছে
,
মৰিছে। কিন্তু সেইদিনা খইৰী নদীৰ মূল জলধাৰাৰ
কাষৰ বাঘৰ গুহাৰ বাঘিনী মাক আৰু পোৱালিৰ সংযোগ বোধকৰোঁ ভাল নাছিল।

চাৰিওফালে আন্ধাৰে আৱৰা টোপোলাত শূন্যতে ওলোমাই কোনোবাই
যে এনেকৈ লৈ যাব
, সেয়া বাঘপোৱালিটোৱে জনাটো দূৰৰ কথা, সপোনতো ভবা নাছিল। তাই কি, তাইৰ মাক,
আনকি আইতাকৰো এই কথা সপোনৰ অগোচৰ। তাইনো জানিব
কেনেকৈ
? তাই মাত্র ইমানকে জানে যে তাইৰ মাকৰ বাহিৰে আন কোনোবা
আহিলে সোঁফালৰ আগঠেংটো দাঙি নখবোৰ উলিয়াই
ফাঁকৈ ভয় খুৱাই দিব লাগে।ইমান সোনকালে চববোৰ ঘটি গল যে বেচেৰীয়ে ভয় খুৱাবলৈ সময়কে নাপালে। ভয়তে পোৱালিৰ
বুদ্ধি লোপ পালে
, তাইৰ মাকক জোৰেৰে চিঞৰ মাৰি মাতিবও নোৱাৰিলে। মাতিব
পৰা হ
লে খড়িয়াকেইজনৰ অৱস্থা অন্য কিবাই হলহেঁতেন।

খড়িয়াকেইজনে বাঘ পোৱালিটো লৈ যোৱাৰ কিছুসময়ৰ পাছত
মাক বাঘিনীয়ে তাইৰ পোৱালিক গাখীৰ খুৱাবলৈ গুহাৰ ওচৰলৈ ঘূৰি আহিছিল চাগে। পোৱালিক
গুহাৰ ভিতৰত নাপাই বাঘিনীৰ মূৰত চাগে ব্রজপাত পৰিছিল আৰু তাইৰ শুকাই যোৱা কলিজাৰে
চাগে বাহিৰ হৈছিল এক আশংকা মিশ্রিত চেপা স্বৰ
, ‘আ…, আঁওহ.. কেনেবাকৈ কৰবাত পোৱালিটো লুকাই
থকা নাইতো! পোৱালিটো যদি লুকাই থাকিলেহেঁতেন
,
তেনেহলে তাই মাকৰ মাত শুনি অলপ সময় কাণ উনাই
লহেঁতেন,
আৰু তাৰ পাছত মাকৰ মাতৰ উত্তৰ দিকুকু
কৰি লগে লগেই জাঁপ মাৰি দৌৰি আহি মাকৰ পিঠিত
উঠি পৰিলহেঁতেন। মাক-জীয়েকে স্ফুর্তিতে পৰস্পৰৰ গা-মুখ চেলেকি দিলেহেঁতেন। তাৰ
পাছত পোৱলিয়ে মাকৰ গাখীৰ খাই খাই চকুৰ পতা মুদ খুৱাই আনিলেহেঁতেন।
 

বাঘিনীয়ে ভাবিছিল যে তাই গুচি যোৱাৰ পাছত পোৱালিটো
গুহাৰ ভিতৰত লুকাই পৰিব আৰু তাইৰ কোনেও এনে ক্ষতি কৰিব নোৱাৰিব। এটা
দুটা মানুহ যদি গুহাৰ মুখৰ ফালে গলহেঁতেন,
তেনেহলে বাঘিনীয়ে চিধা সিঁহতৰ ওপৰত জাঁপ দিলেহেঁতেন, কিন্তু ইমানবোৰ মানুহ
একেলগে দেখি তাই জাঁপ মৰাৰ ভৰসা কৰিব নোৱাৰিলে। অন্য উপায় নাপাই নিজকে এক ধৰণে
বিজ্ঞাপিত কৰিবৰ কায়দাৰে মানুহকেইটাক দেখুৱাই তাই ধীৰে ধীৰে অন্যফালে গুচি গৈছিল।
তাই ভাবিছিল
, এনেকুৱা কৰিলে মানুহকেইটাৰ নজৰ যেতিয়া তাইৰ ওপৰত
থাকিব। তেতিয়া পোৱালিটো আন্ধাৰ গুহাৰ নিৰাপত্তাৰ ভিতৰত সোমাই পৰিবলৈ যথেষ্ট সময়
পাব।

জীৱজগতৰ বহুতো সহজাত প্রবৃত্তিৰ মাজত আত্মৰক্ষা এক
প্রধান কৌশল। স্থান
, কাল আৰু অৱস্থা বিশেষে সিহঁতে বিভিন্ন কৌশল অৱলম্বন
কৰে। গছৰ খোৰোঙৰ ভিতৰত চৰায়ে বাহ সাজি কণী পাৰে। সেই কণী খোৱাৰ লোভত যদি কিবা
হিংস্র জন্তু গছৰ ওপৰলৈ উঠা মাক-চৰাইজনীয়ে দেখে
, তেনেহলে সেই জন্তুক দেখুৱাই তাই পাখি ভগা চৰাইজনীক সহজতে
পাই যোৱাৰ আশাৰে জন্তুটোৱে কণীৰ লোভ এৰি তললৈ চোঁচা লয়। চৰাইজনীৰ ওচৰ পালে
চৰাইজনীয়ে অলপ অলপকৈ
ধপ্‌ধপাই উৰি গৈ জন্তুটোক বাৰে বাৰে প্রলুব্ধ কৰি যথেষ্ট
দূৰলৈ লৈ যায়। চৰাইজনীও উৰি যায় আৰু জন্তুটোৱেও ইতিমধ্যে চৰাইজনীক খেদি খেদি
কণীৰ কথা পাহৰি যায়।।

সেইদিনা ঠিক সেই কাৰণতে বাঘিনীজনী পোৱালিটোক এৰি
মানুহকেইটাৰ দৃষ্টি আকর্ষণ কৰিবৰ কাৰণে ধীৰ গতিৰে আঁতৰি গৈছিল। তাইতো জনা নাছিল যে
দুই ভৰিত থিয় হৈ সগৰ-সন্তানৰ দৰে বিয়পি পৰা এই মানুহবোৰ কিমান চালাক
, কিমান হুচিয়াৰ। তাই সেইদিনা ঘূৰি আহি গুহাৰ ভিতৰত পোৱালিটোক
নাপাই নিৰাশ হৈছিল চাগে। আৰু কিজানি মানুহৰ সৈতে এই পৰিচয়তে তায়ো চিনিলে
, মানুহ কি। তাই তেনেকুৱা ভুল আৰু কিজানি কেতিয়াও
নকৰিব। খড়িয়াবোৰে বাঘপোৱালিটোক লৈ তাড়াতাড়ি গৈ ট্রাক অহা-যোৱা কৰা ৰাষ্টাত
উঠিলগৈ। আগৰ আলি-কেঁকুৰি পাৰ হ
লেই জেনাবিল ফৰেষ্ট বঙলা। সৰু কাঠেৰে তৈয়াৰী ঘৰ।
ডাঙৰ ডাঙৰ কাঠৰ কুন্দাৰ ওপৰত এখন চাঙৰ দৰে কৰি তাৰ ওপৰত ঘৰ সজা হৈছে। তাৰপৰা এশহাত
গলেই পোৱা যায় খড়িয়াৰ পল্লীগাঁও। খড়িয়াবোৰ তেওঁলোকৰ পল্লীগাঁও গৈ পাই
বাৰাণ্ডাত কিছুপৰ বহি পৰি উশাহ ল
লে।

খড়িয়া প্রকৃততে সর্বহাৰা। মূৰটো গুজিবলৈ টঙিঘৰৰ সমান সৰু সৰু ঘৰ, যিবোৰ বাঁহেৰে,
মাটিৰে কোনোমতে সাজি মাটিত থিয় কৰোৱা। নাই খেতিৰ মাটি, নাই কাম কৰাৰ সুযোগ। সেইদিনা সিহঁতে আলু বা কচু একো
আনিব পৰা নাছিল। কিন্তু কিহৰ পৰোৱা
?
খড়িয়া আৰু সিহঁতৰ লৰা-তিৰোতাৰ ভোক-লঘোণতো দৈনন্দিনৰ কথা। কিমান ৰাতি
সিহঁতে ভোকে-লঘোণে কটাইছে। আজিৰ ৰাতিটোও তেনেকৈয়ে কাটি যাব। কিন্তু লগত
ঢেঁকীয়াপতীয়া বাঘৰ পোৱালিটো লৈ অনাত খড়িয়া পল্লী আৰু ওচৰ-পাজৰৰ মানুহবোৰৰ মাজত
বেছ হট্টগোল হ
ল। গোটেই গাঁৱৰ খড়িয়া আহি বাঘপোৱালিৰ চাৰিওফালে
জুম বান্ধিলে। হাউলি-হেঁচি আগলৈ গৈ চাবৰ বাবে সিহঁতে ঠেলাঠেলি কৰিছিল। মোনাৰ বাহিৰ
হৈ পোৱালিটোৱে সকলোকে অবাক হৈ চাবলৈ ধৰিলে। কোনোবা কাষলৈ গ
লে তাক
ফ্যাঁ’ কৰি ভয় খুৱায়। সকলোৱে কলে,
পোৱালিটো অতি সৰু, মাকৰ গাখীৰ এৰাই নাই নিশ্চয়। সকলো উদ্বিগ্ন, পোৱালিটোক খুৱাব কেনেকৈ। কিন্তু কোনোৱে হলে নুসুধিলে,
কিয় খইৰীক তাইৰ মাকৰ কাষৰ পৰা চুৰ কৰি অনা হ?
এতিয়া অনেক দিনৰ পাছতো তেনেকুৱা একোটা প্রশ্ন
তো শুনিবলৈ  পোৱা নাযায়।

সিহঁতৰ মাজৰে কোনোবা গৈ অলপমান ছাগলীৰ গাখীৰ খীৰাই
আনিলেগৈ। বাঘপোৱালিটোৱে মাংস খাব বুলি ভাবি কোনোবাই কুকুৰা পোৱালি এটা মাৰি তাইৰ
আগত দিলে। কিন্তু তাই কিয় খাব এইবোৰ
?
ভয়তে মাত্র ফ্যাঁ’ফ্যাঁ’ কৰিছে। শেষত কাৰোবাৰ
মূৰত বুদ্ধি খেলালে। এডাল অমিতাৰ ঠাৰিৰে গাখীৰ খুৱাবলৈ। দুজনে তাইক জপতিয়াই ধৰিলে
, আকৌ আৰু এজনে অমিতাৰ ঠাৰিৰে গাখীৰ খুৱালে। গাখীৰৰ
আধা পৰিল মাটিত
, আৰু যিকণ পেটৰ ভিতৰলৈ গ,
গোটেইখিনি বমি হৈ বাহিৰ হল। পোৱালিটোৰ পেটলৈ এটোপাও গাখীৰ নল। ভয় ভাগিব ক, পোৱালিটোৰ ভয় বাঢ়িহে গল। সেইদিনা ৰাতি খড়িয়াহঁতে পোৱালিটোক জুপুৰীৰ
ভিতৰতে ৰাখি বাহিৰৰ পৰা দুৱাৰৰ দাং মাৰিলে। ৰাতি পুৱালেই তাইক লৈ ওলাব যচ্ছিপুৰলৈ।

জেনাবিলৰ পৰা যচ্ছিপুৰলৈ খোজকাঢ়ি কেঁচা আলিৰে সোতৰ ক্ৰোশ। পুৱতি নিশাতে বিদিয়া,
বিলন্দা আৰু গৌৰ বাঘপোৱালিটো লৈ যচ্ছিপুৰলৈ
বুলি ওলাল। বাটত লেঞ্জঘোষতে ৰাতি হ
ল। ৰাতিটো তাতে কাটিল। তাৰ পাছদিনা আবেলি তিনি বজাত
সিহঁত আহি পালে যচ্ছিপুৰ। তাত লোহাৰ শিকলি
আৰু কুঁৱাৰ ৰচী বান্ধি পোৱালিটোক এটা ঘৰত বন্ধ কৰি
দিয়া খবৰ পোৱাত জীপত বাঘ পোৱালিটো লৈ অনা হ
ল যচ্ছিপুৰ বঙলালৈ।

এই দীর্ঘ সময়ৰ যন্ত্ৰণাত বাঘ পোৱালিটো অতিষ্ঠ হৈ
পৰিছিল আৰু জীপৰ ভিতৰতে লেবেজান হৈ শুই পৰিছিল। আমি বাহিৰতে কাণ উনাই ৰৈ আছিলোঁ। পোৱালিটোৱে
টোপনিৰ পৰা সাৰ পালে কেনেকৈ মাতিব। তেনেকুৱা মাত কোনেওতো কাহানিও শুনা নাই! সেই
সুযোগ হেৰুৱাব নোৱাৰি। সামান্য সন্ধিয়া হোৱাত জীপৰ ভিতৰৰ নাক-ঘো
ৰ্‌-ঘোৰণি বন্ধ হল। বোধকৰো বাঘ পোৱালিটোৰ টোপনি ভাগিল। তাই জীপৰ
ভিতৰত ইফালে-সিফালে ঘূৰিছিল যদিও কাৰো জানিবৰ উপায় নাই। বাঘে ঘোৰ জংগল
, কাঁইটীয়া জোপোহা, শুকান পাতৰ ওপৰেৰে খোজ
কাঢ়িলেও কোনো শব্দ শুনা নাযায়।

অলপ পাছত জীপৰ এটা ধীৰ কোমল স্বৰ শুনা গল, ‘কিআঁউ-কিআঁউ‘,
তাই যেন মাতিছে, “মা-মা, লৈ গলি?”
মই গৈ ড্রাইভাৰৰ চিটৰ কাষৰ দুৱাৰখন খুলি দিলোঁ।
মোক দেখি
ওঁহঃ ওঁহঃ
কৈ তাইৰ মুখখন আগবঢ়াই দি যেন খাবলৈ বিচাৰিলে।
মই তাইৰ দুয়োগালত ধৰি গলধনৰ তলফালে হাত বুলাই ক
লো, “বৰ ভোক লাগিছে নহয় ? তই শুই পৰিলি, গাখীৰ ঠাণ্ডা হৈ গল। ৰবি মা গৈছে এতিয়াই
গৰম কৰি আনিব।
অলপ সময়ৰ পাছত কোতোৰাত কুহুমীয়া গাখীৰ আৰু চামুচ
আহিল। তাইৰ কোৱাৰিৰ ভিতৰত আঙুলি ভৰাই চামুচেৰে গাখীৰ মুখত দিলো। লগে লগে একে শোহাই
খাই থ
লে, বৰ ভোক লাগি আছিল বোধহয়। আৰু দুচামুচো তেনেকৈয়ে
খালে
, কিন্তু তাৰ পাছত মুখখন আচাৰ মাৰি বেঁকা কৰি দিলে।

সকলো গাখীৰ খোৱা শিশুৰ দৰেই কিবা এটা বস্তু চুহি
চুহি খোৱা তাইৰো সহজাত প্রকৃতি। এটা ফিডিং বটল জোগাৰ কৰা হ
ল। আমি ভাবিলো,
ঘৰৰ ভিতৰলৈ গৈ পোৱালিটো অলপ সহজ হলে তাৰ পাছত
কিজানি বটলৰ পৰা খাব। মই তাইক কোলাত লৈ বঙলাৰ ভিতৰলৈ আনিলো

বঙলাৰ মাজৰ কোঠাটো শোৱাঘৰ আৰু তাৰ লগতে লাগি গা-ধোৱা
ঘৰ
, ত চীনামাটিৰ পায়খানা বহুওৱা আছে। অন্যান্য কোঠাবোৰো
আছে
, যিদৰে সাধাৰণতে বঙলাত থাকে। দুৱাৰবোৰ সেউজীয়া ৰঙৰ।
মজিয়া চুই থকাকৈ কোঠাবোৰৰ বেৰৰ চাৰিকাষ বেৰৰ তলৰ ফাললৈ এবেগেত ওখকৈ ক
লা ৰঙৰ। আৰু তাৰ ওপৰত আৰু এবেগেত ওখকৈ ৰঙা ৰঙৰ। বেৰবোৰৰ ৰং
পাতল নীলা আৰু সেউজীয়া মিহলি। টিউব লাইটেৰে ঘৰৰ ভিতৰখন খুব উজ্জ্বল। খোৱা টেবুল
, চকী সকলো ৰখা হৈছে।

সেই ঘৰত তাইৰ মানৱী মাতৃৰ কাষত কণমানি খইৰীয়ে
গা-ঘেলাই খুব মৰম পালে
, আৰু বাগৰি বাগৰি তাইৰ পেটটো দেখুৱালে। পেটৰ ঘন নোমৰ
ভিতৰত আঙুলিৰে ফুৰাই দিলে কণমানি খইৰী স্ফূর্তিতে ট
গ্‌বগাই উঠে। তাৰ পাছত তাই
হঠাৎ উঠি ঘূৰি ঘূৰি তাইৰ মানৱী মাতৃৰ হাত
,
গলধন,
মুখ আনকি শাৰী পর্যন্ত তিনি মিনিটমান চেলেকিলে।

মেকুৰী বা কুকুৰৰ পোৱালিৰ দৰেই জন্ম হোৱাৰ সময়ত বাঘপোৱালিৰো
চকু বন্ধ হৈ থাকে। আঠ-দহদিনৰ ভিতৰত খোল খায়। সেই সময়ত সিহঁতে সিহঁতৰ পাৰিপা
ৰ্শ্বিকৰ বস্তুবোৰ অনুভৱ কৰে শুনি, শুঙি বা চুই। সিহঁতেও জন্ম হোৱাৰ পাছতে মাকক গাখীৰ
বিচাৰে আৰু মাকৰপৰা কেনেকৈ গাখীৰ খোৱা যাব সেই বিদ্যাটি মাকৰ পেটতে অর্জন কৰে। চকু
ফুটাৰ আগতে সিহঁতক যদি কৃত্রিম গাখীৰৰ বাট বা গাখীৰতী কুকুৰৰ গাখীৰ খাবলৈ দিয়া
হয়
, তেনেহলে সিহঁতে একো তফাৎ বুজি নাপায়। চকু ফুটিলে সিহঁতে
ৰপৰা গাখীৰ খায়, বা যিয়ে সিহঁতক খুৱায়, তাকে নিজৰ মা বুলি ভাবে আৰু তেনে লোকৰ ওপৰতে সকলো
স্নেহ
, মমতা আৰু আস্থা উজাৰি দিয়ে। কুঁ, কুঁ,
য়্যাঁ,
কাউ… বিভিন্ন স্বৰেৰ ভোক লাগিলে মাকক খাবলৈ বিচাৰে, মানুহৰ কেঁচুৱাৰ কেঁহো-কেঁহোৰ দৰেই। বাঘ পোৱালিয়ে
তেনে শব্দ কৰি খাবলৈ বিচাৰে
,
কিন্তু স্নেহ-আদৰ বিচাৰিব কেনেকৈ ? সেয়েহে মাকৰ ওচৰত লেন চেলায়। মাকৰ পেট, মুখ আদিত নিজৰ মুখ গুজি চেলেকে। প্রতিদানত মাকেও পোৱালিটোক
চেলেকি চেলেকি মৰম কৰে। প্ৰবৃত্তি কাৰণে
,
অভ্যাসৰ কাৰণে আৰু যথাযথ প্রতিক্রিয়া মিলাৰ
কাৰণে
, মা-বাঘিনী আৰু পোৱালি বাঘৰ মাজত আদৰ-স্নেহ কৰিবৰ
বাবে এক অনুচ্চাৰিত সাংকেতিক ভাষাৰ আদান-প্রদান চলে।

অকণমানি খইৰী তাইৰ বাঘিনী মাকৰ কাষত থকা হলে যেনেকৈ চেলেকিলেহেঁতেন, ঠিক সেইদৰেই তাইৰ মানৱী মাতৃকো চেলেকিলে। আঙুলিৰে
চেনেহ বুলোৱা পৰশ দি মানুহেও ঠিক পশুৱে চেলেকাৰ দৰেই আদৰ কৰাটো বুজাই দিব পাৰে। মই
তাইৰ দেহৰ ওপৰত লাহে লাহে আঙুলি বুলাই বুলাই
লোঁ,
,
এইবাৰ তোৰ চেলেকা-চেলেকি বন্ধ কৰি ধুনু ছোৱালীৰ
দৰে গাখীৰখিনি খাই পেলা।

সেইদিনা খইৰী দেখাত বোন্দা মেকুৰীতকৈ সৰু আকাৰৰ
আছিল। কিন্তু তাইৰ
খবোৰ মেকুৰীৰ নখতকৈ ডাঙৰ আৰু ধাৰাল। ৰবৰৰ কৃত্রিম
গাখীৰ-বাটেৰে তাইক গাখীৰ খুৱাবৰ সময়ত তাই অস্বস্তি বোধ কৰিলে তাই তাইৰ ধাৰাল নখবোৰ
উলিয়াই হাতোৰাৰে ঠেলি দি গাখীৰ আঁতৰাই নিবলৈ সংকেত দিয়ে। কেট (মেকুৰী) প্রজাতিৰ
যিমানবোৰ জন্তু আছে
, সকলোবোৰৰে নখ,
দাঁত আৰু জিভাত থকা সৰু সৰু কাঁইট বৰ বিষাক্ত
হয়। যদি দেহে
সহিব নোৱাৰে, তেনেহলে আঘাত পোৱা ঠাইৰে বিষ বিয়পি পৰে আৰু তাৰ পৰাই
মানুহৰ মৃত্যুও হয়। অনেক মানুহ এতিয়ালৈকে এনেদৰে মৰিছে।

বহুত বছৰৰ আগতে মোৰ এজন বন্ধুৱে নোৱাপড়াৰ ওচৰত এটা
নৰখাদক বাঘক ট্রেক কৰি কৰি ঘাইল কৰিছিল। কিন্তু বাঘটো মৰা নাছিল। ঘাইল বাঘক এৰি
দিয়াটো চিকাৰৰ নিয়মবিৰুদ্ধ। সেয়েহে তেওঁ তেজৰ দাগ চাই চাই আকৌ এবাৰ জংগলৰ ভিতৰত
সোমাল। ঘাইল বাঘৰ পিছ লোৱাটো যে কিমান বিপদজনক সেই কথা চিকাৰী মাত্রেই জানে। তেওঁ
খুব সাৱধানতাৰে চাৰিওফালে চাই চাই যোৱা সত্বেও এটা জোপোহাৰ আঁৰৰ পৰা হঠাৎ বাহিৰ
ওলাই বাঘে জাঁপ মাৰিলে। মানুহ আৰু বাঘৰ হতা-হতি হ
ল কিছুসময় আৰু এটা
গুলীত বাঘটো মৰিল। কিন্তু মোৰ বন্ধুজনৰ দুয়ো হাতৰ মণিবন্ধৰ ওপৰত বাঘৰ নখ বে
দ-কৈ বহিছিল। সেই ঘাঁৰ পৰা বিষ বিয়পিল আৰু এসপ্তাহৰ পাছত তেওঁ অকাল মৃত্যু সাবটিলে।।

কণমাণি খইৰী সৰু হলেও কি হ,
তাইৰ নখ ডাঙৰ বাঘিনীৰ নখতকৈ কোনোগুণে কম
বিষাক্ত নহয়। সেয়েহে তাইক বটলেৰে গাখীৰ খাবলৈ দিয়াৰ সময়ত তাইৰ চাৰিও ঠেং মোটা
চাদৰেৰে মেৰিয়াই ধৰি মোৰ কোলাত বহুৱাই ল
লোঁ। টিকলি খইৰীক অনেক দুর্বল দেখা গৈছিল, তাইক গাত হাত বুলাই দিওঁতে তাইৰ কামিহাড়বোৰ ধৰিব
পৰা হৈছিল। অকণমান শক্তি পাব বুলি ভাবি আমি আমূলৰ লগতে অলপ প্রটিনেক্স মিহলাই
খাবলৈ দিলোঁ
, কিন্তু বটলৰ গোন্ধৰ লগতে প্রটিনেক্সৰ গোন্ধ। খইৰীয়ে
কি সেয়া মুখত দিব
? অনেক টনা-আঁজোৰা কৰি তাই কোৱাৰি মেলি চিঞৰিলে। মানুহৰ
কেঁচুৱাক খাবলৈ দিয়াৰ
দৰে আমি তাইৰ নাকটো
টিপা মাৰি ধৰি কোৱাৰিৰে খুৱালোঁ। আধামান পেটলৈ গ
ল। খুৱাই উঠি কিছুসময়
তাইক মই বুকুত সাবটি আদৰ কৰাত তাইৰ মন আকৌ ঘূৰিল। মোৰ কোলাৰ পৰা জাঁপ মাৰি এইবাৰ
তাই ওলাল পাকঘৰ তদাৰক কৰিবলৈ

অনুসন্ধান চলিল যেনেকৈ তাই প্রথমেই জীপখন অনুসন্ধান
কৰিছিল। পাকঘৰৰ চাৰিওফালে পাক মাৰি আহি বেৰৰ তলফালে থকা ৰঙা ৰঙৰ প্লাষ্টাৰখিনি অ
ত তত শুঙি চালে। তাৰ পাছত লাইট ষ্টেণ্ড সজাই থোৱা
কোণটোলৈ গৈ তাইৰ আগ ঠেঙেৰে বেৰত ভেঁজা দি পাছ ঠেঙৰ ওপৰত থিয় হৈ ৰঙা ৰঙৰ পটিত তাইৰ
গাল ঘঁহালে। বাঘ
, মেকুৰী চবেই ভিন ভিন ৰং দেখা পায়, কিন্তু খইৰীয়ে যে হঠাতে কিয় ৰঙা ৰঙৰ প্রতি আগ্রহ
দেখুৱাইছে সেয়া ভালদৰে ক
ব পৰা নাযায়। তিনি-চাৰিবাৰমান ইফালৰ পৰা সিফাললৈ
অহা-যোৱা কৰি আমাক তাইৰ কেৰামতি দেখুওৱাৰ পাছত কিতাপৰ বাকচৰ ওচৰলৈ গ
ল।

কিতাপৰ বাকচ আৰু বেৰৰ মাজত যি সামান্য ফাঁক তাৰ ভিতৰত তাই এফালেৰে সোমাই
আনফালেৰে বাহিৰ ওলাল। এনেকৈ এবাৰ-দুবাৰমান। তাৰ পাছত দেও দি বাকচৰ ওপৰত উঠিল।
বাকচৰ ওপৰৰ পৰা জাঁপ মাৰি আমাৰ কাষলৈ। আকৌ আমাৰ ওচৰৰ পৰা জাঁপ মাৰি বাকচৰ ওপৰ। বাকচৰ
সিফালে এইবাৰ তাই কুচি-মুচি চুপি ৰ
ল। আমিও চাই থাকিলো কিতাপৰ বাকচটোলৈ। কেতিয়ানো তাৰ Ambush Coverৰ ভিতৰত মুখ সুমুৱাই লাহেকৈ তাইৰ চিকাৰ বিচাৰিব।

লুকাই থকা ঠাইৰ পিছফালে চুপি চুপি গৈ চিকাৰৰ ওপৰত
জাঁপ মৰাটোৱেই বাঘৰ সহজাত প্রবৃত্তি। অলপমান থিয়দঙা দি খোজ কঢ়া আৰম্ভ কৰিলেই পোৱালিবোৰৰ
মাজতো সেই প্রকৃতি দেখা দিয়ে। পোৱালি বাঘেতো আৰু চিকাৰ কৰিব নোৱাৰে
, সিহঁতে সিহঁতৰ মাক, ভায়েক-ভনীয়েকৰ লগত এই
চিকাৰ-চিকাৰ খেল খেলে
, মানুহৰ শিশুৱে লুকা-ভাকু খেলাৰ দৰেই। বাঘ যেতিয়া
ডাঙৰ হৈ নিজে নিজৰ বাবে চিকাৰ কৰে
,
তেতিয়া এই খেলৰ অভ্যাস যথেষ্ট কামত আহে।

কণমাণি খইৰীৰ কোনো ভাই-ভনী নথকা বাবে তাই এই চিকাৰ-চিকাৰ খেল খেলিছিল তাইৰ মাকৰ
লগত। সেই খেল এতিয়া ইয়াত আৰম্ভ হৈছে।
বাকচৰ সন্ধিৰ পৰা খইৰীৰ নাক লাহে লাহে ওলাওঁ কি নোলাওঁতেই তাইৰ মানৱী মা অলপমান দৌৰি গল। আৰু ৰক্ষা আছেনে? চিকাৰ যাব এতিয়া! খইৰী
খুব জোৰেৰে দৌৰি খেদি আহিল। এনেকৈ দৌৰা-দৌৰি কৰি দু
য়ো ক্লান্ত হৈ পৰিল।

কিছু সময়ৰ পাছত মজিয়াত বাগৰি পৰি তাই পেট
দেখুৱালে। পেটত আঙুলি বুলাই দিবলৈ এয়া নিমন্ত্রণ। কিছু সময় হাত বুলাই দিয়াৰ
পাছত তাই আকৌ উঠিল। মই তাইক নি চকীৰ ওপৰত বহুৱাই দিলো। চকীৰপৰা চকী
, আকৌ তাৰ কাষৰ চকীৰে তাই উঠিল টেবুলৰ ওপৰত, তাৰপৰা তললৈ চালে। ইমান ওপৰৰপৰা তললৈ চাবলৈ তাইৰ
সাহে
নুকুলালে হবলা,
আকৌ যি বাটেৰে গৈছিল, সেই বাটেৰেই ঘূৰি আহিল। মই অলপমান দৌৰাৰ দৰে কৰি
তাইক মোক খেদিবলৈ মাতিলো। তাই খেদা-খেদি কৰাত মই ঘূৰিলো টেবুলৰ চাৰিওফালে।
এবাৰ-দুবাৰমানৰ পাছত তাই টেবুলৰ চাৰিওফালে মোক খেদি চাত্কৈ টেবুলৰ তলেদি আহি মোক ধৰি
পেলালে। মই আদৰেৰে তাইক কোলাত তুলি নি ক
লো,
চাব্বা,
বুদ্ধি আছে।তাইক নমাই থলোঁ কি নথলোঁ তাই আকৌ খেলিবলৈ উৎপাত আৰম্ভ কৰিলে। আকৌ এবাৰ
খাবলৈ দি তাইক তাইৰ শোৱাঘৰত বন্ধ কৰি দিলো। কিন্তু অকলে থাকি ব্যস্ত হৈ চিঞৰ-বাখৰ
কৰিছে। তাই যেন তাইৰ ভাষাৰে চিঞৰিলে
,
লৈ গলিহঁত?
সোনকালে আহ বুলিছোঁ। মোৰ অকলে ভাল লগা নাই
কিন্তু।
তাইক আমাৰ কোঠালৈ আনিলোঁ। বিছনাৰ তলত তাইৰ মানৱী মাকৰ
শাৰী এখন ঘূপ খুৱাই ৰাখিছিলোঁ 
;
তাই চুপ চাপ বিছনাৰ তলত সোমাল আৰু কিছু সময়ৰ
পাছত আমি দেখিলো তাই শাৰীৰ ওপৰত ঘোৰ টোপনিত ঘুম মাৰিছে।

ময়ো ধীৰে ধীৰে টোপনিত ঢলি পৰিলোঁ। টোপনি অহাৰ আগতে মোৰ
মনৰ ভিতৰত উজান উঠিছিল অনেক দিনৰ অনেক স্মৃতি।

আগতে লিখিছোঁ,
১৯৬৮ চনৰ চন্দকা জংগলৰ সেই মাইকী হাতীজনীৰ
কথা। এনেয়ে বনৰীয়া হাতী
,
বাঘ-সিংহতকৈয়ো অধিক মাৰাত্মক। বনৰীয়া হাতী
ধৰি নতুনকৈ বশ মনাবলৈ দুটাকৈ পোহনীয়া হাতীৰ দৰকাৰ হয়
, সেয়াও মাহৰ পাছত মাহ ধৰি। কিন্তু এজনী গুলীখোৱা
বনৰীয়া হাতীয়ে মাত্র কেইঘণ্টামানৰ ভিতৰতে বুজি পাইছিল যে আমিবোৰ তাই শুভচিন্তক।
নহলে
তাই আমাৰ হাতৰ কল
খাইছিল কিয়
? নতুবা তাইৰ পুঁজ ওলাই থকা ক্ষতস্থানৰ পৰা পিচকাৰীৰে
পুঁজ উলিওৱাৰ সময়ত তাই শুই থাকি তাইৰ ঘাঁ টুকুৰা দেখুৱাই পৰি ৰৈছিল কিয়
? ছাব্বিছ দিনধৰি আমাৰ অক্লান্ত চেষ্টা ব্যর্থ হৈ
গৈছিল। কিন্তু প্রথমৰ পৰা শেষ নিঃশ্বাস ত্যাগ কৰা পর্যন্ত তাই তাইৰ প্রতি
শুশ্রষাকাৰীক নীৰৱ কৃতজ্ঞতা জনাইছিল।

ঠিক সেইদৰেই ডেৰাডুনত আমাৰ ঘৰত এটা ৰজাফেঁটী সাপ
আছিল। প্রায় আঠহাত দীঘল। তাই থাকিছিল আমাৰ গাধোৱা ঘৰত
, আৰু তাইৰ দেহ সকলো সময়তে চিকুণ হৈ চিকমিক কৰিছিল বাবে
তাইৰ নাম দিছিলো জ্যোতি। পুৱা-গধূলি তাইক নি ঘৰৰ সন্মুখৰ ঘাঁহনিত ফুৰাই আনো।
ঘাঁহনিৰ মাজেৰে তাই অহা-যোৱা কৰে বিজুলী গতিৰে। ঘূৰা-ফুৰা হোৱা পাছত লাহেকৈ দাঙি
আনিলে ভাল ছোৱালীৰ দৰে মোৰ গাত পকাই ধৰি গা-ধোৱা ঘৰলৈ ঘূৰি আহে। কোনোদিনেই কিন্তু
তাইৰ দাঁত এবা
ৰো মোৰ গাত লগোৱা নাছিল। লগোৱা হলে এইখিনি লিখিবৰ বাবে মই আজি নাথাকিলোহেঁতেন। আনকি
তাই আমাৰ গাড়ীৰ পাছফালে শুই দিল্লী চহৰো চফৰ কৰি আহিছিল। তাত তাইক যিয়েই দেখিছিল
তাৰে চূর্তি হেৰাইছিল। আনকি বহুতে তাইক জীৱন্ত ৰজাফেঁটী সাপ বুলি বিশ্বাসো কৰা
নাছিল। তাইক মই ধৰিছিলোঁ জংঘলৰ পৰা
,
আৰু ধৰিবৰ মাত্ৰ কেইদিনমানৰ ভিতৰতে বহু বেছি পোহ মানি
লৈছিল। কিছুদিনৰ পাছত আমি তাইক আহমেদাবাদ কাংকাৰিয়া চিৰিয়াখানালৈ পঠাই দিছিলোঁ।
তাইক বিদায় দিয়াৰ পৰত তাই কাঁচৰ মাৰ্বলৰ দৰে চকুৰে জলজল কৰি চাই ৰৈছিল। একোৱে ক
ব পৰা নাছিল,
কিন্তু অনুভৱ যে কৰিব পৰা নাছিল তেনে নহয়। নহলে এজনী তীব্র বিষধৰ সাপক বিদায় দিয়াৰ পৰত আমাৰ
চকু চলচলীয়া হৈছিল কিয়
?