জী আছোঁ

 অনুৰাগ শইকীয়া

 

শান্তিৰ ভাও দি দি জী আছোঁ

ভাষণেৰে শান্তি ছটিওৱা যুদ্ধবাজ মানুহৰ
আঙুলিত

নাচি আছোঁ

 

লাওখোলাবোৰত বিষাক্ত সাপ

খোঁটবোৰৰ পৰা কোনোৰকম বাচি আছোঁ

জী আছোঁ

 

কোনো বৃদ্ধই মৃত্যুৰ বুকুত মূৰ থৈও বজায় জীৱনৰ বীণ

গুপ্তাঙ্গত আঘাত লৈ কোনো শোষিত নাৰীয়ে বজায় ভায়’লি

 

ৰজাৰ সিয়নিত শোৱা বুদ্ধিজীৱীৰ ব্যৱসায় এতিয়া বৰ ভাল

মানুহৰ কথা ভবা ভাওনাৰ তেওঁ সূত্ৰধাৰ

 

এনেকৈয়ে চলি আছে দেশ

ৰজাক বহুৱাই তেলেৰে মালিচ কৰিছে

প্ৰজাহে তেলত ফ্ৰাই হৈছে

 

হাতুৰীৰ কোব মূৰত মাৰি নিজকে বুলিছে মাইকেল এঞ্জেল’

ভয় নকৰা মানুহবোৰ নিৰুদ্দিষ্ট

ভয় নকৰাৰ ভাও দিয়াবোৰ নেতা

 

ডিঙিৰ ওপৰত নাৰিকল লৈ ফুৰা মানুহ বাঢ়িছে

মোৰো নাৰিকলটো কেইবাটাও বান্দৰে কিনিব খুজিছে

 

ৰেচনৰ দোকানতো কেৱল বাদীবাদ

আৰু বিবাদ 

 

সঁচাকৈয়ে সঁচা কৈ থকা জিভাবোৰ ক
কটা গ

এতিয়া গাধৰ দৰে ভাৰ কঢ়িয়াই নিজকে ঘোঁৰা বুলি কোৱাৰ বাদে 

আৰু আছেনো কি?

 

ঠিকনা :

গোলাঘাট

ফোন : ৭০০২৫৩৪৫৪