সঞ্জীৱ সভাপণ্ডিত
আমেৰিকাৰ ইলিনয় ৰাজ্যৰ এহাল অৱসৰপ্ৰাপ্ত দম্পতীৰ ঘৰত মই
এবাৰ সাত দিন আছিলোঁ৷ এটা গাড়ীৰ টায়াৰ নির্মাণ কৰা ক’ম্পেনিৰ পৰা গিৰিয়েক ঘৈণীয়েক
দুয়ো অৱসৰ লৈছিল৷ তেওঁলোকে মোক বহু ঠাইলৈ লৈ গৈছিল৷ কেতিয়াবা গ’ল্ফ ক’ৰ্টলৈ, কেতিয়াবা
গীৰ্জালৈ, কেতিয়াবা বহু দূৰৰ এখন বাৰীলৈ, য’ত মানুহজনে নিজৰ ঘৰৰ Basement-ত নিজৰ ৱৰ্কশ্বপত
সাজি উলিওৱা চৰাইৰ বাহ কিছুমান, এডাল জখলাত উঠি লগাই থৈ আহিছিলগৈ৷ জখলাডাল খাজে খাজে
ইটুকুৰাৰ ভিতৰত সিটুকুৰা সুমুৱাই নিব পৰা আছিল৷ ৩০-৪০ ফুট ওখলৈকে ৭১ বছৰীয়া মানুহজন
উঠি গৈছিল৷ কাম হৈ যোৱাৰ পাছত সেই জখলাডাল আকৌ সামৰি-সুতৰি গাড়ীখনতে ভৰাই লৈ আহিছিল৷
এদিন তেওঁলোকে মোক এখন community সভালৈ লৈ গ’ল৷ তাত ২৫-৩০ জনমান মানুহ আছিল৷ মোক
চিনাকি কৰি দিলে ভাৰতৰ বুলি৷ তাৰে মাত্ৰ ৩ জন মানুহে ভাৰত ক’ত থূলমূলকৈ জানে৷ বাকীবিলাকে
মই ভাৰত ক’ত তাতে থকা এখন ব’ৰ্ডত আঁকি নেদেখুওৱালৈকে ৰৈ থাকিল৷ তাতে মই অসমখনো দেখুৱালোঁ
আৰু মই তাৰ পৰা যোৱা বুলি ক’লোঁ৷ ভাৰত মানে বুজা ৩ গৰাকীৰ ভিতৰত এগৰাকীয়ে দিল্লী
আৰু মুম্বাইৰ নাম শুনিছিল, এগৰাকীৰ কোনোবা এজনী বান্ধৱীয়ে কলিকতাৰ কাৰোবাক চিনি
পায়৷ বহুত কষ্ট কৰি তেওঁ কলিকতাৰ পৰা The Beautiful Woman Goddess having ten
hands আৰু The black naked woman with human heads as her neckless-ৰ কথা যি জানে ক’লে৷

মোক ক’বলৈ কোৱাত মই ব্ৰহ্মপুত্ৰৰ কথা ক’লোঁ, চাহপাতৰ কথা
ক’লোঁ, ছশ বছৰীয়া আহোম ৰাজত্বৰ কথা ক’লোঁ, এৰী-মুগাৰ কথা ক’লোঁ, বিহুৰ কথা ক’লোঁ
আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ কথা ক’লোঁ৷

What religion do you follow? Is it Hinduism? বহুত ভাবি-চিন্তি
ক’লোঁ— Yes it is Hinduism, but not the Indian Hinduism in toto. We had a saint called Xangkardev who preached Vaishnavite
line of Hinduism.

কথাবোৰ অলপ বহলাই ক’বলৈ চেষ্টা কৰোঁতে দেখিলোঁ আচলতে
কাৰো সেইবোৰ শুনিবলৈ আগ্ৰহ নাই৷ এনেতে এগৰাকী বৃদ্ধাই মোক ক’লে— Sing s song
which you think is your own song.

মোৰ মহা বিপদখন হ’ল৷ মই গায়কো নহয়, বিশেষজ্ঞও নহয়৷ এবাৰ
বিহু দুফাকিমানলৈ মনত পৰিল৷ এবাৰ ভূপেন হাজৰিকালৈ মনত পৰিল৷ অৱশেষত বহু পৰ অস্বস্তিত কটাই মই ঠিক কৰিলোঁ বৰগীত এটাকে চেষ্টা কৰা ভাল হ’ব৷ এই বুলি মই তেজৰে কমলা পতি বৰগীতটোকে
অলপমান গালোঁ৷

কি গালোঁ নাজানো৷ কিন্তু অন্ততঃ নিজৰ বুলি কিবা এটা থকা
বুলি নিজৰে ভাব হ’ল৷
বুলি নিজৰে ভাব হ’ল৷
সভাখন দুঘণ্টামানৰ পাছত শেষ হোৱাত এখন টেক্সিত উঠি মোক
আন দুজন মানুহৰ ওচৰলৈ যাবলৈ কোৱা হ’ল৷
আন দুজন মানুহৰ ওচৰলৈ যাবলৈ কোৱা হ’ল৷
বহা মাত্ৰকে ড্ৰাইভাৰজনে মোৰ লগত বঙালীতে কথা পতাত লাগিল৷
মই তাক ক’লোঁ যে মই বঙালী নহয়, অসমীয়া৷ সি ক’লে— কোনো কথা নাই, অসমীয়া বঙালী একেই৷
মোৰ নাম আমিনুল খণ্ডকাৰ আহমেদ৷ কৰিমগঞ্জত আমাৰ মামাৰ ঘৰ৷ মোৰ ঘৰ ৰংপুৰৰ ওচৰতে৷ প্ৰতি
দুবছৰৰ মূৰত বাংলাদেশলৈ আহিলে মই কৰিমগঞ্জলৈ যাৱেঁই৷ অসমত বাংলা চলেতো৷ মোৰ একো
অসুবিধা নহয়৷ কৰিমগঞ্জ-হাইলাকান্দি-চিলেট-ৰংপুৰ
একেইতো৷ আপুনি বাংলা শিকি লওক৷ অসমীয়া কৈ
আপুনি ক’ত চলিব পাৰিব? কিন্তু বাংলা কৈ আপুনি গোটেই পৃথিৱীত চলিব পাৰিব৷

মই তাৰ কথাত বেছি হয়ভৰ নিদিলোঁ৷ কাজিয়া কৰাৰ কথা নহয় সেইবোৰ
ঠাইত৷ বৰ কষ্ট কৰি মই নিজকে ভাৰতৰ এমূৰৰ অসম নামৰ এখন ঠাইৰ নতুন অসমীয়া বুলি চিনাকি
দিবলৈ চেষ্টা কৰিলোঁ৷ এইটোৱে আকৌ অসম- বাংলাদেশ একেই বুলি একেষাৰতে কেৱল সামৰি থোৱাই
নহয়, মোক তাৰ দেশীভাই-জাতিভাই বুলিয়ে ভাবি
গ’ল— কৈ গ’ল— আৰু চাগে কতক ক’বগৈ!

এই কথাটো মোৰ আজি আকৌ মনলৈ আহিল৷ এজন মানুহে মোলৈ ফ’ন
কৰিলে আৰু ক’লে যে বিছ বিঘা মাটি দান কৰিবলৈ বিচাৰিছে তেওঁলোকৰ পৰিয়ালে পতঞ্জলিলৈ;
মোৰ কোনোবা চিনাকি আছে যদি পতঞ্জলিৰ লগত যোগাযোগ কৰাই দিব লাগে৷

সত্য ছাইবাবাৰ নামত ঘৰ-মাটি অসমীয়া মানুহে দান দিয়া দেখিছোঁ৷
বিবেকানন্দ কেন্দৰ নামত ঘৰ-মাটি অসমীয়া মানুহে দান দিয়া দেখিছোঁ৷
ৰামকৃষ্ণ মিছনৰ নামত ঘৰ-মাটি অসমীয়া মানুহে দান দিয়া দেখিছোঁ৷
সুভাষ চন্দ্ৰ বসুৰ নামত ঘৰ-মাটি অসমৰ মানুহে দান দিয়া দেখিছোঁ৷
মার্কাজৰ নামত, মাদ্ৰাছাৰ নামত অসমৰ ঘৰ-মাটি দান দিয়া দেখিছোঁ৷
গীৰ্জাৰ নামতো অসমত মাটি দান দিয়া দেখিছোঁ৷
ক’ৰবাত ক’ৰবাত হয়তো নামঘৰৰ বাবেও অসমত মাটি দান দিয়া হৈছে৷
হয়তো মোৰ চকুত পৰা নাই৷ হয়তো দিছে, কিন্তু তাৰ পৰিমাণ বা সংখ্যা সামান্য৷

বিবেকানন্দ কেন্দ্ৰই সমগ্ৰ ভাৰততে হাজাৰ হাজাৰ পৰহিতৈষীমূলক
কাম (কিতাপ ছপোৱা, প্ৰশিক্ষণ কেন্দ্ৰ চলোৱা, মানুহক জীৱিকাৰ বা বৃত্তিৰ সন্ধান
দিয়া, স্বাস্থ্য পৰীক্ষাৰ শিবিৰ চলোৱা, যোগকেন্দ্ৰ চলোৱা) কৰা দেখিছোঁ৷

গুৰুদ্বাৰাবিলাকে প্ৰতি দিনে লাখ লাখ মানুহক খুওৱা দেখিছোঁ৷
স্কুল চলোৱা দেখিছোঁ৷ মহামাৰি বা যুদ্ধৰ সময়ত শিবিৰ পৰিচালনা কৰা দেখিছোঁ৷

পতঞ্জলিয়ে শ শ মানুহক গো-পালন, মৌ পালন, আদা, হালধি আদি
ঔষধি উদ্ভিদৰ খেতি কৰোৱাই কৰ্ম সংস্থাপনৰ সুবিধা কৰি দিয়া দেখিছোঁ৷

আমাৰ শংকৰদেৱ ক’ত থাকিল? কেৱল নামঘৰতে! নে শংকৰ সংঘৰ আৱেষ্টনীৰ
মাজত? নে বৰগীতকেইটা আৰু সত্ৰীয়া নৃত্যৰ মাজত?

নামঘৰত কেনেকৈ থাকিব? শতধা বিভক্ত খেলবিলাকৰ মাজত? শংকৰ সংঘৰ
মাজত? কেনেকৈ থাকিব ব্ৰাহ্মণবিদ্বেষৰ মাজত? শংকৰদেৱৰ লেখাসমূহ সলনি কৰি নিজৰ ভাঁজলৈ
অনা প্ৰক্ৰিয়াৰ মাজত কেনেকৈ থাকিব?

বুৰঞ্জীৰ হিচাপত শংকৰদেৱ সৌ সিদিনাৰ মানুহ৷ ইতিহাসৰ মানুহ
এজনক আকৌ ভগৱানৰ শাৰীলৈ থেলি দিয়াৰ কি প্ৰয়োজন? কি মতলব? বুদ্ধদেৱক ভগৱান সজাই মাটিৰ
মানুহৰ ওচৰৰ পৰা আঁতৰাই নিয়াৰ পৰিণতিত বৌদ্ধ ধৰ্মই ভাৰতৰ পৰা প্ৰায়োগিক অৰ্থত বিতাৰিত
হ’বলগীয়া হ’ল৷ এই কথাৰ পৰা অসমৰ শংকৰীসকলে একোৱেই নিশিকিলে নে?

শংকৰদেৱে সত্ৰ প্ৰতিষ্ঠা কৰা নাছিল৷ মাধৱদেৱেও সত্ৰ বুলি
থানবিলাক প্ৰতিষ্ঠা কৰা নাছিল৷ কিন্তু পৰৱৰ্তী কালৰ সত্ৰবিলাক প্ৰতিষ্ঠাৰ বীজ শংকৰদেৱ-মাধৱদেৱেই
সিঁচি থৈ গৈছিল৷ সত্ৰবিলাক সাধাৰণ ধাৰণাৰ বস্তু নাছিল৷ নামঘৰটোক কেন্দ্ৰ কৰি হাটীবিলাক— তাত
হোৱা সত্ৰীয়া নৃত্য-সংগীতৰ চৰ্চাবিলাক, সত্ৰৰ মাটিবিলাকৰ উৎপাদনী ব্যৱস্থাবিলাক, সত্ৰ
পৰিচালনাৰ heararchial structure-বিলাক সত্ৰৰ ভঁৰাল পৰিচালনাৰ ব্যৱস্থাৱলী, মানুহৰ
অনুকৰণীয় আৰু পাঠেয় হ’ব লাগিছিল৷ ইমানবোৰ মাটি-সম্পদেৰে সত্ৰবিলাক চহকী হ’ব লাগিছিল৷
কেঁচুৱা এটা হ’লেও নাম থ’বলৈ মানুহ সত্ৰাধিকাৰৰ ওচৰ চাপিছিল বা ককাই-ভাই, মাটি-বাৰীৰ
কাজিয়া মীমাংসাতো সত্ৰাধিকাৰে দিহা দিছিল৷

কিন্তু ক’তা? সত্ৰ আৰু সত্ৰাধিকাৰবিলাক আনৰ সহায়ৰ ওপৰতে বৰ্তি
থকা কিছুমান বস্তু হৈ পৰিলগৈ৷ সত্ৰবিলাক সমাজৰ মাধ্যাকৰ্ষণ শক্তি হ’ব লাগিছিল৷ এতিয়া
হ’লহি পেংলাইৰ পাত্ৰ৷

আমি আজি শংকৰদেৱক কি কৰি পেলালোঁহঁক! শংকৰদেৱে লিখা বুলি
আমি কোনখন কীৰ্তন মানিম বাৰু? শংকৰদেৱৰ জন্ম ক’ত হৈছিল বুলি আমি বৰদোৱাক মানিম নে
পাতেকীবাৰীক মানিম বাৰু! শংকৰদেৱৰ হাতৰ আখৰ বা পুৰস্কাৰ সামগ্ৰী বুলি বাৰু কি চাম!

শংকৰদেৱৰ অৱস্থা আজি এনে হ’লনে? বাহিৰলৈ গ’লে মোৰ নিজৰ বুলি
চিনাকি দিবলৈ শংকৰদেৱ আৰু তেওঁৰ সৃষ্টিয়েইতো আছে৷ তেনেহ’লে আজি শংকৰদেৱ ইমান দুৰ্বল
কিয়?

গতিকে মই আজি ভাবিবলৈ বাধ্য হৈছোঁ যে ইমান দূৰ শংকৰদেৱে
অসমীয়া জাতিক যি আনিলে আনিলে৷ আৰু নোৱাৰে৷ পৃথিৱী সলনি হৈছে৷ সময় সলনি হৈছে৷ এই তীব্ৰ
গতিত পৰিৱৰ্তিত পৃথিৱীত শংকৰদেৱৰ ভূমিকা দ্ৰুত গতিত ধূসৰ হৈ পৰিছে আৰু পৰিব৷

কোনোবা এজন চান্দসাই (খাঁ)-ক বা গাৰোৰ গোবিন্দক শংকৰদেৱে
দীক্ষা দিছিল বা শংকৰদেৱৰ পৰৱৰ্তী ধৰ্মাচাৰ্য এজনে নগাৰ নৰোত্তমক দীক্ষা দিছিল বুলিয়েই
পাহাৰীয়া বা জনজাতিৰ মানুহক আৰু শংকৰী ধৰ্মত দীক্ষা দিয়া নাযাব৷ অসমীয়াই যেতিয়া ১৮৪৬
চনৰ পৰা (অৰুনোদয় প্ৰকাশৰ সময়ৰ পৰা) অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ যোগেদি কিবা প্ৰকাৰৰ
এটা অসমীয়া জাতি গঠন কৰিবলৈ চেষ্টা কৰিছিল৷ তাৰো আগৰে পৰাই অসমত খৃষ্টান ধৰ্মই পোখা
মেলি ‘অসমীয়া’ ধাৰণাটোৰ বিপৰীত বা পৰিপন্থী ধাৰণা এটাৰে এটা সুকীয়া পৰিচয় আৰম্ভ কৰিছিল৷
এই ‘অসমীয়া’ ধাৰণাটো শংকৰদেৱ সৃষ্ট সম্প্ৰদায়ৰে সৃষ্ট ধাৰণা আছিল৷ তেতিয়া লুচাই পাহাৰ
(মিজোৰাম), নগা পাহাৰ (নগালেণ্ড), খাচীপাহাৰ (মেঘালয়), নেফা (অৰুণাচল প্ৰদেশ), মণিপুৰ
জিলা (মণিপুৰ) আদি অসমৰ ভিতৰত আছিল৷ কিন্তু সেইবিলাকৰ ক’তো ব্ৰহ্মপুত্ৰ উপত্যকাত গঢ়
লৈ উঠা ‘অসমীয়া’ ধাৰণাটোৰ ছাঁটোকে দেখা পোৱা নগৈছিল৷ অথচ অসমীয়াবিলাকে এটা ভ্ৰমৰ
বশৱৰ্তী হৈ সকলোকে ‘অসমীয়া’ দেখিছিল৷ অৰ্থাৎ তেতিয়াৰ অসমৰ মাটিকালিৰ ৬০%-তকৈ অধিক ঠাইত
‘অসমীয়া বা শংকৰদেৱ’ নাছিলেই৷

১৮৪৬ চনত অৰুনোদয় প্ৰকাশ হোৱাৰ পাছত লেখা-মেলাৰ যোগেদি
অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা আৰম্ভ হৈছিল যদিও ১৮৩৭ চনৰ পৰা ১৮৭৪ চনলৈকে অসমত বঙলা ভাষাহে
চলিছিল— চৰকাৰীভাৱে৷ গতিকে অসমত শংকৰদেৱৰ একো প্ৰসাৰো হোৱা নাছিল৷

লক্ষ্মীনাথ বেজবৰুৱাই বাঁহীৰ পাতত গুৰুচৰিতখন ছোৱা ছোৱাকৈ
প্ৰকাশ কৰাৰ পাছতহে আৰু বৰোদাৰ মহাৰাজ গাইকোৱাদৰ বাবে শংকৰদেৱ-মাধৱদেৱৰ সম্পৰ্কত
প্ৰস্তুত কৰা লেখাৰ পাছতহে শংকৰদেৱৰ পুনৰজন্ম হ’ল৷

এই গুৰু চৰিতো আছিল গুৰু দুজনৰ জীৱনকালত লিখা নহয়৷ গুৰু দুজনাৰ
মহাপ্ৰয়াণৰ ২০০ বছৰৰ পাছতহে লিখা৷ গতিকে কিমান শুদ্ধ কথা লিপিবদ্ধ হ’ল কোৱা টান৷ গীত-সংগীত,
নাট-ভাওনা আদি নামঘৰ, সত্ৰ আদিত এক প্ৰকাৰৰ সংৰক্ষণশীলতাৰ বাবেই বাছি থাকিল৷ লেখাবোৰ
সময়ে মোলান পেলোৱা সাঁচিপাতৰ পৰা কোনে কেনেকৈ উদ্ধাৰ কৰিলে কোৱা টান৷

তথাপি শংকৰদেৱ-মাধৱদেৱ অসমৰ জনমানসত থাকি গ’ল বটবৃক্ষৰ দৰে
সৰ্বব্যাপি হৈ অসমীয়া সমাজৰ ধাৰক হৈ৷
সৰ্বব্যাপি হৈ অসমীয়া সমাজৰ ধাৰক হৈ৷
কিন্তু ইতিমধধ্যে ১৮৩০-৩৪ চনৰ পৰা অসমত চাহবাগিচা খোলাৰ
প্ৰক্ৰিয়া আৰম্ভ হ’ল৷ বাহিৰৰ আদিবাসী বনুৱা আৰু বঙালী কেৰাণী-মহৰী আহিল, যিবোৰৰ লগত
শংকৰদেৱৰ একো সম্পৰ্ক নহ’ল৷ তেনেকৈ ৰেলৰ চিৰিৰ লগত অহা বঙালীবিলাকৰ লগতো শংকৰদেৱৰ
চিনাকি নহ’ল৷

অসমীয়া মুছলমানসকলে শংকৰদেৱক চিনিলে, বুজিলে, কাৰণ আজান ফকীৰে
শংকৰদেৱৰ দৰ্শনেৰেই গীত-মাত ৰচনা কৰি মানুহৰ মাজত সোমাল আৰু অসমীয়া মুছলমানৰ ৯০% অসমীয়া
হিন্দু আৰু জনজাতিৰ পৰাই মুছলমান হোৱা৷ গতিকে ঘৰুৱা ৰীতি-নীতি প্ৰায়বোৰৰ একে থাকিল৷

কিন্তু কেৱল মাটি দখল কৰিবলৈ অহা, অসমৰ ৰাজনীতি দখল কৰিবলৈ
১৯৩০ চনৰ পৰা ২০২০ চনলৈকে আহি থকা পূৰ্ববংগ তথা বাংলাদেশৰ বঙালী হিন্দু আৰু বঙালী মুছলমানৰ
লগত শংকৰদেৱৰ চিনাকি নহ’ল৷ নিজেই অস্তিত্বৰ সংকটত থকা ‘অসমীয়া বা শংকৰদেৱে’ এইবিলাক
কাকো নিজৰ প্ৰভাৱলৈ আনিব নোৱাৰিলে৷ নিজে ডাঙৰ হোৱটো দূৰৰে কথা৷

সেয়ে আজি অসমত শংকৰদেৱৰ অস্তিত্ব হ’ল এনে ধৰণৰ—
মুঠ জনসংখ্যা ৩৩০ লাখ (ধৰি ল’লোঁ)
১০০ লাখ বঙালী হিন্দু
১০০ লাখ বঙালী মুছলমান
২৫/৩০ লাখ চাহবাগিচাৰ মানুহ
১৫/২০ লাখ বড়ো মানুহ যি নিজকে অসমীয়া বুলি নকয়
২০ লাখ মান বিহাৰী পাঞ্জাবী, মাৰোৱাৰী
গতিকে আচলতে অসমীয়া মানুহ কিমান হ’ব! মই দিয়া এই পৰিসংখ্যা
২০১১ চনৰ লোকপিয়লৰ আধাৰত কৰা৷ অলপ ইফাল-সিফাল হ’বই৷ কিন্তু sence আৰু
essence বুলি দুটা কথা আছে৷ গতিকে
পৰিসংখ্যাৰ শুদ্ধতাতকৈ পৰিসংখ্যাৰ চৰিত্ৰটোহে চোৱা উচিত৷

এই অসমীয়াখিনিৰ মাজত পূজা-পাতল কৰা বা অন্য পূজা-উপাসনা কৰা
মানুহখিনিক বাদ দিলে শংকৰৱেৰ প্ৰতি আনুগত্য থকা মানুহ কিমান থাকিব! বৰ্তমান পূজা-পাতলৰ
প্ৰকোপ দেখি নামধৰ্মৰ বাবে চিন্তা লগাটো স্বাভাৱিক৷ তদুপৰি শংকৰী, দামোদৰীয়া, হৰিদেৱীয়া
আদি বাৰে বিংকৰা ঢেৰ৷

এইটো হৈছে বৰ্তমান৷
বৰ্তমানৰ আৰু এখন ছবি আছে৷ ব্যৱসায়-বাণিজ্যত অসমীয়া মানুহৰ
অস্তিত্ব প্ৰায় শূন্য৷ অৰ্থাৎ অসমীয়া মানুহৰ হাতত টকা-পইচা নগণ্য৷ অসমত সকলো চৰকাৰী
আৰু বেচৰকাৰী চাকৰিৰ মুৰব্বীৰ ৮০-৯০% অনা-অসমীয়া৷ অৰ্থাৎ, অসমৰ সকলো সিদ্ধান্তৰ প্ৰায়ভাগেই
অনা-অসমীয়াই লয়৷ অসমৰ কৃষি, শাক-পাচলি, মাছ, নিৰ্মাণ-শ্ৰমিক প্ৰায় গোটেইখিনি বাংলাদেশীয়
মূলৰ মানুহ নিয়োজিত৷ অসমৰ সকলো ডাঙৰ ব্যৱসায় ডাঙৰ চাহবাগিচাত ৯০-ৰ পৰা ৯৫% অনা-অসমীয়াৰ
হাতত৷ আনহে নালাগে নিজৰ বিহুটোকে ভিক্ষা নহ’লে অসমীয়াই পাতিব নোৱাৰে৷ অসমীয়াৰ মাটি-বাৰী
মাৰোৱাৰী বা বাংলাদেশীৰ হাতলৈ যোৱাটো এতিয়া এটা নিত্য নৈমিত্তিক ঘটনা৷

এনে আৰ্থিকভাৱে দুৰ্বল জাতিৰ হাতত ভাষা, ধৰ্ম আৰু সংস্কৃতি
একেবাৰে সুৰক্ষিত নহয়৷ অসমীয়া বাতৰি কাগজে বা সংবাদ মাধ্যম চাই কোনেও যেন ভুলতো নাভাবে
যে অসমখন অসমীয়াৰ হাতত আছে৷ বৰ বৰ আস্ফালন
কৰা সকলো অসমীয়া জাতিয়তাবাদী নেতা বা সংগঠন ন্যস্ত স্বাৰ্থৰ ব্যৱসায়ীয়ে চলাই আছে৷

এতিয়া চাওঁ ভৱিষ্যতলৈ৷
নতুন প্ৰযুক্তিৰ 3D Printing আহি আছে৷ মানুহৰ ছাল লিভাৰ প্ৰিণ্টিং
কৰি মানৱ দেহত সংৰোপিত কৰা হৈছেই৷ বাপেক নোহোৱাকৈ মাক হ’ব পৰা হৈছেই৷ ল’ৰাই ল’ৰাই
বা ছোৱালীয়ে ছোৱালীয়ে বিয়া পাতিছেই, ডাক্তৰ নোহোৱাকৈ কৃত্ৰিম বুদ্ধিমত্তাৰে ৰবটৰ
সহায়ত বেমাৰ চিনাক্ত কৰণ-অস্ত্ৰোপচাৰ কৰিব পৰা হৈছেই৷ Virtual Reality এতিয়া বাস্তৱৰ
কথাই৷ প্ৰযুক্তিৰ ফালৰ পৰা আৰু কি কি হ’ব তাৰ কোনো সীমাও নাই৷

এইবিলাকত অসম বা অসমীয়া ক’ত?
ব্ৰহ্মপুত্ৰ ওপতৰ মুঠ দলঙৰ সংখ্যা অহা দহ বছৰত পোন্ধৰখন
হ’ব৷ অসমৰ পৰা ৰেলত উঠি মণিপুৰ হৈ হংকং-ছিংগাপুৰ পাবগৈ পৰা হ’ব৷ বিমানেৰে চীন-ম্যানমাৰ-বেংকক আদিৰে যোগাযোগ হ’ল বুলিয়েই ক’ব পাৰি৷ মিজোৰামৰ
কালাদিন নদীয়েদি ম্যানমাৰ হৈ বাংলাদেশৰ
লগত নৌ-পৰিবহন আৰু ব্যৱসায় আৰম্ভ হ’লেই৷

শংকৰদেৱে সৃষ্টি কৰা অসমীয়াবিলাকে এইবিলাকত কি ভাগ লৈছে বা
ল’ব পাৰিছে!
ল’ব পাৰিছে!
আমাৰ বানপানীত জুৰুলা হোৱা মানুহখিনিক খুৱাবলৈ মাৰোৱাৰীৰ
দোকানৰ বস্তু নানিলেই নহয় দেখোন! অনৱৰতে আনৰ অনুগ্ৰহত জীয়াই থাকিবলৈ শংকৰদেৱে আমাক
এইটো স্বাভিমানহে দিলে নেকি?

যি ভাষাত শংকৰদেৱে সাহিত্য চৰ্চা কৰিছিল, সেই ভাষা আজি সৰহভাগ
ধনৱান, অৱস্থাপন্ন, শিক্ষিত অসমীয়াই ত্যাগ কৰিছে কিয়? ভাষাটোৰ সামৰ্থ্য নাই নেকি সময়ৰ
লগত খাপ খুৱাই নিজৰ প্ৰকাশৰ ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ!

আমাৰ নামঘৰবিলাক কিবা সলনি হ’ল নেকি? আজিও কিছুমান নামঘৰত
তথাকথিত পৰম্পৰা ৰক্ষাৰ নামত মহিলা-নাৰীক প্ৰৱেশাধিকাৰ দিয়া হোৱা নাই কিয়? নাৰীক আঁতৰাই
থৈ অসমীয়া সমাজ আগুৱাব পাৰিব নেকি?

আমাৰ শিক্ষিত সমাজে আমাক এনে এটা ধাৰণা দিলে যে শংকৰদেৱ অহাৰ
আগতে এই অসম মুলুক অন্ধবিশ্বাস, কু-সংস্কাৰ, নৰবলি আদি বৰ্বৰতাৰে ভৰপূৰ আছিল৷ কিন্তু
কথাটো প্ৰকৃততে তেনেকুৱা হয় জানো?

আহোমৰ আগেয়ে ইয়াত বিৰাজ কৰা শিল্প-ভাস্কৰ্যবোৰে শংকৰদেৱৰ
আগতে ইয়াত বিৰাজ কৰা সভ্যতাৰ বিষয়ে একোকে নকয় নে?

চ্যুকাফাই যে বিজয়ী হৈও বিজিতৰ ভাষা গ্ৰহণ কৰিছিল, তাৰ অৰ্থ
কি? তাৰ মানে এইটো নহয় নেকি যে চ্যুকাফাতকৈ আগেয়ে ইয়াত অসমীয়া ভাষা চলি আছিল আৰু আহোমসকলে
টাই ভাষা এৰি চহকী অসমীয়া ভাষাটো গ্ৰহণ কৰিছিল?

চ্যুকাফাকে আদি কৰি প্ৰায়বোৰ আহোম স্বৰ্গদেউ বৌদ্ধধৰ্মী
আছিল৷ বৌদ্ধধৰ্ম অসমলৈ পূবৰ পৰা চ্যুকাফাৰ লগত আহিছিল আৰু পশ্চিমৰ পৰা তাৰো বহুত
আগতে আছিল৷ এইবোৰ ঐতিহাসিকভাৱে সিদ্ধ কথা৷ বৌদ্ধধৰ্মক পৃথিৱীৰ ইতিহাসৰ আটাইতকৈ উদাৰ,
সহনশীল শান্তিৰ আৰু মানৱীয় ধৰ্ম বুলি ধৰা হয়৷ সেয়ে হিন্দু ধৰ্মৰ প্ৰবল আধিপত্য থকা
সত্ত্বেও ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভ হৈয়ে থাকিলগৈ৷ ভাৰতৰ এতিয়া ছপা নোটত
সাৰনাথৰ স্তূপটো থাকিল বা সম্ৰাট অশোক অদ্যপি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰজা হিচাপে
পৰিণত হৈ ৰ’ল৷ তেনে এটা ধৰ্ম প্ৰচলন হৈ থকা ঠাইখন অজ্ঞানতাৰ আন্ধাৰত পোত গৈ আছিল
বুলি ভবাটো কিমান দূৰ উচিত কথা হ’ল বাৰু? নে এইবিলাকত ইতিহাসৰ তথ্য বিকৃত কৰা হ’ল?

শংকৰদেৱৰ সাহিত্যকৃতিত মৌলিকতাৰ অনুপস্থিতি দৃশ্যমান৷ অনুবাদেই
তেওঁৰ মূল সাহিত্য স্তম্ভ— এই সকলোৱেই ধৰ্মমূলক৷ শংকৰদেৱক সমাজ সংস্কাৰক বুলি কোৱা
হয় আৰু নাটক, ভাওনা, গীত, বাদ্য, নৃত্যৰ যোগেদি তেওঁ হয়তো কৰিছিলো, কিন্তু শিখ সমাজ
বা কবীৰপন্থী সমাজ বা চৈতন্যপন্থী সমাজ যিমান সংস্কাৰিত হ’ল, অসমীয়া সমাজ কিয় তেনেকুৱা
নহ’ল? যদি তেওঁ স্বজাতি মানুহক দীক্ষা দিছিলেই, তেন্তে পৰৱৰ্তী কালত সেই কাম হৈ নাথাকিল
কিয়? কিয় বড়ো এজনে শৰণ ল’বলৈ বিচাৰোঁতে সত্ৰাধিকাৰে শৰণ নিদিওঁ বুলি ক’লে, যাৰ বাবে
তেওঁ বংগদেশলৈ গৈ ব্ৰাহ্ম সমাজৰ সদস্য হৈ ব্ৰহ্ম উপাধি ল’লেগৈ? যদি তেওঁ মুছলমানৰ
চান্দসাইক শৰণ দিছিল তেন্তে অন্য মুছলমানক কোনো সত্ৰাধিকাৰে শৰণ দিব নোৱাৰিলে কেলেই?
সদায় সদায় হিন্দুহে মুছলমানলৈ ধৰ্মান্তৰিত হৈ থাকিব? মুছলমান হিন্দুলৈ নহ’ল কিয়? পৰিসংখ্যা
উলিয়াই চাওক যে হিন্দুৰ পৰা মুছলমান যদি এশজন হৈছে মুছলমানৰ পৰা হিন্দু ০.০০০১ জন হৈছে৷
অৰ্থাৎ হিন্দু ধৰ্মত বাৰু বহুত গোড়ামি আছে, কিন্তু শংকৰদেৱৰ ধৰ্মততো তেনে থকাৰ কথা
নাই৷ তেনেহ’লে! কিয় আজি জাকে জাকে চাহবাগিচাৰ মানুহ, মিচিং মানুহ, কাৰ্বি মানুহ, বড়ো
মানুহ খৃষ্টান হৈছে, কিয় শংকৰী হোৱা নাই?

এনেয়ে গাই থাকিলে নহ’ব নহয়— শংকৰদেৱে সকলোকে আঁকোৱালি
লৈছিল বুলি৷ কাৰ্যক্ষেত্ৰত সেইবিলাকৰ একো
প্ৰমাণ নাই৷
লৈছিল বুলি৷ কাৰ্যক্ষেত্ৰত সেইবিলাকৰ একো
প্ৰমাণ নাই৷
কিবা এটা সাংঘাতিক দুৰ্বলতা শংকৰদেৱৰ সৃষ্ট অসমীয়া সমাজখনত
আছে—এতিয়াৰ নহয়, অতীজৰে পৰা, যাৰ কাৰণে অসমীয়াই সময়ৰ লগত খাপ খুৱাব নেৱাৰিলে৷ নিজৰ
মাটি বিদেশীক এৰি দি, ধৰ্ম এৰি দি সাম্প্ৰদায়িক সম্প্ৰীতিৰ কৰা মানুহক উদাৰ বুলি কয়নে
বুৰ্বক বুলি কয়?

শৰাইঘাট যুদ্ধখনৰ বাহিৰে অসমৰ ইতিহাসত কোনটো এনে ঘটনা ঘটিছে
য’ত অসমীয়াই নিজৰ গাৰ জোৰ আৰু মগজুৰ ক্ষমতা আছে বুলি প্ৰমাণ দিব পাৰিছে? সত্ৰবিলাকৰ
মাটি বাংলাদেশীক এৰি দি এতিয়া ইনাই-বিনাই আছে৷ ১৯৬৬ চনত অসমৰ খাদ্য আন্দোলন বিফল, ১৯৬০
চনৰ ভাষা আন্দোলন বিফল, ১৯৭২ চনৰ -১৯৭২-ৰ মাধ্যম আন্দোলন বিফল, ১৯৭৯-১৯৮৫-ৰ বিদেশী খেদা আন্দোলন বিফল৷

কোনো কামতে অসমীয়া সফল হ’ব পৰা নাই৷ সাংঘাতিক এটা কেনা
লাগি আছে অসমীয়া জাতিটোৰ গাত৷ সেই গদাধৰ সিংহৰ দিনতে কথাটো জনাইছিল যে ৰজাই দিয়া
কামৰ পৰা পলাবলৈ অসমীয়া মানুহবিলাক সত্ৰত সোমাই ভকত হৈছিলগৈ৷ তেতিয়া ৰজাৰ টেকেলাৰ
পৰা বাছি আছিল৷

বোধকৰোঁ তাৰ Legacy এটা থাকি গ’ল৷
এই আলোচনা শংকৰদেৱক হেয় কৰা নহয়৷ যি প্ৰযুক্তিৰে ভৰপূৰ এটা
ভৱিষ্যৎ আহি আছে আমাৰ আগলৈ, এই অসমীয়া সমাজ— শংকৰদেৱ সৃষ্ট আহিলাৰে সমুখীন হ’ব পাৰিব
জানো?

মই স্পষ্টকৈ দেখিছোঁ যে নোৱাৰে৷
কাৰণ আমি যিমানেই ধৰ্মনিৰপেক্ষতাৰ কথা নকওঁ লাগে বা শান্তি-সম্প্ৰীতিৰ কথা নকওঁ লাগে, ২০৩০ চনৰ ভিতৰত অসমত বাংলাদেশী মুছলমান মানুহ অসমীয়াতকৈ বেছি হৈ যাব৷
বৰ্তমান অসমত ভাষিকভাৱে অসমীয়া মাথোন ২৫-৩০%মানহে৷ অসমৰ ৰাজনীতি অসমীয়া মানুহৰ হাতত
নাই, অৰ্থনীতিও নাই৷

গতিকে ইমান দুৰ্বল মানুহখিনিয়ে ভৱিষ্যতৰ বাটত কেনেকৈ বাট
বুলিব? বৰগীত, সত্ৰীয়া নৃত্য, ভাওনা প্ৰদৰ্শন হৈ থাকিব৷ কিন্তু তাৰ মানে এইটো নহয়
যে অসমীয়া জাতি বৰ্তি থাকিল৷

কথিত অসমীয়া ভাষায়ো বৰ্তমান এটা কিম্ভূত-কিমাকাৰ ৰূপ লৈছে৷
এই electronic যুগত— এই Internet যুগত লিখিত
অসমীয়া ভাষাও ৰূপান্তৰিত হ’ব৷ Hinglish-ৰ দৰে হৈ পৰিব৷ খুব শক্তিশালী জাতি হোৱা হ’লে
এটা কথা আছিল৷ কিন্তু ইমান দুৰ্বল জাতিয়ে সেইবিলাক নোৱাৰে৷ মাটি আৰু ভাষা ত্যাগ কৰা
অসমীয়াৰ সমান কোনো নাই৷

গতিকে?
গতিকে কি?
প্ৰথম কথা হ’ল অসমীয়া মানুহে বৰ্তমানৰ সকলো বৌদ্ধিক নেতৃত্ব দলিয়াই পেলাব লাগে৷ এইবিলাকেে জাতিটোক একো দৰ্শন দিব পৰা নাই৷
অসমীয়াই সত্ৰবিলাক কিছুমান economic activity zone-লৈ
convert কৰিব লাগিব৷ সত্ৰবিলাকৰ মাটিত মাছ-ফলমূল-Horticulture- agriculture বিস্তৃতভাৱে
কৰিব লাগিব৷ শংকৰদেৱ এজন মানুহেৰে নহ’ব৷ আমাক
অনুষ্ঠান লাগে, আমাক Institution লাগে, য’লৈ মানুহ আকৰ্ষিত হয়৷ এতিয়া ভিক্ষা কৰি থকা
সত্ৰই কাৰো সন্মান আদায় কৰিব নোৱাৰে৷

তৃতীয়তে কথা হ’ল অসমীয়াই প্ৰযুক্তিৰ ব্যৱহাৰ বৰ কমকৈ কৰে,
প্ৰায় নকৰেই৷ খেতি-বাতি, ঘৰ সজা, মাছ পোহা আদি সকলো কামতে উন্নত প্ৰযুক্তি ব্যৱহাৰ
কৰি বাংলাদেশী শ্রমিক কামত লগোৱাটো বন্ধ কৰিব লাগিব৷ বানপানী, জাবৰ সকলোতে অসমীয়াই
appropriate technology ব্যৱহাৰ কৰিব লাগিব৷

চতুৰ্থ কথাটো হ’ল— আমি সকলোৱে জানো যে অসমীয়া এটা অতি ফোঁপোলা আৰু অহংকাৰী জাতি৷ এতিয়া আমি আনলৈ চাবলৈ শিকিব লাগে— মাৰোৱাৰী, বিহাৰী, নেপালী, বাংলাদেশী,
বঙালীয়ে কেনেকৈ কাম কৰে৷
বঙালীয়ে কেনেকৈ কাম কৰে৷
পঞ্চম কথাটো হ’ল— আমি কিছু দিন কথা কোৱাটো বন্ধ কৰিব লাগে৷ এয়া আচলতে আমি কথা
তভক মাৰি থোৱাৰ সময়৷
তভক মাৰি থোৱাৰ সময়৷