Latest posts

  • ফটাচোলাৰ ৰং

    (পূৰ্ণাংগ নাটক) ড০ জ্যোতি প্ৰসাদ শইকীয়া পঞ্চম দৃশ্য   (মঞ্চৰ down right zone -অত দেৱীয়ে মাকৰ শাৰী এখন গাত মেৰিয়াই বেজাৰ মনেৰে বহি থাকে৷ ভিতৰৰ পৰা সুৰজিৎ সোমাই আহে৷ ভায়’লিনৰ সুৰ এটা ভাঁহি উঠে) সুৰজিৎ – দেৱী! দেৱী – ওঁ সুৰজিৎ – কি কৰিছা? দেৱী = একো কৰা নাই ৷ সুৰজিৎ – একো কৰা নাই

    Read more

  • তিনিটা কবিতা

     অংকুৰণ আৰ্ফ ১) সৰাপাত স্মৃতি হয় যদিও এখিলা সৰাপাত হৃদয়ত সেউজীয়া থাকিলে ইয়ো হৈ পৰে এখিলা চিৰ নতুন কুঁহিপাত।      ২) ধুমুহা গছে এদিন ধুমুহাক ক’লে-      তোমাক ধন্যবাদ কিয়নো, তোমাৰ কাৰণেই মই কঠিন পৰিস্থিতিত বুজি পালো নিজৰ শক্তি আৰু অস্তিত্বৰ উমান।   ৩)বাঁহী বতাহে এদিন বাঁহীক সুধিলে ইমান সুৰৰ মাজতো তোমাৰ মাতত কিহৰ এই কৰুণতা 

    Read more

  • ভ্ৰমণ কৰি ভালপোৱাসকলৰ বাবে কেৰিয়াৰৰ সম্ভাৱনা

     ড০ বুলজিৎ বুঢ়াগোহাঁই আজিৰ পৃথিৱীখন আগতকৈ বহুত বেছি সংযুক্ত হৈছে আৰু এই পৰিস্থিতিত ভ্ৰমণ কেৱল অৱসৰৰ বাবে নহয়৷ ই এক শক্তিশালী কেৰিয়াৰ পথলৈ বিকশিত হৈছে৷ বিশেষকৈ নৱপ্ৰজন্ম আৰু বিভিন্ন ঠাই, সংস্কৃতি আৰু মানুহৰ প্ৰতি গভীৰ কৌতুহল থকা শিক্ষাৰ্থীসকলৰ বাবে ভ্ৰমণক পেছা হিচাপে গঢ়ি তোলাৰ ধাৰণাটো অতি আকৰ্ষণীয় আৰু বাস্তৱসন্মত হৈ পৰিছে৷ এসময়ত কেৱল সপোন বুলি

    Read more

  • ঘৰটো মই পাৰ হৈ গৈছিলোঁ

    মূল : ব্যেৰ্নষ্টেইৰনূহ  ব্যেৰ্নছান (Bjørnstjerne Bjørnson), নৰৱে’, সাহিত্যৰ ন’বেল বঁটা-১৯০৩  অনুবাদ :  ড°ৰঞ্জিত দত্ত গ্ৰীষ্মৰ এটি দিনত  ঘৰটো  মই পাৰ হৈ গৈছিলোঁ, পুৱাৰ সুৰুযৰ ৰঙীণ আভা ঘৰটোৰ ওপৰতে পৰিছিল। খিৰকীৰ ফালে তেজৰঙা হৈ  মোৰ  আত্মাটো জ্বলিছিল, বৰষায়ো মোক লগ পাইছিল তাতেই। বন্দিত্বই মোৰ  তেজাল হাত  দুখন  কাৰাৰুদ্ধ কৰিলে, মোৰ কোমল  ওঁঠ দুটি নাচি উঠিল, হাঁহিবোৰ  তেতিয়া চকুৰ

    Read more

  • পানী হিলৈ

     গোৱিন কুমাৰ খাউণ্ড (দহ)    ৰাতিপুৱাই চাইকেলখন লৈ ওলাই গ‘ল মিলিটেৰী। চাইকেল চলাবলৈও যেন গাত শকতি নাই। ভীষণ অকলশৰীয়া অকলশৰীয়া লাগিছে। কাকো দেখুৱাই কান্দিব পৰা নাই অথচ দেহৰ ভিতৰত যেন অসংখ্য মানুহে কান্দিছে। চিঞৰত সৰি পৰা যেন লাগিছে নষ্ট সময়।বাৰে বাৰে মনত পৰিছে হিমানীজনীলৈ। মৰমৰ হিমানীয়ে খাব পাৰিছেনে?  ৰাতি টোপনি গ‘লনে,  দৰৱকেইটা সময়ত খুৱাইছেনে আদি

    Read more

  • শেহতীয়া বিশ্বপৰিস্থিতি

    ভাৰতীয় পুৰাকাহিনীসমূহত কিছুমান চৰিত্ৰ পোৱা যায় যিবোৰে আন কাৰো নথকা বিশেষ ধৰণৰ শক্তি-সামৰ্থ্য আহৰণ কৰিবলৈ তপস্যা কৰে, তেনে ঈপ্সিত সামৰ্থ্য অৰ্জন কৰে আৰু শেষত তেনে সামৰ্থ্য সত্তেও পতনৰ সম্মুখীন হয়৷ আধুনিক পৃথিৱীৰ কেতবোৰ ৰাষ্ট্ৰৰ ভূমিকাও তেনে পুৰাকাহিনীৰ চৰিত্ৰবোৰৰ নিচিনাই যিবোৰে নিজে চূড়ান্ত সামৰিক শক্তিৰ অধিকাৰী কৰি তুলিবলৈ যত্ন কৰে, আহৰণো কৰে কিন্তু তেনে শক্তি আহৰণ

    Read more

  • ৰঞ্জু হাজৰিকাৰ ৰহস্য-ভৌতিক-হ’ৰৰ গল্প

    ড॰ অসীম চুতীয়া অসমীয়া সাহিত্যত ৰহস্য, ভৌতিকতা আৰু মানৱ-মনস্তত্ত্বৰ গভীৰ অনুসন্ধান কৰি যিসকল লেখকে সাহিত্য ৰচনা কৰিছে সেইসকলৰ ভিতৰত ৰঞ্জু হাজৰিকাৰ নামটো বিশেষভাৱে উল্লেখযোগ্য৷ তেখেতৰ গল্পসমূহ পঢ়িলে অনুভৱ কৰা যায় যে এই গল্পসমূহ কেৱল ভয় জগোৱা কাহিনী নহয়; বৰং মানুহৰ অন্তৰ্জগতৰ অদৃশ্য অন্ধকাৰ, সমাজৰ গোপন অসংগতি আৰু অজানাৰ প্ৰতি মানুহৰ চিৰন্তন কৌতূহলৰ এক গভীৰ সাহিত্যিক

    Read more

  • ৰূপকাৰৰ আত্মকথা

     ববিতা কলিতা   ভিনচেণ্ট ভেন গঘৰ ছবিৰ নীলাবোৰে সৰ্পিল ভাঁজ এটা লৈ ঘেঁহুৰ পথাৰখনৰ মাজেৰে বৈ আহিছিল৷ বিথোভেনৰ চিম্ফ’নিবোৰে মৌমাখিৰ গুণগুণনি হৈ মগজৰ তাঁৰবোৰত কঁপনি তুলিছিল৷ আৰু শব্দবোৰ? শব্দবোৰ উদং আকাশৰ বুকুত চিলা হৈ উৰিছিল৷ মাঞ্জাত টান পৰিলে লহৰী চিলাখনি কাষ চাপি আহে৷ সূতা ঢিলাই দিলে পুনৰ দূৰণিলৈ গুচি যায়৷ ক্ৰমাৎ সৰু আৰু অস্পষ্ট হৈ

    Read more

  • ৰ’দে বৰষুণে কিমান যে গান

     লোকনাথ গোস্বামী মন দাপোণত-১৮ (১)                                     নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰৰ সাংস্কৃতিক পৰিৱেশঃ   নামৰূপ উদ্যোগ নগৰীখনত পদাৰ্পণ কৰিলো যদিও বহু দিনলৈ ঠাইখনৰ আও-ভাও পোৱাই নাছিলো৷ ইউনিয়নৰ পাক-চক্ৰত সোমাই এখন অন্য পৃথিৱীলৈ যোৱা যেন অনুভৱ হৈছিল৷ সংগীতৰ পৃথিৱীখনৰ পৰা আঁতৰিয়েই গৈছিলো বুলিব পাৰি৷ তেনেতে এদিন আমাৰ কোৱাৰ্টাৰলৈ আহক  চাপ্লাই ইউনিয়নৰ আগশাৰীৰ নেতা ৰমা বৰদলৈ৷ সেইবাৰ তেখেত

    Read more

  • শ্বায়েৰী জীৱনৰ

    অংগনা চৌধুৰী   আকাশলংঘী বুলণ্ড দৰৱাজাৰ তলত ৰৈ তাই ওপৰলৈ চালে৷ ফতেহপুৰ চিক্ৰিৰ প্ৰাচীন ইটাৰঙী স্থাপত্যইও তাইৰ সৈতে চালে ওপৰলৈ৷ য’ত আকাশ আছে, তাত আজি আছে এখন ৰ’দৰ সাগৰ৷ বেগৰ পৰা ৰ’দ চছ্‌মাযোৰ উলিয়াই পিন্ধি ল’লে তাই৷ হালধীয়া ওৰণাখনেৰে ঢাকি ল’লে মূৰ, কপাল৷ অতপৰে বতৰ স্নিগ্ধ আছিল৷ ইতিমধ্যেই তাই ঘূৰি আহিল তানসেনে সংগীত পৰিৱেশন কৰা

    Read more