Latest posts

  • দুজন কবি গল্পকাৰ

        ড॰ অসীম চুতীয়া   প্ৰণয় ফুকন আৰু ৰাজীৱ বৰা অসমৰ কাব্যাকাশৰ দুজন গুৰুত্বপূৰ্ণ কবি৷ এই দুজন কবিয়ে শেহতীয়াকৈ গল্পকাৰ হিচাপেও আত্মপ্ৰকাশ কৰিছে৷ প্ৰণয় ফুকনৰ ‘‘পূবৰ খিৰিকী পশ্চিমৰ বাৰাণ্ডা’’ আৰু ৰাজীৱ বৰাৰ ‘‘যখিনী খোৰৰ থুই’’ শীৰ্ষক গল্প সংকলন দুয়োখন পৃথক আঙ্গিক আৰু বিষয়বস্তুৰে সমৃদ্ধ হ’লেও, মূলতঃ একেই সময়ৰ অন্তৰ্নিহিত সংকট, মানৱজীৱনৰ দ্বন্দ্ব আৰু সমাজ বাস্তৱতাৰ জটিলতা উন্মোচন

    Read more

  • হিয়াৰ আমঠু বিহু : এক ঐতিহাসিক আলোচনা

     ডা০ প্ৰাঞ্জল কুমাৰ নাথ   কৃষ্টি, সংস্কৃতি আৰু লোকপৰম্পৰা শ্বাসত আৰু পৰিৱৰ্তনশীল। ইয়াৰ আদি বা অন্ত বিচাৰি পোৱাতো বৰ এটা সহজ কথা নহয়। তথাপি পৰম্পৰা বা লোক-সংস্কৃতি বৈ যায়। বোৱতী নৈৰ দৰে সকলোকে বুকুত বান্ধি বৈ থাকে চিৰদিন, চিৰকাল।  অসমীয়া জাতিৰ বাপতি সাহোন ‘বিহু’ এটা কৃষিৰ লগত জড়িত থকা উৎসৱ। সমাজ জীৱনৰ লগত নিবিড় সম্পৰ্ক

    Read more

  • ৰঙালী বিহু উদযাপনৰ জৰিয়তে উপাৰ্জনৰ সুযোগ

    ড° বুলজিৎ বুঢ়াগোহাঁই   অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু ৰাজ্যখনৰ লগতে বিশ্বজুৰি প্ৰবাসী অসমীয়াসকলেও উৎসাহেৰে উদযাপন কৰে৷ এই উপলক্ষে বিভিন্ন ৰঙালী বিহু সন্মিলন সমিতিয়ে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে৷ বিহু কেৱল উৎসৱ নহয়, ই অসমৰ জীৱনধাৰাৰ অবিচ্ছেদ্য অংশ৷ আগতে ‘বিহু মাৰি ফুৰা’বুলি কোৱা কথাখিনি য’ত উপাৰ্জনৰ লগত কোনো সম্পৰ্ক নাছিল, এতিয়া সেই ধাৰণাটো সম্পূৰ্ণৰূপে পৰিৱৰ্তিত হৈছে৷

    Read more

  • শিশুৰ সৰ্বাংগীণ বিকাশত খেলাধূলাৰ গুৰুত্ব

    ড° ইন্দ্ৰানীৰেখা শইকীয়া   আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে — এটা সৰু ল’ৰা বা ছোৱালীয়ে মাটিত বহি বালিৰে ঘৰ সাজোঁতে বা পুতলাৰ সৈতে কথা পাতোঁতে কিমান মনোযোগ দিয়ে? সেই মুহূৰ্তত তেওঁ কেৱল খেলি থকা নাই — তেওঁ শিকি আছে, অনুভৱ কৰি আছে, আৰু বিকশিত হৈ আছে৷ খেল হৈছে শিশুৰ ভাষা৷ আৰু ইয়াৰ মাজতেই লুকাই আছে তেওঁৰ

    Read more

  • গল্ডবাক কনজেকচাৰ (Goldbach conjecture)

     ড০ প্ৰিয় দেৱ গোস্ৱামী     মানৱ জাতিৰ উত্তৰণত বিজ্ঞানে এক অতি উল্লেখযোগ্য উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। এই বিজ্ঞানৰেই এক অন্যতম শাখা হল গণিত। আকৌ গণিত হৈছে অধ্যয়নৰ প্ৰাচীনতম বিষয়। বিষয়টো আৰম্ভণিৰ সময়ত সম্পূৰ্ণ ব্যৱহাৰিক প্ৰয়োজনৰ বাবে এই শাখাৰ বিকাশ হৈছিল। আমাৰ দেশ ভাৰতবৰ্ষ, গ্ৰীচ, ইজিপ্ত, চীনকে আদি কৰি ভালেমান দেশে গণিত বিষয়টো গঢ় লৈ উঠাত

    Read more

  • এটি প্ৰতিশ্ৰুতি

    ৰূপাঞ্জলী নেওগ   সৌ দূৰণিৰ পৰা ভাহি আহিছে এটি সুৰ, বিনিদ্ৰ ৰজনীৰ মায়াজাল ফালি যেন কুহেলিকাক স্পৰ্শৰ প্ৰয়াস এই আৰ্তনাদৰ, কেনে আস্ফালন এয়া? নৈঋতত হৃদয়ৰ ঝংকাৰ; আস্!   ঈশান কোণত উটি-ভাহি যাব খুজিছে এখনি ছবি কম্পিত সুৰত মায়াসনা চাৱনি বিদীৰ্ণ হৈ যাব যেন এতিয়াই সকলো, হৃদয়ত অনুশীলনৰ খোজ-কাটল৷ উস্! স্তিমিত পোহৰো যেন গলি শেষ হৈ

    Read more

  • সেউজী সেউজী সেউজী অ’

     ড০ প্ৰাণজিৎ বৰা ২ ঘৰৰ পিছবাৰীখন ঘাঁ‌হ-বন-হাবিৰে একাঁঠু হৈ আছে কাৰণে থুপিতৰাৰ দেউতাকে সময়ে সময়ে গোপাল বেপাৰী বোলা মানুহ এজনক বাৰীখন চাফা কৰিবলৈ দিয়ে। দেউতাকৰ সময় নাই, পুৱাৰে পৰা সন্ধিয়ালৈকে তেওঁ দোকানৰ কামতে ব্যস্ত  হৈ থাকিব লাগে। দেওবাৰৰ বাহিৰে সপ্তাহৰ বাকী আটাইকেইটা বাৰতে দোকান খোলা। দোকান চম্ভালি চম্ভালি  ঘৰৰ পিনে চকু দিবলৈ তেওঁৰ সময়ৰ টান পৰে। গোপালৰ

    Read more

  • ভক্তি-বিদ্বেষ তত্ত্ব

     অমৃত গোস্বামী     ‘শিশুপাল’ মহাভাৰতৰ এক অতি অহংকাৰী আৰু বিতৰ্কিত চৰিত্ৰ৷  শিশুপাল আছিল চেদী ৰাজ্যৰ ৰজা, শ্ৰীকৃষ্ণৰ সম্পৰ্কীয়—পেহীয়েকৰ পুতেক৷ জন্মৰ সময়ত শিশুপালৰ দেহৰ লক্ষণ আছিল অস্বাভাৱিক, তিনিটা চকু আৰু চাৰিটা বাহু৷ তেওঁৰ জন্মৰ সময়তে এক দৈৱবাণী শুনিবলৈ পোৱা গৈছিল যে যিজনে এই বালক শিশুপালক কোলাত লওঁতে তেওঁৰ দেহৰ এই অতিৰিক্ত অংগবোৰ নোহোৱা হৈ দেহটো

    Read more

  • সময়

     যশোৱন্ত নিপুণ   কঠিন বিষয়ৰ কঠিনতম সূত্ৰবোৰৰ বিষয়ে খুব সহজ সুৰত বিক্ৰমাদিত্য দাসে ব্যাখ্যা আগ বঢ়াইছিল। ব্লেকহ’লৰ অভ্যন্তৰত পদাৰ্থ বিজ্ঞানৰ নিয়মবোৰ কেনেদৰে ভাগি পৰে? সময় চূৰ্ণ-বিচূৰ্ণ হৈ পৰেনে স্থবিৰ হৈ পৰে তাৰ কেন্দ্ৰত? অসীম ঘনত্ব আৰু অসীম বক্ৰতা সম্ভৱনে? সময় সদায় আগুৱায়ে গৈ থাকেনে? অতীত, বৰ্তমান, ভৱিষ্যত বুলিবলৈ আচলতে একোৱেই নাই নেকি? সেই সকলোবোৰ এটিয়ে

    Read more

  • চেতন, অৱচেতন, চিৰন্তন

     অংগনা ভট্টাচাৰ্য্য     কোনোবাই এদিন কাৰোবাক কৈছিল— “সৌপিনে পোহৰৰ মেলা, ইমান পোহৰ মোৰ সহ্য নহয়, ব’লা এন্ধাৰ ছটিয়াই দিওঁ৷”  লহপহকৈ গজি উঠা ঢেঁকীয়াবোৰক নিজৰ খেতিৰ শাক বুলি কোৱা জোনাকী পৰুৱাটোৱে জানে, তাৰ শৰীৰত জিলিকি ৰোৱা পোহৰ সি নিজে আৰ্জি লোৱা নহয়, তথাপি সি প্ৰৱল অহংকাৰত কৈ উঠে— “ময়েই ঘৰে-ঘৰে পোহৰ বিলাওঁ, মোৰ বাবেই এন্ধাৰ

    Read more