চ্যালুইনৰ পৰা লুইতলৈ

   চন্দ্ৰধৰ চমুৱা

(যোৱা সংখ্যাৰ পাছৰ পৰা)

খাম-য়াঙত
অৱস্থান কালত ছ্যুই এদিন এটা সপোন দেখিলেঃ সি তাত থকা গম পাই ৱাইছালি দেশৰ পৰা চা
ম্‌-লুঙ্‌-ফাই আহি মাতিছেহি, তই সোনকালে
মোৰ ওচৰলৈ আহ। তোক ৱাইছালি দেশৰ ৰজা পাতি মই মাও-লুঙলৈ উভতিম
, তাৰ পৰা মোক মাই মাতি পঠাইছে। গতিকে তই মোৰ ঠাই লহি৷ সি চাম্-লুঙ্‌-ফাৰ কথামতে পিছে পিছে খোজ ললে। কিন্তু ইকি ? নাম্‌-য়াং
বিলৰ পৰা এটা ডাঙৰ সাপে তাৰ পিছ ল
ব ধৰিছে। সি ভয় খাইছে। সি
দৌৰিছে
, কিন্তু সাপটোৰ দৃষ্টিৰ আঁৰ হ
পৰা নাই। কিছ্য সময়ৰ পাছত তাৰ লগত থকা প্ৰজাবোৰৰ মাজতে সাপটো অন্তর্ধান হৈ গ
ল।

সি সপোনৰ কথাবোৰ
বিশ্লেষণ কৰি চালে। মনতে সুধিছে 
: সি কিয়ইবা দেখিছিল এই সপোন? কি সত্যই বা ইয়াত লুকাই আছে?
মানুহে কয় বোলে দিঠকত ভবাবোৰেই সপোনত নতুন
সাজ-পাৰ পিন্ধি ওলায়। পিছে সি জানো এইবোৰ কথা কাহানিবা ভাবিছিল
? হয়তো ভাবিছিল ৱাইছালি দেশত মাও-লুঙৰ ক্ষমতা এদিন হ্রাস পাব, তাৰ পাছত সি তাত এখন নতুন তাই-ছান ৰাজ্যৰ ভেটি স্থাপন কৰিব। কিন্তু তাৰ
বাবে চা
ম্‌-লুঙ্‌-ফাই তাক তালৈ মতাটোতো
সি পচন্দ কৰা নাছিল! অথচ সপোনত সি মাতিছে! অর্থাৎ দিঠকত যুক্তিৰে চা
ম্‌-লুঙ্‌-ফা অথবা ছ্যু-খান্-ফাক নাকচ কৰিলেও তাৰ মনৰ
কোনোবাখিনিত এটা দুর্বলতাই বাহ বান্ধি আছে
, সেয়েহে সপোনত
সেই দুর্বলতাই কোনো বাধা আৰু আঁৰ-বেৰ নোহোৱাকৈ প্রকাশ লাভ কৰিছে। কিন্তু চা
ম্‌-লুঙ্‌-ফাৰ ঠাইত ছ্যু-খান্‌-ফাই
নামাতিলে কিয়
? চাম্‌-লুঙ্‌-ফাতো ইতিমধ্যে নিফুট হৈ গৈছে! মৃত লোকে যদি সপোনত মাতেহি সেয়া সপোন দেখা
জনৰ মৃত্যুৰ সংকেত বুলি মানুহে কয়।… ছিঃ ! কিবোৰ যে ভাবি আছে সি! সি ভাবটোক
আঁতৰাবলৈ যত্ন কৰিলে। তাৰ
মৃত্যু কেতিয়াও হব নোৱাৰে, সি তাৰ প্ৰজাসকলক লৈ অনন্ত কাল জীয়াই থাকিব।….কিন্তু….কিন্তু সেই সাপটো তাৰ পিছে পিছে কিয় আহিছিল?
ইয়াৰ অৰ্থই বা কি? সি
তাক দংশন কৰিবলৈ অথবা গিলিবলৈ আহিছিল নেকি
? ইয়াৰ অৰ্থও
বহুত ব পাৰে। মঙ্‌-মিতৰ
পৰা তাৰ লগত অহা মন্ত্রী-বিষয়া আৰু প্ৰজাসকলৰ মাজতে কোনোবা এনে লোক থাকিব পাৰে
, যি তাৰ অনিষ্ট কৰিবৰ কাৰণে অহৰহ সুযোগ বিচাৰি আছে।
কোন হ
ব পাৰে সেই লোক ? ছ্যুই এনে
সন্দেহো নকৰা নহয়
, আৰু এনে অস্পষ্ট ধাৰণাৰ প্রতীক হৈ সপোনত
ওলাইছে নেকি সেই সাপ
? সি নিজকে নিজে ক’লে : ৰজাই নিজকে যিমান
বিপদমুক্ত বুলি নাভাবক
, বাচি খাবা জাগি শুবা। এই নীতিবাক্য
সদায় মানি চলাটো একান্ত দৰকাৰী। কোনোবা গোপন শত্ৰুৰ কথাই কেৱল নহয়
, মাও-লুঙৰ ছ্যু-খান্‌-ফা সম্রাটেও ছল পালেই তাক
বেঢ়ি-কুঢ়ি ধৰিব পাৰে। আনহাতে ম
ঙ্‌-মিতকু-ক্লিন-দাওৰ পৰা বহু প্রজাক
মাটি
বাৰী দিম বুলি ছ্যুকা-ফাই
ফুচুলাই অনাৰ অভিযোগ কোনো কোনোৱে পেটে পেটে পুহি ৰাখিছে। ছ্যুই ভাবিছে এয়াওতো সপোনৰ
সাপটো হ
ব পাৰে!

নিজৰ বিশ্লেষণৰ
উপৰিও সি ম
লুংসকলক মাতি আনি সপোনৰ বিৱৰণী দি বিশেষকৈ অর্থটো বিচাৰিলে,
সপোন কেনেকৈ ফলিয়াব সুধিলে। তেওলোকে গমি চাই কথন-মথন কৰি কলে বোলে সাপটো এটা শক্তিৰ চিনহে। ঙাও-চেংবং আৰু
সর্প অংকিত
চুম্‌-ফ্ৰাং-ৰুং-চেং-মুঙ এটা মাঙ্গলিক
ৰাজ-অলংকাৰহে
, যাক অভিষেকৰ সময়ত ৰজাৰ ডিঙিত পুৰোহিতে
পিন্ধাই দিব লাগে। আনহাতে সপোনত সাপটো প্ৰজাৰ মাজত লুকাই গৈছে
, অর্থাৎ প্ৰজাৰ মাজত শক্তি স্বৰূপেই বিলীন হৈ গৈছে। গতিকে পুৰোহিত পণ্ডিতৰ
মতে সপোনটোৱে ইয়াকে সূচায় যে ছ্যু
কাফা পৱিত্ৰ আৰু বিশাল ৰাজ-শক্তিৰ অধিকাৰী হোৱাটো
নিশ্চিত। পুৰোহিতৰ ভাষ্যৰ মাজেদি এইদৰে সপোনেও ছ্যুক উৎসাহ যোগাইছে। শেষত পুৰোহিতে
পৰামর্শ দিলে : সকলোৰে মঙ্গলৰ উদ্দেশ্যে আৰু নতুন বল-শক্তি লাভৰ অৰ্থে ৰিক-
খ্‌ন্‌ পূজাটো পতা ভাল।

পুৰোহিতে শুভাশুভ
চাই দিন
বাৰ ঠিক কৰি দিলে। তিৰোতাবোৰে লাও তৈয়াৰ কৰিলে। খাম্‌-য়াঙত নতুন প্রদেশ স্থাপন আৰু নতুন দেশলৈ যাত্রা উপলক্ষে ৰজা-প্রজা সকলোৰে
মঙ্গলৰ উদ্দেশ্যে দেৱতা আৰু পূর্বপুৰুষৰ আশীর্বাদ বিচাৰি পতা হ
ল সেই পূজা-উৎসৱ, ঙ্‌-মিতত
পতাৰ দৰেই। কিন্তু ইয়াত ছ্যু
কাফাৰ
লগত অহা ন হাজাৰ মানুহৰ উপৰি নতুন প্রদেশ খা
ম্‌-য়াঙৰ শ শ লোকে
খোৱা-বোৱাত যোগদান কৰিলেহি। বহু গৰু
, ,
গাহৰি, ছাগলী আদি মাৰি ডাঙৰ ভোজ দিয়া হল।

ৱাইছালি দেশত নতুন
ৰাজ্য স্থাপনৰ জটিলতা প্রকৃততেই ভালেখিনি কমি আছে
ইতিমধ্যে ঠাইখন মুঙ্‌-মাও-লুঙৰ তাই-ছান মানুহে গৰকি থৈ গৈছে। তাত মাও-লুঙৰ কৰ তোলা বিষয়াও আছে
বুলি জনা গৈছে। কিন্তু থাকিলেও মাও-লুঙৰ কটকটীয়া নি
ন্ত্রণ
নাই। সেইবোৰ মানুহে একে মাও-ছান দেশৰ জ্ঞাতি বুলি ছ্যু-কা-ফাৰ দলতে আনুগত্য সহকাৰে
যোগ দিয়াৰ সম্ভাৱনাই খুউব বেছি। সেয়া নহ
লেও নাই, সংঘর্ষ আৰু বিপদ এৰাই চলিব জানিলেই হল। থলুৱা মানুহৰ লগত মিলি যাব
পৰাটোৱেই
ঘাই কথা। ৱাইছালি দেশত প্ৰচুৰ
দ অঞ্চল
, অৰণ্য আৰু অনাবাদী মাটি আছে বুলি ছ্যুই শুনিছে, তাৰ মানুহবোৰে আকবাম
মাটিতহে খেতি কৰে হেনো। গতিকে সি দ মাটিবোৰত খেতি কৰাবগৈ। অৰণ্য আৰু অনাবাদী মাটি
চাই কাৰো লগত বিৰোধ নকৰাকৈ দখল কৰিব। লাহে লাহে থলুৱা মানুহৰ লগত নানা আদান-প্রদান
কৰিব। পূবত ককায়েক নয়-ছা
ন্‌-ফা সহায় আছে, খাম্‌-য়াঙতে নিজৰ খুটি টনকিয়াল হৈছে; ৱাইছালিত খোপনি লব পাৰিলে মাও-লুঙৰ ছ্যুখান-ফাই আৰু পুনৰ সাহস নকৰিব। তথাপি পৰিস্থিতিয়ে বাধ্য কৰিলে সি ৰণ
কৰিবলৈও এইবাৰ প্রস্তুত। সি ৰণ এৰাই চলিবলৈ যত্ন কৰে। সেয়ে নিজকে প্রশ্ন কৰে সি
বাৰু বীৰ পুৰুষ নহয় নেকি
? নিজেই প্রশ্নৰ উত্তৰ দি মনতে কয়
চা
ম্‌-লুঙ্‌-ফা আদিৰ লগত তাৰ পার্থক্য
আছে। চা
ম্‌-লুঙ্‌-ফা আদি বীৰ পুৰুষবোৰ
দস্যুতা কৰাতহে পাকৈত
, সিহঁতেতো খেতি কৰিব নাজানে! কিন্তু ছ্যুই
কেৱল যুদ্ধৰে দিগ্বিজয় কৰিবলৈ অহা নাই
; শান্তিৰে খেতি-বাতি
কৰি সমৃদ্ধি বঢ়াই নতুন ৰাজ্য পাতিবলৈহে আহিছে। যুদ্ধজয় চা
ম্‌-লুঙ্‌-ফাৰ দিগ্বিজয়ৰ দৰে খন্তেকীয়া, কিন্তু অন্তৰ জয় কৰিব পৰাটো লাউৎ-জু আৰুবুদ্ধৰ দৰে চিৰস্থায়ী।

ৰাজনীতিত
গুপ্তচৰগিৰি আছেই। সি ৱাইছালি দেশৰ ফালে এদিন নহয় এদিন স্বাধীন ৰাজ্য পাতিবগৈ
, গতিকে
চাৰিওফালে থকা দেশসমূহৰ ভিতৰুৱা অৱস্থাৰ কথা জানিবলৈ গুপ্তচৰ পঠাবই লাগিব। সি নৰা ৰাজ্যত
থাকোঁতেই ককায়েক নয়-ছা
ন্‌-ফাৰ চাৰিজন গুপ্তচৰ বিভিন্ন দেশলৈ
পঠোৱাৰ ব্যৱস্থা কৰি আহিছে। তেওঁলোক সোনকালেই হয়তো এজনৰ পাছত আনজন আহি পাবহি। সি খা
ম্‌-য়াঙত থকাৰ কথা কোনে নাজানে? ককায়েক নয়-ছান্‌-ফাৰ নিৰ্দেশত হ’লেও তেওঁলোক ৰাজধানী পোৱাৰ লগে লগে ইয়ালৈ শীঘ্ৰে আহিব। মাওলুঙৰ শেহতীয়া শক্তি সামর্থ্য আৰু গৃহ-বিবাদৰ বিষয়ে জনাটো খুউব দৰকাৰী হৈ
উঠিছে।

খাম্‌-য়াঙত সুন্দৰ খেতি হৈছে। এৰা, নহবইবা
কিয়
, মানুহবোৰে কম হেঁপাহত লাগিছেনে? তিৰোতাবোৰে
যে শৰত কালত জুমে জুমে গৈ পথাৰত আই-জং-লাও পূজা কৰিছে! আই লখিমীক শস্যৰ
প্রার্থনাৰে নাম-গুণ গাই আই-জং-লাও পূজা কৰি তেওঁলোক বহিও থকা নাই
; বাৰীত শাক-পাছলি কৰিছে, তাঁত-সূত বৈছে।
 

ছ্যুই এবছৰতকৈ
বেছি দিন খা
ম্‌-য়াঙত আছে। মানুহবোৰে স্থানীয় লোকৰ লগত মিলি যাব পাৰিছে। ছ্যু-কা-ফাৰ নির্দেশ মঙ্‌-মিত্-কু-ক্লিন-দাওৰ পৰা অহা কোনো প্রজা বা বিষয়াই স্থানীয়
লোকৰ লগত কাজিয়া নকৰিব
, বিবাদ উপস্থিত হ’লে বিচাৰ আৰু নিষ্পত্তিৰ দায়িত্ব ছ্যু-কা-ফাৰ আৰু লগত
থকা থাও-মু
ঙ্‌ ডাঙৰীয়াসকলৰ৷ কোনোবাই লোকৰ
গৰু-গাই
, গাহৰি-ছাগলী আদি চুৰ কৰি মাৰি খোৱা গম পালে উগ্ৰ
শাস্তি বিহা হব। অঞ্চলটোত পর্যাপ্ত পৰিমাণে
মাটি বাৰী আছে
, আনৰ দখলৰ ওপৰত কোনেও
হাত নিদিব। অনাবাদী মাটি আবাদ কৰি তাই মানুহে খেতি কৰিব। সক
লো প্রজা সমান।

এইবোৰ নীতিৰ
আধাৰত খাম্‌-য়াঙত এখন নতুন প্রদেশৰ ভেটি স্থাপন কৰা হ
ল।
পণ্ডিত চাও-ম
সকল আৰু থাও-মঙ্‌
ডাঙৰীয়াসকলক ৰিক্‌-
খ্‌ন্‌ঙ্‌খ্‌ন্‌ পূজাৰ পাছতে মাতি আনি
আলোচনা কৰিলে বহুত দিশ। মাও-লুঙৰ পৰিস্থিতি
, ৱাইছালি দেশতে থকা বুলি প্রবাদ হৈ পৰা চাম্‌-লুঙ্‌-ফাৰ কথা আৰু নতুন প্রদেশখনৰ শাসনকর্তা নিয়োগ সম্পর্কীয় কথা। ছ্যুকা-ফা এতিয়াও ভগনীয়া ৰজাহে, সেই হিচাপত কোনো
আনুষ্ঠানিক ৰাজকার্য চলা নাই। তথাপি হো
লোং ঘৰৰ দৰে এটি আছুতীয়া ঘৰ আছে, যত সি লগত অহা মন্ত্রী আৰু বিষয়াসকলৰ
লগত আলোচনাত মিলিত হয়। বাকৰিত বহি প্রজাৰ সৈতে সি বৰমেল পাতে।

খাম্‌-য়াঙৰ পাৰত দীঘল দীঘল পঁজা ঘৰৰ শাৰী। কোনোবাটোত লৰাতিৰোতাৰে পৰিয়াল থাকে, কোনোবাটোত ডেকা-ডুমা মানুহ। খাম্‌-য়াঙত তম্বু তৰা হোৱা নাই। ছ্যু-কাফা সপৰিয়ালে ডাঙৰ পঁজাঘৰ এটাত থাকে। মুধেদি দুৱাৰ কটা ঘৰটোৰ আগভাগত
তামুলী চ
ৰা, ভিতৰলৈ কেইবাটাও কোঠা
আছে। ৰাণীসকলৰ আৰু কোঁৱৰসকলৰ নিজা নিজা কোঠাত খাট-পালেং আদি কম পৰিমাণৰ আচবাব
;
প্রায়বোৰ বাঁহ কাঠৰ চাং, শুকান তৃণ-তৰুৰ
শয্যা। ৰান্ধনি ঘৰৰ লগ লগাকৈ ভাতঘৰ। ভাতঘৰৰ কাষতে ৰাণীসকলৰ
তাঁতৰ শাল। তঁত-সূতত কুঁৱৰীসকল পাকৈত হবই লাগিব, যেনেকৈ ৰজা আৰু কোঁৱৰসকল যুদ্ধত, খেতিত আৰু চিকাৰত। এইদৰে ৰাজ পৰিয়াল, থাও-মুঙ্‌
ডাঙৰীয়াসকল আৰু বিষয়াসকলৰ ঘৰে ঘৰে তাঁতশাল আছে। হাতীৰ পিঠিত
তাঁতশালৰ যিমান কেইপদ বস্তু আহিব পাৰে আহিছে। চৰাই লগোৱা নাচনীৰ পৰা ফুলকটা টোলোঠালৈকে।
সম্ভ্ৰান্ত তাই তিৰোতাই তাঁতৰ সঁজুলি নেৰেতাঁতশাল তাই নাৰীৰ বুদ্ধি আৰু কলাকুশলতাৰ প্রতীক।
ঘোঁৰাৰ পিঠিত বা সা
ঙী-ভাৰত অন্যান্য সামগ্ৰীৰ লগতে এইবোৰৰ
আহিছে। আনিব নোৱৰাবো
সাজি লোৱা হৈছে। ফুলৰ চানেকি বহুত
আহিছে
, তিৰোতাবোৰে বহুত নতুনকৈও তুলি লৈছে।

খাম্‌-য়াঙত এই নতুন স্থিতি তুন যাত্ৰাৰ
কাৰণে ৰ-পাতি আহৰণৰ উদ্দেশ্যেহেসেয়া যোগাৰ হৈছেগৈ। দীঘল-দীঘল ৰবোৰৰ ওচৰত গছি ধনৰ ডাঙৰ ডাঙৰ ভঁৰালবোৰত ধান ঠাহ খাই আছে; অৱশ্যে
ডাঙৰী কৰিহে ৰখা হৈছে, পা হোৱা নাই।
এইবোৰ গৰুৰে মৰণা বা ভৰিৰে মাৰি গুটি
ধান জাৰি-জোঁকাৰি
উলিয়াব লাগিব৷ কুমলীয়া জাতি বাঁহ কাটি আনি টঙাল কাঠি কৰি টো সাজি ধান খেৰৰ
আৱৰণেৰে কঠী
য়া ধানবোৰ টোমা লাগিব। এইবোৰ সাঙীভাৰত যাব৷ বাকীবোৰ ঢেঁকী বা উৰালত বানি চাউল উলিয়াই নিব
পাৰিলে
ভাল। মানুহবোৰ ছ-সাতদিনৰ
আগৰে পৰা কামত লাগিলেও হব। মুঠতে কমেও
দুই-তিনি
মাহৰ ভাত লগত যাব লাগিব৷
বাকী খাদ্যৰ ভঁৰাল খাম্‌-য়াঙত থাকি। যেতিয়াই দৰকাৰ পৰে মানুহ-দুনুহ দি নিয়াব লাগিব। কিছু লাও-কোমোৰাৰ বাহিৰে শাক-পাচলিৰ ডাঙৰ ভাৰ বোৱাৰ দৰকাৰ নাই৷ অৰণ্যত অনেক তৃণ-তৰু জীৱ-জন্তু পোৱা যাব। মানুহবোৰে নাম্‌-য়াঙত
জাল, জাকৈ, জুলুকী,  আৰু দলঙাৰে মাছ ধৰি খঁৰা
আৰু খা
লৈবোৰত ভৰ্তিকৈ আনে। ছল চাই পথাৰৰ
কাৰ জুৰিত ভেটা দি চেপা, থিয় চেপা পাতি ৰু ঠেক পানীৰ সোঁতত পুঞ, খোকা আদি পাতি খঁৰাই খঁৰাই মাছ
ধৰি আনে। জুইৰ ওপৰত চালনি
য়ে চালনিয়ে শুকুৱাই ৰাখিছে, গুৰি কৰিও কলহত ভৰাই থৈছে। অনেকে
বনৰীয়া গাহৰি আৰু হৰিণৰ মঙহো শুকুৱাই ৰাখিছে। পাহাৰৰ
ফালে
গৰুৰ মঙহৰ অভা
হব পাৰে, পিছে ঠায়ে ঠায়ে দ পিতনি অঞ্চলত বনৰীয়া মহ নিশ্চয় ওলাব।
গাঁতত পেলাই চিকাৰ কৰিব জ
না মানুহ আছে। বনৰীয়া হাতী মাৰিব
পাৰিলেতো কথাই
নাই। তদুপৰি ম
, গঁড়,
বাঘ, ভালুক আদি জন্তু জানোৱাৰ, অৰণ্যত কিনো নাই! এটা কুকুৰ, শিয়াল বা ৰাং কুকুৰ পালেও কুৰি-ডেৰকুৰি মানুহৰ ভালকৈ চলি যায়। বনৰীয়া মেকুৰী, হেপা, নেউল, মেচেকা, বনৰৌ, গুঁই, সাপ, কেঁচু,
বেং, বাদুলি, পানীৰ
কেঁকোৰা
, শামুক, নিংকৰীলৈকে সকলো তাই মানুহৰ খাদ্য। ধান-চাউলৰ মাজত পোৱা
পইতাচোৰাও সাৰি
নাযাব৷ হাবিত কোদোৰ বাহৰ টোপ, আমৰলি পৰুৱাৰ টোপ, ফৰিং, গাগিনী,
জিলি আদি সংগ্রহ কৰি ভাল পোৱা মানুহো আছে। বনৰীয়া
উদ্ভিদৰ মছলা আছেই
; মেজেঙা, মেচাকি,
ধনিয়া আদি পোৱা নগলে বাটত বন গোন্ধোৱা নোলাবনে?
খাম্‌-য়াঙত কৰা নহৰু টোপোলাত নিশ্চয় যাব।
হাবিত বনৰীয়া আলু
, নেফাফু শাক, বেত
গাজ
, নলটেঙা, ঔ টেঙা, থেকেৰা, চুথুৰি, চজিনা, উৰিয়ামৰ পাত, থৌ-থৌৱা, ডিমৰু পাত, ভেদাই লতা,
টি
কনি বৰুৱা, ভাত কেৰেলা, তেজমৈ, চেংমৰা, কলৰ পলা, ঢেঁকীয়া, বাঁহগাজ, বাঁহ গজীয়া লতা আদি নিশ্চয় পোৱা যাব। মাছ-মঙহ পুৰি,
খৰিকাত দি, চুঙাত দি বা পাতপোৰা কৰি খাব;
মাছ-মঙহ তাই মানুহে টেঙা দিও খায়। অৱশ্যে ভজা-পোৰাৰ কাৰণে বহুতো
চুঙাত শিহু আৰু ঘৰিয়ালৰ তেল যাব
, সৰিয়হৰ তেল কম। নাচ
কেইবাটাও শিহু আৰু ঘঁৰিয়াল মৰা হৈছিল।
মঙহ চৰুত দি তেলবোৰ উলিয়াই ভালকৈ পগাই
শুকান বাঁহৰ চুঙাত ভৰোৱা হৈছে। তাই মানুহে ভাত তেলত ভাজি 
খায়।
এয়া হৈছে খাও-ফাত্
; কুকুৰাৰ মঙহ দি ভজা ভাতখাও-ফাত্‌-কা; গাহৰিমঙহ দি বনোৱা ভাত খাও-ফাত্‌-মু; গৰুৰ মঙহ দি ৰন্ধা ভাত খাও-ফাত্‌-হু, চেৱা দিয়া বৰা ভাত আৰু চেৱা দিয়া লাহি চাউলৰ ভাত বনাব জনা তিৰোতা মানুহ লগত
অনেক যাবই। এনে খাদ্যাভ্যাস থকা তাই মানুহ হুকং উপত্যকাত বহুতো আছে। তেওঁলোকে
বহুতে কৰভাৰ সোধাইছে আৰু ছ্যু
কাফাৰ
লগ লৈছে। তেওঁলোকৰ এখিনি মানুহ ছ্যু
কাফাৰ লগত ৱাইছালি দেশলৈও ওলাইছে। খোৱা কাঠফুলাকে ধৰি অনেক বস্তু তেওঁলোকেও
চিনাই দিব পাৰিব।

পিছে সকলো বস্তু
পালেও লোণ পোৱাটো বৰ কঠিন। তাতে গছ-বনৰ পৰা লোণ উলিওৱাটো বৰ কষ্টসাধ্য কাম। বাটত
সেয়া কৰিব পৰা নহয়। কিন্তু তাৰ সমাধান এটা ওলাইছে। সিদিনা চিকাৰ কৰিবলৈ যাওঁতে
হুকঙৰ এখন বিলত বহুত বনৰীয়া হাঁহ পৰি পানীৰ ঘাঁহ বনবোৰ মহতিয়াই থোৱা পোৱা গ
ল।
বিলৰ ঘাঁহ
বনৰ উপৰি অত তত অসংখ্য ডিমৰু গছ আছে। দলটোত লোণ তৈয়াৰ কৰিব জনা মানুহৰে অভাৱ নাই। ছ্যুই
তেওঁলোকক মতাই আনি বস্তুবোৰ দেখুৱাইছে। বহুতো পাইক বিলত নামিছে আৰু তাত থকা জলজ
উদ্ভিদবোৰ পাচিত ভৰাই বামলৈ কঢ়িয়াইছে। পাৰত সেইবোৰ আনি মেলি দেয়া হৈছে। ইফালে
ঘৰৰ ওচৰতে অনেক ডিমৰু গছ আছে এভাগ মানুহে তাৰ পাত টুকিয়াই পাচিয়ে পাচিয়ে আনি চ
তালত মেলি শুকুৱাবলৈ ধৰিছে। তাৰ পাছত জলজ আৰু স্থলজ উদ্ভিদ এই শুকান বস্তুবোৰ
দমাই পুৰি ছাই কৰা হৈছে। কোনো কোনোৱে ছাইবোৰ জিভাৰে চাকি চাইছে
, বৰ চোকা। ইয়াক আকৌ শোধন নকৰাকৈ খাব পাৰিনে? মানুহবোৰে ডাঙৰ টৌ, ঘটী, মাটিৰ
মলাচৰু আদি যেয়ে যি পাইছে তাতে পানী ভৰাই ছাইবোৰ দি
ঘোদালিবলৈ
ধৰিছে। কি
ছু সময় ৰয়, আকৌ ঘোদালে। এইদৰে পুৱা বেলি ওলোৱাৰ পৰা গধূলি বেলি ডুবালৈকে পানীত ছাইবোৰ ঘোদালিছে। তাৰ পাছত একোখনকৈ কাপোৰ লৈ তিনিবাৰকৈ পানীবোৰ চেকিছে। কেঁচা
কুমলীয়া কাকবাঁহৰ চুঙাবোৰ ইতিমধ্যে তলফালে জোং বনাই কাটি থোৱা হৈ আছে। চুঙাবোৰত
পানীবোৰ ভৰোৱা হৈছে। চ
তালত বা জুহালত কাঠখৰিৰ জুই জ্বলি
আছেই। প্রতিকুৰা জুইৰ মাজত চাৰি-পাঁচটাকৈ চুঙা মাটিত গুজি দিয়া হৈছে। পানী উতলি
ভাপ হৈ উৰিছে। নিমখৰ লদা চুঙাৰ তলত পৰি ৰৈছে। এতিয়া চুঙা ফালি ইচ্ছা মতে লোণৰ লদা
উলিয়াই ভাঙি পোৰা-পিটিকা বা আঞ্জাত দি খাব পাৰি। কোনোৱে ম
টং, তামৰ ঘটী আদিতো পানী উতলাই লোণ উলিয়াইছে। এইবোৰ আকৌ শুকান বাঁহৰ চুঙাত বা
লাও-টুকুৰীত ভৰাই ৰাখিছে।

গতিকে লোণ-তেলৰ
পৰা আৰম্ভ কৰি কোনো বস্তুৰেই অভাৱ দলটোত নাই। পিছে নতুন ঠাইত গৈ ভালকৈ থিতাপি নোলোৱালৈকে
গোটেইবোৰ ল
ৰা-তিৰোতা নিব নোৱাৰি; যাব পৰাবোৰহে
যাব
, যাৰ বিশেষ লেঠা নাই। বাকীবোৰ খাম্‌-য়াঙতে থাকিব। নতুন শাসনকৰ্তাই তেওঁলোকক নিৰাপত্তা দি ৰাখিব। ছ্যুই গোটেই
ছবিখন গভীৰভাৱে মনতে আঁকি পেলালে। দুবছৰৰ আগতে আগবঢ়াবলৈ অহা নৰা দেশৰ মানুহবোৰে
সিফালে উজনিতে থৈ গৈছিলহি৷ কি নাম আছিল জানো ঠাইখনৰ
? …এহ,
ঠিক আছে, সি মনতে কলে,
আমাৰ মানুহে নৰা উলোটা ঠাই বুলি কৈছিল,
এতিয়াও কৈ থাকে, সেইটো নামেৰেই চলি যাব,
নৰা উলটা। পূবত ককাইদেউ নয়-ছান্‌-ফাৰ সহায়
আছেই। পিছে তেওঁক খবৰটো দি থৈ যাব লাগিব। ইয়াত খা
ম্‌-য়াঙৰ চাৰিওফালৰ খিলঞ্জীয়া মানুহৰ লগত সদ্ভাবৰ মাজত থাকি ভালদৰে প্রদেশ শাসন
কৰিব পৰা এজন সুযোগ্য শাসনকর্তা ঠিক কৰিব লাগিব।

সকলোবোৰ আলোচনাৰ
কাৰণে মেল বহিল। ঘাই বিষয় হৈছে নতুন প্রদেশ খনৰ শাসন ভাৰ কাৰ হাতত গতাই যোৱা হয়
তাৰ সিদ্ধান্ত কৰা।

ডাঙৰীয়াসকলে
সিদ্ধান্তটো নিজাববীয়াকৈ ল
বৰ কাৰণে ৰজাকে কলে। ছ্যুই
তেতিয়া কা
ঙ্‌-খ্ৰু-মুঙৰ নামটো দাঙি ধৰিলে। সিদ্ধান্তটোক সকলোৱে
আদৰণি জনালে।

এতিয়া আৰম্ভ হ
লাগে পশ্চিম মুখী যাত্রা। ম
লুং পণ্ডিতে কাই-চেংমুং কুকুৰা কাটি পূজা কৰি বান্‌-ছেং পুথি-পাঁজি মেলি
মঙল চাই ক্ষণ গণনা কৰিলে। সেই মতে ছ্যুৰ দেউতাকৰ মৃত্যুৰ বা
ন্‌-চাম বাৰটো এৰি বাকী বাৰবিলাকত ক্ষণ মিলালে। বান্‌-ৰুক্‌ বাৰত যাত্রা শুভ। পুৱা বেলি এডাঁঠাৰ সময়ত যাত্ৰাৰ ক্ষণ মিলিছে। গতিকে মাজত চাৰি দিন বাকী। ছ্যুই ভাবি
চালে
, পুৰোহিতৰ জ্যোতিষৰ গণনা তাৰ চিন্তাৰ লগত মিলি গৈছে।

ছ্যুই যাত্রা
সম্পর্কে বিষয়া আৰু পুৰোহিতসকলক সিদ্ধান্তটো জনাই দিলে। মানুহবোৰে প্রস্তুতি
আৰম্ভ কৰিলে।

 (আগলৈ)