সেই দীঘল দিনবোৰত
দেৱৰাজ মিলি দিন-ৰাতিৰ চিন নথকা সেই দীঘল দিনবোৰত মাৰ মুখৰ হাঁহিটো চুটি হয়। ওন্দোলাই অহা তামৰঙী ডাৱৰৰ বৰষুণজাক সৰসৰকৈ সৰে আঁচলৰ সিটো পাৰে। চিনাকি বাট এটাৰে উভতি আহে কুৰি বছৰীয়া এখন চাইকেল আৰু এটা চেপেটা মোনা। ভৰ দুপৰীয়া। সন্ধিয়া। মাজনিশা।…