‘চুকাপাইকা’ ৰ কথাৰে!

 পংকজ প্ৰতিম বৰদলৈ

 

চুকাপাইকা৷ নামটো পাঠকৰ বাবে চিনাকি নহয়৷ উৰিষ্যাৰ কটক জিলাৰ এখন নদীৰ নাম হৈছে চুকাপাইকা৷ মহানদীৰ উপনৈ এই চুকাপাইকা নদীখন এখন মৃত নদী৷ ৰাষ্ট্ৰীয় সেউজ
প্ৰাধিকৰণে
অলপতে এই নদীখন পুনৰুজ্জীৱিত কৰিবৰ বাবে উৰিষ্যা চৰকাৰক এক নিৰ্দেশ দিছে৷ ছমাহৰ ভিতৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে প্ৰয়োজনীয় ধনৰাশিৰ ব্যৱস্থা কৰিবৰ বাবেও নিৰ্দেশ দিছে৷ ১৯৫০ চনত এই নদীখনৰ সম্মুখভাগ বন্ধ কৰি পানীৰ স্বাভাৱিক প্ৰৱাহক বাধা দিয়া হৈছিল৷ প্ৰায় ২৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই নদীখনৰ সন্মুখভাগ তালাদণ্ডা নলা ব্যৱস্থাৰ নিৰ্মাণৰ সময়ত চুকাপাইকা অৱবাহিকাক বানমুক্ত কৰি ৰাখিবৰ বাবে বন্ধ কৰা হৈছিল৷ নদীখনৰ এই স্বাভাৱিক প্ৰৱাহক বাধা দিয়াৰ ফল অতি সোনকালেই নিকটৱৰ্তী অঞ্চলসমূহত অনুভূত ল৷ এটা বৃহৎ অঞ্চলত ভূজলৰ পৰিমাণ কমি ল৷ অঞ্চলটোৰ জৈৱবৈচিত্ৰ্য আৰু পৰিৱেশতো প্ৰভাৱ পৰিল৷ স্বাভাৱিক জলসিঞ্চন ব্যৱস্থাতো প্ৰভাৱ পৰিল৷ বেদখল আৰু জনসংখ্যা বৃদ্ধিয়ে নদীখনৰ অৱশিষ্ট অংশকো প্ৰায় ধ্বংসৰ গৰাহলৈ লৈ ল৷ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ এই নদীখন পুনৰুজ্জীৱিত’ কৰিবলৈ দিয়া নিৰ্দেশটোৱে এক অতি গুৰুত্বপূৰ্ণ বাৰ্তা ঘোষণা কৰিছে৷ প্ৰথমতে সমগ্ৰ দেশত এনে ধৰণৰ মৃত নদীৰ বিষয়টোক যথাযোগ্য গুৰুত্ব প্ৰদান কৰা হৈছে৷ লগতে ইয়াৰ লগত জড়িত প্ৰাকৃতিক ভাৰসাম্য আৰু জৈৱবৈচিত্ৰ্যৰ সংৰক্ষণৰ দিশটোকো গুৰুত্ব প্ৰদান কৰা হৈছে৷

যোৱা বৰ্ষকেইটাত আমাৰ দেশত বন্যপ্ৰাণী সংৰক্ষণত গুৰুত্ব দিয়া হৈছে আৰু বিলুপ্তপ্ৰায় প্ৰজাতিৰ বন্যপ্ৰাণীৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বিষয়ে ব্যাপক ব্যৱস্থা আৰু চিন্তাচৰ্চা কৰি থকা হৈছে৷ একে সময়তে শুনি আচৰিত লাগিলেও পৰা যায় যে ভাৰতবৰ্ষৰ বহু নদী ইতিমধ্যে বিলুপ্তহৈছে আৰু বহু নদী বিলুপ্তি পৰ্যায়ত আছে৷ এইসমূহ নদী প্ৰাকৃতিক ব্যৱস্থাটোৰ এক সৱল আৰু সহায়কাৰী অংগ আছিল আৰু বাঢ়ি অহা জনাসংখ্যাৰ লগত জড়িত বিভিন্ন বিষয় যেনেকৃষি, পৰিৱহন, উদ্যোগ, মনোৰঞ্জন আদি বিভিন্ন দিশত ব্যাপক সহায় আগ বঢ়াইছিল৷ কিন্তু মানৱজাতিৰ ব্যাপক প্ৰকৃতি অসহিষ্ণুতাই নদীসমূহৰ মৃত্যু অৱশ্যম্ভাৱী কৰি তুলিছে৷  

পৃথিৱীৰ সকলো মহান সভ্যতাই নদীকেন্দ্ৰিক৷ নদী হৈছে মানৱ সভ্যতাৰ হৃৎপিণ্ড৷ নদী একোখনে একোটা ভূখণ্ডৰ ইতিহাস, সংস্কৃতি, তথা তিহ্যক প্ৰকাশ কৰে৷ ইয়াৰ লগতে সমগ্ৰ অঞ্চলটোৰ অন্যান্য ক্ষেত্ৰ
যেনে
কৃষি, পৰিৱহন, উদ্যোগ, জলসিঞ্চন আদি বিভিন্ন দিশত এটা সহায়ক ব্যৱস্থা হিচাপে কাম কৰে৷ আমাৰ দেশ ভাৰতবৰ্ষ বহু নদীৰ দেশ৷ এতিয়াও আমাৰ দেশত বহু সংখ্যক লোক পোনপটীয়াকৈ নদীৰ
পানীকে সেৱন কৰে৷ সেইবাবে নদীৰ পানী পৰিস্কাৰ হোৱাটোও সমানেই জৰুৰী৷ আকৌ ইমানবোৰ নদী
থাকোঁতেও ভাৰতবৰ্ষত আহিবলগা দশককেইটাত অত্যধিক পানীৰ নাটনি হ
ব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ
কৰিছে৷ গতিকে নদী ব্যৱস্থাৰ সংৰক্ষণ এক অতি প্ৰয়োজনীয় দিশ৷ তথাপি কিন্তু নদীৰ
মৃত্যুঅব্যাহত আছে৷ নীৰৱে হোৱা নদী একোখনৰ এই মৃত্যু লোকচক্ষুৰ
অলক্ষিতেই হয়৷ ৰাইজৰ চকুৰ সম্মুখতে সংঘটিত হয় এনে অঘটন৷ বাৰানসীৰ
বিখ্যাত অস্সী ঘাট, পৱিত্ৰ অস্সী নদীৰ ঘাট৷ কিন্তু অতি আচৰিত কথা যে, এই অস্সী এখন মৃতনদী৷ বেদখল আৰু বিভিন্ন অবৈধ নিৰ্মাণৰ কৱলত এই নদী
এতিয়া বিলুপ্তপ্ৰায়৷

 আমাৰ ৰাজ্যৰ বৃহত্তম মহানগৰী গুৱাহাটীৰ সোঁমাজত থকা ভৰলু আৰু
বাহিনী নৈৰ কোন কাহানিবাতেই মৃত্যু হল৷ খাচীয়া পাহাৰৰ পৰা বৈ অহা ভৰলু
নৈ
বাহিনী আৰু বশিষ্ঠ নামেৰে দুখন সৰু নৈ হৈ বৈ গৈছে৷ দীপৰ বিল অভিমুখে
বশিষ্ঠ নদী আৰু গুৱাহাটী চহৰমুখী হৈ ব্ৰহ্মপুত্ৰত পৰিছেগৈ
বাহিনী নৈ৷ সমগ্ৰ গুৱাহাটীৰ পানীভাগ প্ৰকৃততে এই বাহিনী নৈয়ে কঢ়িয়াই নি ব্ৰহ্মপুত্ৰত পেলাবগৈ লাগে৷ কিন্তু বৰ্তমান ভৰলু
আৰু
বাহিনী দুটা বিয়াগোম নলাত পৰিণত হৈছে আৰু অপৰিকল্পিত উন্নয়ন আৰু নগৰীকৰণৰ হেঁচাত এই দুখন নদীয়ে
উশাহ সলাব পৰা নাই৷ এই দুখন নদীৰ অস্তিত্বই গুৱাহাটীত এজাক বৰষুণতে হোৱা পানীৰ সমস্যা
বহু পৰিমাণে সমাধা কৰিলেহেঁতেন৷ ভৰলু নদীৰ যে কেতিয়াবাই মৃত্যু হ
ল তাৰ উপযুক্ত উদাহৰণ হল নদীখনৰ এছোৱাক এতিয়াও মৰা ভৰলুবুলি কয়৷

 গুৱাহাটীবাসীৰ বদান্যতাতইতিমধ্যেই ভৰলুৱে দেশৰ ৭১ সংখ্যক প্ৰদূষিত নদীৰ সন্মানলাভ কৰিছে৷ ভৰলু আৰু বাহিনী নদীৰ এই অপমৃত্যুগুৱাহাটীৰ স্বাভাৱিক
প্ৰাকৃতিক ভাৰসাম্যৰ বাবেও এক ভাবুকি৷ একেই দশা নগাঁৱৰ কলং নদীৰ৷ একেই দশা যোৰহাটৰ
টো
কোলাই বা তৰাজান
নদীৰ৷ চহৰীয়া নদীসমূহৰ এনে 
মৃত্যুবৰ্তমান অসমৰ প্ৰায়বোৰ চহৰতে সুলভ৷     

বেদখল হৈছে এই নদীসমূহৰ মৃত্যুৰ অন্যতম প্ৰধান কাৰণ৷ ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি পাই আহিছে৷
একে সময়তে বৃদ্ধি পাইছে চহৰীকৰণ প্ৰক্ৰিয়া৷ ইয়াৰ ফলত বৃহৎ চহৰসমূহলৈ প্ৰব্ৰজন কৰিছে
দূৰ
দূৰণিৰ চহৰ আৰু গাঁৱৰ
জনতাই৷ ভাল ব্যৱসায়
, ভাল চাকৰিৰ আশাত অহা এনে প্ৰব্ৰজিত লোকসকলে নদীসমূহৰ পাৰত আৰম্ভ কৰিছে বাসস্থান বা বিভিন্ন
বেপাৰ
বাণিজ্য৷ এনে অত্যধিক জনসংখ্যাই ধীৰে ধীৰে নদীসমূহৰ পাৰত গঢ়ি তুলিছে স্থায়ী বসতি (বস্তি) আৰু
আৰম্ভ হৈছে বেদখল৷ একে সময়তে চলি থকা নগৰীকৰণৰ পৰা উদ্ভূত ব্যাপক আৱৰ্জনা আৰু আন আন ৰাসায়নিক
পদাৰ্থই এই নদীসমূহৰ স্বাভাৱিক গতি আৰু বিকাশক বাধা দিছে৷ ফলস্বৰূপে নদীসমূহৰ স্বাভাৱিক
বহনক্ষমতা বিঘ্নিত হৈছে৷ ফলস্বৰূপে একোজাক সৰু বৰষুণতো এইসমূহ নদীৰ পাৰ পানীৰে উপচি পৰিছে৷
ভাৰতবৰ্ষত বৈজ্ঞানিক আৰু পদ্ধতিগত আৱৰ্জনা নিষ্কাশন ব্যৱস্থা এটা 
সুলভ হৈ নুঠিলে আৰু কিমান যে নদী শ্বহীদবগৈ তাৰ সীমা-সংখ্যা নাই৷

 আহিবলগা সময়ত ভাৰতৰ চহৰসমূহৰ বাবে নদী ব্যৱস্থাৰ এই এক ভাবুকি হৈ ঠিয় দিব৷ বৰ্তমান সময়ত দেখা গৈছে যে
ভাৰতৰ যি এক নদী প্ৰদূষণ নিষ্কাশন ব্যৱস্থা সি মূলতঃ ভাৰতৰ মূল নদীসমূহক লৈয়ে চলি আছে৷
গঙ্গা
, যমুনা আদিৰ পৰিস্কাৰৰ বাবে প্ৰদূষণ মুক্ত কৰাৰ বাবে চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে৷
একে সময়তে কিন্তু সৰু সৰু চহৰৰ সৰু সৰু নদীক লৈ চৰকাৰে একো চিন্তা কৰা নাই৷ স্থানীয় প্ৰশাসনে
দুই-এ
ঠাইত অলপ এনে কাম কৰি সফলতা পাইছে যদিও সেয়া যথেষ্ট নহয় আকৌ জনসাধাৰণৰ মাজত  সজাগতাৰ অভাৱে এনে বহু চেষ্টাকো নষ্ট কৰি তুলিছে৷ উত্তৰ প্ৰদেশৰ
ফটেহপুৰ জিলাৰ
ছচুৰ খাদেৰীআৰু  পাঞ্জাৱৰ  ডোৱাব অঞ্চলৰ কালি বেইননদী দুখনস্থানীয় প্ৰশাসনে পুনৰুজ্জীৱিতকৰি সফলতা লাভ কৰিছে৷ ভাৰতবৰ্ষত আঁচনি গ্ৰহণ আৰু আঁচনিৰ
সফল ৰূপায়ণৰ মাজত থকা ব্যাপক বিসংগতি আৰু অপৰিমিত সময় খৰচ কৰাটোৱে নদী সংৰক্ষণৰ দৰে
এক অতি প্ৰয়োজনীয় বিষয়কো গুৰুত্বহীন কৰি পেলাইছে৷ নদী সংৰক্ষণৰ এক মূল দিশ হৈছে সময় মতে
এই সংৰক্ষণ হোৱাটো৷ সময় পাৰ হৈ যোৱা মানেই এনে নদীৰ আয়ুস আৰু কমি যায়৷ 

ভাৰতবৰ্ষৰ নদী ব্যৱস্থাটোৰ সংৰক্ষণ আন বহু প্ৰায়োগিক কাৰণৰ
বাবেও প্ৰয়োজনীয়৷ নদীসমূহৰ যোগেদিয়ে ভাৰতৰ
 শক্তিখণ্ডৰ যি দুৰ্বলতা আছে তাক উন্নত কৰিব পৰা যায়৷ ইতিমধ্যে নদীত উপঙি থকা
লাৰ পেনেলৰ পৰা শক্তি
উৎপাদন কৰাৰ ব্যৱস্থা কলিকতাৰ ৰাজৰহাট অঞ্চলত কৰা হৈছে৷ আনহাতে উপযুক্ত সংৰক্ষণৰ যোগেদি
এই নদীস
মূহৰ যোগেদি
ব্যৱসায়িক
পৰিৱহন আদিৰ ব্যৱস্থা কৰিব পৰা যায়৷ যি চহৰীয়া যানজঁটৰ পৰাও বহুখিনি মুক্তি দিব পাৰিব৷ একে সময়তে এই
নদীসমূহে অঞ্চল একোটাৰ জলবায়ু আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত সহায় কৰাৰ লগতে অঞ্চলভেদে
থকা জৈৱ
বৈচিত্ৰ্য আৰু স্থানীয় মৎস্য প্ৰজাতি বা আন জলজ জীৱৰো সংৰক্ষণ কৰিব৷ প্ৰণালীৱদ্ধ
উন্নয়ন আঁচনিৰ অংশস্বৰূপে এনে নদী ব্যৱস্থাই চহৰীয়া সৌন্দৰ্যবৰ্ধন আৰু জীৱনশৈলীৰ মানৰ উন্নতিতো সহায় কৰিব৷

প্ৰকৃতিৰ এক অন্যতম প্ৰয়োজনীয় দ্ৰব্য হল পানী৷ পানীৰ অবিহনে এই প্ৰকৃতিৰ
ৰূপ
লাৱণ্য অকল্পনীয়৷ লক্ষ
লক্ষ জলজ প্ৰাণীৰে পৰা বন্যপ্ৰাণীসমূহৰ জীৱন নিৰ্ভৰশীল নদীৰ ওপৰত
পানীৰ এই গুৰুত্বক নদীৰ বাদে আন কোনে বুজি পাব৷ নদীৰ গতিৰ লগে লগে একো একোটা শক্তিশালী
সভ্যতা গঢ় লৈ উঠাৰ কথা ইতিহাসেও কয়
একোখন নদীয়ে নিৰৱধি বৈ গৈ থাকি কেৱল
দেশ
, ইতিহাস, সমাজ আৰু সভ্যতাৰ কথাকে নকয়; ই জীৱন প্ৰণালী আৰু
বৰ্তমানৰ প্ৰয়োজনীয়তাকো দোহাৰে৷
জীৱিত’ ‘সুস্থসবলনদী এখন এটা সুস্থ সভ্যতাৰো পৰিচায়ক৷ গতিকে চৰকাৰ, আঁচনি নিৰ্মাতা, ৰাইজ সকলোৱে মিলি থকা
নদীসমূহৰ প্ৰকৃত সংৰক্ষণ আৰু
মৃতনদীবোৰৰ সম্ভৱপৰ পুনৰুজ্জীৱনৰ বাবে চেষ্টা কৰা উচিত৷ ভৱিষ্যত প্ৰজন্মৰ
ভৱিষ্যত নিশ্চয় তেতিয়াহে সুৰক্ষিত হৈ থাকিব৷
চুকাপাইকাএটা আদৰ্শৰ নাম হওক৷ অসমৰ মৃতনদীবোৰেও কৰ্তৃপক্ষৰ আৰু ৰাইজৰ উপযুক্ত দৃষ্টি লাভ কৰক
অনতিপলমে৷