পশুপালকৰ উপাখ্যান

 সঞ্জীৱ সভাপণ্ডিত

শ্ৰীকৃষ্ণ বোলে নন্দ-যশোদাৰ ঘৰত গৰখীয়া আছিল৷ ঘৰৰে লৰা; গতিকে গৰু চৰোৱাটো
এটা দায়িত্ব৷ সন্তান আচলতে বসুদেৱ
দৈৱকীৰ৷ কিন্তু গুৱালৰ ঘৰত
লালিত
পালিত৷ গুৱালৰ ঘৰত গৰুৰ আপদাল কৰাটো এটা নিত্যনৈমিত্তিক কামেই৷

বাকীবোৰ কথা আমি
জানোৱেই৷ সমনীয়াৰ লগত কৰা দুষ্টামিবিলাক বা শ্ৰীকৃষ্ণৰ শিশুলীলাৰ অলৌকিক কাহিনীবিলাক
কালীয় দমন, অঘাসুৰ বধ, চক্ৰবাত
অসুৰ নিধন বা তেনেবোৰ কথা৷

মোৰ সেই সাধুবোৰৰ
প্ৰতি সিমান আকৰ্ষণ নাই৷ শ্ৰীকৃষ্ণই বাঁহী বজোৱা কথাটোৰ প্ৰতি মোৰ উৎসুকতা আছে কাৰণ
সৰুতেই ভূপেন হাজৰিকাৰ মুখত শুনা
হে মাই যশোৱা হে’ – গানটোৱে মোক বৰকৈ উখলমাখল লগাইছিল৷ বাঁহৰ বাঁহী এটা
নিজেই সাজি লৈছিলোঁ৷ পিছে কোনো কামত নাহিল৷

বৃন্দাবনৰ গোপগোপিনীৰ
ঘৰবিলাকত থকাৰ নিচিনাকৈ আমাৰ নাজিৰাৰ ঘৰতো দৈৰ ভাণ্ড এটা আছিল
আইতাৰ জুহালৰ ওচৰত৷ মুধচৰ পৰা ওলমাই ৰখা বেতৰ বিৰিয়া (চক্ৰাকাৰ ধাৰক) এটাত  মাটিৰ এটা পাত্ৰ আছিল৷

সেইটো পিছে মোৰ আকৰ্ষণৰ
কেন্দ্ৰ বৰকৈ নাছিল৷ গৰম গাখীৰৰ দৈ পতাটো বৰ এটা নিয়মৰ কথা নাছিল আমাৰ দিনৰ ঘৰবিলাকত৷
কেঁচা গাখীৰেৰে দৈ
মাটিৰ টেকেলিত-বাঁহৰ চোঁচেৰে
মেৰিওৱা
ওলমাই বা নিবলৈ থবলৈ সুবিধা৷

অনৰবৰতে গৰুছাগলীৰ
লগত সময় কটোৱা মানুহবিলাক সিহঁতৰ নিচিনাই ওদা হয়গৈ নেকি বাৰু
! কথাটো মনলৈ আহিল আমাৰ দিনৰ কথা ভাবি৷

মি
গৰু চৰোৱা নাছিলোঁ৷ বাৰীত গৰু এৰাল দিছিলোঁ বা চৰিবলৈ এৰি দিছিলোঁ৷ নৈৰ পাৰত
,
ওচৰৰ বিলৰ পাৰত, মথাউৰিৰ দাঁতিত ঢেৰ ঘাঁহ আছিল৷
তাতে আমাৰ গৰুবিলাক চৰিছিল আৰু গধূলি ঘৰলৈ ঘূৰি আহিছিল৷
 

আমাৰ গাঁৱৰ ওচৰৰ
গাঁওবিলাকৰ কিছুমান ল
ৰা কিন্তু দিনৰ দিনটো গৰুহৰ লগত ব্যস্ত হৈ থকা মই দেখিছিলোঁ৷ তেনেকুৱা লৰা কিছুমান মোৰ লগৰ লৰাও আছিল৷ গৰু-হবোৰ চৰিবলৈ দি সিহঁতবোৰে দিনৰ দিনটো ধিতিঙালি কৰিয়েই
কটাই দিছিল৷ সিহঁতৰ লগতে মই বিলৰ পাৰত
চেঁচুখান্দিছিলোঁগৈ; গৰৈচেঙেলীমাগুৰকাৱৈ মাছ ধৰিবলৈ বৰশী টোপাইছিলোঁ; বৰশীৰ টোপৰ বাবে কেঁচুকুমটি খান্দিছিলোঁ; কেঁচা আম ফৰ্মুটিয়াই পাৰি চকলিয়াই কলপাতত মেলি নিমখজলকীয়াৰে
ওঁঠ
কোৱাৰি ফৰফৰাই যোৱাকৈ খাইছিলোঁ; জোকমহডাঁহৰ কামোৰ খাই খাই ভৰিহাতপিঠিগাল ডমলাডমল হৈ পৰিছিল;
ৰবাব টেঙা বখলিয়াই মহৰ পিঠিত উঠি কিৰিলিয়াই কিৰিলিয়াই
খাইছিলোঁ৷ মুখত অসমীয়া ভাষাৰ আটাইকেইটা অবাইচ মাত আখৈ ফুটাদি ফুটিছিল৷ ওচৰে
পাজৰে জনসমাগম একেবাৰে নাছিল৷ গতিকে কথাকামৰ অবাধ স্বাধীনতা
আছিল৷ আমৰলি পৰুৱাৰ বাহ পৰাৰ পৰা
, গৰুৰ ওহাৰত মুখ দি গাখীৰ খোৱাৰ
পৰা
, কচুঢেঁকীয়া বোটলা, বিড়িচুৰট হোঁপা, ঘামচি ফুটুৱা,
লোকৰ বাৰীৰ বাঁহগাজ চুৰি কৰা, লগৰীয়াৰ যৌনাংগ পৰীক্ষা
কৰা
, নাঙঠ হৈ বিলত গাধোৱা আদি সন্ধিয়ালৈকে
লানি নিছিগা কামৰ ব্যস্ততাৰ প্ৰকোপত কিন্তু আঁঠুৰ ওপৰলৈকে বগা হৈ যোৱা বোকাৰ খজুৱতিও
তল পৰা নাছিল৷

এই সকলোবোৰৰ মাজে
মাজে

গাটো কেলেই বহি আছে, তাৰ কি হৈছে, তাৰ চকুত পানী কেলেই, তাৰ গোবৰত হালধীয়া ৰং কেলেই, মূৰটো কেলেই পেলাই আছেবুলি দুবছৰীয়া বলধটোৰ ওচৰত বহেগৈ তাৰে কোনোবা এটা৷

গৰুটোৱে একো নকয়; কিন্তু তাৰ লগতবলেনেঘণ্টাৰ
পাছত ঘণ্টা কথা পাতে৷ গৰুটোৰ কাণ
মূৰ চাফা কৰি দিয়ে, ডিঙি মোহাৰি দিয়ে, কিবা বনলতা
আনি দিয়ে
, গছৰ পাতত পানী আনি দিয়ে, মহডাঁহ খেদাই দিয়ে, চিকৰা গুচাই দিয়ে আৰু গধূলি বাকীবোৰ
আগবাঢ়িলেও
বলেনগাৰ লগত লাহে লাহেহে ঘৰমুৱা হয়৷

বলেনহঁত
তেনেকৈয়ে থাকি গল৷ স্কুলৰ দেওনা পাৰ নহল৷ গৰুহৰ লগত থাকি থাকি পৃথিৱীত
ত কি ঘটি আছে, পৃথিৱীৰনো কত কি আছে, অন্য ঠাইত তাৰ সমনীয়াবোৰে কি কৰি আছে,
ৰেডিঅ’-খবৰ কাগজে কি কৈছে, কি বাতৰি আনিছে, পৃথিৱীত আনন্দ বুলি আৰু কিবা আছে নেকিএইবিলাকৰ একোৰে বুজ লবলৈ নহল৷ যেতিয়া বয়স হ, মানে যেতিয়া
গাভৰু দেখিলে সম্ভোগৰ ভাব মনলৈ অহাৰ বয়স হ
, তেতিয়া ঘৰত বিয়াৰ কথা কলে৷ ছোৱালীও তেনেকুৱাগাত পিৰপিৰণি উঠে, মন ৰাইজাই কৰে কোনোবা ডেকাক
দেখিলে৷ গতিকে বিয়া হ
ল৷ লৰাছোৱালী হল৷ বাপেক গৰুহৰ লগত ডাঙৰদীঘল হোৱা, মাক ঢেঁকীপথাৰকঠিয়াভূঁইখৰিপানীদানাদাৱনৰ লগত দিন কটোৱা৷ গতিকে সন্তান অনুমেয়৷

কথাটো মনলৈ আহিল
নগাঁৱৰ ফালে অলপতে এদিন যাওঁতে গৰু 
এজাকৰ লগত ওমলিজামলি থকা এজাক কিশোৰক
দেখি৷ শ্ৰীকৃষ্ণ বাৰু ভগৱান বুলি কিবা এটা হ
লগৈ৷ কিন্তু তেওঁৰ
লগৰবোৰৰ কি হ
ল আমি গম নাপালোঁ৷ এইজাকৰ কোনটো কি হবগৈ আঁতৰৰ পৰা উমান পোৱা টান৷ কিন্তু মোৰ লগৰবোৰ তেনেকৈয়ে থাকি গল বুলি মই গম পালোঁ৷

কথাটো মনলৈ আহিল এটা অভিজ্ঞতা সোঁৱৰণিৰ হাত ধৰি। মৈশাল
গীত এটা বিচাৰি এবাৰ গোৱালপাৰাৰ পৰা বহুদূৰ ভটিয়াই ব্ৰহ্মপুত্ৰ
মাজৰ চৰ এটা পাইছিলোঁগৈ৷ তাত প্ৰায় ৫০০ মান মহৰ
মাজত ৪
/৫ জন মহ ৰখীয়াক পাইছিলোঁ৷ তাত তেওঁলোক
আছিল
, নীলা পলিথিনৰ চালৰ, তৰ্জাৰ বেৰৰ
এটা ঘৰত৷ লগত আছিল মাত্ৰ এলুমিনিয়ামৰ চচপেন
, কেৰাহী, চাউল, আলু, তেল, নিমখ, পিয়াঁজ, হেতা, দা, কটাৰী৷ পৃথিৱীত কত কি হৈছে
তেওঁলোকৰ খবৰ নাই৷ সেইটো আছিল এটা পৰিয়াল
বাপেক, খুড়াক, পেহাক আৰু দুটা সৰু লৰা;
এটা দহ বছৰীয়া আৰু আনটো আঠ বছৰীয়া৷ তেওঁলোকৰ ঘৈণীয়েকবিলাক আৰু কন্যা
সন্তানবিলাক গাঁৱত৷

হ লাগে গাখীৰৰ বাবে বা পূজাত বলি দিবৰ বাবে৷ আমি কথা পাতি আছিলোঁ৷ লৰাকেইটা আমাৰ ওচৰলৈ আহিলেই বাপেকখুড়াকে গালি পাৰি খেদাই দিছিল– ‘সৌটোক এটাক শিঙেৰে খুচিলেতেজ ওলাইছেকি চাই আছ!’- বুলি৷

আমাৰ সমস্ত সময় কেৱল
হৰ বেমাৰ, গাখীৰ, নাৱত অহা মহৰ দৰৱ, হৰ পোৱালি, গৰ্ভৱতী মহৰ কথা আদিৰেই পাৰ হৈ গল৷ সাহিত্য, ৰাজনীতি, ধৰ্ম,
অৰ্থনীতি, বিজ্ঞান, প্ৰযুক্তি,
গাড়ী, মটৰ অট্টালিকা, বাতানুকূলতা
আদি অনুপস্থিত আছিল৷ বৰ ডাঙৰ দায়িত্ব৷ বহুত ম
হ৷ গতিকে জামাল
আৰু খুৰশ্বিদ দুয়োটাকে ম
হৰ লগত বিয়া দি দিয়াৰ নিচিনাই হৈছে৷
সিহঁতো কথাই কামে পাৰ্গত হৈ উঠিছে৷

কথাটো মনলৈ আহিল
মই প্ৰাতঃভ্ৰমণলৈ যাওঁতে প্ৰায় দৈনিক লগ পোৱা
মানে দেখা এজনী কুকুৰ ফুৰোৱা
গাভৰুক দেখি দেখি৷

তাই থাকে এজন উকীলৰ
ঘৰত৷ সৰুতেই মানে ৫ বছৰ বয়সতে তাইৰ বাপেকে তাইক তাত থৈ গৈছিল৷ তেওঁৰ মাটি
বাৰীৰ
কিবা মোকৰ্দমা চলিছিল৷ মানুহজন ফীজ দিবলৈ অসমৰ্থ৷ উকীলে কৈছিল
মোৰ ফীজ তই বলে নোৱাৰ৷ ঘৰত লৰাছোৱালী আছে যদি এটা থৈ যাবিহি, মোৰ কুকুৰটোৰ যত্ন ল
লাগে৷ ৰন্ধা
বঢ়া, সৰামচা, কাপোৰ ধোৱা, ফুলৰ টাব,
বাৰীঘৰ চোৱাচিতা কৰাৰ কাৰণে
মোৰ বেলেগ মানুহ আছে৷ সেইমতেই আজি দহ বছৰৰ আগেয়ে তাইৰ বাপেকে তাইক উকীলৰ ঘৰত থৈ গৈছিলহি৷

সেই তেতিয়াৰ পৰাই
উকীলৰ কুকুৰৰ লগতেই তাইৰ জীৱন৷ প্ৰথমতে এটা নোমাল সৰুফুটীয়া বগা
জাৰ্মান স্পিৎজআছিল৷ তাৰ কাৰণে বেলেগ আঁঠুৱা তৰা বিছনা
আছিল৷ পাকঘৰৰ ওচৰৰ ৰেকত টেমা আৰু পেকেটত খাদ্য আছিল৷ সপ্তাহত গা ধুৱাবলৈ এটুকুৰা চাবোন
আৰু মাহেকত গা ধুৱাবলৈ এটুকুৰা বেলেগ চাবোন আছিল৷ তাই গাত সানিবলৈ
Ponds পাউদাৰ আছিল কিন্তু কুকুৰটোৰ বাবে বেলেগ পউদাৰো আছিল, পাৰফিউমো আছিল৷

কুকুৰটোৰ লগত থকাটোৱেই
টাইৰ একমাত্ৰ কাম আছিল৷ কুকুৰটোৰ ফটো উকীলৰ ড্ৰয়িংৰূমৰ আটাইবোৰ বেৰত ভমকা ভমক ফুলৰ নিচিনাকৈ ৰখা
 হৈছিল৷ তাইৰ ফটোও আছিলচালে চকু ৰোৱাকৈ৷ৰলি’-ৰ লগত তাই
একাত্ম হৈ পৰিছিল৷ তাৰ প্ৰতিটো অংগী
ভংগী আৰু মন তাই পুৰা বুজি
পাইছিল৷

সেইটো কুকুৰ মৰাৰ
পাছত এটা লাব্ৰাড
ৰ অনা হল৷চুজি’-ৰ লগতো তাই একাত্ম হৈ পৰিব পাৰিলে৷ তাই উকীলজনে
তাইৰ বাপেকৰ মাটিৰ কেছ কেতিয়া শেষ কৰিব একো বুজিব নোৱাৰিলেও,
চুজি’-ৰ লগত তাই সুন্দৰকৈ কথাবতৰা চলাই থাকিল৷ তাই দিলেহে চুজি’-য়ে খায়৷ তাই মাতিলেহে আহে৷ উকীলৰ লৰাছোৱালীৰ লগত তাইৰ তেনে কোনো কথা নাই৷ কুকুৰৰ প্ৰতিয়েই উৎসৰ্গিত তাইৰ জীৱন৷

চুজিঢুকুৱাৰ পাছত ৰণ
আহিল৷ সি এটাপুগ’ (Pug)৷ তাইৰণৰ লগতো একাত্ম হৈ পৰিছিল৷
কিন্তু উকীলৰ ছোৱালীৰ পচন্দ নোহোৱাত
মালিকে এটাৰ্ডাৰ কলি’ ( Border Collie) আনিলেউকীলনীয়ে নাম ৰাখিলেৰাণী৷ পিছে ছমাহমানৰ পাছত তাইৰ mating-ৰ সমস্যা হল৷ ডাক্তৰমনস্তত্ত্ববিদ বহুতৰ লগত আলোচনা কৰি অৱশেষত
তাইক ঘৰৰ পৰা লৈ যোৱা হ
ল৷

এতিয়া শেহতীয়াকৈ
আহিছে এটা
পমাৰেনিয়ান’ (Pomeranian)৷ আমৰলি পৰুৱাৰ
ৰঙৰ কুকুৰটো নোমে
মনে বৰ জাতিষ্কাৰ৷ তাৰ লগতে তাইৰ জীৱন এতিয়া সাঙোৰ খাই পৰিছে৷ সি Rap
music ভাল পায় আৰু তাৰ তালে তালে নাচে৷ গতিকে তাই
এশটামান গান মুখস্থ
কৰি লৈছে; নিজেও গায় আৰু
computer-ত বজাই এলেক্সা’-ৰ যোগেদি শুনায়৷

আগৰ দুটা কুকুৰ খুব
কম দিনৰ ভিতৰত হৰণ
ভগন হোৱাৰ কাৰণে উকীল আৰু উকীলনী বৰ চিন্তিত
আৰু সেয়ে এইবাৰ তেওঁলোকে নিজেও অলপ চকু দিছে৷ ৰাতিপুৱা গধূলি ফুৰাবলৈ নি
ওঁতে ছোৱালীজনীয়ে তাৰ টিকাত এবিধ বিশেষ ধৰণৰ মোনা পিন্ধাই
নিয়ে
, যাতেপটিকৰাত একো অসুবিধা নহয়মানুহেও নেদেখে আৰু ৰাষ্টাও লেতেৰা
নহয়৷ এইবোৰ কৰি কৰি তাই ইমান ধুনীয়া পাহোৱাল ছোৱালীজনী
কুকুৰময়
হৈ পৰিছেগৈ৷

ছোৱালীজনীয়ে ৰাষ্টাত
অন্য একোলৈকে নাচায়৷ কেৱল কুকুৰটোৰ ওপৰতে চকু৷ সিদিনা হঠাৎ কেইটোপালমান
 আচম্বিতে বৰষুণ আহি যোৱাত তাই মানুহজনী
কুকুৰটো সাবটি ৰাষ্টাতে বহি পৰিল
, যাতে কুকুৰটোৰ গাত এটোপাও পানী
নপৰে৷ কেনেবাকৈ জ্বৰ
তৰ উঠিলে কি হ!
কিন্তু বৰষুণ অকণমান দীঘলীয়া হব যেন পাই তাই তাক
বুকুত সুমুৱাই দৌৰ মাৰিলে ঘৰলৈ৷

কথাটো মনত পৰিল কেইদিনমানৰ
আগতে এটা অফিচলৈ যাওঁতে৷

২০১৯ চনতে মই অফিচটোত
এটা প্ৰস্তাৱ দিছিলোঁ৷ কথাটো তেতিয়া একো আগ নাবাঢ়িল৷ মূৰব্বীবিলাক সঘনাই বদলি হৈ থাকে৷
তলৰ মানুহবিলাকে কথাবিলাক নুবুজে৷ ফাইলত লিখিবলৈ সাহস নকৰে৷ মই গৈ কথাটো বুজাই দিলেও
লিখোঁতে কিবাকিবিবোৰ লিখে৷ ফলত একো নহয়৷

কথাটো মোৰ একো জীৱনমৰণৰ
কথা নহয়৷ এটা ৰাজহুৱা ৰাষ্টাৰ কথা৷ সেয়ে মই সদায় গৈ থকাও নাছিলোঁ৷ গতিকে কথাটো দেৰি
হৈ গৈ আছে৷

এইবাৰ এজন নতুন মুৰব্বী
আহিল৷ তেওঁক ক
লোঁগৈ৷ তেওঁ কথাটো দুবছৰ হল বুলি শুনি
আচৰিত হ
ল আৰু কাগজ পত্ৰবোৰফাইলটো আনিবলৈ
দিলে৷ ফাইলটো পঢ়ি চাই তেওঁ মোক ক
লেআপুনি
আপোনাৰ প্ৰস্তাৱটো চাই
চিতি …. লৈ
recommend কৰিবলৈ লিখিছিল; কিন্তু এওঁলোকে কামটোৰ
বাবে
PWD-ৰ পৰা estimate বিচাৰি চিঠি লিখিছে৷
Estimate অহা নাই, গতিকে চিঠিখন লিখা হোৱা
নাই৷

মই ভাবিলোঁ এই মানুহবিলাকৰ মাজত এই মানুহজনে কেনেকৈ কাম কৰিব?
মই কতবাৰ গৈছোঁ, কিবা নুবুজিলে মোক সুধিলেই হয়৷
মই সুধিলে
কৰি আছোঁ’, ‘কৰি আছোঁ
বুলি কয়৷ মোৰ ফোন নম্বৰো দিয়া আছে, কিবা সুধিব
লগা থাকিলে ফোন এটা কৰিলেই হয়৷ কিন্তু সেইবোৰ একো নঘটিল৷

এই মানুহবিলাকক এই
মানুহজনে এতিয়া কেনেকৈ চম্ভালিব বা চলাব
? প্ৰত্যেকটো মানুহেই একোটা
একোটা পূৰঠ মানুহ৷ প্ৰত্যেকৰে কিবাকিবি স্কুল
কলেজৰ ডিগ্ৰী আছে৷
কিন্তু অফিচটোৰ ১০
/১২ টা মানুহে মাহেকৰ সমূহীয়া ৫-১০ লাখ টকা দৰমহাৰ বিনিময়তো এখন কাগজো শুদ্ধকৈ লিখিব বা এটা কামো নিয়াৰিকৈ কৰিব
নোৱাৰে৷ একমাত্ৰ মূৰব্বীজনৰ খোঁচতহে যদি কিবা কাম হয়
, হয় আৰু৷
অৰ্থাৎ গৰুৰ জাকটোক গৰখীয়াটোৱে চিঞৰি
বাখৰি এছাৰিৰে কোবাই দৌৰি
হেঁকিয়াই নিয়াৰ দৰে এই মূৰব্বীজনেও গৰখীয়াৰ ভূমিকাটো পালন কৰিব লাগিব৷ নহ
লে সকলোবোৰ উদঙীয়া গৰুৰ নিচিনা হৈছে৷ কোন কেতিয়া আহিছেগৈছে কাৰো নিয়ন্ত্ৰণ নাই৷ কাম শিকাৰ প্ৰতি কাৰো তিলমানো
আগ্ৰহ নাই৷

নহলে
তেৱোঁ এই গৰুৰ জাকৰ লগত বা মহৰ জাকৰ লগত
বা কুকুৰৰ
জাকৰ লগত থাকি থাকি এক ধৰণৰবিশেষ
জন্তু
হৈ পৰিব লাগিব৷ বহুত অফিচত বহুত কৰ্মদক্ষ মানুহ আছে,
বহুতৰ বহুত আনন্দদায়ক অভিজ্ঞতাও হৈছে; আনকি মোৰো
বহুত ঠাইত বহুত ভাল অভিজ্ঞতা হৈছে৷ কিন্তু তথাপি কওঁ যে আমাৰ সৰহভাগ অফিচতেই

ভালমানুহগৰখীয়া
হৈ যোৱাৰ আশংকাই বেছি৷ আচলতে মাত্ৰ কেইজনমান মানুহেৰেই একোটা কাৰ্যালয়
বহুত দক্ষতাৰে চলাব পাৰি৷ বাকীবিলাকক বাঘক খাবলৈ দি দিব পাৰি

কিন্তু এই পালটোক
এৰিবও নোৱাৰি ধৰিবও নোৱাৰি৷ গৰুক যেনেকৈ গাখীৰ
, ছাল, মাংস আদিৰ বাবে লাগে এই পালটোকো সিহঁতৰ পৰিয়ালটোক ভৰণপোষণ দিবৰ বাবে লাগে৷ অন্যথা সিহঁতৰ কাৰ্যালয়ত একো কাম নাই৷

মই জীৱনত দেখা সঁচাসঁচি
গৰখীয়া
,
হপালক, কুকুৰৰখীয়াবিলাক
জীৱনত স্থবিৰ হৈ পৰাৰ নিচিনাকৈ আমাৰ অফিচবিলাকৰ এই গৰ্দ্ধবসদৃশ পালবিলাকৰ লগত পৰি তাত
থকা চোকা
, দক্ষ, উৎসাহী মানুহবিলাকো স্থবিৰ
হৈ পৰা দেখিছোঁ৷ তাতে ব্যৱস্থাটো হ
ল এই যে দোষ কৰিলে শাস্তি
আছে
, কিন্তু ভাল কাম কৰিলেপুৰস্কাৰ নাই৷
গতিকে, টেঙৰ গৰখীয়া আৰু ধেঙৰ মূৰব্বী পলায়স্থানত্যাগ কৰে৷ আনহাতে পালটোৱে তেওঁলোকৰ মানদণ্ডৰ সাফল্যৰে চাকৰি জীৱন বা
নিজৰ জীৱনটোৰ পৰিসমাপ্তি ঘটায়৷

কথাটো মনলৈ আহিল
এগৰাকী অসমীয়া ছোৱালীয়ে কোৱা তেওঁৰ এটা অভিজ্ঞতাৰ কথা মনলৈ অহাত৷ তেওঁ পঢ়া
শুনাত
বৰ চোকা৷ অক্সফ
ৰ্ড বিশ্ববিদ্যালয়ত গৱেষণা কৰিছিল৷ জাৰ্মানিৰ
এখন বিশ্ববিদ্যালয়তো অধ্যাপনা কৰিছিল৷ ২০১০
১২ চনমানত এদল অধ্যাপকৰ
দলত
তেওঁক সন্নিৱিষ্ট কৰা হৈছিলআফগানিস্তান
পুনৰ নিৰ্মাণ প্ৰকল্প এটাৰ অধীনত কাবুল বিশ্ববিদ্যালয়লৈ গৈ তাত কিছুমান পাঠ্যক্ৰম প্ৰৱৰ্তন
কৰা আছিল তেওঁলোকৰ কাম৷ তেওঁ অংকৰ অধ্যাপনা কৰিছিল৷
 কাবুল বিমান বন্দৰৰ পৰা তেওঁলোকক বিশ্ববিদ্যালয়ৰ অতিথিশালালৈ নিৰাপত্তা
ব্যৱস্থাৰ মাজেৰে লৈ যোৱা হৈছিল৷ ৰাতি শুবৰ সময়ত
তেওঁলৈ ৰিচেপ্
শ্বনৰ মাধ্যমেৰে এটা ফোন আহিল – “আমি ইয়াত আপোনাৰ উপস্থিতি অলপো ভাল পোৱা নাই৷ বোৰ্খা নিপিন্ধাকৈ কোনো মাইকী মানুহ
ইয়াত ঘূৰা
ফিৰা কৰিব নোৱাৰিব৷ যদি আপুনি আমাৰ নিৰ্দেশ পালন নকৰে
তেন্তে আমাৰ শ্বৰিয়ৎ নিয়মমতে আপোনাক মৃত্যুদণ্ড বিহা হ
ব৷

এই ভাবুকি পাই তেওঁ
পিছদিনাই আফগানিস্তানৰ পৰা গুচি আহিল
তহঁত মৰজীয় তহঁতৰ কথা ! মই অধ্যাপনাৰ কামতহে আহিছিলোঁ৷ পঢ়াশুনাতো যদি তহঁতৰ মান্ধাতাযুগীয়া ধৰ্মৰ নিয়ম চলাবলৈ আহ,
তেন্তে কৰি থাক যি কৰ, মোৰ কিহৰ গৰজ পৰিছে!
গৰুৰ আগত বীণ বায়, শিং জোকাৰি ঘাঁহ খায়৷   

কথাটো মনলৈ
আহিল তালিবানে দখল কৰা আফগানিস্তানৰ কথাবোৰ দেখি
শুনিপঢ়ি,
মোল্লাবন্দুকপ্ৰশাসন একে
হোৱা দেখি৷ এপাল গদ্ধৰ্বসদৃশ হিংস্ৰ জন্তুক চলাবলৈ লৈ বা ইমান দিনে চলাই চলাই সিহঁতৰ
গৰখীয়াবিলাকো
কেনেবাহৈ পৰিছে!
মানুহৰ কৃতিদানৱ৷ সভ্য
মানুহৰ দৃষ্টিত পশু৷

সৰুতে ঘৰৰ গৰুগাই চৰোৱা,
নিজৰ ঘৰৰ কাম কৰা, খৰি ফলা, কোৰ মৰা, হাল বোৱা, খেতিবাতি কৰা মানুহ ডাঙৰ মানুহ হৈছেপ্ৰতিষ্ঠিত মানুহ হৈছে
সফল মানুহ হৈছে৷ কিন্তু গৰুহৰ লগতবন্ধা খটা মানুহেনোৱাৰে৷
নিৰ্বোধ পশুৱে মৰম লগাব পাৰে
; জীৱনত মমতাকাৰুণ্য ৰস দিব পাৰে; বা জীৱনৰ বাবে প্ৰয়োজনীয় দুই এটা
জ্ঞান দিব পাৰে
; কিন্তু মানুহৰ মাজত থকা মানৱৰ উত্তৰণ ঘটাব নোৱাৰে৷
পশু আৰু পশুপালক একেটা পৰ্যায়তে থাকি যায়
সামান্য ইফালসিফাল হৈ৷

কথাটো মনলৈ
আহিল অসমৰ ৰাজনীতি
সমাজঅৰ্থনীতিত এদলএদল,
এপালএপাল গদ্ধৰ্বসদৃশক দেখি দেখি আৰু সিবিলাকৰ
পালক বা ৰখীয়াবিলাকক দেখি দেখি৷ ভেড়াপালকে ভেড়াক বুজে
, গৰখীয়াই
গৰুক বুজে
, হপালকে মহক বুজে, কুকুৰপালকে কুকুৰক বুজে৷ কিন্তু সিমানতে মনুষ্য
জীৱনৰ সমাপ্তি ঘটিব নালাগে৷ ১০ বছৰ কুকুৰৰ লগত জীৱন কটাবলৈ বাধ্য কৰোৱা উকীলজনে কাক
কি ন্যায় দিয়াব
বুজা টান৷ সপ্তম শতিকাৰ ধৰ্মৰ কথাৰে মোল্লাই বাৰু
কেনেকৈ একবিংশ শতিকাৰ মানুহক পৰিচালিত কৰিব
! শ্ৰীকৃষ্ণ ভগৱান
আছিল কাৰণে ডাঙৰ
দীঘল হৈ বৃন্দাৱন এৰি মথুৰাদ্বাৰকালৈ গৈ মহাভাৰতৰ মহানায়ক হ’ব পাৰিলে৷ কিন্তু কেৱল
জীৱ
জন্তুৰ লগত Primitive ধৰণে দিনৰাতি কটোৱা মানুহৰ কি হ? আধুনিক
ধৰণে পশুপালন উদ্যোগ পাতি পশুৰ লগত সময় কটোৱা হ
লেও কথাটো বেলেগ
আছিল৷

কথাটো মনলৈ
আহিল