মহামাণিক্য, মাধৱ কন্দলি আৰু এখন অনালোচিত শিলালিপি

পুলিন কলিতা

 

মহাপুৰুষ
শংকৰদেৱৰ “পূৰ্বকবি অপ্ৰমাদী” মাধৱ কন্দলিৰ সময় আৰু স্থান তৰ্কাতীত ভাবে নিশ্চিত হ
বলৈ
এতিয়াও বাকী। অসমীয়া সাহিত্যৰ বুৰঞ্জী লেখকসকলে কন্দলিক ত্রিপুৰাৰ ৰাজসভাৰপৰা
কপিলীপাৰ হৈ দিখৌৰ পাৰলৈকে বিভিন্ন ঠাইত নিজৰ নিজৰ বিশ্লেষণ মতে থৈছে৷ কোনো কোনোৱে
তেওঁক জয়ন্তা ৰাজ্যলৈকো নিছে। একেদৰে তেওঁৰ পৃষ্ঠপোষক ৰজা মহামাণিক্যৰো ৰাজ্যখনৰ
অৱস্থান আৰু ৰাজত্বকাল সুনিশ্চিত কৰিবলৈ বাকী আছে৷ মাধৱ কন্দলি মহামাণিক্য ৰজাৰ
সভাকবি যে আছিল
, এই কথাত সন্দেহ নাই। এই কথা মাধৱ কন্দলিয়ে
তেওঁৰ ৰামায়ণত স্পষ্ট কৰি থৈছে৷ এতেকে মহামাণিক্যৰ সময় আৰু স্থান নিৰ্ধাৰণ কৰি ল
ব নোৱাৰিলে মাধৱ কন্দলিৰো সময় আৰু স্থান নিৰ্ধাৰণ কৰিব পৰা নাযাব৷ সেয়ে
আমি প্ৰথমে মহামাণিক্যৰ ৰাজ্যখনৰ অৱস্থান আৰু সময় নিৰ্ধাৰণ কৰি ল
ব লাগিব৷ আমি আজিৰ আলোচনাত সেইটোকে কৰিবলৈ যত্ন কৰিম৷ অৱশ্যে এই কাম
কৰোঁতে দুটা কথা মনত ৰাখিব লাগিব৷
 

মাধৱ কন্দলি
জড়িত সেই
  দুটা কথা হল – (এক) তেওঁ
মহাপুৰুষ শংকৰদেৱৰ আগৰ প্ৰজন্মৰ কবি আছিল
; (দুই) শংকৰদেৱৰ
সময়লৈ তেওঁ জনপ্ৰিয় আৰু প্ৰভাৱশালী হৈ উঠিছিল৷ চতুৰ্দশ শতিকাৰ শেষ অথবা পঞ্চদশ
শতিকাৰ আগছোৱালৈ জনপ্ৰিয় আৰু প্ৰভাৱশালী হৈ উঠিবলৈ নিশ্চয় এটা বা ডেৰটা শতিকা
প্ৰয়োজন হৈছিল৷ সেই কালৰ পটভূমিত এই কথাই সত্য৷ ৰাজসভাৰ কবি এজনে সাঁচিপাত বা আন
মাধ্যমত লিখা মহাকাব্য এখন সৰ্বসাধাৰণৰ ওচৰ পাবলৈ
, ওচৰ পোৱাৰ
পাছত জনপ্ৰিয় হ
বলৈ, জনপ্ৰিয় হৈ উঠি
প্ৰভাৱশালী হ
বলৈ মধ্যযুগৰ সামাজিক পৰিবেশত এক-ডেৰ শতিকা
লাগি যোৱাটো স্বাভাৱিক আছিল৷
 

মহামাণিক্যৰ
সময় আৰু তেওঁৰ ৰাজ্যখনৰ স্থান নিৰ্ধাৰণ কৰিবলৈ এতিয়ালৈ ব্যৱহাৰ কৰি থকা তথ্যসূত্র
দুটাহে- প্ৰথমটো “ৰামায়ণ”ত মাধৱ কন্দলিয়ে লিখা শ্লোক কেইটা
  আৰু
দ্বিতীয়টো “ত্রিপুৰা বুৰঞ্জী”কে ধৰি কেতবোৰ বুৰঞ্জীত থকা মহামাণিক্য সম্পৰ্কীয়
উল্লেখবোৰ৷ ডঃ লীলা গগৈয়ে এটা লেখাত (মাধৱ কন্দলি আৰু মহামাণিক্য ক
, ডঃ লীলা গগৈ ৰচনাৱলী, প্ৰথম
খণ্ড
, বনলতা, ডিব্ৰুগড়, ২০১১) তেওঁৰ পূৰ্বসূৰী প্ৰায়কেইজন লেখকৰ এই বিষয়ৰ মতামত বিশ্লেষণ কৰিছে৷
সেয়ে বিষয়টো সম্পৰ্কে আমাৰ পূৰ্বসূৰী লেখক তথা সাহিত্যৰ বুৰঞ্জীকাৰৰ মন্তব্যৰ
পুনৰুল্লেখ কৰিব বিচৰা নাই
; ডঃ গগৈৰ উল্লিখিত নিবন্ধটো
পঢ়িলেই ইচ্ছুক পঢ়ুৱৈৱে আটাইবোৰ মন্তব্য একে ঠাইতে পাব৷ আমি ডঃ গগৈৰ মতামতৰ আধাৰত
আলোচনাটো আগ বঢ়াব বিচাৰিছোঁ৷ ডঃ গগৈয়ে তেওঁৰ নিবন্ধটো সামৰণি মাৰিছে এইদৰে-”বৰাহী
ৰজাৰ ৰাজসভাৰ সন্ধিকৈৰ হাতত থকা মাধৱ কন্দলিৰ পাঁচ কাণ্ড ৰামায়ণৰ বাহিৰে এইখন আন
ৰামায়ণ হোৱাটো সম্ভৱ নহয়৷ মাত্র এশ বছৰৰ পিছত পোৱা এইখন ৰামায়ণ গড়গাঁৱৰপৰা কুৰি
মাইল নিলগৰ সোণাপু্ৰত ৰচিত হোৱাটোৱেই প্ৰতীয়মান হয়৷ সুদুৰ ত্রিপুৰা বা
জয়ন্তাপুৰৰপৰা পুথি আহি গড়গাঁও ওলোৱাটো সম্ভৱ নহয়৷… যদি কছাৰী ৰজা মহামাণিক্যৰ
পৃষ্ঠপোষকতাত ৰামায়ণ ৰচনা কৰাটো সৰ্বসন্মত মত হয়
, তেনেহলে
তেওঁ সোণাপুৰৰ বৰাহী কছাৰী ৰজা মহামাণিক্যই হ
ব। …
মহামাণিক্য দিখৌৰ পূবপাৰে বিয়পি থকা কছাৰী ৰাজ্যৰ ৰজা আছিল আৰু মাধৱ কন্দলিয়ে
শিৱসাগৰ মহকুমাৰ সোণাৰিৰ ওচৰৰ বৰাহী ৰজাৰ নগৰতে ৰামায়ণ ৰচনা কৰিছিল৷ ( উল্লিখিত
গ্ৰন্থ
, পৃ ১৯ )৷ ডঃ গগৈয়ে নিবন্ধটোত লগতে নিশ্চিত কৰিছে যে
দিখৌ নৈৰ পাৰতে/পাৰলৈকে বৰাহী ৰাজ্য আছিল আৰু চুহুংমুং অৰ্থাৎ দিহিঙীয়া ৰজাই এই
ৰাজ্যৰ বৰাহী ৰজা ডেৰচুংফা/ডেৰচোংফাক পৰাজিত কৰি ১৩৯৫ শক অৰ্থাৎ ১৪৭৩ খৃষ্টীয় চনত
অঞ্চলটো নিজৰ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰি আহোম ৰাজ্যৰ পৰিসৰ দিখৌৰ পাৰলৈকে বঢ়াইছিল৷
  ইয়াৰ
ফলত বৰাহী ৰাজ্যৰ ৰাজধানী সোণাপুৰ
  আৰু
ইয়াৰ অগ্ৰগণ্য নগৰ বাণপুৰ আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হৈছিল৷ ডঃ গগৈৰ মতে মাধৱ
কন্দলিৰ ঘৰ সোণাপুৰ
  অথবা বাণপুৰত আছিল। এই  ঠাই
দুখনক বৰ্তমানে চৰাইদেউ জিলাৰ সোণাৰি আৰু বাণফেৰা বুলি চিনাক্ত কৰা হৈছে৷
 

বৰাহীসকলক
চুকাফাই লগ পাইছিল৷ তেওঁ বৰাহী ৰজা থাকুমথাৰ জীয়ৰীৰ পাণি গ্ৰহণ কৰিছিল আৰু
সেইসূত্রে ৰাজ্যখন লাভ কৰিছিল। থাকুমথাৰ ৰাজ্যখন দিখৌৰ নৈৰ পাৰত আছিল
  দেওশাল
আছিল এই ৰাজ্যৰ ৰাজধানী। এই দেওশালেই আহোমৰ প্ৰথম ৰাজধানী চে-ৰাই-দেও
, চৰাইদেও৷ চুকাফাৰ দিনতে দিখৌপৰীয়া বৰাহী ৰাজ্যখন যদি আহোম ৰাজ্যৰ
অন্তৰ্ভুক্ত হৈছিলেই
, তেন্তে প্ৰায় চাৰে তিনিশ বছৰৰ পাছত ,
আহোমৰ সৈতে যুদ্ধ দিব পৰাকৈ একে ঠাইতে একেই বৰাহী ৰাজ্য এখন ওলাল
কেনেকৈ আৰু ক
ৰ পৰা ? এইটো হল প্ৰথম সন্দেহ বা প্ৰশ্ন৷ আকৌ, ডেৰচুংফা বৰাহী ৰজা
নাছিল
; তেওঁ (ডিমাচা) কছাৰী ৰজাহে আছিল৷ ডিমাচা কছাৰীসকলৰ
লগতহে চুহুংমুঙে যুদ্ধ কৰিছিল৷ এই যুদ্ধবোৰো হৈছিল ধনশিৰিৰ পাৰতহে
, দিখৌৰ পাৰত নহয়৷ এইখন যুদ্ধৰ পাছত ডিমাচা কছাৰীসকলে চিৰদিনৰ বাবে ধনশিৰি
উপত্যকা ত্যাগ
  কৰিব লগীয়া হৈছিল৷ ইতিহাসত এই তথ্য
স্পষ্টকৈ উল্লেখ আছে৷ গতিকে
, চুহুংমুঙৰ সময়লৈ দিখৌ নৈৰ পাৰত
এখন বৰাহী ৰাজ্য থকা সম্ভৱ নহয়৷ একেদৰে
, ডঃ গগৈয়ে
  কোৱাৰ
দৰে
  (মহাপুৰুষ ) মাধৱদেৱে এনে এখন অস্তিত্বহীন ৰাজ্যৰ এজন
মন্ত্ৰীৰ ( সন্ধিকৈ= সন্দিকাই ) ঘৰত” পাঁচকাণ্ড ৰামায়ণ” পাব নোৱাৰে
, পঢ়ি শুনোৱাতো বেলেগেই৷ দ্বিতীয়টো সন্দেহ বা প্ৰশ্ন হ, বৰাহী ৰজাৰ দিনত বা দিহিঙীয়া ৰজাৰ দিনত গড়গঞা
লিপিৰ উপস্থিতি কেনেকৈ সম্ভৱ
? দিহিঙীয়া ৰজাৰ পুত্র
চুক্লেনমুঙে গড়গাঁও নগৰ প্ৰতিষ্ঠা কৰিছিল আৰু সেই সূত্রেহে তেওঁ গড়গঞা ৰজা বুলি
পৰিচিত হৈছিল৷
  এই গড়গাঁওকেন্দ্ৰিক অসমীয়া ভাষাৰ লিপিটোহে
গড়গঞা লিপি৷
  মাধৱ কন্দলিয়ে কাইথেলী লিপিতে ৰামায়ণ
লিখাটো সম্ভৱপৰ
; যিটো সম্ভাৱনা শংকৰদেৱ প্ৰমুখ্যে আন
মধ্যযুগীয়া অসমীয়া লেখকৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়৷
 

মহামাণিক্য
বা মহামাণিফা নামৰ ৰজাজনেনো কোন সময়ত ৰাজত্ব কৰিছিল
? মাধৱ
কন্দলিয়ে তেওঁৰ গ্ৰন্থখনত সময় সম্পৰ্কীয় কোনো তথ্য দিয়া নাই৷ “ত্রিপুৰা বুৰঞ্জী”
বা আন বুৰঞ্জীতো সময়টো স্পষ্ট নহয়৷ তথ্য অস্পষ্টতাৰ বাবেই মহামাণিক্যক উজনি অসমৰ
সোণাপুৰ /সোণাৰিৰপৰা মধ্য অসমেদি নি ইফালে ত্রিপুৰা- জয়ন্তালৈ ঘূৰাই ফুৰোৱা হৈছে
;
লগে লগে বাধ্য হৈ ঘূৰি ফুৰিছে মাধৱ কন্দলিও৷ অসমীয়া ভাষাৰ ব্যাপ্তি,
পৰিপক্বতা তথা প্ৰাচীনতা বুজাবলৈ মাধৱ কন্দলিৰ “ৰামায়ণ” এটা
গুৰুত্বপূৰ্ণ সমল৷ সেয়ে ইয়াৰ ৰচক আৰু পৃষ্ঠপোষকৰ স্থান আৰু সময় সঠিক
  আৰু
তৰ্কাতীতভাৱে প্ৰতিষ্ঠা কৰাটো এটা জাতীয় কৰ্তব্য
  

অসমীয়া
শিলালিপিৰ সমীক্ষা এটা কৰি থাকোঁতেই এখন বিশেষ শিলালিপিৰ তথ্য পাওঁ৷ শিলালিপিখন
আছে গুৱাহাটীত থকা ৰাজ্যিক সংগ্ৰহালয়ত৷ ইয়াত এইখনৰ পাঠোদ্ধাৰ হোৱা নাই বুলিয়েই
লিপিৱদ্ধ কৰা হৈছে৷ স্বাভাৱিকভাৱেই শিলালিপিখনৰ পাঠ ডঃ মুকুন্দমাধৱ শৰ্মা
, ডঃ
মহেশ্বৰ নেওগ আৰু ডঃ ডিম্বেশ্বৰ শৰ্মাৰ লিপি সম্পৰ্কীয় গ্ৰন্থ কেইখনত নাই৷ কিন্তু
শিলালিপিখনৰ পাঠোদ্ধাৰ বহুত আগতেই হৈছে
; পাঠোদ্ধাৰ হোৱাৰ
তথ্যটোহে আনকি শৰ্মাত্রয়ৰ দৰে বিজ্ঞজনৰো অগোচৰে থাকি গৈছে৷ এই গুৰুত্বপূৰ্ণ
শিলালিপিখনৰ বিষয়ে চৰ্চা -আলোচনা নোহোৱা বাবেই
, আমাৰ
বিৱেচনাত
, মহামাণিক্য আৰু মাধৱ কন্দলিৰ লটি-ঘটি হৈছে৷

ৰাজ্যিক
সংগ্ৰহালয়ত এই
  শিলালিপিখনৰ পৰিচয় “লংকা শিলালিপি”৷ বৰ্তমানৰ হোজাই
জিলাৰ লংকাত এই শিলালিপিখন উদ্ধাৰ কৰা হৈছিল বুলিয়েই এই নাম। শিলালিপিখনৰ উদ্ধাৰৰ
ইতিহাস আমাৰ জ্ঞাত নহয়
; ইয়াৰ পাঠোদ্ধাৰ কৰোঁতা, প্ৰাচীন অসমৰ এগৰাকী স্বনামধন্য গৱেষক ডঃ প্ৰতাপচন্দ্ৰ চৌধুৰীয়েও
শিলালিপিখন ৰাজ্যিক সংগ্ৰহালয়তে পাই অধ্যয়ন কৰিছিল৷ ডঃ চৌধুৰীয়ে এটা নিবন্ধৰে
শিলালিপিখনৰ তথ্য ৰাজহুৱা কৰিছিল৷ সেই নিবন্ধটো প্ৰকাশ হৈছিল কামৰূপ অনুসন্ধান
সমিতিৰ মুখপত্রত (
AT.23 Vol.23, 1977/78) –ৰ ২৩সংখ্যক খণ্ডত,
১৯৭৭-৭৮ চনত৷
 

শিলালিপিখনৰ
পাঠ

ডঃ চৌধুৰীয়ে
দিয়া শিলালিপিখনৰ পাঠ এনে ধৰণৰ : ( ডঃ চৌধুৰীয়ে নিবন্ধটো ইংৰাজীত লিখিছিল
, ইয়াৰ
পাঠো ৰোমান লিপিতে দিছিল
; আমি অসমীয়ালৈ লিপ্যন্তৰ কৰি দিছোঁ)

১) ওঁ
স্বস্তি ( শ্ৰীমহামাণিক্য-ৰাজ্যে)/যস্তু

২)
সাত্ত্বত-পবিত্র-দিব্যস্তু বিম্বঃ জগত্রাণাৰ্থং সম্ভৱতি যুগে যুগে

৩) অসংখ্যাঃ
শ্ৰীযুক্তাঃ স তু ৱিষ্ণু যস্য চ ৱিৱিধাঃ হি ৰূপাঃ
  যস্মা

৪) দ্বলঃ
গৰ্দভো জনক-চিহ্নকীৰ্তিঃ সজ্জনাম য়ো পালয়ৈ যত্র
 

৫) যেষাং
জননী-শূকৰী
  এসা য়া ৱনত্রাসঞ্চাৱমুঞ্চতি সা তু

৬) ভূব্যত্র  শ্ৰীৱামদেৱগ্ৰামং
দণ্ডৱিধি-য়ুক্তায়েৱ ৱনে শ্ৰীমাণিক্য

৭) দেৱেন
দীনদ্বিজায় দত্তং ক্ৰিতিঃত্রৱিত্তেন সত্ত্ব-ৰজস্তমস্ত্রয়ং

৮)
দয়ালু-নীতিচয়-ব্ৰতীং ৱিৱিধঃ ন্যায় -নীতিং যত্র ৱাসং দেয়ং

৯)
ত্যশ্লেষ-ৱিন্যস্তা ৱিদ্যাৱৎ/য়ত্ সত্রম্বাশ্ৰমন্তস্য ধৰমমন্দিৰং

১০) সত্যং
শীলং চাতাশ্চিল্যঞ্চ সৌহাৰ্দং
  য়স্য হট্ট-গৃহাৰ্ধডবাকং

১১) ( যৎ
সত্রে ৱসতে স ৱিষ্ণু)/ য়া সদা তু সত্রে ৱিচৰন্ত্রিভি

১২) ( ভৱং
ৱিতৰতি ভক্তাৰ্থং ৱেদে অব্ধ্যামশুচু শাকে

শিলালিপিখনৰ
বিষয়-বস্তুৰ আলোচনা আজিৰ নিবন্ধৰ পৰিসৰত নাই
; আমি এই শিলালিপিখনৰ জৰিয়তে
মহামাণিক্য আৰু মাধৱ কন্দলিৰ সময় আৰু স্থানহে নিৰ্ণয়ৰ চেষ্টা কৰিম৷

এই
শিলালিপিখনত মাধৱ কন্দলি বা তেওঁৰ ৰামায়ণৰ কোনো উল্লেখ নাই
, কিন্তু
মহামাণিক্যৰ উল্লেখ
  আছে৷ ইয়াত  মহামাণিক্যৰ
ৰাজ্যখনৰ কেতবোৰ গুণ আৰু বৈচিত্ৰ্যৰ প্ৰশংসা কৰা হৈছে৷ এই মহামাণিক্যই ৱামদেৱ নামৰ
গাঁওখনত দীন নামৰ দ্বিজ অৰ্থাৎ ব্ৰাহ্মণক ভূমিদান কৰিছে যাতে তেওঁ ইয়াত সত্রাশ্ৰম
পাতি বাস কৰিব পাৰে৷
  শিলালিপিখনত দাতাগৰাকীৰ নাম দুবাৰ কোৱা
হৈছে- এবাৰ “শ্ৰীমহামাণিক্য” আৰু
  আনবাৰ
“শ্ৰীমাণিক্য” বুলি৷ শিলালিপিখন লিখাৰ অৰ্থাৎ ভূমিদানৰ সময় লিখা হৈছে “ ৱেদে অব্ধ্যমশুচু
শাকে” বুলি৷
  

 

বিশ্লেষণ 

শিলালিপিখনে
আমাক দিয়া নিশ্চিত খবৰটো হ
ল যে এসময়ত শ্ৰীমহামাণিক্য বুলি এজন ৰজা আছিল৷ একেজন
ৰজাক মাণিক্য বুলিও জনা গৈছিল৷
  মাধৱ
কন্দলিয়ে তেওঁৰ পৃষ্ঠপোষক ৰজাগৰাকীৰ নাম মহামাণিক্য আৰু স্থান ভেদে মাণিক্য বুলি “ৰামায়ণ”ত
  উল্লেখ
কৰিছে৷ নামৰ এই সাদৃশ্যৰপৰা আমি এয়া একেজন ৰজা বুলি অনুমান কৰিব পাৰোঁ৷
শিলালিপিখনত তাৰ সময় উল্লেখ কৰা হৈছে “ৱেদে অব্ধ্যমশুচু শাকে” বুলি৷ ডঃ চৌধুৰীয়ে
ইয়াৰ সাংখ্যিক মান নিৰ্ধাৰণ কৰিছে ১২৭৪ শক অৰ্থাৎ ১৩৫২ চন বুলি৷ অৰ্থাৎ ১৩৫২ চনৰ
আগে-পাছে মহামাণিক্যই ৰাজত্ব কৰিছিল৷ সেই সময়ছোৱাতেই মাধৱ কন্দলিয়ে ৰামায়ণ লিখিছিল৷
  শংকৰদেৱৰ
জন্মচন ১৪৪৯৷ ই মহামাণিক্যৰ ৰাজত্বকালৰ প্ৰায় এশ বছৰ পাছৰ
, অৰ্থাৎ
দুটা প্ৰজন্মৰ পাছৰ সময়৷
  শংকৰদেৱৰ গুৰু মহেন্দ্ৰ কন্দলিৰ টোলখনত
আছিল এটা ডাঙৰ পুথিভঁৰাল
, যি কাৰণে শংকৰদেৱে অনায়াসে “চাৰি
বেদ-চৈধ্য শাস্ত্ৰ-ওঠৰ পুৰাণ” পঢ়িবলৈ পাইছিল। সেই শাস্ত্ৰসমূহৰ উপৰি শংকৰদেৱে
নিশ্চয় “নিজৰ ভাষা” ৰ ৰামায়ণখনো পঢ়িছিল
, লগতে জনসমাজতো ইয়াৰ
প্ৰভাৱৰ বিষয়ে জানিছিল৷ আন এটা তথ্যও এই প্ৰসংগতে উল্লেখ কৰিব পাৰি- ইতিহাসে কয় যে
অনন্ত-কন্দলিয়ে এখন “ৰামায়ণ” নিজৰ নামত চলাব বিচাৰিছিল। এই কথা জানিয়েই শংকৰদেৱে
মাধৱদেৱক আদিকাণ্ড লিখিবলৈ দি নিজে উত্তৰাকাণ্ড লিখি মাধৱ কন্দলিৰ ঐতিহ্য ৰক্ষা
  কৰিছিল৷
“এশ বছৰ” আগৰ এগৰাকী অপ্ৰমাদী কবিয়ে এখন অমূল্য গ্ৰন্থ ৰচনাৰ কথা নিশ্চয় তেতিয়াও
আলিপুখুৰী অঞ্চলত সজীৱ হৈয়ে আছিল৷ মাধৱ কন্দলিক স্বচক্ষে দেখা লোক দুই-এজন নিশ্চয়
তেতিয়াও জীয়াই আছিল৷ তেনে কোনো লোকেই অনন্ত-কন্দলিৰ দুঃঅভিপ্ৰায়ৰ কথা শংকৰদেৱক
জনোৱা সম্ভৱপৰ।
  ৰজা নাইকিয়া আলিপুখুৰী অঞ্চলত শিৰোমণি
ভূঞাই আছিল ৰজা
, আৰু ৰাজক্ষমতাৰ প্ৰয়োগ
  অবিহনে
অনন্ত-কন্দলিৰ দৰে পণ্ডিত এগৰাকীক নিৰস্ত কৰা সম্ভৱ নাছিল৷ এই বিশ্লেষণৰপৰা আহিব
পৰা সিদ্ধান্তটো হ
, মাধৱ কন্দলি
আলিপুখুৰী কেন্দ্ৰিক এটা বৃহৎ অঞ্চলৰে বাসিন্দা
  আছিল৷
ঐতিহাসিক ভাবে সত্যটো হ
ল কন্দলিসকলে কেইবা শতিকা ধৰি
বৰ্তমানৰ নগাঁও জিলাতে বসবাস কৰি আছে৷ মাধৱ কন্দলি এই কন্দলিসকলৰে এগৰাকী বুলিও
প্ৰমাণ আছে৷ এই ফালৰপৰাও মাধৱ কন্দলি বৰ্তমানৰ নগাঁও অঞ্চলৰে বাসিন্দা বুলি ক
ব পাৰি৷

সময় সম্পৰ্কে
আৰু
  অলপ

ডঃ চৌধুৰীয়ে
শিলালিপিখন লিখাৰ অৰ্থাৎ মহামাণিক্য ৰজাই দীন দ্বিজক ভূমি দান কৰাৰ বছৰটো ১২৭৪ শক
অৰ্থাৎ ১৩৫২ চন বুলি কৈছে৷
  শিলালিপিখনৰ “সময়” উল্লেখ থকা বাক্যটো হল “ৱেদে অব্ধ্যমশুচু শাকে”৷ ডঃ চৌধুৰীয়ে “শুচু” লিখিছে যদিও আমি
মুদ্ৰণ-প্ৰমাদ ধৰি লৈ শব্দটো “শুচ” বুলি পঢ়িছোঁ৷ ইয়াত “চ” থাকিলে শুদ্ধ শব্দ এটা
পোৱা যায় বাবেই এনে কৰা হৈছে৷ অৱশ্যে “চু” বা “চ”ই মূল শব্দটোৰ অৰ্থান্তৰ নঘটায়৷

ৱেদে
অব্ধ্যম্ শুচ শাকে” বাক্যাংশটো সমাসৱদ্ধ হৈ আছে৷ ইয়াক ভাঙিলে আমি পাওঁ এই কেইটা
শব্দ- ৱেদ
, অব্দি , অংশু , চ (বা চু) আৰু শক৷ এই
  শব্দকেইটাৰ
অৰ্থ কৰিব পাৰো ক্ৰমে বেদ
, অব্ধি, অংশু
, আৰু
  আৰু
শক৷ অব্ধি মানে সীমা
, অংশু মানে সূৰ্য৷ সূৰ্যক আদিত্য কৰি লব পাৰি৷ শাকে শব্দটোৰ প্ৰয়োগে বাক্যাংশটোক সংখ্যাযুক্ত বুলি চিহ্নিত কৰে৷
অৰ্থাৎ “ৱেদে অব্ধ্যম্ শুচ” এটা সংখ্যা
 ৷ শব্দৰ সাংখ্যিক মান
মতে বেদ=৪
,
অব্ধি= সীমা =৪, অংশু =আদিত্য = ১২ (দ্বাদশ
আদিত্য)৷ অংকানামং বামতো গতিসূত্র মতে ৪৪১২-ৰ বৰ্ষমান হ

১২৪৪ শক
; ১২৭৪ নহয়৷ ৪ গৈ ৭ হোৱাটোক আমি মুদ্ৰণ-প্ৰমাদ বুলি
ধৰা নাই
; কাৰণ ডঃ চৌধুৰীয়ে শকক খ্ৰীষ্টীয় বছৰলৈ ভাঙি আমাক
বছৰটো ১৩৫২ দেখুৱাইছে। ৩০টা বছৰৰ পাৰ্থক্য নধৰ্তব্য নহয় !
 

 

১৩২২ চনৰ “অসম”

১২৪৪ শক
অৰ্থাৎ ১৩২২ চনৰ
 অসম”খন কেনে আছিল ? 

আমাৰ আলোচ্য
শিলালিপিখনত উল্লেখ থকা “বৰাহ ৰজা” মহামাণিক্যৰ সমসাময়িকভাৱে আমি পাওঁ “আহোম ৰজা”
  চুখাংফাক৷
আহোমৰ চতুৰ্থ ৰজা চুখাংফাৰ ৰাজত্বকাল ১২৯৩-১৩৩২ চন৷
  সেই
সময়ৰ কমতাকেন্দ্ৰিক “কামৰূপ”ৰ ৰজা আছিল ক্ৰমে ধৰ্মনাৰায়ণ (১৩২৫-১৩৩০) আৰু দুৰ্লভ
নাৰায়ণ (১৩৩০-১৩৫০)। প্ৰসঙ্গতঃ উল্লেখনীয় যে অসমীয়া ভাষা-সাহিত্যৰ উৎসাহী
পৃষ্ঠপোষক দুৰ্লভ নাৰায়ণৰ ৰাজত্বকালতে শংকৰদেৱৰ পূৰ্বপুৰুষ চণ্ডীবৰ কামৰূপলৈ
আহিছিল৷
 

বিভিন্ন
বুৰঞ্জীৰ তথ্যৰপৰা প্ৰায় নিশ্চিত ভাবে ক
ব পাৰি যে পাল সাম্ৰাজ্যৰ (
৯৮৫- ১১২৫) পতনৰ পাছত ৰাজ্যখনৰ প্ৰান্তীয় শাসকসকলে স্বাধীনভাৱে ৰাজ্যখনৰ বিভিন্ন
অঞ্চলত বিচ্ছিন্নভাৱে শাসন কৰিবলৈ লৈছিল৷ মহামাণিক্যৰ পূৰ্বপুৰুষ এনে প্ৰান্তীয়
শাসকো হ
ব পাৰে, যি কপিলীৰ পাৰত
ৰাজধানী পাতি তিনিটামান শতিকা ধৰি ৰাজ্য শাসন কৰিছিল৷ কপিলীৰ পাৰ অঞ্চলটো
বৰ্মনসকলৰ দিনতেই মঠে-মন্দিৰে জাকত জিলিকা আছিল৷ ইয়াৰ সাৰুৱা আৰু বানমুক্ত মাটিয়ে
যুগে যুগে মানুহক আকৰ্ষণ কৰিছিল৷ অঞ্চলটোত থকা স্থাপত্যৰ ভগ্নাৱশেষে ইয়াত কেইবা
শতিকাজোৰা এটা নগৰ-সভ্যতাৰ প্ৰমাণ দাঙি ধৰে৷ কপিলীপৰীয়া “বৰাহ ৰজা” মহামাণিক্যক
ডিমাছা কছাৰীৰ তৃতীয়গৰাকী ৰজা মহামাণিক্যৰ সৈতে একাকাৰ কৰিব নোৱাৰি৷ কাৰণ
, ডিমাচা কছাৰীসকলৰ মূল ৰাজ্যখন আছিল ধনশিৰিৰ পাৰত, আৰু
দিখৌৰ পাৰলৈকে বিয়পা এই ৰাজ্যখনৰ একেখিনি ভূখণ্ডৰ বাবে আহোমৰ সৈতে তেওঁলোকৰ প্ৰচণ্ড
সংঘৰ্ষৰ প্ৰমাণ বুৰঞ্জীৰ পাতে পাতে আছে৷

 

বৰাহ-চিহ্ন

আমাৰ আলোচ্য
শিলালিপিখনত
, আখৰৰ শাৰী কেইটাৰ তলতে দুটা জন্তুৰ এখন সংযুক্ত
চিত্র
  আছে। এই চিত্রখনৰ কথা শিলালিপিখনতো উল্লেখ  আছে
এনেদৰে-
 

শ্ৰীযুক্ত স
তু ৱিষ্ণু

যস্য চ
ৱিৱিধাহি ৰূপঃ

যস্মাদ্বলঃ
গৰ্দভো জনক-চিহ্নকীৰ্তি

সজ্জনাং য়ো
পালয়ৈ যত্র

যেষাং
জননী-শূকৰী এষা যা

 

ডঃ চৌধুৰীৰ
ব্যাখ্যা মতে শিলালিপি উল্লিখিত গৰ্দভ হ
ল বিষ্ণুৰ এটা অৱতাৰ, যাৰ মাতৃ হল অৰণ্যনিবাসী এক শূকৰী৷ চিত্রৰ শূকৰীয়ে
ধাৰণ কৰি আছে গৰ্দভক৷ শূকৰী অৰ্থাৎ বৰাহৰ সন্তান গৰ্দভেই হ

ৰজা মহানাণিক্যৰ বংশধৰসকল
, সেয়ে তেওঁলোক বৰাহী৷ এতিয়া ,
শিলালিপিখনৰ পৰা এই কথা স্পষ্ট যে মহামাণিক্য এজন বৰাহী ৰজা
  আছিল৷
মহামাণিক্য নামক এগৰাকী “বৰাহ ৰজা”ৰ অনুৰোধত মাধৱ কন্দলিয়ে ৰামায়ণ লিখিছিল৷ গতিকে
,
শিলালিপিত উল্লিখিত মহামাণিক্যজনকে আমি মাধৱ কন্দলিৰ পৃষ্ঠপোষকজন
বুলি নিশ্চিত কৰিব পাৰো
, যি ১৩২২চনৰ আশে-পাশে ৰাজত্ব কৰিছিল৷
 

 

বামদেৱ গাঁও

অৰণ্যৰ মাজত
অৱস্থিত বামদেৱ নামৰ গাঁও এখন মহামাণিক্যই দীন দ্বিজ নামৰ ব্ৰাহ্মণ এজনক দান
কৰিছিল৷ ৰাঘৱ কন্দলি (ৰাঘ আচাৰ্য) মহেন্দ্ৰ কন্দলি
, ৰত্ন কন্দলি, অনন্ত-কন্দলি আদি কন্দলিসকলক এই দীন দ্বিজৰ উত্তৰসুৰী বুলি ধৰাত একো
অসুবিধা নাই৷ বৰাহীসকলৰ আদি ৰাজ্য আছিল কুণ্ডিলত
; কালক্ৰমত
সেই ৰাজ্য চুতীয়াসকলে
  দখল
কৰিছিল৷ কুণ্ডিলৰ সৈতে কন্দলিৰ কোনো সম্পৰ্ক থাকিবও পাৰে৷
  

 

প্ৰাপ্তিস্থান

শিলালিপিখনৰ
নাম “লংকা
 
শিলালিপি “৷ এইখন নিশ্চিতভাৱে লংকাত পোৱা গৈছে৷ আমি জানো যে ১৯৬০
দশক পৰ্যন্ত বৰ্তমানৰ লংকা অঞ্চলটো আছিল অটব্য হাবি। সেইটো দশকত চৰকাৰী উদ্যোগতে
এই “হাবি কাটি ফুলবাৰী” কৰা অৰ্থাৎ মানুহক বসতি আৰু খেতিমাটি দি সংস্থাপন দিয়া
হৈছিল৷ তেতিয়াই চৰকাৰী বুলডজাৰৰ আঘাতত হয়তো চুৰ্চূমৈ হৈ গৈছিল “কপিলীপৰীয়া সভ্যতা”৷
কাকীৰ সূৰ্যমূৰ্তি
, লংকা শিলালিপি, হোজাই
সংগ্ৰহালয়ত সংৰক্ষিত সম্পদখিনিৰ দৰে অতি কম ঐতিহাসিক সম্পদহে বাচি থাকিল সেই
চৰকাৰী ধ্বংসলীলাৰপৰা৷ লংকা-কাকীৰ বহুত পৰিয়ালৰ গাধৈ হৈ
, পানীপোতাৰ 
শিল হৈ, কাপোৰ ধোৱা পাত হৈ, খুবলি হৈ মৃত্যু বৰণ কৰিলে বহু ভাস্কৰ্যযুক্ত শিলে৷ আলোচ্য শিলালিপিখনো
আনকি বহু দিন এটা পৰিয়ালে দা-ধৰোৱা কামত ব্যৱহাৰ কৰিছিল৷ফলত ইয়াৰ মাজডোখৰ খাল হৈ
যায় আৰু কেইটামান আখৰ ক্ষয় যায়৷ তথাপি লিপিখন প্ৰায় অক্ষত হৈ আছে আৰু গভীৰ
অধ্যয়নপূৰ্বক বুৰঞ্জী ক
ব পৰা হৈ আছে৷

লেখকৰ ফোন : ৮৬৩৮৪৫৭৪৮

 

কৃতজ্ঞতা
: ড০ ৰক্তিম ৰঞ্জন শইকীয়া
, ড০ কুশল কলিতা