শিশু আৰু মিছা কথা

পম্পি বৰা বৈশ্য

  

শিশুবোৰ কল্পনাপ্রৱণ। তোওঁলোকে কল্পনাৰ জগতত
থাকি নিজৰ মতে যি কোনো কথা এটা বৰ্ণনা কৰি ভাল পায়। এই কাৰণেই শিশুসকলে কিছুমান
এনে কথা গুৰুত্ব সহকাৰে ব্যক্ত কৰে যিবোৰ কথা ৱাস্তৱসন্মত নহয় অথবা কেতিয়াও তেনে
ঘটনা ঘটাই নাই। বহুতো শিশুৱে নিজে প্ৰত্যক্ষ কৰা বা শুনা কোনোবাটো ঘটনা নিজৰ
কল্পনা মিহলি কৰি গোটেই ঘটনাটোকেই এটা নতুন ৰূপ প্ৰদান কৰি বক্তব্য আগবঢ়ায়।
কেতিয়াবা সাধাৰণ কথা একোটাকো অতিৰঞ্জিত কৰি শিশুৱে বৰ্ণনা কৰা দেখা যায়। শিশুৰ
এনেবোৰ কথাকেই বহুতে
শিশুসকলে কোৱা মিছা কথাবুলি আখ্যা
দিওঁ। মনোবিজ্ঞানীসকলৰ মতে
, প্ৰায় সকলো শিশুৱে এটা সময়ত
এনেকুৱা মিছা কথা কয় ।

 সাধাৰণতে শিশুৱে  সঁচা কথা আৰু মিছা কথা কোৱাৰ পাৰ্থক্য বুজি নাপায়। শিশুৱে
কোৱা সৰু
সুৰা মিছা কথাই হয়তো বৰ বিশেষ ক্ষতি কাৰোৰে নকৰে।
কিন্তু এই অভ্যাস যদি ডাঙৰ হোৱালৈকে থাকি যায় তেন্তে সেই শিশুৱে ভৱিষ্যত জীৱনত যথেষ্ট
অসুবিধাৰ সন্মুখীন হ
বলগীয়া হব। সেয়ে জনা হোৱাৰ পৰা শিশু
এটিক লাহে লাহে সঁচা-মিছাৰ পাৰ্থক্য সম্পৰ্কে বুজাই দিয়া উচিত।
 

 শিশু এটাই কিয় মিছা কথা কয়, সেইটো প্ৰথমে অনুধাৱন
কৰিব পাৰিলেহে তেওঁক উচিত পথ দেখুৱাব পৰা যায়। এটা কথা আমি সকলোৱে জানো যে
, শিশুৱে সদায় আনৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ
বলৈ ভাল পায়। সেয়ে বহু সময়ত দেখা
যায়, আন লোকৰ মনোযোগ আকৰ্ষণ কৰিবলৈকে শিশুসকলে
  মিছা কথা কয়। বিশেষকৈ বিভিন্ন কাৰণত পৰিয়াল বা
বন্ধু-বান্ধৱৰ পৰা অৱহেলিত শিশুসকলৰ মাজত এই প্ৰৱণতা অধিক দেখা যায়। এনে ক্ষেত্ৰত
শিশুটিৰ প্ৰতি মৰম
, আদৰ, যত্ন লৈ এই
সমস্যা আঁতৰাই তোলা সম্ভৱ হয়।

শিশুৱে কেতিয়াবা নিজে কৰা ভুলসমূহ আনে
গম পালে তাৰ প্ৰতিক্ৰিয়া কি হ
ব সেই সম্পৰ্কে  চিন্তিত হৈ পৰা বাবেও
মিছা কথা ক
ব পাৰে। এই ক্ষেত্ৰত শিশুক ঘৰৰ মানুহৰ সাহস আৰু প্ৰেৰণাৰ খুব প্ৰয়োজন। নিজে কৰা ভুলটো সহজে সঁচাকৈ কৈ দিব পৰাটো
যে ভাল কথা সেইটো শিশুক উপলব্ধি কৰোৱাব পাৰিব লাগিব। নিজৰ ভুল ঢাকিবলৈ চেষ্টা
নকৰিলে পুৰস্কাৰ দিয়াটো বা মৰম কৰাটো নিয়ম কৰিব পাৰিলে শিশুৱে সঁচা কথা কবলৈ উৎসাহ
পায়।

বিদ্যালয়লৈ নতুনকৈ যোৱা সময়ত বিভিন্ন
নতুন পৰিৱেশ আৰু নতুন বন্ধু-বান্ধৱ তথা অপৰি
চিত ব্যক্তি (শিক্ষক-শিক্ষয়িত্ৰী) আদিৰ
সংস্পৰ্শলৈ আহি শিশুসকল সততে
ভীতিগ্ৰস্ত হব পাৰে। এনে ভয় লুকুৱাবলৈকো
 শিশুসকলে মিছা কথা কব পাৰে। এই ক্ষেত্ৰত বিদ্যালয়তো ঘৰৰ পৰিৱেশে শিশু
এটিক যথেষ্ট প্রভাৱান্বিত কৰে।

সাধাৰণতে সম বয়সীয়াসকলৰ লগত যিকোনো খেল
আদিত নিজকে পাকৈত বুলি দেখুৱাবলৈ
, আন সকলতকৈ নিজৰ বুদ্ধি বেছি থকা বুলি দেখুৱাবলৈও শিশুসকলে মিছা
কথা কোৱা দেখা যায়। অনিশ্চয়তা আৰু আত্মমৰ্যাদাৰ অভাৱৰ বাবেও শিশুসকলৰ মাজত বিভিন্ন
কথা বেছিকৈ বঢ়াই
মেলি কোৱাৰ অভ্যাস দেখা যায়।

কল্পনা যিহেতু শিশুৰ প্রিয়, গতিকে দুই-এটা কথা
বঢ়াই কোৱা বা নিজা কল্পনাৰে এটা সাধু মিছাকৈ সাজি কোৱাটো কেতিয়াও
দোষণীয় নহয়। ইয়াক মিছা কথা বুলি ধৰিবও নোৱাৰি। সেয়ে পৰাপক্ষত যিকোনো কথা
বুজা হোৱা অৱস্থাৰপৰাই শিশুসকলক কল্পনা আৰু মিছা কথাৰ মাজৰ পাৰ্থক্যটো
বুজাই দিবলৈ চেষ্টা কৰা উচিত। কিন্তু বিদ্যালয়লৈ যোৱাৰ সময়ৰ পৰাই তেওঁলোকৰ সাধুকথা
বা তেওঁলোকৰ বক্তব্যসমূহ বাস্তৱসন্মতভাৱে ব্যাখ্যা কৰি কল্পনা আৰু বাস্তৱৰ মাজৰ
পাৰ্থক্যটো বুজাই দিবলৈ চেষ্টা কৰা উচিত।

 শিশুক নীতিকথা শিকোৱাৰ আটাইতকৈ সহজ আৰু
প্ৰমা
ণি
উপায় হৈছে
 সাধুকথা। সাধুকথাৰ জৰিয়তে শিশুক বহুতো কথা শিকাব
পাৰি। সকলো শিশুয়েই সাধু শুনি ভাল পায়। গতিকে যি বয়সৰ পৰা বিভিন্ন উপদেশমূলক
সাধুকথা বুজিব পাৰে সেই বয়সৰ পৰা শিশুসকলক এনে কথাবোৰ কোৱা উচিত। বুজিব পৰা বয়সত
এনে সাধুকথা ক
লে শিশুসকলে নিজেই ভাল আৰু বেয়া কামৰ পাৰ্থক্য
বুজি ল
ব পাৰিব। সঁচা আৰু মিছাকথাৰ ফল সম্পৰ্কেও বুজি উঠিবলৈ
সহজ হব। মিছা কথা মানুহৰ জীৱনৰ বাবে কিমান ভয়াৱহ হৈ উঠিব পাৰে সেই বিষয়টো বুজাবলৈ
এনে সাধু কথাৰ সহায় লোৱা উচিত।

ঘৰখন হৈছে শিশুৰ প্ৰথম পঢ়াশালি। সেয়ে
ঘৰৰ লোকসকলৰ মিছা কথা কোৱাৰ অভ্যাসেও শিশুক বিপথে নিব পাৰে। ইয়াৰ বাবে অভিভাৱকৰ
সচেতনতাৰ খুব প্ৰয়োজন। বহু সময়ত দেখা যায় শিশুসকলে কোৱা মিছা কথাবোৰ শুনি
অভিভাৱকসকলে
 প্ৰশংসা কৰি, হাঁহি উৎসাহিত কৰে। শিশু এটাৰ কল্পনা শক্তিক উন্নীত
কৰিবলৈ উৎসাহ আৰু প্ৰশংসা প্ৰয়োজনীয়। কিন্তু
  মিছা কথা কোৱাৰ পৰিণতিৰ সম্পৰ্কেও লাহে লাহে বুজাবলৈ আৰম্ভ নকৰিলে শিশুটিৰ এই
অভ্যাস দীৰ্ঘম্যাদী হোৱাৰ ভয় থাকে। তেনে শিশুৱে ভৱিষ্যতেও মিছা কথাৰ আশ্ৰয় ল
ব পাৰে।

শিশু এটিয়ে যেতিয়া মিছা কথা কয়, তেতিয়া শিশুটিক
বন্ধুত্বসুলভভাৱে কথা পাতি বুজিবলৈ চেষ্টা কৰা উচিত যে কি কাৰণে উক্ত মিছা কথাটো ক
লে বা সঁচা কথাটো কলে কি সমস্যাৰ সৃষ্টি হব বুলি শিশুটিয়ে ভাবে। অধিক সময় শিশুটিৰ লগত এনেভাৱে কথা পাতি শিশুটিৰ
মানসিক অৱস্থাটো বুজিবলৈ চেষ্টা কৰা উচিত আৰু উক্ত সমস্যাটো কেনেদৰে সমাধান কৰা হয়
সেই বিষয়ে চেষ্টা কৰা উচিত।

কল্পনাপ্ৰৱণতা শিশুৰ
খুবেই ভাল গুণ। ই শিশু এটাৰ সৃষ্টিশীল মনটোক প্ৰতিনিধিত্ব কৰে। কিন্তু মিছা কথা
আৰু কল্পনাৰ মাজৰ পাৰ্থক্যটো শিশুক বুজাই দিয়াটো প্ৰয়োজন। মৰম, প্ৰশংসা আৰু উৎসাহে
শিশুক ভাল আচৰণ গঢ়াত সহায় কৰে। ইয়াত অভিভাৱকসকলৰ ভূমিকাই সৰ্বাধিক। সত্যৰ সদায় জয়
এইটো অনুভৱ খুবেই প্ৰয়োজন।

 

ঠিকনা:
হেঙেৰাবাৰী গুৱাহাটী