নন্দিতা দেৱীৰ ‘বঙল বহু দূৰ’ : এটি আলোচনা

 ভাস্কৰ ভূঞা


ন্দিতা দেৱীৰ প্ৰথমখন
উপন্যাসেই ঔপন্যাসিকগৰাকীক অসমীয়া সাহিত্যত সবলভাৱে প্ৰতিষ্ঠা কৰালে৷ এগৰাকী
কাহিনী কথক হিচাপে লেখিকাৰ এয়া বৃহৎ কৃতকাৰ্যতা৷
বঙল বহু দূৰ
উপন্যাসখন প্ৰথম প্ৰকাশ পাইছিল ২০১৯ বৰ্ষত৷ গ্ৰন্থখনে ২০২১ বৰ্ষৰ
শেষৰ ফালে
অসম প্ৰকাশন পৰিষদৰ বঁটা
লাভ কৰে৷ এই উপন্যাসখনৰ জৰিয়তেই অসম চৰকাৰেও বিগত কেইবা বছৰো বন্ধ কৰি ৰখা প্ৰকাশন
পৰিষদৰ বঁটাটো পুনৰ প্ৰৱৰ্তন কৰিছে৷ এয়া অসমীয়া সাহিত্যৰ বাবে এটি আশাপ্ৰদ খবৰ৷ ন
ন্দিতা দেৱীয়ে এই উপন্যাসখনৰ পূৰ্বেও দুখন গল্প সংকলন প্ৰকাশ কৰিছে৷ সেই দুখনৰ
নাম
– ‘বান্দী’ (২০০৫), ‘আকাশ জাল’ (২০১৬)৷ এই দুয়োখন গ্ৰন্থৰ জৰিয়তেও দেৱীয়ে
অসমীয়া সাহিত্যত উ
চ্চস্থান দখল কৰিবলৈ সক্ষম হৈছে৷

বঙল বহু দূৰউপন্যাসখন এখন সামাজিক উপন্যাস৷
উপন্যাসখন অসমৰ কামৰূপ অঞ্চলৰ গ্ৰাম্য জনজীৱনৰ পটভূমিত লিখা হৈছে আৰু তাৰ
সমান্তৰালভাৱে বিংশ শতিকাৰ প্ৰথম পাঁচটামান দশকৰ উত্তৰ বংগ আৰু পূৰ্ব বংগৰ মাজৰ
সামাজিক-সাংস্কৃতিক-ধৰ্মীয় পৰিৱেশ
, যোগসূত্ৰ আদি বিষয়বোৰ
হুবহু ৰূপত চিত্ৰিত কৰা হৈছে৷ উপন্যাসখনত অসমৰ লগতে ভাৰতবৰ্ষৰে সেই সময়ছোৱাৰ সমাজ জীৱনৰ এক বাস্তৱ ইতিহাস সংৰক্ষিত হৈছে৷ বংগ বিভাজন আৰু পৰৱৰ্তী সময়ৰ
ভাৰত-পাকিস্তানৰ বিভাজন উপন্যাসখনৰ মূল উপজীব্য আৰু এই বিভাজনে সমগ্ৰ বংগ দেশৰ
ৰায়গঞ্জ অঞ্চলৰ লগতে কামৰূপ অঞ্চলৰ সমকালীন সমাজখনলৈ কিদৰে পৰিৱৰ্তন আনিছিল বা সেই
অঞ্চলৰ জনজীৱনক কেনেদৰে প্ৰভাৱান্বিত কৰিছিল
, সেই সম্পৰ্কীয়
বিচাৰ-বিশ্লেষণ-বিৱৰণ উপন্যাসখনত আছে৷
বঙল বহু দূৰউপন্যাসখনৰ মূল বৰ্ণনা বংগ বিভাজনক প্ৰতিফলিত কৰোৱা নহয়৷ বৰঞ্চ বংগ
বিভাজনৰ পৰৱৰ্তী সময়ত অসমৰ সমাজ ব্যৱস্থালৈ কেনে ধৰণৰ পৰিৱৰ্তন আহিছিল
, সেয়া বৰ্ণনা কৰাহে লেখিকাৰ মূল উদ্দেশ্য৷ গ্ৰন্থখনৰ দ্বাৰা ইতিহাসৰ এক
নিৰ্দিষ্ট বিষয়ক ৰাজহাড় হিচাপে কেন্দ্ৰ কৰি নিজৰ স্বকীয় সৃষ্টিশীল সাহিত্য
প্ৰতিভাৰে সাৰ-পানী যোগাই দেৱীয়ে এখন মঙহাল উপন্যাস অসমীয়া সাহিত্যক প্ৰদান কৰিলে৷
 

লড
কাৰ্জনৰ নেতৃত্বত সম্প্ৰদায়ভিত্তিক বংগ বিভাজন আৰম্ভ হয় ১৯০৫ চনত৷ সেই বিভাজন আছিল
ব্ৰিটিছ শাসকৰ দ্বাৰা ঘোষিত বৃহত্তৰ বংগ প্ৰদেশৰ এক পুনৰ গঠন পক্ৰিয়া৷ সেই বিভাজনে
পূৰ্বীয় সংখ্যাগৰিষ্ঠ মুছলমান অঞ্চলসমূহক পশ্চিমৰ সংখ্যাগৰিষ্ঠ হিন্দু বসতিপ্ৰধান
অঞ্চলৰপৰা পৃঠক কৰিছিল৷
ডিভাইড এণ্ড ৰুলৰ বলি হোৱা বংগদেশৰ মূল ঐক্য আৰু
সামূহিক শক্তিক ধ্বংস কৰাই সেই বিভাজনৰ মূল উদ্দেশ্য আছিল৷ তাৰ বিৰুদ্ধে সেই সময়ত
সমগ্ৰ বংগ দেশতেই প্ৰতিবাদ আন্দোলনৰ সূচনা হৈছিল আৰু সেই আন্দোলনে এসময়ত গৈ স্বদেশী
আন্দোলনৰ মাত্ৰা লাভ কৰিছিলগৈ৷

বঙল বহু দূৰউপন্যাসখনত বংগ
বিভাজনৰ পাছৰ সময়ছোৱাৰ অসমৰ নামনি অসমৰ কামৰূপ অঞ্চলৰ সমাজ জীৱন পূৰ্ণৰূপত
প্ৰতিফলিত হৈছে৷ ভাৱ-ভাষা
, সামাজিক-সাংস্কৃতিক, ধৰ্মীয়, অৰ্থনীতি-ৰাজনীতি, শৈক্ষিক
আদি বিষয়ৰ লগতে লোক-পৰম্পৰা
, বিশ্বাস-অন্ধবিশ্বাস, উৎসৱ-পাৰ্ৱণ, যাতায়াত, কৃষি-পদ্ধতি,
বিৱাহ, লোকভাষা, লোক-খাদ্য,
লোক-ঔষধ, চাল-চলন, মান-মৰ্যাদা
আদি প্ৰতিটো বিষয়েই বৰ্ণিত আৰু সংৰক্ষিত হৈছে৷ লেখিকাৰ ইতিহাস চেতনা ইমানেই প্ৰৱল
আৰু ঐতিহাসিক বিষয় এটাক বৰ্তমানৰ দৃষ্টিভঙ্গীৰে পৰ্যবেক্ষণ কৰাত তেওঁ এনেদৰে সফল
হৈছে যে উপন্যাসখনত
অতীতহৈ পৰিছে
বাস্তৱসদৃশ জীৱন্ত ঘটনাৰ দৰে৷ লেখিকাই যেন নিজৰ চাক্ষুস অভিজ্ঞতাৰেহে উপন্যাসখন
লিখি উলিয়াইছে৷ কাহিনীৰ যি চিনেমেটিক বৰ্ণনা আৰু বিৱৰণ,
 সেয়াও
অতি চকুত লগা আৰু বিষয়ক পাঠকৰ মাজলৈ পুংখানুপংখভাৱে লৈ যোৱাত লেখিকা সফল হৈছে৷
উপন্যাসখনত দুই-এটা চৰিত্ৰৰ বাদে বাকীবোৰ চৰিত্ৰক গৌণ চৰিত্ৰ হিচাপেই উপস্থাপন
কৰা হৈছে৷ সেইদৰে কাহিনীৰ বিচিত্ৰতাতকৈ এটা সময়ক প্ৰতিনিধিত্ব কৰিব পৰাকৈহে উচ্চ-নিম্ন
,
গুৰুত্বপূৰ্ণ, গুৰুত্বহীন প্ৰায়বিলাক চৰিত্ৰকে
স্থান আৰু মান অনুসৰি উপন্যাসখনত প্ৰতিষ্ঠা কৰা হৈছে৷ সমকালীন সমাজৰ বৰ্ণনা দিওঁতে
তেওঁ হুবহুভাৱে সেইকালৰ কথা-বতৰাবোৰকে আঁৰ-বেৰ নিদিয়াকৈ বৰ্ণনা কৰিছে৷ বিষয়ৰ
বিশ্লেষণ বা ইতিবাচক-নেতিবাচক দিশ সম্পৰ্কে আলোকপাত কৰোঁতে ঔপন্যাসিকৰ নিজা
দৃষ্টিভঙ্গী প্ৰতিফলিত হোৱা নাই৷ উপন্যাসখনত তদানীন্তন সমাজৰ গোড়া পৰম্পৰা
,
অন্ধবিশ্বাস আদি বিষয়বোৰক হুবহু ৰূপতেই উপস্থাপন কৰা হৈছে৷ কৃষিজীৱি নামনি অসমৰ সমাজখনৰ কথা আৰু ধৰ্মীয় কৰ্ম-কাণ্ডত অতিকৈ বিশ্বাসী বংগৰ
হিন্দুসকলৰ জীৱন পদ্ধতিৰ কথা উপন্যাসখনত প্ৰধানভাৱে বৰ্ণিত হৈছে৷ কালিন্দী
,
বঙলা পিতে, যজ্ঞু, উদ্ধৱ,
পঞ্চৰ কাহিনীৰ পাতনিৰে আৰম্ভ কৰা উপন্যাসখনত বিষয়ৰ পৰা বিষয়ান্তৰলৈ গতি কৰোঁতে একাধিক কেন্দ্ৰীয় আৰু পাৰ্শ্ব চৰিত্ৰৰ আগমন
ঘটিছে৷ বৰ্ণিত কাহিনীবোৰো তদানীন্তন সময়ছোৱাক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সক্ষম৷
কাহিনীৰ গাতে ভেজা দি নতুন নতুন উপ কাহিনীয়ে উপন্যাসখনত স্থান লাভ কৰিছে যদিও বঙলা
পিতে আৰু তেওঁক আগুৰি থকা সমাজখনে উপন্যাসখনত বিশেষভাৱে ঠাই দখল কৰিছে৷ উপন্যাসখনৰ
শেষৰ ফালে বঙলা পিতেৰ পুত্ৰ চন্দ্ৰনাথেৰ চৰিত্ৰটোৱেও প্ৰধান চৰিত্ৰৰ দৰেই বিকাশ লাভ
কৰিছে৷

বঙলা
পিতেই পুৰোহিতালি (ঔপন্যাসিকৰ ভাষাত- যজমান) কৰিবলৈ বঙললৈ (বংগলৈ) যোৱাৰ কথাৰে
উপন্যাসখন আৰম্ভ হৈছে৷
শুনা যায় কামৰূপৰ দৈৱজ্ঞসকলৰ পদজল পৰ্যন্ত উত্তৰ বংগৰ, পূৰ্ব বংগৰ যজমানসকলে মুখত আৰু শিৰত লয়৷ আহোম ৰজাই কনৌজৰপৰা আনি স্থাপন
কৰা বেলশৰ
, গন্ধীয়া, দিনাজপুৰ, ৰায়গঞ্জ, আমদহ, পিপলান,
পাটপিশু আদি অঞ্চললৈ আহ-যাহ কৰিছিল৷’ (পৃষ্ঠা-৭)
বঙলা পিতে অৰ্থাৎ অনন্ত ঠাকুৰ তেনে এজন পুৰোহিতেই আছিল৷ এই বঙলা পিতেৰ দৃষ্টিৰেই
ঔপন্যাসিকে সমকালীন সমাজ জীৱনৰ বহু কথা পাঠকক অৱগত কৰোৱাইছে৷ বঙলা পিতে যেন
আমাৰ সমাজখনৰে এক জীৱন্ত প্ৰতিভূ৷ সেইদৰে বিভাজিত হৈ পৰা উত্তৰ বংগ
, পূব বংগৰ সামাজিক-সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক, ধৰ্মীয় দিশবোৰ উপন্যাসখনত বিস্তৃত ৰূপত
প্ৰতিফলিত হৈছে৷ বঙলা পিতে বংগৰপৰা কামৰূপলৈ উভতি আহোঁতে তেওঁলোকৰ গাঁওখনত সৃষ্টি
হোৱা পৰিৱেশটোৰ কথা উপন্যাসখনৰ প্ৰথম পৰ্যায়ত বিস্তৃত ৰূপত আছে৷ বঙলা পিতেৰ পত্নী
কালিন্দী চৰিত্ৰটোৰ জৰিয়তেও উপন্যাসখনত কামৰূপ অঞ্চলৰ গ্ৰাম্য জনজীৱন আৰু সেই সময়ৰ
নাৰী সমাজৰ বাস্তৱিক ছবি এখন তুলি ধৰা হৈছে৷ সূতা কটা টাকুৰীৰপৰা আৰম্ভ কৰি গৰু-
গাই, হাঁহ-পাৰ, বজাৰ-সমাৰ
আদিকে ধৰি সকলো পৰিস্থিতি যে এগৰাকী মাইকী মানুহে অনাহকে চম্ভালি থাকিব পাৰে
,
কালিন্দী ইয়াৰ অন্যতম উদাহৰণ৷ নাৰীমনৰ গভীৰ অনুধাৱন এই চৰিত্ৰটোৰ
মাজৰে প্ৰতিফলিত হৈছে৷

উপন্যাসখন
সেই সময়ৰ অসমীয়া গ্ৰাম্য জনজীৱনৰ সমল সংৰক্ষণৰ ক্ষেত্ৰতো এখন দলিলৰ দৰে৷ গ্ৰাম্য
অঞ্চলত সততে ব্যৱহাৰ কৰা বনদৰৱৰ ব্যৱহাৰ উপন্যাসখনত আছে৷ আনকি স্থানীয় ৰাইজে
বনদৰৱৰ সংৰক্ষণ কৰাৰ অন্তৰালৰ প্ৰসংগবোৰৰ কথাও উপন্যাসখনত আছে৷ কামৰূপ তন্ত্ৰ-মন্ত্ৰৰ দেশ
, যোনি পূজাৰ দেশ, কামাখ্যা মাৰ দেশএই কামৰূপৰ প্ৰতি বংগৰ লোকসকলৰ অপাৰ আগ্ৰহ৷ উপন্যাসখনতো এই দিশটোৰ সাৰ্থক
প্ৰতিফলন ঘটিছে৷ বংগৰ জমিদাৰী প্ৰথাৰ প্ৰসংগ
, ৰায়তৰ প্ৰসংগ,
ঠাকুৰৰ প্ৰসংগৰ লগতে কামৰূপৰ মৌজাদাৰী প্ৰথাৰ প্ৰসংগ উপন্যাসখনত
আছে৷ জমিদাৰী প্ৰথাই সেই সময়ৰ সমাজখনকে কেনেদৰে অৰ্থনৈতিকভাৱে কোঙা কৰি পেলাইছিল
,
তাৰ নিদৰ্শনো উপন্যাসখনত সাৰ্থকভাৱেই দেখুওৱা হৈছে৷

উপন্যাসখনৰ
তৃতীয় খণ্ডত বৰুৱাণী মৌজাদাৰে ব্যক্তিগতভাৱে পোহা হাতীটো
, মকবুল নামৰ
ব্যক্তিজনৰ টেমি চুৰুণী হাতীটোৰ লগতে বিহামপুৰ সত্ৰৰ গোসাঁইৰ হাতীটোৰ প্ৰসংগ আছে৷
সেই সময়ৰ সমাজ ব্যৱস্থাত হাতীৰ গুৰুত্ব আৰু আভিজাত্যৰ লগতে দৈনন্দিন কাম-কাজত
হাতীৰ গুৰুত্ব উপন্যাসখনত বৰ্ণনা কৰা হৈছে৷ মধ্যবিত্ত শ্ৰেণীটোৰ দম্ভ
, আভিজাত্যৰ দিশটো এইটো খণ্ডত বৰ্ণনা কৰা হৈছে৷ চতুৰ্থ খণ্ডত কালিন্দীৰ
দৈহিক ৰূপ-বৰ্ণনা আছে৷ উদ্ধৱে বহু সময়ত কালিন্দী চৰিত্ৰটোৰ প্ৰতি আকৰ্ষণ অনুভৱ
কৰিছে৷ বঙলা পিতে কালিন্দীৰ স্বামী যদিও তেওঁ বছৰটোৰ বেছিভাগ সময়ত পুৰুহিতালি
[যজমানি] কৰিবলৈ বংগতে থাকেগৈ৷ তেনে সময়ত উদ্ধৱেই কালিন্দীৰ হৰ্তা-কৰ্তা হৈ পৰিছে৷
এইটো অধ্যায়ত কালিন্দীৰ জীৱন সংগ্ৰামৰ ছবিখনো সুন্দৰকৈ প্ৰতিফলিত হৈছে৷
উপন্যাসখনত আছে
, ‘মাহৰ পাছত মাহ জুৰি অভাৱ-অনাটনৰ সংসাৰ
এখন কোনোমতে জোৰা-টাপলি মাৰি বহু কষ্টেৰে চলাই নি এই গাভৰু মানুহজনী শৰীৰৰ বুভুক্ষাৰ প্ৰতি যেন উদাসীন হৈ পৰিছে৷ আজিকালি মানুহজনী ধৰ্মকথাৰ প্ৰতিহে অত্যন্ত
আগ্ৰহী৷ (পৃষ্ঠা-২৮) এই অধ্যায়টোতে বঙলা পিতেইৰ উপদশে মৰ্মে মৌজাদাৰৰ মৃত্যুৰ পাছত
মৌজাদাৰণীয়ে চলোৱা অঞ্চলটোৰ বিভিন্ন কাম-কাজ চোৱা চিতাৰ বাবে উদ্ধৱে মৌজাদাৰণীৰ
ঘৰলৈ বুলি অহা-যোৱা কৰিছে আৰু শেষলৈ উদ্ধৱেই মৌজাৰ গোটেই কাম-কাজবোৰ চোৱা-চিতা
কৰিছেগৈ৷ অধ্যায়টোত মৌজাদাৰৰ দুই পুত্ৰৰ স্বভাৱ-চৰিত্ৰ সম্পৰ্কেও বিশ্লেষণ আছে৷
উদ্ধৱ চৰিত্ৰটোৰ মনস্তত্ত্ব আৰু তাৰ ব্যক্তিগত সুখ-দুখ
, দ্বন্দ্বৰ
কথা-বাৰ্তা এইটো অধ্যায়ৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয়৷ ম
হখুঁটিৰ
প্ৰসংগ আনি কৃষিকেন্দ্ৰিক গ্ৰাম্য জনজীৱনৰ বিষয়ে এইটো অধ্যায়ত বিস্তাৰিতভাৱে
বৰ্ণনা কৰা হৈছে৷

পঞ্চম
খণ্ডত ছমাহ-বছৰেকৰ পাছত ভাৰে-ভেটীয়ে বঙলা পিতে কামৰূপলৈ অহাৰ বিষয়ে বিস্তাৰিতভাৱে
আছে৷ এই খণ্ডত বংগৰ সমাজ-সংস্কৃতিৰ দিশটোও প্ৰতিফলিত হৈছে৷ বঙলা পিতেৰ প্ৰতি
অঞ্চলটোৰ মৰম-চেনেহ প্ৰকাশৰ মাধ্যমেৰে ঔপন্যাসিকাই গ্ৰাম্য অঞ্চলৰ মানুহৰ
মৰম-আন্তৰিকতা
, সৌহাদ্যপূৰ্ণ মনোভাৱ, সম্প্ৰীতি আদি দিশবোৰৰ বিষয়ে
বৰ্ণনা দিছে৷ বঙলা পিতে মানুহটোও আপোনভোলা৷ সেয়েহে তেওঁ বংগৰপৰা ঘটি অনা
সম্পদসমূহো এপদ এপদকৈ গাঁৱৰ মানুহক দি দিবলৈ কুণ্ঠাবোধ নকৰে৷ সেই সময়ৰ সামাজিক
যোগাযোগৰ বাবে পোষ্টকাৰ্ডৰ প্ৰচলন আৰু চিঠি লিখাৰ প্ৰসংগ উপন্যাসখনত আছে৷
 

ষষ্ঠ
খণ্ডত বঙলা পিতেই বঙললৈ উভতি যাবলৈ চলোৱা প্ৰস্তুতিৰ কথা-বাৰ্তা আছে৷ দিন
বাগৰি যোৱাৰ লগে-লগে তেওঁৰ হাতৰ সাঁচতীয়াখিনিও শেষ হৈ আহিবলৈ ধৰে৷ গতিকে উপাৰ্জনৰ
বাবে তেওঁ পুনৰ ঘূৰি যোৱাৰ প্ৰসংগ আহি পৰিছে৷ সেইদৰে গাঁৱলৈ মহামাৰীৰ দৰে
মৰংবেমাৰ অহাৰ প্ৰসংগ আৰু এই বেমাৰৰ ফলত বমি, পায়খানা,
শৌচ আদিৰ ফলত অঞ্চলটোৰ মানুহখিনিৰ শাৰীৰিক অৱস্থাটোৰ কেনে বিপৰ্যয়
হৈছে
, সেই বিষয়ে বৰ্ণনা আছে৷ বহুতো লোকে এই মাহামাৰীত প্ৰাণ
পৰ্যন্ত দিবলগীয়া হৈছে৷ এনে প্ৰাক্‌ক্ষণত মৌজাদাৰণীৰ ভূমিকায়ো উপন্যাসখনত গুৰুত্ব পাইছে৷ এই বেমাৰৰ লগত মানুহৰ অন্ধবিশ্বাস জড়িত হৈ থকা
, ভূত
নাইবা জৰা-ফুকাৰ প্ৰসংগও উপন্যাসখনত আছে৷ কৃষিকেন্দ্ৰিক অসমীয়া সমাজখনৰ বিভিন্ন
লোকাচাৰ
, ন-খোৱা আদি বিষয়বোৰো এইটো অধ্যায়ত আছে৷

সপ্তম
খণ্ডত গদা অধ্যাপক আৰু তেওঁৰ পত্নী মালিনীৰ ব্যক্তিগত আৰু সামাজিক জীৱনটোৰ
প্ৰতিফলন ঘটিছে৷ তাহানিৰ দিনত গুৰু-আৰু ছাত্ৰৰ সম্পৰ্ক এইটো খণ্ডত প্ৰতিফলিত হৈছে৷
গদা অধ্যাপকৰ মৃত্যুৰ পাছত সংস্কৃত টোলত শিক্ষাৰ্থীৰ অভাৱে দেখা দিলে৷ কাণু নামৰ
চৰিত্ৰটোৱে বঙালত যজমানি কৰিবলৈ গৈ বঙলতে বিয়া কৰাইছে৷ বঙলত আঘোণৰ পূৰ্ণিমাত ভাল্‌ভোল্‌কা
উৎসৱ আয়োজন কৰে৷ উপন্যাসখনত এই উৎসৱ সম্পৰ্কেও যথেষ্ট বিস্তৃতভাৱে বৰ্ণনা কৰা
হৈছে৷ সেইদৰে কালিন্দী বঙলা পিতেৰ লগত নিজেও বঙললৈ যাবলৈ মন মেলাৰ প্ৰসংগও এইটো
খণ্ডত আন এক গুৰুত্বপূৰ্ণ বিষয়৷ কালিন্দী চৰিত্ৰটোৰ মানসিক দ্বন্দ্ব আৰু এগৰাকী
নাৰী হিচাপে স্বামীৰ প্ৰতি থকা দায়িত্ববোধ
, আপোনত্ব ভাৱ, মনস্তাত্ত্বিক
কাৰক আদি এই খণ্ডত ফুটি উঠিছে৷

অষ্টমটো খণ্ডত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰসংগ আছে৷ স্বাধীনতা সংগ্ৰামৰ
সমকালীন সময়ছোৱাত অসমৰ জনসাধাৰণৰ ভূমিকা আৰু কাৰ্যপদ্ধতিৰ উমান এইটো খণ্ডত পোৱা যায়৷ নৱম খণ্ডত উদ্ধৱক মৌজাদাৰণীয়ে স্থায়ী কৰ্মচাৰী হিচাপে নিযুক্তি দিয়া
, বঙলা পিতে আহি
কালিন্দীৰ সহিতে পৰিয়ালটোকেই বঙললৈ লৈ যোৱাৰ বৰ্ণনা
, বঙলা
পিতে অৰ্থাৎ অনন্ত ঠাকুৰ পৰিবাৰসহ বঙললৈ উঠি অহাত এই অঞ্চলৰ মানুহে তেওঁক কৰা
আদৰ-যত্নৰ কথা
, বঙলা পিতেই যজমানি কৰা বিভিন্ন কাৰণ তথা
উৎসৱ-অনুষ্ঠানবোৰৰ প্ৰসংগ
, গাঁৱৰ বিভিন্ন সা-সমস্যা সমাধানৰ
বাবে বহা
ৰবি সভা’ (গ্ৰাম্য সভা) আদিৰ
বিষয়ে এইটো খণ্ডত আছে৷ দহ নম্বৰ খণ্ডটোত বঙলা পিতেইৰ দৈনন্দিন কাৰ্য-কলাপ সম্পৰ্কে
বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে৷ উদ্ধৱৰ প্ৰসংগ এইটো খণ্ডত পুনৰ আহিছে৷ উদ্ধৱৰ বঙলখন এবাৰ চাই আহিবলৈ মন৷ কিন্তু তাৰ দায়ৱদ্ধতাও অনেক৷ তাৰ মাজতে উদ্ধৱ গৈ বঙল
পাইছেগৈ৷ বঙলত উদ্ধৱৰ চলন-ফুৰন
, তাৰ কাৰ্যকলাপ, বিয়াৰ প্ৰসংগ আদিৰ বিষয়ে এইটো খণ্ডত আছে৷

একাদশ আৰু দ্বাদশ খণ্ডত উদ্ধৱৰ বিয়াৰ প্ৰসংগ আছে৷ বিয়াৰ বাবে কালিন্দীহঁত কামৰূপলৈ
ঘূৰি আহিছে৷ বঙলা পিতেইৰ ককায়েক-ভায়েকহঁতৰ মাজত মাটি-বাৰী ভাগ-বতোৱাৰা হৈছে৷ বৰপুত্ৰ
ইন্দ্ৰনাথক তৰ্কবাগীশ ব্যাকৰণশাস্ত্ৰী পঢ়াবৰ বাবে বেনাৰসলৈ পঠিওৱাৰ প্ৰসংগ
, শান্তি হোৱাৰ আগতে
নিজৰ ছোৱালী নাজিতৰাক 
ইন্দ্ৰনাথলৈ বিয়া দিবলৈ কৰা চিন্তা-চৰ্চা, কালিন্দীয়ে
মনৰ অস্থিৰতাৰ পৰা ৰক্ষা পাবলৈ ধৰ্মপুথি পঢ়াৰ প্ৰসংগ এইটো অধ্যায়ত আছে৷

ত্ৰয়োদশ খণ্ডত জমিদাৰ আৰু পুৰোহিতৰ মাজৰ কেতবোৰ বাক-বিতণ্ডাৰ বিষয়ে আছে৷ এইখিনিত মাটিক
কেন্দ্ৰ কৰি কেতবোৰ সংঘাত সৃষ্টি হৈছে৷ কমিউনিচ নেতা সৌমে ঠাকুৰ আৰু তেওঁৰ
লগৰবোৰে বংগত কৰা আন্দোলন প্ৰতিবাদ
, কৃষকৰ মাটিৰ বাবে কৰা বিভিন্ন কাৰ্যাৱলী, ৰায়গঞ্জ পিপলান পাটপিশু এৰি বঙলা পিতেই  ৰবালৈ গুচি যাবলৈ ওলোৱাৰ প্ৰসংগও এইটো খণ্ডত আছে৷
চতুৰ্দশ খণ্ডত বঙলা পিতেৰ জীয়েক নাজিতৰাৰ বিয়া হৈ যোৱা
, গাঁৱৰ মূল ঘৰখনৰ প্ৰিয়ম্বদাৰ বেমাৰ আৰু বঙলা পিতে খবৰ লবলৈ বুলি কামৰূপলৈ অহা, প্ৰিয়ম্বদাৰ মৃত্যু, বঙলা পিতে পুনৰ বঙললৈ ঘূৰি অহা আৰু সেই স্থান একেবাৰে এৰি যাবলৈ জো-যা চলোৱা,
কোচবিহাৰৰ ৰজাৰ ৰাজকুমাৰী গায়ত্ৰী দেৱীৰ বিয়া, বঙলা পিতেই মন্দিৰৰ কৰ্ম এৰি দি মুক্তি হোৱা আদি বিভিন্ন প্ৰসংগ আছে৷

পঞ্চদশ খণ্ডত পিতেৰ বাল্যবন্ধু নিত্যহৰিৰ বিয়াৰ সময়ত পৰুৱাই পোৱা ঘটনাৰ
প্ৰসংগ আছে৷ সেইদৰে বঙলা পিতে এসময়ত ৰাজবাৰীৰ জমিদাৰৰ ঘৰৰ ব্ৰাহ্মণ আছিল বুলিও এই খণ্ডত স্মৰণ কৰা হৈছে৷ বঙলা পিতে নিজৰ যজমানি বৃত্তি এৰি নিত্যহৰিৰ ঘৰত থাকিবলৈ লোৱা
, বাঁওপণ্ঠী আন্দোলন, ৰসিক ভাটৰ দৰে বিপ্লৱী কমুনিচ লৰাৰ প্ৰসংগ,  ৰসিকৰ লগত বঙলা পিতেৰ
কথা-বাৰ্তা আদি বিষয়বোৰ আছে৷ আনকি কমুনিচ ল
ৰাবোৰে কৃষক সভা
কুঁহিয়াৰণিৰ মাজত
, পথাৰৰ মাজতহে অনুষ্ঠিত কৰিছিল৷
স্বাধীনতাৰ বাবে কৰা আন্দোলন আৰু গান্ধীৰ প্ৰসংগও এই খণ্ডত আছে৷

ষোল
নম্বৰ খণ্ডত ভানুবিল নামৰ ঠাইত হোৱা বিখ্যাত মানকাৰ বিদ্ৰোহৰ বৰ্ণনা আছে৷ এই খণ্ডত কমুনিচ ল
ৰাবোৰে বঙলা পিতেৰ
চোতালতো কৃষক সভা পাতিছেহি৷ বঙলা পিতেও তেওঁলোকৰ দৃষ্টিভঙ্গী আৰু কাম-কাজৰ লগত এক
হৈ পৰিছে৷ চৰডাঙা
, চাপৰিগংগা আদি অঞ্চলৰ দুখ-দৰিদ্ৰতাৰ
প্ৰসংগ
, বঙলা পিতেৰ ঘৰখনৰ সৈতে সেই অঞ্চলৰ মানুহখিনিৰ
সম্পৰ্ক
, ৰসিক ভাট পুলিচৰ নজৰলৈ অহাৰ প্ৰসংগ, চন্দ্ৰনাথক কোচবিহাৰৰ জেললৈ নিয়াৰ প্ৰসংগ, সময়ৰ
পাকচক্ৰত পৰি কালিন্দীহঁতৰ পৰিয়ালটো পুনৰ দুখীয়া হৈ পৰাৰ প্ৰসংগ এইটো খণ্ডত আছে৷
সোতৰ নম্বৰ খণ্ডত মহাত্মা গান্ধীৰ প্ৰভাৱৰপৰা মুক্ত হৈ একাংশ মুছলমান লোকে কিদৰে
মুছলীম লীগৰ সৈতে একাত্ম হৈ পৰিছিল
, সেই সম্পৰ্কে আছে৷ ভাৰত
বিভাজনৰ সময়ছোৱাত অসমৰ একাংশ মুছলমান লোকে কেনে ধৰণৰ ভূমিকা লৈছিল
, তাৰ আভাস এইটো খণ্ডত দিয়া হৈছে৷ সেই সময়তে লড়কে লেংগে
পাকিস্থান
ধ্বনি অসমতো আনকি শুনিবলৈ পোৱা গৈছিল৷ জমিদাৰী প্ৰথাৰ
বিলুপ্তিৰ বাবে ৰাইজক সজাগ কৰিবলৈ বিপ্লৱী মৌলানা হাচানী অসমলৈ অহাৰ প্ৰসংগ এইটো
খণ্ডত আছে৷

ওঠৰ
নম্বৰ খণ্ডত চন্দ্ৰনাথক বিচাৰি বঙলা পিতে জে
ললৈ যোৱাৰ প্ৰসংগ আছে৷ ঘটনাৰ পাকচক্ৰত
পৰি চন্দ্ৰনাথক ৰাজশাহী জে
ললৈ স্থানান্তৰ কৰা, বঙলা পিতেই সেই জে’ললৈ যাবলৈ কৰা
পৰিকল্পনাৰ বিষয়ে এইটো অধ্যায়ত আছে৷ দিন বাগৰি যোৱাৰ লগে লগে ভাৰতবৰ্ষৰ কোনো কোনো
ঠাইত গান্ধীৰ জনপ্ৰিয়তা কমি অহাৰ কথা-বতৰা ৰসিক ভাটৰ মুখেৰে বঙলা পিতেই শুনিবলৈ
পাইছে৷ চন্দ্ৰনাথক জে
লৰপৰা উদ্ধাৰ কৰিবৰ বাবে বঙলা পিতেই গৈ ইটাহাৰৰ জমিদাৰৰ কাষ
পাইছেগৈ৷ জমিদাৰেও বঙলা পিতেই অসহায় অৱস্থাটো দেখি সহায় কৰিবলৈ মন মেলিছে৷ বিজনী
অঞ্চলৰ জমিদাৰৰ হতুৱাই কোচবিহাৰৰ মহাৰাজ জগৎ দীপেন্দ্ৰ নাৰায়ণদেৱৰ কাণ চোৱাবলৈ
বুলি আশা বান্ধিছে তেওঁ৷ সেইদৰে হিন্দু-মুছলিমৰ মাজত হোৱা সাম্প্ৰদায়িত সংঘৰ্ষৰ প্ৰসংগও
এইটো খণ্ডৰ শেষৰ ফালে আছে৷
 

ঊনৈছ
নম্বৰ খণ্ডত পুনৰবাৰ দেশ বিভাজনৰ কথা অৱতাৰণা কৰা হৈছে৷ আকৌ এবাৰ দেশ বিভাজন হ
ব বুলি জানি একাংশ মানুহে ভাৰতৰ ফালে মাটি-বাৰী কিনি ঘৰ সাজিছেহি৷ উদ্ধৱৰ মানসিক স্থিতি আৰু অৱস্থাটোৰ কথাও
এইটো খণ্ডৰ আন এক গুৰুত্বপূৰ্ণ বিষয়৷ ইতিমধ্যেই মৌজাদাৰণীৰ গা বেয়া হৈ আহিছে৷
উদ্ধৱে মৌজাৰ সমস্ত দায়িত্ব চম্ভালি ল’ লগা হৈছে৷ এই খণ্ডতে ভাৰত-পাকিস্তান ৰাষ্ট্ৰ
দুখনে স্বাধীনতা লাভ কৰিছে৷ বিছ নম্বৰ খণ্ডত ভাৰতৰ স্বাধীনতা লাভৰ পাছত ক্ষমতাৰ
বাবে হোৱা খোৱা-কামোৰা
, নেহৰুৰ ঐতিহাসিক ভাষণৰ কথা আছে৷
ৰিফিউজি ল
ন লৈ ভাৰতলৈ হিন্দুসকল আহিছে৷ সেইদৰে কামৰূপৰপৰা
উদ্ধৱ আহি বঙলা পিতেৰ কাষ পাইছেহি৷ ৰাজনৈতিক কাৰণৰ বাবে চন্দ্ৰনাথৰ মুক্তি হোৱাৰ
আশা ক্ৰমান্বয়ে ক্ষীণ হৈ আহিছে৷ মুঠতে ৰাজনীতিৰ ভাগ-বাটোৱাৰাই ভাৰত-পাকিস্তানক অশান্ত কৰি
তুলিছে৷ এই ধৰণৰ কথা-বতৰাবোৰ এই খণ্ডত মৰ্মস্পৰ্শীভাৱে বৰ্ণনা কৰা হৈছে৷ একৈছ
নম্বৰ খণ্ডত মৌজাদাৰণীৰ মৃত্যু হৈছে৷ বাইছ নম্বৰ খণ্ডত উদ্ধৱৰ পত্নী মণিয়ে
মৌজাদাৰৰ ঘৰৰ দায়িত্বৰপৰা উদ্ধৱক আঁতৰি আহিবলৈ বুজনি দিছে৷ মৌজাৰ চোৱা-চিতা
মৌজাদাৰণীৰ বোৱাৰীয়েক দীপা আইদেৱে কৰিবলৈ লৈছে৷ চন্দ্ৰনাথক উদ্ধাৰ কৰিব পাৰিলেই
বঙলা পিতেৰ পৰিয়ালটো বঙলৰপৰা কামৰূপলৈ গুচি অহাৰ আলচ চলিছে৷
 

তেইছ
নম্বৰ খণ্ডত চন্দ্ৰনাথৰ খালাচৰ বাতৰি আহি পাইছে আৰু চৌবি
নম্বৰ খণ্ডত সি
মুক্তি পাই ঘৰলৈ আহিছে৷ ইতিমধ্যেই ভাৰত-পাকিস্তানৰ বিভাজনৰ কথা শুনি
চন্দ্ৰনাথ আচৰিত হৈ পৰিছে৷ চন্দ্ৰনাথ অহাৰ পাছতেই
  বঙলা পিতেই বঙল এৰিবলৈ যো-জা কৰিছে৷ পঁচিছ নম্বৰ খণ্ডত বঙলা পিতেই বঙল
এৰিছে আৰু গোবিন্দ ঠাকুৰৰ ঘৰত এৰাটি কটাই পুনৰ ভাৰত-পাকিস্থানৰ বৰ্ডাৰলৈ বাট লৈছে৷
অৱশ্যে বাটতেই শাৰিৰীক কাৰণত বঙলা পিতে অৰ্থাৎ অনন্ত ঠাকুৰৰ মৃত্যু হৈছে৷ ছাবিছ
নম্বৰ খণ্ডত বঙলা পিতেৰ মৃত শৰীৰটো নিজৰ ঘৰলৈ লৈ যোৱাৰ বাবে কথা-বতৰা চলিছে৷
বিভিন্ন কাৰণত প্ৰথমতে মৃত শৰীৰটো নিবলৈ বাধা অহা স্বতেও অৱশেষত চন্দ্ৰনাথে
বুঢ়াদিয়া নৈৰ পাৰলৈ বঙলা পিতেৰ শৰীৰটো লৈ গৈছে আৰু তাতেই উপন্যাসখনৰ কাহিনীৰ অন্ত
পৰিছে৷

উপন্যাসখনৰ
প্ৰায়বিলাক খণ্ডতেই কামৰূপ অঞ্চলৰ কথিত ভাষা প্ৰয়োগ কৰা হৈছে৷ চৰিত্ৰসমূহৰ মুখত
কথিত শব্দৰ ব্যৱহাৰে উপন্যাসখনকে এক সুকীয়া মাধুৰ্য আৰু গতিশীলতা প্ৰদান কৰিছে৷
দুই-এটি চৰিত্ৰৰ বাহিৰে বাকী প্ৰত্যেকটো চৰিত্ৰকে নামমাত্ৰ উপস্থাপনৰ দ্বাৰাই
ঔপন্যাসিকে সমসাময়িক সমাজখনৰ বিষয়ে ধাৰণা দিবলৈ যত্ন কৰিছে৷ উপন্যাসখনৰ শেষৰফালে
দেশ বিভাজনৰ ফলশ্ৰুতিত বংগত হোৱা অন্যায়
, অনিয়ম, হত্যা, প্ৰতিবাদ আদিৰ বৰ্ণনাৰ লগতে নতুনকৈ দেশ হিচাপে স্বীকৃতি পোৱা ভাৰতবৰ্ষৰ
পুলিচৰ শাসন ব্যৱস্থাটোৰ প্ৰসংগও আহি পৰিছে৷
 

ভাৰতবৰ্ষৰ
ৰাজনৈতিক ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ যুগক ধৰি ৰাখিবলৈ উপন্যাসখনৰ কাহিনীভাগ সক্ষম
হৈছে৷ বিষয়ৰ পুংখানুপুংখ বিৱৰণ বহু সময়ত আমনিদায়ক হৈ পৰিছে যদিও এই বিৱৰণ সামাজিক
উপন্যাসৰ এটি মূল বৈশিষ্ট্যও৷ অতীতৰ সমাজ এখন বৰ্তমানৰ পাঠক সমাজৰ মাজলৈ বাস্তৱতাৰ
ভিত্তিত উপস্থাপন কৰিবলৈ বিৱৰণধৰ্মিতাই যে মুখ্য সমল হৈ পৰিব পাৰে
; ‘বঙল বহু দূৰ
উপন্যাসখন ইয়াৰ উৎকৃষ্ট উদাহৰণ৷

ঠিকনা :

গৱেষক ছাত্ৰ,

গুৱাহাটী বিশ্ববিদ্যালয়,

ভ্ৰাম্যভাষ : ৮৭৫১৯৪৩৩৮৭