Tag সংগীত

অৱগাহন

 পাপৰি গোস্বামী     গংগাধৰৰ  দুয়োপাৰৰ ঘাটত থকা  ডাঙৰ নৌকা দুয়োখনেই ‘বৰ বাড়ি’-ৰ নৌকা। তলীখন পুৰঠ জাম কাঠৰ আৰু কাষ দুটা শাল কাঠৰ। টিং দুটা ৰঙা আৰু হালধীয়া ৰঙেৰে বোলোৱা। দুয়ো কাষে পিতলৰ ঝুনঝুনি লগোৱা। যথেষ্ট মজবুতিৰে  নৌকা দুখন সাজিছিল…

ইণ্টাৰনেটৰ পৃথিৱীত নৱপ্ৰজন্মৰ ভৱিষ্যত

ঋত্বিক পৰাশৰ                                      “অভাৱেই আৱিস্কাৰৰ মূল”। বৰ্তমানৰ যুগটো হৈছে প্ৰযুক্তিবিজ্ঞানৰ যুগ। এই প্ৰযুক্তিবিজ্ঞানৰ যুগটোত ইণ্টাৰনেটৰ গুৰুত্ব অধিক। ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এটা অত্যাধুনিক…

মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ (Medical Representative) চাকৰি

 ড° বুলজিৎ বুঢ়াগোহাঁই   বৰ্তমান যুগত মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ (Medical Representative) এটা আকৰ্ষণীয় চাকৰি। এই চাকৰিত কেৰিয়াৰ বৃদ্ধিৰ সুযোগ আছে। মেডিকেল ৰিপ্ৰিজেণ্টেটিভৰ ভূমিকা হ’ল বৰ্তমানৰ সামগ্ৰীৰ চাহিদা সৃষ্টি কৰা বা নতুন সামগ্ৰীৰ প্ৰৱৰ্তন কৰা আৰু লগতে বিতৰক আৰু খুচুৰা বিক্ৰেতাসকলৰ ওচৰত…

এটা মাউথ অৰ্গেন আৰু এজনী জোনাকী পৰুৱাৰ সাধু

ৰশ্মিৰেখা ভূঞা                                   হাতত সাৰে ভৰিত সাৰে জোনাকী পৰুৱাজনীয়ে শোৱা কোঠাৰ দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিল। চোতালৰ শেৱালিজোপা জোনাকে উপচাই পেলাইছে। দীঘল বাৰান্দাখনৰ হাতল থকা কাঠৰ বেঞ্চিখনৰ…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (৪)         মলেঁয়া জাতত হোৱাইট ষ্টৰ্ক বা বগা ষ্টৰ্ক। ষ্টৰ্ক পৰিয়ালৰ চৰাইবোৰ বেছ ডাঙৰ হয়। মলেঁয়াও ডাঙৰ হ’ব। বিজ্ঞানীসকলে মলেঁয়াহঁতৰ পৰিয়ালটোৰ বৈজ্ঞানিক নাম দিছে Ciconia ciconia। এইটো পৰিয়ালৰ চৰাইবোৰৰ পাখি ঘাইকৈ বগা যদিও ডেউকাৰ পাখিৰ বৰণ…

অন্য সৰিয়হডৰা

এম. কামালুদ্দিন আহমেদ   চপৰাবোৰ তেওঁৰ চকুলৈ আহে বাস্তৱত আনকি সপোনতো   চপৰাবোৰ ভাগি যায় ভাগি যায় হালধীয়াৰ সপোন তাত নাথাকে   কেতিয়াবা বোকা আৰু বোকা তাৰ ৰন্ধ্ৰত সোমাই থকা স্বর্ণলিপি   চন্দ্ৰকুমাৰৰ ‘ফুলা সৰিয়হডৰা’ তেওঁ পঢ়া নাই অথচ চপৰা…

যোশীমঠ

বেদান্ত কুমাৰ নাথ  যোশীমঠক লৈ হিন্দুত্বৰ ধজ্জাবাহী ৰক্ষকসকলৰ নীৰৱতাৰ কাৰণ কি? ভাৰতক হিন্দুৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সম্ভৱপৰ চেষ্টা কৰাসকলৰ যোশীমঠক লৈ এনে উদাসীনতাই সকলোকে আচৰিত কৰিছে। নিতৌ হিন্দুত্বৰ এজেণ্ডা লৈ ষ্টুডিঅ’ৰ মজিয়া তালফাল লগোৱা এংকৰসকল, সৰহ সংখ্যক সন্ত-মহন্ত, পৰিৱেশকৰ্মী, চৰকাৰ…

সাগৰলৈ বহু দূৰ

 ছালমা জামান   মই আন্দামান আৰু নিকোবৰৰ এটা দ্বীপলৈ গুচি গলোঁ থৈ গলোঁ মোক সমস্ত ক্লান্তি নামি গল সাগৰৰ ঢৌৰ সতে অহাবোৰ দেখা পালোঁ এডভেন্চেৰাচ মোৱানাই মোক নেদেখিলে যাদুকৰী গ্ৰীণ ক্ৰীচটেলটোৱে লাহে লাহে সাগৰলৈ তললৈ টানিলে দেখিলোঁ সাগৰৰ তলিত নখহা…

ছায়াখেল

মিণ্টুল হাজৰিকা স্বপ্নৰ সেওঁতা ফালি গৈ ওলালোঁ পাৰ চৰায়ে ৰুণ দিয়া পুৱা য’ত আয়ে লেপি-মচি থৈছিল পানীৰ পবিত্ৰতা এটা জেঠীয়ে পানীচোলা গাত লৈ বগাই বংশাৱলীৰ জখলা উৰুলি এটাই আকাশত চাপৰ দি ভাঙিব পৰা নাছিল বতৰীয়া উচাহৰ কঁকাল নোপোৱাৰ হেজাৰটা খতিয়ানে…

আহঁতগুৰিৰ নতুন চিনাকি

 নৱনীতা ভট্টাচাৰ্য্য   আজি কিছুদিনৰ পৰা আহঁতগুৰিৰ এৰা গছকেইজোপা একেবাৰে গপতে ওফন্দিয়ে আছে৷ সিহঁতৰ ফিতাহি মৰা কথা কিনো শুনিবা৷ এদিনটো এজোপা এৰাগছে কৈয়ে পেলালে, “বোলে, আহঁতগুৰিত আমাৰ দৰে বৃক্ষ পাবলৈ নাই!” কথাষাৰ কাৰো হজম নহ’ল, কিন্তু কি কৰিব, আহঁতগুৰিৰ আহঁতগছজোপা…