Tag সংগীত

প্ৰেমৰ বাবে

 পৰাগজ্যোতি মহন্ত   জানিবও পাৰে শেষ হৈ অহা কফিৰ পিয়লাই প্ৰেমৰ বাবে চুমা নে চুমাৰ বাবে প্ৰেম   হ’ল কি নহ’ল সঠিক স্থান ওঁঠযোৰৰ বাচি ল’লে চুমাই তাতে প্ৰাণ অথবা মান   আছেনে ক’ৰবাত এই মূলূকৰ কোনোবা কোণত সহজ কাম…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (৯)         পেৰুনিকা ফুলা বতৰতে ষ্টেপানে কাম কৰা স্কুলঘৰৰ ৰং কৰা কাম যিহেতু সমাপ্ত হৈছিল, স্কুলত সকলো আজৰি হৈ আছিল; সেয়ে স্কুলৰপৰা শিক্ষামূলক ভ্ৰমণ এটাত যোৱাৰ কথা ওলাইছিল। পিছে ক’লৈ যাব? কোনোবা এজনে কৈ উঠিছিল— লঞ্জস্কো…

ৰঘুবংশ

 মূল : মহাকবি কালিদাস অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || পঞ্চদশ অধ্যায় || সীতাক পৰিত্যাগ কৰি ভোগ কৰিলে সেই পৃথিৱীপালকে , কেৱল ৰত্নৰ আকৰ সমুদ্ৰৰ মেখলা পৰিহিত ধৰাকে । কৃতসীতাপৰিত্যাগঃ স ৰত্নাকৰমেখলাম্ | বুভুজে পৃথিবীপালঃ পৃথিবীমেব কেবলাম্|| ১৫-১|| যমুনাতীৰত বাস কৰা…

ভূটানৰ জমতচংখা চহৰত এটি দেওবৰীয়া আবেলি

 অংগনা চৌধুৰী  বৰ্ষণমুখৰ এটি দেওবাৰ৷ ডাৱৰবোৰ পাহাৰৰ চূড়াত আহি ওলমিছেহি৷ আমি ঘৰৰ পৰা পুৱা আঠ বজাত গাড়ীখন লৈ ওলালোঁ দিনটোৰ বাবে৷ গুৱাহাটীৰ পৰা ক’ৰবালৈ যাবলৈ হ’লে যানজঁটৰ পৰা বাচিবলৈ অলপ সোনকালেই ওলাই যোৱা শ্ৰেয়ঃ৷ চাৰে নমান বজাত মংগলদৈৰ ওচৰৰ ৰিপ’জ…

বচা বকুল

 ৰমানন্দন বৰা দ্বিতীয় খণ্ড এক   পশ্চিমফালে আকাশখন সেন্দুৰীয়া হৈ ব্ৰহ্মপুত্ৰৰ পানীখিনিও ৰাঙলী হৈ উঠিছে৷ মাছমৰীয়া নাওবোৰ ক’লা ছায়াৰ দৰে নাচি থকা ৰঙাবিলাকৰ মাজেৰে চলি গৈছে, ইপাৰ-সিপাৰ হৈছে৷ গোনা ম’হৰ ডিঙিৰ টিলিঙাৰ শব্দবোৰ ক্ৰমে ক্ৰমে স্পষ্ট হৈ আহিছে৷ ম’হৰ ডিঙিত…

বিবিবাটাৰফ্লাই

 অংগনা ভট্টাচাৰ্য্য     “অ’ চিত পখিলা         অ’ চিত পখিলা মোৰ দৰে ধুনীয়া ছোৱালী         আৰু ক’ত দেখিলা?”      ভৈৰৱীয়ে আইনাত নিজকে চাই-চাই কথাষাৰ গানৰ দৰে গাই থাকিল৷ আইনাত জিলিকি উঠা তাইৰ প্ৰতিবিম্বটোক আঙুলিৰে টুকুৰিয়াই তাই “ক’তো…

অসমত আজিৰ তাৰিখৰ শিল্পচৰ্চা

সপোনজ্যোতি ঠাকুৰ (অন্যযুগ বক্তৃতা, ২০২৩)             মই পণ্ডিত মানুহ নহয়৷ পণ্ডিতসকলেহে ভাষণ দিব পাৰে বা এনে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ শোভাবৰ্ধন কৰিব পাৰে৷ মই শৃংখলাৱদ্ধ, অকাডেমিক (বিদ্যায়তনিক) কথা ক’ব নোৱাৰোঁ৷  সেই ধৰণৰ চৰ্চা মোৰ নহ’ল৷ পাণ্ডিত্যপূৰ্ণ শৃংখলাৱদ্ধ ভাষণবিলাক একোখন পেইণ্টিঙৰ…

এদিনাখন অন্ধ কুকুৰণী

অনুভৱ তুলসী   আন কাৰোবাক লগ পাবলৈ যোৱাৰ দিনা সময় আৰু স্থান নিৰ্দিষ্ট কৰি যোৱাৰ দিনা হঠাতে সকলো সলনি হৈ গ’ল সলনিৰ নাটকীয় পট পৰিৱৰ্তন এই অনিৰ্দিষ্ট সময়ৰ অন্ধ বাটৰুৱা এই কুকুৰণী আহি আছিল অনিৰ্দিষ্ট সংবেদৰ স্থান-কালৰ কিবাকিবি শুঙি শুঙি…

হীৰাগুড়ি পাহাৰৰ দেৱতা

 বিদিশা দত্ত  (৩)  দিনবোৰ পাৰ হৈ গৈ আছে। সভাখনৰ দিন-বাৰ দেৱতাই ঘোষণা কৰেহে লাগে। ইফালে ৰংচঙীয়া পাখিটো ভুচু নে গুবুৰ ভাগত পৰিব, কাকৈয়ে এতিয়ালৈকে ঠিকেই কৰিব পৰা নাই।  “এনেকৈ থাকিলে নহ’ব। কিবা এটা হেস্ত নেস্ত কৰিবই লাগিব।”- কাকৈয়ে ভাবিলে। তেনেতে…

ইতিহাস এষণা : গৰমা কুঁৱৰী

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   গৰমা কুঁৱৰী অসমৰ ইতিহাসৰ এক অতি বিতৰ্কিত নাৰী চৰিত্ৰ৷ এই চৰিত্ৰটোৰ বিষয়ে উত্তৰ গুৱাহাটীৰ সুকুমাৰ মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা অসম বুৰঞ্জীত সবিশেষ উল্লেখ পোৱা যায়৷ এইখন প্ৰাচীন বুৰঞ্জীত উল্লেখ কৰা মতে এই কন্যাগৰাকীৰ জন্মসূত্ৰে…