Tag সংগীত

ভোমোৰা আৰু গুবৰুৱা

 ক্ষিপ্ৰকল্প গগৈ   এদিন এটা গুবৰুৱাই গোবৰ খুঁচৰি আছিল। তেনেতে সি তাৰ কাষেদি ক’ৰবালৈ উৰি যোৱা এটা ভোমোৰাক দেখা পালে। ভোমোৰাটোক দেখি গুবৰুৱাই মাত লগালে, “হেৰা ভোমোৰা ককাই, কোনফালেনো ওলালা ভোঁ–ভোঁৱাই?” ভোমোৰাই উত্তৰ দিলে, “মই ফুলৰ মৌ খাবলৈ যাওঁ।” গুবৰুৱাই আচৰিত হৈ সুধিলে, “ইনো…

বাহুবলী ভীম

 নৱনীতা ভট্টাচাৰ্য্য   (১)   “ভীম ভীম নকৰিবি ভীমৰ আগত, হাড়া-মূৰা ভাঙি দিম গদাৰ কোবত।”- বনীয়ে প্লাষ্টিকৰ গদাটো হাতত লৈ ভীমৰ ভাও ধৰি ধৰি মাকৰ ওচৰ পালেহি। মাকে বনীক দেখি গাখীৰৰ গিলাচটো মেজখনত ওপৰত থৈ ক’লে, “ভীম! গদাটো থৈ গাখীৰ…

ক্লিনিকেল ৰিছাৰ্চ (Clinical Research)

ড° বুলজিৎ  বুঢ়াগোহাঁই ক্লিনিকেল ৰিছাৰ্চ (Clinical Research) হৈছে চিকিৎসা বিজ্ঞানৰ এটা শাখা, যিয়ে মানুহৰ ব্যৱহাৰৰ বাবে নিৰ্ধাৰিত ঔষধ, চিকিৎসা সামগ্ৰী, ৰোগ নিৰ্ণায়ক সামগ্ৰী আৰু চিকিৎসা পদ্ধতিসমূহৰ সুৰক্ষা আৰু কাৰ্যক্ষমতা অধ্যয়ন কৰে। এই গৱেষণা সাধাৰণতে মানুহ স্বেচ্ছাসেৱকৰ ওপৰত পদ্ধতিগতভাৱে সম্পাদিত হয়,…

কেতেকী

 অৰুণ গগৈ                   জৰা হৈ জকমকায়  লাউ হৈ লতা বগায় ফুল হৈ ইনাই বিনায় “হাতো নেমেলিবি ফুলো নিছিঙিবি”   বিধাতাই বিধৱা কৰা  বাঁৰী তিৰোতাৰ কথা কৈ  ওৰেৰাতি সাৰে ৰয় বন কেতেকী   এৰাবাৰীৰ এৰাপৰলীয়া জুপুৰিটো টিপচাকিৰ পোহৰত কঁপি থাকে এপদ…

শনিবাৰ

 উদয় কুমাৰ বৰুৱা   উচ্ছ্বল সময়েও নকয় সকলো কথা চিত্ৰকল্পৰ দৰে নিৰ্জন নৈসৰ্গিক বুলি আচলতে দেওবাৰটোক অনন্য ৰূপত সজাই তুলিবলৈকে শনিবাৰৰ এই ব্যস্ততা   শনিবাৰে ঘৰমুৱা যাত্ৰীৰ  মুখবোৰ অনামী এক কান্তিয়ে ঢৌৱাই যায় (সেইদিনা চিটীবাছ, মেজিক আনকি নৈশ বাছবোৰো যেন…

নিবৃত্তি

 বেদান্ত নাথ   : অকলশৰীয়া ছোৱালী এজনীৰ ওচৰত মতা‌ মানুহ এজন অনবৰতে সোমাই থকাটো‌ ভাল নেদেখি৷ এইটো‌‌ এটা ৰেছিডেনশ্বিয়েল এৰিয়া৷ কাষৰ মানুহবোৰেও কথাটো‌ মন কৰিছে৷  ঘৰৰ মালিকৰ ধীৰ অথচ বজ্ৰ কঠিন কথাকেইটাই বিদিশাৰ কাণত‌ যেন‌ গৰম লোহাহে ঢালি দিলে৷ তীব্ৰ অপমান আৰু লাজত তাই‌ যেন সেই মুহূর্ততে…

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১১

 (পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী কোঠাৰ ভিতৰৰ পৰিৱেশ৷ বিছনাত জৰ্জ বেকাৰ৷ পুতলা ঘৰ এটি হাতলৈ তুলি ডলী গুপ্তাই গাইছে—মন কুল-উপকুল/ বিশাল সাগৰত/ আশাৰে ঘাট হ’ম…আশাৰে/ আশাৰে সজালো ঘৰ/ দুয়োৰে সপোন সানি/ জীৱন সোণালী আমাৰ/ যদি ধুমুহা আহে…/৷…

নাও বাই বাইজেনটিয়ামলৈ

  মূল :  W.B. Yeats অনুবাদ : অনুভৱ তুলসী এইখন বুঢ়া-মেথাৰ দেশ নহয়৷ ডেকা-গাভৰু, যৌৱন ভৰুণ ইটে সিটে বাহুবন্ধনত, গছত চৰাই –সৌ মৃত্যুমুখী প্ৰজন্ম যত –গীত-মাত মুখৰ পাহাৰী-প্ৰপাতী চামন, মেকৰেল মেটমৰা সাগৰ উৰণ বুৰণ গজন ভ্ৰমণ, জীৱ মাত্ৰকে কৰ্মমগন হৈছে যত সৃজন, জন্মবেলা জন্মে, মৰণপৰত মৰে সব উদাসী…

অনসুয়া আৰু বিজয়া

মূল :  W.B. Yeats অনুবাদ : অনুভৱ তুলসী [স্বৰ্ণযুগৰ ভাৰতৰ সৰুকৈ এটি মন্দিৰ৷ গাতে গা লগাই এখন উপবন, গাতে গা লগাই এক অটৱী৷ অনসুয়া সেই মন্দিৰৰ গাভৰু পূজাৰিণী, পূজাভংগীত নতজানু]   অনসুয়া : দিয়া দিয়া শান্তি এই ধৰণীক, দিয়া শান্তি হালি জালি থকা ধানৰ ঠোকক৷…

দ্বিতীয় আগমনি

  মূল : ডব্লিউ বি য়েটছ অনুবাদ : ড° ৰঞ্জিত দত্ত বৃত্তাকাৰে ঘূৰি ঘূৰি লাহে লাহে বহল হৈ গৈছে সাগৰীয় ঢৌবোৰ, গঙ্গাচিলনীজনীয়েও  শুনা নাই এতিয়া তাইৰ প্ৰশিক্ষকৰ নিৰ্দেশনা। সকলোৰে অৱক্ষয় হৈছে পৃথিৱীখনেও এতিয়া  ধৰি ৰাখিব পৰা নাই একোকে, নিয়মবিহীনতাই কুটিকুটি খাইছে…