Tag শিক্ষা

ৰ’দে বৰষুণে কিমান যে গান

 লোকনাথ গোস্বামী মন দাপোণত-১২               তেজপুৰ আৰু বিষ্ণু ৰাভা দিৱস :  (১)  বিষ্ণু ৰাভাৰ মৃত্যুৰ সময়ত আমি মেট্ৰিক পৰীক্ষা দি উঠি অনাই-বনাই ঘূৰি ফুৰাৰ কথা ইতিমধ্যে উল্লেখ কৰি আহিছোঁ৷ শিল্পীগৰাকীৰ মৃত্যুৰ বছৰত তেজপুৰত তেওঁৰ সোঁৱৰণত কোনেও কিবা অনুষ্ঠান বা…

বিনিৰ্মাণ

 অংকিতা বৰুৱা   পুহমহীয়া এটা সেমেকা পুৱা৷ ঠেঁটুৱৈ ধৰা জাৰত ডাঠ শ্বল এখন মূৰে-গায়ে লৈ মই বাইদেউৰ মুখলৈ চাই বহি আছোঁ৷ তেখেতে ইমান ঠাণ্ডাতো এটা হাউচক’টৰ বাদে আন একো উমাল কাপোৰ পিন্ধা নাই৷ ফেৰফেৰীয়া বতাহজাকে মোৰ হাড়লৈকে কঁপাইছে৷ অথচ বাইদেউক…

ঋতু হেমন্ত

হিল্লোলজ্যোতি সিংহ   (হেমন্ত দত্তদেৱলৈ শ্ৰদ্ধাঞ্জলি)   হেমন্তলৈ নৰৈ ভৰ বাৰিষাতে গুচি গ’লগৈ তেওঁ   শাওনৰ আজি পঁচিছ সঁজাল ধৰা কঠিয়াবোৰ পকিবলৈ আৰু তিনি মাহ বাকী   তেওঁ ৰচি যোৱা গীতবোৰে ৰাউচি জুৰিছে…   বলুকাত শৰালিৰ ছাঁ * দেখুৱাই গছ-বনক…

মাক-কথা

 (Unfolded Stories of a Mother) ৰত্নোত্তমা দাস বিক্ৰম (যোৱা সংখ্যাৰ পাছৰপৰা) অৱশেষত চেবাস্তিয়েন আৰু থিঅ’ আহিল৷ সুদীর্ঘ সাত বছৰৰ মূৰত মই আৰু মোৰ ফৰাচী বন্ধুটিক আকৌ লগ পালোঁ৷ উল্লেখ কৰিছোঁ যে সেয়া আছিল এপ্রিল মাহ৷ এপ্রিল মাহত দিল্লীত গৰম ভালকৈয়ে…

বাহুবলী ভীম

  নৱনীতা ভট্টাচাৰ্য্য (৫) ভীম-হনুমানৰ মিলন প্রতিশ্রুতি অনুসৰি মাকে সিদিনাখন বনীৰ আগত ভীম আৰু হনুমানৰ মিলনৰ কাহিনীটো ক’বলৈ আৰম্ভ কৰিলে- তেতিয়া পাণ্ডৱসকল পাশাখেলত হাৰি বনবাস খাতি আছিল৷ তেওঁলোকে নানা ঠাই ঘূৰি ফুৰি তেতিয়া বদৰিকাশ্ৰমত প্ৰৱেশ কৰিছিল৷ সেইসময়তে এদিন বতাহে উৰুৱাই অনা…

পানী হিলৈ

  গোৱিন কুমাৰ খাউণ্ড (যোৱা সংখ্যাৰ পৰা) মৃগাংকৰ মুখৰ পৰা ভেলেককৈ মদৰ গোন্ধটো গৈ মিলিটেৰীৰ নাকত লাগিল। মিলিটেৰীয়ে মুখখন বিকটাই দিলে। অসংযতভাৱে মৃগাংক ভিতৰ সোমাই গ‘ল। চাকিটো হাতত লৈ পিছে পিছে সোমাই গ‘ল মিলিটেৰী।  ‘তাতে শুই দে।‘ চাকিটো থৈ মিলিটেৰীয়ে…

কেৰিয়াৰ গঢ় দিয়াত কিতাপ পঢ়াৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই   মানুহৰ জীৱনত কেৰিয়াৰ এক গুৰুত্বপূৰ্ণ অধ্যায়৷ কেৰিয়াৰ মানে কেৱল এখন চাকৰিৰ সীমাত সীমাৱদ্ধ নহয়; ই মানৱ জীৱনৰ লক্ষ্য, জীৱন পদ্ধতি আৰু সমাজত নিজৰ স্থান নিৰ্ধাৰণৰ মূল স্তম্ভ৷ কেৰিয়াৰ গঢ়াৰ ভেঁটি হৈছে শিক্ষা, আৰু কিতাপ পঢ়াই হ’ল…

অজিত ছিংনাৰৰ গল্পত জনজাতীয় সমাজ

 (‘গুৰিয়াল’ আৰু ‘কুৰকেপন’ৰ বিশেষ উল্লিখনেৰে) বিশ্বজিৎ শইকীয়া     অসমীয়া সমাজ জীৱনত ইতিহাসে ঢুকি নোপোৱা কালৰ পৰাই জনজাতীয় উপাদানৰ উপস্থিতিৰ উমান পোৱা যায়৷ এই বিশেষত্বই অসমীয়া সমাজ খনক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে৷ সাহিত্যৰ মাজেদি এখন সমাজৰ প্ৰতিচ্ছবি প্ৰতিফলিত হয়৷ অসমীয়া…

নাস্তিক ভগৱানজনৰ সশ্ৰদ্ধ স্মৃতিত

  মানুহ আৰু অমানুহ অৰ্থাৎ পশু-পক্ষীৰ মাজত কোনো প্ৰভেদ নাই, এইষাৰ কথা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কোন কাহানিবাতে কৈ গৈছে৷ মানুহৰ সমাজত ঘাইকৈ ধৰ্মক লৈ পৃথকতাবাদৰ বিপৰীতে প্ৰায় একে কথাকে কৈ গৈছে আজান ফকীৰে ‘মোৰ মনত ভেদ ভাব নাই অ’ আল্লা’,…