Anyayug Contributor হিল্লোলজ্যোতি সিংহ

ঋতু হেমন্ত

হিল্লোলজ্যোতি সিংহ   (হেমন্ত দত্তদেৱলৈ শ্ৰদ্ধাঞ্জলি)   হেমন্তলৈ নৰৈ ভৰ বাৰিষাতে গুচি গ’লগৈ তেওঁ   শাওনৰ আজি পঁচিছ সঁজাল ধৰা কঠিয়াবোৰ পকিবলৈ আৰু তিনি মাহ বাকী   তেওঁ ৰচি যোৱা গীতবোৰে ৰাউচি জুৰিছে…   বলুকাত শৰালিৰ ছাঁ * দেখুৱাই গছ-বনক…

ছাই সত্য

হিল্লোলজ্যোতি সিংহ   মোক জ্বলোৱাৰ পাছত মোৰ ছাইখিনি নৈত উটুৱাই নিদিবা শেষ ৰাতিলৈ কমাটোৰ দৰে তাত শুই থাকক কুকুৰ এটা অন্ততঃ মোৰ উমক অৱজ্ঞা নকৰিব সি ফুটছাইখিনি বেঙেনাপাতৰ ওপৰত ছটিয়াই দিবা বেঙেনা ফুলে অন্ততঃ কিছু সময়লৈ গাব মোৰ বিষাদ গাঁথা…

ৰাতিৰ কথা

 হিল্লোলজ্যোতি সিংহ   ৰাতিটোৱে গজালি মেলে গধূলি তুলসীতলৰ চাকিটো জ্বলি উঠাৰ সময়ত মগৰীবৰ আজানৰ সুৰটোও ভাহি আহে চোতালত ঢাৰি পাতি পোনাকণে নেওতা মতাৰ তালে তালে এখিলা দুখিলা তাৰ পাত গজে জিলিৰ মাতৰ লগে লগে লহপহীয়াকৈ বাঢ়ে কুমলীয়া দেহা   দুপৰ…

তোমাৰ চহৰ

মূল (বাংলা) : ড° নিমৰ্ল দেবনাথ, ত্ৰিপুৰা অনুবাদ : হিল্লোলজ্যোতি সিংহ   তোমাৰ চহৰে আজিও পুৰণি আঘাতৰ দাগ মচি পেলাব জনা নাই এতিয়াও অলপমান দেৱালত ৰৈ গৈছে সোঁৱৰণিৰ আঁচোৰ, ফলা পোষ্টাৰ প্লাষ্টাৰ খহি পৰা পুৰণি দিনৰ সাধু।   তোমাৰ চহৰে…

মুম্বাইৰ তিব্বতীজন

 মূল ইংৰাজী : তেনজিন চুনদিউ অনুবাদ : হিল্লোলজ্যোতি সিংহ   মুম্বাইত বাস কৰা তিব্বতীজন বিদেশী নহয় চাইনীজ ৰেস্তোঁৰাৰ তেওঁ এজন ৰান্ধনি কোনোবাই ভাবে বেইজিঙৰ পৰা পলাই অহা তেওঁ এজন চীনা   পেৰেল দলঙৰ ছাঁত তেওঁ জহকালি ছুৱেটাৰ বেচে আনে ভাবে…

ভাৰসাম্য

 হিল্লোলজ্যোতি সিংহ   মাটিৰ গভীৰ আন্ধাৰৰ পৰা পিয়াসী শিপাই খেপিয়াই  শুহি লয় খনিজ-পানী   পাতে হাত মেলি আকাশলৈ চকুত সানি লয় সূৰ্য   চুলিশিপাৰ পৰা কুঁহিপাতৰ আগলৈ পানীনলৰ মাজেৰে প্ৰবাহিত প্ৰাণ   স্থিৰ অথচ গতিময়তাৰ দুভাগ শৰীৰ ভূমিৰ ওপৰ-তলত এক…

জীৱন জ্যামিতি

হিল্লোলজ্যোতি সিংহ   কথা আছিল দুয়ো একেলগে যোৱাৰ   খৰ খোজেৰে মোতকৈ আগবাঢ়ি গ’লাগৈ তুমি   তুমি যোৱা বাটেৰে তোমাৰ পিছে পিছে তোমাক অনুসৰণ নকৰোঁ মই ৰম্বাচৰ কৰ্ণৰে তোমাৰ আগত গৈ ওলাম আৰু ৰৈ থাকিম আলি-কেঁকুৰিত   জীবলৈ শিকিছোঁ জ্যামিতি…

প্ৰাকৃতিক-অপ্ৰাকৃতিক

 হিল্লোলজ্যোতি সিংহ দুছেও কৰিলেও কেইদিনমানৰ পাছতেই মূৰ দাঙি থিয় হয় কচুৰ কুমলীয়া পাত মাঘতে হওক বা বহাগত   কেইবামাহো পৰি থকা কুন্দাটো আঁতৰোৱাৰ পাছত শৰ দৰে শুই থকা হৰিৎকণাহীন ঘাঁহবোৰ আকৌ সেউজীয়া হয় জাৰতে হওক বা বাৰিষাত   আপোনাৰ ফোন…

মোৰ দেশৰ মাটিৰ কথা

হিল্লোলজ্যোতি সিংহ   আলতীয়া মাটিৰ পোৰা গোন্ধে কঠিন কৰে মাটিৰ চাকি শলিতাৰ জুইৰ তাপ সহিব পৰাকৈ   পালপাৰাৰ কুমাৰৰ আজি চাকত নুঘূৰে কেঁচা মাটিৰ বিভিন্ন অবয়ব কুমলীয়া কলচী আশাৰীকান্দিৰ পুতলাই নকয় বত্ৰিছ পুতলাৰ সাধু   মাটিৰ মানুহ খগেন মালীৰ হাতত…

ধ্ৰুৱসত্য

 হিল্লোলজ্যোতি সিংহ   (ড° ধ্ৰুৱজ্যোতি চৌধুৰীৰ সোঁৱৰণত)   চাওঁ, তোমাৰ হাতখনত ধৰোঁ এবাৰ শ্বৰ্ট মিডউইকেটত ফিল্ডিং কৰা সেই দুখন শক্তিশালী হাত যিয়ে তুলি আনিছিল নিৰাশাৰ চাকনৈয়াত ককবকাই থকা কিমানৰ হাত   তোমাৰ আধামেলা ওঁঠ দুখনিৰ মাজত মই দেখা নাই চিগাৰেট…