Anyayug Contributor (সম্পূৰ্ণ উপন্যাস) অৰ্পিতা বৰঠাকুৰ মিশ্ৰ

মাধৱী

(সম্পূৰ্ণ উপন্যাস)অৰ্পিতা বৰঠাকুৰ মিশ্ৰ খণ্ড- ১       বহুবৰ্ণ সুবাসিত পুষ্পগুচ্ছৰে সজ্জিত কৰি তোলা হৈছে ৰাজপ্ৰাসাদ৷ প্ৰাসাদৰ প্ৰতিটো কোণ, প্ৰত্যেক কক্ষ যেন নৱনিৰ্মিত সৌন্দৰ্যৰ ভৰত উপচি পৰিছে৷ স্বৰ্ণবৰ্ণা, সমুজ্জ্বল সুকোমল  বস্ত্ৰৰে আচ্চাদিত হৈছে প্ৰত্যেক প্ৰৱেশদ্বাৰ, প্ৰত্যেক খিৰিকি৷ পদূলিৰ সিংহদ্বাৰৰ পৰা  চৌদিশে ৰঙৰ পোহাৰ মেলি সুশোভিত  ৰাজঅন্তেষপুৰী৷…