কোনোবাই কৈছিল
ধ্ৰুৱকুমাৰ তালুকদাৰ কোনোবাই কৈছিল- সঠিক সময়ত বৰষুণ নহ’ল সেইবাবেই অসময়তে ধানবোৰ পকিল পতান ওলাল… আমি সদায় সঠিক সময়ৰ অপেক্ষাত থাকোঁ লগ্ন চাই ঘৰৰ খুঁটা পোতোঁ তথাপি জুই লাগে বৰষুণ পৰে পকি মজিয়াত পিছলি পৰোঁ বাৰে বাৰে- কোনোবাই…
ধ্ৰুৱকুমাৰ তালুকদাৰ কোনোবাই কৈছিল- সঠিক সময়ত বৰষুণ নহ’ল সেইবাবেই অসময়তে ধানবোৰ পকিল পতান ওলাল… আমি সদায় সঠিক সময়ৰ অপেক্ষাত থাকোঁ লগ্ন চাই ঘৰৰ খুঁটা পোতোঁ তথাপি জুই লাগে বৰষুণ পৰে পকি মজিয়াত পিছলি পৰোঁ বাৰে বাৰে- কোনোবাই…
ধ্ৰুৱকুমাৰ তালুকদাৰ জীৱনক, মই নমস্কাৰ কৰিলোঁ৷ ক’লো, আহা মোৰ লগত বহা অকনমান সময়৷ আমি দুয়ো বহিলোঁ ওচৰা-উচৰিকৈ প্ৰায় গাতে গা লগাকৈ – আমি দুয়ো বহুপৰলৈ মনে মনে থাকিলোঁ মই কিবা এটা ক’ব খুজিলোঁ নাই, থাকক পিছতো ক’ব পাৰিম!…
ধ্ৰুৱকুমাৰ তালুকদাৰ মোৰ ভগা বাকচটোৰ ছটা চোলাৰ মাজত এটা চোলা আছিল দুখৰ- এদিনাখন জেপত পইছা নথকা কাৰণে মই সেই চোলাটো আনিছিলোঁ ৰাতিৰ বজাৰৰ পৰা আৰু বাকচত ভৰাই ৰাখিছিলোঁ মাৰ চকুত নপৰাকৈ মই যেতিয়াই সেই চোলাটো পিন্ধো তেতিয়াই…
ধ্ৰুৱকুমাৰ তালুকদাৰ বতাহে বাট হেৰুৱাই মোৰ পিছে পিছে আহিছে… তাৰ হাতত শগুনৰ চিঠি মই পঢ়িব নাজানো, লিখিবলৈ শিকা নাই আখৰ মানুহ মৰি যাম, মৰাৰ পাছত থাকিব কি নিজৰ বুলি যি আছে হাড়-ছাল-মঙহ জুয়ে পুৰিব… সত্যত থাকোঁ, সত্য…
ধ্ৰুৱকুমাৰ তালুকদাৰ কোনেও নুশুনা এটা চিঞৰ মোৰ কাণত সোমাবলৈ ৰৈ আছিল … বাৰিষাৰ এটা ৰাতিপুৱা মই শেতেলি এৰাৰ আগতে চিঞৰটো আহিছিল দৌৰাদৌৰিকৈ মই এৰি অহা গাঁওখনৰ ঘৰবোৰ ভাঙি যোৱা মানুহখিনিৰ মাজৰ পৰা – মই চিঞৰটোক চিনি পাইছিলোঁ একেবাৰে…
ধ্ৰুৱকুমাৰ তালুকদাৰ মই নাথাকিলোঁ, এটা গান আছিল মোৰ বাটত মই তাৰ কাষেৰে পাৰ হৈ গুচি আহিলোঁ দেখিছিলোঁ, গানটোৰ দুটোপাল চকুপানী সৰি মাটিত পৰিছিল মই নেদেখাৰ ভাও লৈ চহৰখনৰ ব্যস্ত গলিটোৰে সোমাই আহিলোঁ – কান্দিব পাৰে সকলোৱে হঁহাহে নেদেখোঁ কাকো……
ধ্ৰুৱকুমাৰ তালুকদাৰ ধূলিৰ তৰপবোৰ মচি আছোঁ- দুৱাৰখন বন্ধ কৰিবলৈ মন নাযায় হয়তো কোনোবা আহি ওলাব কেইটামান মহ মাখি হয়তো এজনী মেকুৰী… মকৰাৰ জালবোৰ চাৰিওফালে আছে মকৰাবোৰ নাই বিছনাৰ তলত ঘূণৰ গুড়ি ঘূণপোকবোৰ নেদেখোঁ- বাহিৰত ৰ’দ খেলাবোৰ চাই থাকোঁ বতাহ আৰু…
ধ্ৰুৱকুমাৰ তালুকদাৰ (এক) ।।বিছা।। পাত তুলি থাকোঁতে লছ্মীৰ হাতত উঠিল এটা ৰঙা বিছা পিঠিৰ খৰাহিটো থেকেচি থৈ তাই দৌৰ মাৰিলে লাইনৰ ফালে— ঠিক তেতিয়াই চাহপাতবোৰ উৰি আহিল মোৰ গৰম পানীৰে উপচি থকা পিয়লাটোত তিতিবলৈ… ক’ৰ পৰা…
ধ্ৰুৱকুমাৰ তালুকদাৰ কুৱঁলীবোৰৰ মাজৰ এটা গলিয়েদি চহৰখনে মোক বিচাৰি আহিছে – লাহে লাহে আন্ধাৰ হৈ পৰা বোকাময় পথাৰ এখনৰ মাজত হাতত কঠিয়া এমুঠি লৈ মোলৈ ৰৈ আছিল আই… চহৰখনে মোক বিচাৰি পোৱাৰ আগতে মই মোৰ ঘৰৰ দুৱাৰত…
ধ্ৰুৱকুমাৰ তালুকদাৰ নভবাকৈয়ে কিছুমান সময় আহে ঘড়ীটো বন্ধ হৈ আছে আন্ধাৰৰ মাজত এৰি থৈ অহা সপোনবোৰত এটা দুটাকৈ ফুলবোৰ ফুলিবলৈ ধৰিছে… ভালপোৱাৰ নামত মই যি কথা শিকিলোঁ তাত কেৱল খোজৰ চিনবোৰহে আছে বাট মুকলি কৰাৰ কৌশলবোৰ নাই বহুতে…