Anyayug Contributor দেৱাশিস বুঢ়াগোহাঁই

আহিব লগা প্ৰতিটো ফাগুনে ক’ব

দেৱাশিস বুঢ়াগোহাঁই   কাঞ্চন ফুলিছে শিমলু-তুলা উৰিছে ডাঙৰকৈ নক’বা বাহিৰে-ভিতৰে পাতল হৈ পৰিছোঁ এই উৰি যাওঁ, উৰি যাওঁ   মনৰ ভিতৰত trending-ত থকা cringe গান এটা বাজি আছে পুৱতি নিশা পূৰ্ণচন্দ্ৰৰ জোনাক গছৰ ফেৰেঙনিৰে, ভেণ্টিলেটৰেৰে বগুৱা বাই মোৰ কোঠাত সোমাইছে…

দুপৰীয়া দুচটা ৰূপালী ডাৱৰৰ টুকুৰা

দেৱাশিস বুঢ়াগোহাঁই তৰাং পুখুৰীটোৰ সিপাৰে বাঁহনিজোপাৰ গুৰিতে বহি আছে উদং এটা দুপৰীয়া৷ এইপাৰত এজুপি বালিচঁহীয়া বগৰী বগৰীজোপাই বেঙা মেলি মেলি চাই বতাহত উৰি ফুৰা ল’ৰাজাক বল খেলিবলৈ আহিছে বা নাই! গা চমচমোৱা দুপৰ জিলিৰ ঝিলিক দুপৰ শুকান পাতৰ খৰমৰণি— ৰাতিৰ…

প্রাণ কপোঁৱা আন্ধাৰ, হঠাৎ স্ফুলিংগ… ইত্যাদি

দেৱাশিস বুঢ়াগোহাঁই এজন কবি আহিছিল, হাতত আধালিখা কবিতা এটা কবিতাটোৰ দুটামান শাৰীত আছিল বাল্মীকিৰ আখৰ দুটামানত হ’মাৰৰ দুটামানত বাইৰনৰ (জঁপিয়াই থকা, তেজাল) দুটামানত নেডাৰ (স্ফুলিংগযুক্ত) শেষলৈ ৰিণি ৰিণি দেখিলোঁ, এটা শাৰী। নহয় এটা ৰিং হৰিৎ প্রান্তৰত হঠাৎ বাজি উঠা ঘণ্টাৰ ধ্বনি… শাৰীবোৰৰ কোনোবাটো— পাখিৰে লিখা, অস্পষ্ট…