চ্যালুইনৰ পৰা লুইতলৈ
ড০ চন্দ্ৰধৰ চমুৱা (পোন্ধৰ) সৈনিক আৰু বণুৱাসকল সাজি-কাচি যাত্ৰা কৰিছে। সৈনিক মানে একেজন মানুহেই সময়ত খেতিয়ক, সময়ত বাঢ়ৈ-খনিকৰ; কেতিয়াবা ভাৰী, কেতিয়াবা চিকাৰী; কেতিয়াবা অশ্বাৰোহী, কেতিয়াবা পদাতিক; কেতিয়াবা নাৱৰীয়া, কেতিয়াবা অস্ত্রচালক। তেওঁলোকে পিন্ধিছে আঁঠুৰ সামান্য তললৈকে পৰা কুন্বিন আৰু হাতখঁৰা কুন্খা চোলা;…