Anyayug Contributor জোনমণি দাস

“মুংখ”ৰ চিঞৰটোৱে

 জোনমণি দাস   “মুংখ”ৰ চিঞৰটোৱে মুখ মেলি খেদে– ঘোলা কণীৰ চোকোৰা ভাঙি ওপজে মৃত্যু   তিয়নি সলাই তৰাবোৰ নামে পানীত আখলৰ জুয়ে বেৰ বগাই আটাল চোৱে   এলান্ধুৰ এন্ধাৰত মই বহি থাকোঁ যুগসন্ধিত জৰাগ্ৰস্ত সময়   মৃত্যুৱে মোক ৰিঙিয়াই সোধে…

নৃত্যৰতা পৃথিৱীৰ কবিলৈ

জোনমণি দাস   দুপৰীয়াটোৰ ডেউকা গজিলত মই পানীৰ পোছাকযোৰ খুলি থ‘লোঁ আৰু আৱাহনী মন্ত্ৰৰে বোধন কৰিলোঁ বসন্তক   শিলবোৰ নৈ হৈ বৈ গ‘ল পখিলাৰ পাখিত ৰঙা হৈ ৰৈ গ‘ল ৰ‘দ   মই গানত গা ধোৱা গছবোৰলৈ চালোঁ আৰু দৃষ্টিক দৃষ্টান্ত…

পথিক

জোনমণি দাস   যিয়ে মোক আধা বাটত এৰি থৈ গুচি গ’ল তেওঁৰ বাবে ৰৈ থাকোঁতে থাকোঁতে বাটটোৰো পিয়াহ লাগিল আৰু পানী বিচাৰি বাটটোৱে বাটকুৰি বালে। মই ৰৈ থকাতে থাকিলোঁ ধোঁৱাৰ বৃত্তত কিছুমান চকু আঁকি আঁকি।   কঁপি থকা কুঁহিয়াৰ পাত,…

বুৰবুৰণি

 জোনমণি দাস   তোৰ বাবে, নেগুৰীয়া শামুকৰ খোলাত ঢৌবোৰ সামৰি সাগৰখন শুই থকা নাই। লতা বগোৱাদি বগাই ফুৰা ৰাতিবোৰ ৰৈ থকা নাই খালী গিলাচত বাকি লোৱা বটলৰ ৰঙাখিনিত।   বুৰবুৰণি, তোৰ বাবে মোক মাতষাৰ দি এইমাত্ৰ গুচি গৈছে হেমন্ত … গোলাপ গছত…

পৰকাল

 জোনমণি দাস বৰনৈৰ বুকুত বনঘোষা উপজিল— ব’ৰাগীয়ে বতাহক শুনালে বনঘোষাৰ জন্ম আখ্যান, হিলদল ভাঙি তেতিয়াই ধূলিৰ ধুমুহা…   শিমলুৱে জুই লগাই দিলে আকাশত ফাগুনে ভাং খুৱাই দিলে বতাহক   সেউজীয়াখিনি সলনি হ’ল শুকুলালৈ, যেন শ ঢকা ঢাকনি ৰঙা সূতাৰে আঁচু দিবলৈ আইৰ…

কবি ককাৰ কবিতা

জোনমণি দাস কাকতি গাঁৱৰ কমল ককাইকবিতা-চবিতা লিখে,দূৰবীণ লৈ ৰাতি দুপৰতোদূৰণিৰ তৰা লেখে।আঙুলিৰ মূৰত ঘনাই গণিঅলেখ-অযুত তৰা,কাকতি গাঁৱৰ ককাৰ নামটোকৃষ্ণ কমল বৰা।কবিতা লিখিও কবি নহ’লনেখায় কবি ভজা,বোৱাৰীপুৱা চাহৰ লগতসদায় লাগে গজা।গৰম গজা চোবাই ককাইপৰম মজা পায়,বাতৰি কাকত মেলি প্ৰথমেইৰাশিফলটোহে চায়।ককাৰ কবিতা…

ফুলৰ পদ্য

জোনমণি দাস শেৱালি নেৱালি বকুল তগৰ                         নাহৰ খৰিকাজাঁই, গোলাপ কাঞ্চন ৰজনীগন্ধাই                         গোন্ধে মলমলায়। ভেঁট-পদুমে বিলত বৰষায়                         আটকধুনীয়া হাঁহি, নাৰ্জি চম্পা অপৰাজিতাই                         মেলে কোমল পাহি। শিমলু পলাশ সৌৰভবিহীন                         ফাগুন মাহত ফুলে, বহাগ মাহত কপৌপাহিয়ে                         গছৰ ডালত দোলে। কথনা আৰু কামিনীকাঞ্চনৰ                         ধুনীয়া…