Anyayug Contributor গায়ত্ৰী দেৱী বৰঠাকুৰ

সুন্দৰী

 গায়ত্ৰী দেৱী বৰঠাকুৰ   সেই তাহানিতেই  নাৰীৰ অৱদমিত ইচ্ছাক  উদঙাই দেখুৱাইছিলে  সুন্দৰীয়ে   চাকিৰ পোহৰত  ক’লা আখৰৰ উজ্জ্বলতাৰে  যুগজয়ী আত্মজীৱনীৰ  সোণালী পাতত  আঁকিব খুজিছিল  আমাৰ জীৱন    চকুলোক চিয়াঁহী কৰি  লিখিব খুজিছিল  সফলতাৰ অমোঘ মন্ত্ৰ    সুন্দৰীক  কৈ দিবা  এতিয়াও …

কি অসুখত ভুগিছে সেউজীয়া নাৰীয়ে

গায়ত্ৰী দেৱী বৰঠাকুৰ   কি অসুখত ভুগিছে সেউজীয়া নাৰীয়ে   যে খৰস্ৰোতা নদীবোৰে ক্ৰমাৎ পাহৰি পেলাইছে  গতিশীলতাৰ  সুপ্ৰাচীন স্বৰলিপি     আকাশ ধিয়াই বাঢ়িব খোজা গছবোৰে উদ্ভ্ৰান্তৰ দৰে অকস্মাৎ আৰম্ভ কৰিছে প্ৰলাপ     শস্য শ্যামল উপত্যকাত  হঠাতেই বাজি উঠিছে …

সেন্দূৰ

 গায়ত্ৰী দেৱী বৰঠাকুৰ   (এক চুটকী সিন্দূৰ কী কীমত তুম ক্যা জানো ৰমেশ বাবু…)   মোৰ হাতত  এখন আতচী কাঁচ   ভৰ দুপৰীয়াৰ ৰ’দত বহি ক’তবাৰ শুকুৱাইছোঁ  কাগজৰ শুকান সভ্যতা   আইনাত ঝুম কৰি পঢ়িছোঁ স্বগতোক্তিৰ ইতিবৃত্ত  অথবা প্ৰতিসৰণৰ সূত্ৰ  …

এষ্ট্ৰ’ন’মিকেল প’য়েট্ৰী

গায়ত্ৰী দেৱী বৰঠাকুৰ     (এক)  জিৰ’ ছেড’ ডে    বেলিটোৱে যেতিয়া থিতাপি লয়হি  আপোনাৰ মূৰৰ ওপৰত  তেতিয়া  লগ এৰে ছাঁটোৱেও    বেকগ্ৰাউণ্ডত ছেণ্টি ফালি থাকে    মই আৰু মোৰ ছায়াৰ উত্তৰ আধুনিক সুৰে   আপুনি খুঁচৰি চায় ৰীল এষ্ট্ৰ’নমিকেল নে…

যুদ্ধভূমিত জীৱনৰ কবিতা

 গায়ত্ৰী দেৱী বৰঠাকুৰ   (এক) দ্বিতীয় মহাসমৰৰ বিভীষিকা  পানী কৰি অ’লহা   নীলকণ্ঠ বীৰ যোদ্ধা    অ’লহাৰ বাসন্তী  বুকুত ফুলে মাতৃভূমিৰ স্বৰ্গাদপি গৰীয়সী ভালপোৱা  কিয়েভত অ’লহা দুই ওঁঠত দেশপ্ৰেমৰ নজহা-নপমা  গান দুৰ্দান্ত অ’লহা এশটা শৰত সুখেৰে  থাকক (??) আৰু মাথোঁ দুটা বসন্ত  ৰৈ  …

কণ কণ কবিতা

গায়ত্ৰী দেৱী বৰঠাকুৰ (এক) চিক্ চিক্ চিকা তুমি বোলে  ভালপোৱাঁ খাৰুপেটীয়াৰ  জিকা । কোৱাঁচোন কোৱাঁ,  ৰেলগাড়ীৰ  কেইটা বাৰু  চকা  ক’ব নোৱাৰিলে ককায়ে দিব তোমাক বাৰটামান ঢকা। (দুই) মিউ মিউ মেকুৰী ক’ৰ পৰা নো  আহিলা বাৰু ফেঁকুৰি ফেঁকুৰি । কেঁকুৰিটো পাৰ…

প্ৰাচেত

(প্ৰচেতসো অহম্ –উত্তৰকাণ্ড-৯৬/১৯) গায়ত্ৰী দেৱী বৰঠাকুৰ শতিকাৰো বহু শতিকাৰে পৰা কবি এজন অভিমানত আছে ভিতৰ -ভিতৰি প্ৰচণ্ড ধুমুহাৰ ৰু ৰুৱনি প্ৰেমত ওহোঁ  মুঠেই নহয় আপোনাৰ মনত প্ৰশ্ন জাগিছে পৰিচয়ৰ হকেও অভিমান কৰিব পৰা কবি এজন হ’লেও তাৰমানে আছে কোন হ’ব…

পূজাৰ কবিতা

গায়ত্ৰী দেৱী বৰঠাকুৰ শ মানে শৰত শ মানে  শৰালি শুকুলা  আকাশত উৰে  জাক পাতি   শ মানে শুক্লপক্ষ শ মানে  শতৰূপা  আহিন মাহত দুৰ্গা দেৱীৰ কৰোঁ  আৰাধনা     প মানে পূজা  প মানে প্ৰসাদ  বেলুনবোৰ উৰিলেই দূৰ হয়  মনৰ…

শাওণৰ শিৱ

গায়ত্ৰী দেৱী বৰঠাকুৰ   তালৱ্য শ শাওণ   তালৱ্য শ শিৱ   শাওনত শিৱ   অতি ব্যস্ত নে ব্যতিব্যস্ত   বাঘৰ ছালখন খুলি থৈ পানী গামোচাখনেৰে  পোন্ধ মাৰে   শহুৰৰ জীয়েকে যতনাই দিয়া লালচাহটোপা গুৰ অকণেৰে খাই শিৱই নাঙল লয়…

লেণ্ডস্কেপ

গায়ত্ৰী দেৱী বৰঠাকুৰ  (এক) কুৰি শতিকাটো উজ্জ্বল ৰং আৰু তীব্ৰ প্ৰকাশভংগীৰ ইপিঠি-সিপিঠি আছিল   এটি মুদ্ৰাৰ দৰে খলকনি সুক্ষ্ম ঝনঝননি   উজ্জ্বলতাত তীব্ৰতাৰ অস্বাভাৱিক উপস্থিতি   (দুই)  চোৱাঁচোন মাটিছ মানুহ বোৰে  কিছুমান কথা ক‘ব লাগে বাবেই কৈ থাকে   তুমি…