Anyayug Contributor কিশোৰ মনজিৎ বৰা

প্ৰেমৰ কবিতা এটা

কিশোৰ মনজিৎ বৰা চেৰেক চেৰেক চৰাইৰ তীৰ্যক মাতটো নুশুনিও শুনো তাঁতশালৰ ৰঙাফুল নেদেখাকৈয়ো দেখো বেলিজনীৰ সৰুগাঁঠিত বিষটো কেৰেচীয়াকৈ নামি আহে ভৰিৰ কেঞা আঙুলিলৈ আকাশত জেঠৰ বাৰখৰ গছৰ তলত হৰ্তন ৰুহিতনৰ ছাঁ-পোহৰ

সেই জোতা দুপাট

কিশোৰ মনজিৎ বৰা ধোঁৱাৰ মাজতো কিবা এটা নদী নদী ভাব আছিল খিৰিকীৰ আকাশত দুলিছিল চকু দুটি সৰিয়হ ফুলৰ পৰাগধানী তেওঁ জোতা দুপাট মোলৈ এৰি থৈ গৈছিল পাহৰণিৰ সেই জোতা  দুপাটকে লৈ মই গোটেই জীৱন হেমন্তৰ গধূলিবোৰক বসন্তলৈ অনুবাদ কৰি থাকিলোঁ নীৰৱ…

কচু বেপাৰীৰ মাৰ্চ এণ্ডিং

কিশোৰ মনজিৎ বৰা   গোটেই বছৰেই কচু বেপাৰীৰ মাৰ্চ এণ্ডিং তথাপি তেওঁৰ বাইচিকলৰ পেডেল ৰৈ নাযায়   জুইত পাখি পুৰি মৰিলেও চগাই ভয় নকৰে জ্বলিবলৈ   এই চহৰখনত কি লাগিছে কোনেও কাৰো চকুলৈ নেচায় পাচলিৰ দৰতকৈ কম জীৱনৰ দাম  …